সমাজ

Image Description

ভাৰতত পপুলিজম আৰু হিন্দুত্ব আন্দোলন ৬

১৯৬০ৰ দশক আৰু তাৰ ঠিক পৰৱর্তী সময়ত ইন্দিৰা গান্ধী আৰু চৰণ সিঙে ভাৰতত আৰম্ভ কৰা পপুলিজমত ‘জনতা’ আৰু ‘অভিজাত শ্রেণী’ৰ ব্যাখ্যা পৃথক আছিল যদিও তেওঁলোকে চিনাক্ত কৰা জনতাৰ আৰ্থ-সামাজিক উন্নয়নেই আছিল তাৰ মুখ্য উদ্দেশ্য।

অধিক পঢ়ক

দেৱজিৎ ভৰালী

September 18th, 2022
Image Description

বিক্ৰী যোৱা ২০০+ গৰাকী বিধায়ক, বিজেপি চৰকাৰ আৰু দেশৰ ৰাজনীতি

প্ৰকৃততে এইখন গণতান্ত্ৰিক দেশৰ ৰাজনীতিত চলিছে কি ? যোৱা ১৪ ছেপ্টেম্বৰত গোৱাত পুনৰ কংগ্ৰেছৰ ৮ গৰাকী বিধায়কে বিজেপি দলত যোগদান কৰাৰ দৰে পদক্ষেপে ২০১৪ বৰ্ষত মোডী চৰকাৰে থিতাপি লোৱাৰে পৰা এতিয়ালৈকে কংগ্ৰেছকে মুখ্য কৰি আন আন বিৰোধী দলৰ আনুমানিক ২০০+ গৰাকী বিধায়ক আৰু ৭ গৰাকীমান সাংসদে নিজ দলৰ প্ৰতি আস্থা অক্ষুণ্ণ ৰাখিম বুলি শপতবাক্য পাঠ কৰা সত্ত্বেও বিজেপিৰ সতে চামিল হৈছে। যেন আপাত দৃষ্টিত কংগ্ৰেছ দলেই বিজেপি বুলি নাম সলনি কৰিছে৷

অধিক পঢ়ক
Image Description

চৰকাৰী চাকৰি আৰু সমষ্টি

অসমত ১২৬টা বিধান সভাৰ সমষ্টি আছে। সম বিকাশ, সম উন্নয়ন সুদূৰপৰাহত। আজিও। শাসকে উন্নয়নৰ ৰাজনীতি নকৰে। মন্ত্ৰী 'মোৰ সমষ্টি নহয়' চিন্তাৰে পৰিচালিত হয়। অসমখন চকুৰ আগত নাথাকে। সমষ্টিটোৰ ভোটৰ সংখ্যাটোহে দেখি থাকে।

অধিক পঢ়ক
Image Description

হৰি নামৰ মাহাত্ম্য আৰু ভাদ মাহ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ধুৱাহাটাৰ বেলগুৰি থানত বসবাস কৰাৰ সময়ৰ কথা। তাত গুৰুজনাৰ সৈতে নাম-কীৰ্ত্তন কৰিবলৈ অনেক ভকত-ভকতনী আহিছিল। তাৰ মাজৰ দুগৰাকী বৃদ্ধাক এদিন বাটত গুৰুজনাৰ বংশৰে হাথিয়া দলৈ নামৰ দুষ্ট মানুহ এজনে আগছি ধৰিলে। তেওঁলোক ক'লৈ যায় সোধাত বুঢ়ী দুগৰাকীয়ে ক’লে যে তেওঁলোকে শ্রীমন্ত শঙ্কৰদেৱৰ সৈতে নাম-কীৰ্ত্তন গাবলৈ যায়। হাথিয়াই তেওঁলোকক তাচ্ছিল্যৰ সুৰত সুধিলে বোলে হৰিনামতনো কিডাল আছে।

অধিক পঢ়ক
Image Description

ভাৰতত পপুলিজম

(৫)
বিশ্বজুৰি পপুলিজম জনপ্রিয় হোৱাৰ আগতেই ভাৰতত পপুলিজমক লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভ হোৱাৰ উদাহৰণ স্বৰাজোত্তৰ ভাৰতৰ ৰাজনৈতিক ইতিহাসত দেখিবলৈ পোৱা যায়। অৱশ্যে এই কথা ঠিক6 যে যি সময়ত ভাৰতত এই ৰাজনৈতিক অৱস্থা দেখিবলৈ পোৱা হৈছিল, সেই সময়ত ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ লগতে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলেও ইয়াক প্রচলিত ব্যৱস্থাটোৰ অন্তর্গত এক ৰাজনৈতিক কৌশল হিচাবেই গ্রহণ কৰিছিল; ই যে এক পৃথক ৰাজনৈতিক ‘মতবাদ’ হ’ব পাৰে সেই কথা তেতিয়া বুজিব পৰা হোৱা নাছিল।

অধিক পঢ়ক

দেৱজিৎ ভৰালী

September 11th, 2022
Image Description

অসম লোকসেৱা আয়োগৰ বিতৰ্কৰ ওৰ কেতিয়া!

ৰাজ্যৰ নিযুক্তিৰ সৰ্বোচ্চ সংস্থাটোৰ বিতৰ্ক যেন এতিয়া তেনেই সহজলভ্য ৷ কি নিযুক্তি প্ৰক্ৰিয়া, কি বাছনি প্ৰক্ৰিয়া, কি সচিব নিযুক্তি- সকলো পৰ্য্যায়তে যেন সংস্থাটোৱে দিনে দিনে এক অহেতুক, অনাকাংক্ষিত পৰিস্থিতিৰ মাজেৰে মৰ্য্যাদা লঘুকৰণৰ দিশে আগুৱাই আছে৷

অধিক পঢ়ক

মঞ্জু টেৰণপী

September 11th, 2022
Image Description

ছামছিং হাঞ্চে এক বিৰাট ব্যক্তিত্ব

গদ্‌গদ্‌ কণ্ঠস্বৰেৰে উদাত্ত ভাষণ দি মন-মগজুত অলেখ ঢৌ সৃষ্টি কৰিব পৰা, কিবা এটা কৰাৰ বাবে প্ৰবল মানসিক শক্তি জগাই তুলিব পৰা আৰু গভীৰ দায়িত্ববোধৰ লগতে জ্ঞানৰ দুৱাৰ খুলি দিব পৰা ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী লোক আছিল ছামছিং হাঞ্চে৷

অধিক পঢ়ক

দেৱজিৎ ভৰালী

September 04th, 2022
Image Description

প্ৰাথমিক শিক্ষকৰ মৰগীয়া বানচ আৰু চৰকাৰৰ দায়সৰা কৌশল

যোৱা ১ ছেপ্টেম্বৰ তাৰিখে প্ৰাথমিক পৰ্য্যায়ৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে মৰগীয়া বানচ সম্পৰ্কীয় এখন চৰকাৰী নিৰ্দেশনা ওলাল ৷ অৰ্থাৎ সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ৰাজ্যৰ প্ৰায় ৩৭ হাজাৰ ঠিকাভিত্তিক শিক্ষকে যোৱা ১ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ১০% মৰগীয়া বানচ পাব। ইয়াৰোপৰি অহা ৯ এপ্ৰিল ২০২৩ বৰ্ষৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বানচ ৭% কৈ বৃদ্ধি হোৱাৰ কথা অসম চৰকাৰৰ শিক্ষা বিভাগে সদৰি কৰিছে।

অধিক পঢ়ক
Image Description

পপুলিজমৰ সংজ্ঞা

পপুলিজম সম্পর্কীয় অধ্যয়নত প্রায় সকলোৱে এই কথা মানি লয় যে পপুলিজম মূলতঃ এটা বিবাদাস্পদ ধাৰণা। ফলত ইয়াৰ এটা সুস্পষ্ট আৰু সর্বসন্মত সংজ্ঞা নিৰূপণত বাধা আহি পৰিছে।

অধিক পঢ়ক
Image Description

স্বৰাজোত্তৰ অসম, ইন্টাৰনেট কৰ্তন আৰু কিছু কথা

যোৱা ১৫ আগষ্ট তাৰিখে সমগ্ৰ দেশে ৭৬ সংখ্যক স্বাধীনতা দিৱস বৰ উলাহেৰে পালন কৰিলে ৷ অৰ্থাৎ ইংৰাজ শাসনৰ ওৰ পেলাই ভাৰতৰ ৰাষ্ট্ৰীয় ধ্বজাখনিয়ে নীলিম আকাশ বিয়পাই ৰাখি আমাক স্বাধীন ভাৰতৰ নাগৰিক বুলি সোঁৱৰাই দিয়াৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি সেইদিনা আমি বৰ উৎসাহেৰে পালন কৰিলোঁ৷

অধিক পঢ়ক
Image Description

মুক্তি যি দিয়ে সেয়েহে বিদ্যা

আজিৰ পৰা প্ৰায় চৈধ্য-পোন্ধৰ বছৰ আগতে মই ইংৰাজী সাহিত্যত মেজৰ লৈ বিএ মহলাত নাম লগাওঁতে বহুতে চকু কপালত তুলি সুধিছিল: ‘কিন্তু তুমি জানো আছামিজ মিডিয়ামৰ নহয়?’

অধিক পঢ়ক
Image Description

গণতন্ত্ৰ বনাম বিকাশ

বিকাশ সকলোৰে কাম্য। কল্যাণকামী ৰাষ্ট্ৰত সকলো শ্ৰেণীৰ মানুহৰ কল্যাণ সাধন ৰাষ্ট্ৰৰ দায়িত্ব। ৰাজনীতিবিজ্ঞানৰ সামাজিক চুক্তিৰ তত্ত্বসমূহ অধ্যয়ন কৰিলে এই কথা স্পষ্ট হয় যে সম্পদৰ ন্যায়সন্মত বিতৰণ সমাপন কৰি এক সুস্থ সুৰক্ষিত নিৰাপত্তাৰ জীৱন ধাৰণৰ পৰিৱেশ দিয়াৰ বাবেই ৰাষ্ট্ৰৰ জন্ম।

অধিক পঢ়ক
Image Description

মুখ্য মন্ত্ৰী আৰু ৰক্ষাকৱচৰ প্ৰতিবেদন

অসম চুক্তিয়ে অসমীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিশ্ৰুতি দিছে। কমিটী হ'ল। কমিটীয়ে প্ৰতিবেদন যুগুতালে। কমিটীয়ে অসমীয়া মানুহৰ সংজ্ঞা দিলে।

অধিক পঢ়ক
Image Description

বিজ্ঞানসন্মত শিক্ষাৰ মাধ্যম

(যোৱা সংখ্যাৰ শেষাংশ)
OECD(Organization for Economic Cooperation and Development)য়ে ২০০০ চনৰ পৰা মুঠ ৯০খন দেশৰ প্ৰায় ৩,০০০,০০০ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত Programme for International Students' Assessment (PISA) নামৰ এক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে৷ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে স্কুলীয়া শিক্ষাৰ পৰা লাভ কৰা পঢ়িব পৰা গণিত আৰু বিজ্ঞানৰ সামৰ্থ্যৰ সহায়ত কেনেকৈ জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে সেয়া বুজ লোৱাৰ উদ্দেশ্যে PISA অনুষ্ঠিত কৰা হয়৷

অধিক পঢ়ক
Image Description

পপুলিজমৰ তাত্ত্বিক অধ্যয়ন

১৯৫০ৰ দশকলৈ পপুলিজম শব্দটো আমেৰিকাৰ পপুলিষ্ট দলৰ বিষয়ে অধ্যয়ন কৰা ইতিহাসবিদৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু ১৯৫৪ চনত প্রকাশিত এখন ৰচনাই পপুলিজম অধ্যয়নৰ এই সীমিত ধাৰণাটোলৈ এটা বৃহৎ পৰিৱর্তন লৈ আহে।

অধিক পঢ়ক
Image Description

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ চৰ্ত

এসময়ত শ্যামাপ্ৰসাদ মুখাৰ্জী কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আছিল৷ উপাচাৰ্য্যই ৰবীন্দ্ৰ নাথ ঠাকুৰক বাৰ্ষিক সমাৱৰ্তনত ভাষণ দিবলৈ অনুৰোধ কৰিছিল৷ উপাচাৰ্য্যই অনুৰোধ পোৱাৰ পিছত ৰবীন্দ্ৰ নাথ ঠাকুৰে সন্মতি দিবলৈ এটা চৰ্ত আৰোপ কৰে৷ চৰ্তটো অসমৰ আজিৰ পৰিস্থিতিত বাৰুকৈয়ে প্ৰযোজ্য৷ যি সময়ত ৰাজ্যিক বিজেপি চৰকাৰে অসমীয়া ভাষাক বাৰেপতি অসন্মান কৰি আহিছে, সেই প্ৰসঙ্গত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দৃষ্টিভঙ্গী আমাৰ অসমৰ শাসকসকলে জানি থ’লে সকলোৰে উপকাৰ হ’ব পাৰে৷

অধিক পঢ়ক
Image Description

অধিকাৰ আৰু কৰ্তব্য

মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা প্ৰকাশ হোৱাৰ পিছত এই সম্পৰ্কে প্ৰতিক্ৰিয়া জানিবলৈ ১৯৪৭ চনত ৰাষ্ট্ৰসংঘৰ প্ৰথম মানৱ অধিকাৰ আয়োগে এক অনুসন্ধান চলায়৷ ভাৰত তেতিয়া স্বাধীন হোৱা নাই কিন্তু হওঁ হওঁ অৱস্থাত আছে৷

অধিক পঢ়ক
Image Description

বিজ্ঞানসন্মত শিক্ষাৰ মাধ্যম

স্কুলত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বিজ্ঞান আৰু গণিতৰ পাঠদানৰ মাধ্যম অসমীয়াৰ সলনি ইংৰাজী হ’ব বুলি অসম চৰকাৰে এক নীতি নিৰ্দেশনাক ঘোষণা কৰিছে৷

অধিক পঢ়ক
Image Description

সেউজ সম্পদ, সেউজ বাণিজ্যিক কামেৰে স্ব-নিয়োজনৰ সম্ভাৱনীয়তা

বিভিন্ন সমীক্ষাত প্ৰকাশ যে যি সময়ত বিশ্বৰ উন্নত, ধনী দেশসমূহত বৃদ্ধ লোকৰ সংখ্যা [৬০ বছৰ আৰু ওপৰৰ] ক্ৰমবদ্ধৰ্মান, সেই একে সময়তে ভাৰতত ডেকা বয়সৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ গৰিষ্ঠ শতাংশ৷

অধিক পঢ়ক
Image Description

'পপুলিজম'ৰ উৎস

এগৰাকী আলোচকে উল্লেখ কৰিছে যে পপুলিজম শব্দটো ভিন্নবিধৰ আন্দোলন আৰু বিশ্বাসৰ প্রসংগত যেনেদৰে ব্যৱহাৰ কৰা হৈ আহিছে তাত বিতর্ক আৰু ভ্রান্ত ব্যাখ্যাৰ পয়োভৰ ঘটিছে।

অধিক পঢ়ক
Image Description

চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

অধিক পঢ়ক
Image Description

টেঁটুচেপা মূল্যবৃদ্ধি আৰু নতুন জিএছটি

প্ৰগতিশীল চিন্তাধাৰা সমাজৰ বাবে এক অতি প্ৰয়োজনীয় প্ৰসংগ ৷ সমাজ তথা দেশৰ উন্নতিৰ হকে প্ৰগতিবাদী চিন্তাক প্ৰশ্ৰয় দিবই লাগিব।

অধিক পঢ়ক
Image Description

অধ্যয়ন আৰু অনাগত প্ৰজন্ম

প্ৰায় প্ৰতি বছৰে গুৱাহাটী মহানগৰীকে আদি কৰি অসমৰ বহু ঠাইত গ্ৰন্থমেলা হয়। গ্ৰন্থমেলা আৰম্ভ হোৱাৰ কিছুদিন আগৰপৰা শেষ হোৱাৰ কিছুদিন পিছলৈকে বাতৰিকাকত অথবা সামাজিক মাধ্যমত আলোচিত হয় এটা বিষয়: 'আজিৰ যুৱ প্ৰজন্মৰ কিতাপ পঢ়াৰ প্ৰতি অনীহা।

অধিক পঢ়ক
Image Description

ৰাষ্ট্ৰপতি নিৰ্বাচনত সাংসদৰ চিন্তনীয় ভোটদান

যোৱা সোমবাৰ ১৮ জুলাইত দেশৰ সৰ্বোচ্চ পদ, অৰ্থাৎ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈ যায় আৰু বৃহস্পতিবাৰ ২১ জুলাইৰ দিনা ভোটগণনা অনুসৰি ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শাসকীয় এনডিএৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা প্ৰথমগৰাকী জনজাতীয় মহিলা হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হয়।

অধিক পঢ়ক
Image Description

অভিশপ্ত চাৰি জুলাই

(২)
(১০ জুলাই সংখ্যাৰ পৰা)
হ'ষ্টেলৰ ৰুমত সোমোৱাৰ পাছত ‘ফায়াৰ ব্ৰিগেড’ৰ গাড়ী এখন চাইৰেন বজাই আহিল৷ চাৰিওফালে হুলস্থূল৷ এনেকুৱা সময়তে ৰঞ্জিৎ বৰপুজাৰীয়ে সাৰ পাই সন্মুখৰ বাৰাণ্ডাখনেৰে ক'ৰিডৰৰ ফালে অহা দেখিলোঁ– সি 'কি হৈছে? কি হৈছে' বুলি চিঞৰি সুধিছে৷

অধিক পঢ়ক
Image Description

অভিশপ্ত চাৰি জুলাই

১৯৬০ চনৰ ৪ জুলাই৷
কটন কলেজ, দ্বিতীয় মেছ ছাত্ৰাবাস আনদিনাখনৰ দৰে সেইদিনাখনো চৰাইৰ মাতত ৰাতি পুৱাইছিল৷ ৰাতিপুৱাৰ লগে লগে ছাত্ৰাবাসলৈ ব্যস্ততা নামি আহিছিল– সোনকালে শয্যা ত্যাগ কৰা ছাত্ৰসকলে কিছুমানে বিচনাখনৰ তলৰ মজিয়াত সযতনে ৰাখি থোৱা টিনৰ মগটো লৈ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু তেতিয়াৰ চিএম হ'ষ্টেলৰ মাজত শাৰী শাৰীকৈ থকা উমৈহতীয়া ব্লকটোলৈ গতি কৰিছে৷

অধিক পঢ়ক
Image Description

খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি: এটা ৰাজনৈতিক বিভ্ৰান্তি মাঁথোন

অসমৰ ইছলামধৰ্মী ৫টা জনগোষ্ঠী গৰিয়া, মৰিয়া,জোলহা, দেশী আৰু চৈয়দক ৰাজ্য চৰকাৰৰ কেবিনেটে ‘খিলঞ্জীয়া মুছলমান’ বুলি স্বীকৃতি দিয়াক লৈ বিতৰ্ক আৰম্ভ হৈছে৷

অধিক পঢ়ক
Image Description

বিষ্ণু প্ৰসাদ ৰাভা আৰু অসমৰ সমন্বয়ৰ সভ্যতা

বিগত সময়ছোৱাত বহুজনে অসমৰ সভ্যতাৰ আঁতিগুৰি বিচাৰি অস্ত্ৰোপচাৰ আৰম্ভ কৰিছে। ৰাজনৈতিক প্ৰচাৰ সভাত নেতাই চিনাক্ত কৰিছে অসমৰ সভ্যতাৰ নিৰ্ণায়ক বৈশিষ্ট্য। অসমৰ সমন্বয়মুখী জাতি-গঠন প্ৰক্রিয়াক ভেঙুচালি কৰি অহৰহ প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে এক নতুন বাগধাৰা।

অধিক পঢ়ক
Image Description

অৰ্থনৈতিক অসমতা দেশ, সমাজ থানবান হোৱাৰ আগজাননী

অৰ্থনৈতিক অসমতাৰ বাবে দেশ, সমাজ খণ্ড-বিখণ্ড হৈ ধ্বংস হোৱাৰ উদাহৰণ অলেখ। এনে অসমতাই ইতিহাস সলিন কৰি দিয়াৰ উদাহৰণেই যথেষ্ট।

অধিক পঢ়ক
Image Description

অসম আৱৰ্জনাৰ ঠাই নহয়

গণতন্ত্ৰক ভেঙুচালি কৰাসকলক আৱৰ্জনা বুলি গণ্য কৰিলে সেয়া অগণতান্ত্ৰিক হ’ব নোৱাৰে৷ মহাৰাষ্ট্ৰত ঠাই নহ'লে অসমতো নাই। ঠাই নোহোৱা বস্তুৰ এটা নাম আবৰ্জনা।

অধিক পঢ়ক
Image Description

অভিভাৱকবিহীন গুৱাহাটী মহানগৰী

গুৱাহাটী মহানগৰীৰ কোনো অভিভাৱক নাই৷ বছৰৰ পিছত বছৰ একেবোৰ সমস্যা৷ একে পৰিস্থিতিত মানুহৰ একে দুৰৱস্থা৷ সময় বাগৰে, সাময়িক দুৰ্য্যোগ আঁতৰে৷ পুনৰ আহে পিছৰ বছৰটোত৷

অধিক পঢ়ক
Image Description

অসমৰ হাতী অসমলৈ ঘূৰি নাহে কিয়?

বেছ কিছুবছৰ পূৰ্বে মাইক পাণ্ডেৰ দ্বাৰা নিৰ্মিত এখন তথ্যচিত্ৰ ‘ৱাইল্ড এনিমেল কেপচাৰ ইন ছাৰাগোছা’ চোৱা মনত পৰে৷ এই তথ্যচিত্ৰখনৰ বাবে পাণ্ডেলৈ আগবঢ়োৱা হৈছিল ‘গ্ৰীণ অস্কাৰ’৷

অধিক পঢ়ক
Image Description

বিবিটি (BTT) আৰু বিকল্প অৰ্থনীতি

(২)
যোৱা সংখ্যাত বিটিটি ব্যৱস্থাটো প্ৰৱৰ্তন কৰাৰ আগৰ পটভূমি আপোনালোকৰ আগত ব্যাখ্যা কৰিছিলোঁ। এইবাৰৰ সংখ্যাত বিটিটি আচলতেনো কি আৰু ইয়াক কি ধৰণে প্ৰচলন কৰিব পাৰি তাৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ।

অধিক পঢ়ক
Image Description

অসমত ক'ভিড ব্যৱস্থাপনাত চৰকাৰী ধনৰ ব্যাপক অপচয় হৈছিল

এতিয়াৰ মুখ্য মন্ত্ৰী তথা তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰে কেইগৰাকীমান ঘনিষ্ট ব্যৱসায়ীয়ে সন্দেহজনক উপায়েৰে কোটি কোটি টকা আহৰণ কৰিছিল৷

অধিক পঢ়ক
Image Description

অসম বিজ্ঞান সমিতিৰ জন্ম হৈছিল ১৯৫৩ চনত

সমিতিৰ কাম-কাজে আৰম্ভণিৰে পৰা অসমৰ জনজীৱনত প্ৰভাৱ পেলাই আহিছে৷ বিশেষকৈ বিজ্ঞান জনপ্ৰিয়কৰণ সমিতিৰ এটা মুখ্য উদ্দেশ্য৷ এই উদ্দেশ্যটোৰ লগত সংগতি ৰাখি সমিতিয়ে ৭০ বছৰে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে৷

অধিক পঢ়ক
Image Description

বিবিটি (BTT) আৰু বিকল্প অৰ্থনীতি

(১)
BTT মানে হৈছে Banking Transcation Tax। আপাতভাৱে সৰ্বসাধাৰণ মানুহে বুজি নোপোৱা যেন লগা এইটো কিন্তু তেনেই সাধাৰণ এটা বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানত প্ৰচলিত উক্তি।

অধিক পঢ়ক
Image Description

হনুমানৰ বিষয়ে এখন পঢ়াশলীয়া ৰচনা

আৰম্ভণি
আজিলৈকে পৃথিৱীত বহুতো বীৰৰ জন্ম হৈছে আৰু তেওঁলোকৰ মৃত্যুও (মহাপ্ৰয়াণো !) ঘটিছে । এই বীৰসকলৰ কিছুমান হ'ল মানৱ-দেহধাৰী আৰু অইন কিছুমান বীৰ হ'ল মানৱেতৰ-দেহী।

অধিক পঢ়ক
Image Description

সমস্যাই সলনি কৰা উদ্যোগী মহিলাগৰাকী

এগৰাকী বিপ্লৱী নাৰী; যি অৰ্থনৈতিক বিপ্লৱৰ সূচকনাৰে পুৰুষ-মহিলা নিৰ্বিশেষে ৮০ গৰাকীতকৈও অধিক লোকক সংস্থাপন দি আছে। এটা-দুটা নহয়, দহোটাকৈ প্ৰতিষ্ঠানৰ গৰাকী তেওঁ।

অধিক পঢ়ক
Image Description

জিএছটি সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ৰাজ্যসমূহৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া পৰিষদে গোটেই ভাৰতবৰ্ষৰ বাবে পণ্য (Goods) আৰু সেৱা (Services) কৰ সংগ্ৰহ কৰে। চমুকৈ জিএছটি বুলি কোৱা হয়।

অধিক পঢ়ক
Image Description

১৪৩ বছৰীয়া ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

অবিভক্ত গোৱালপাৰা জিলাৰ অতি প্ৰচীন বিদ্যালয়, চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰী ১৮৭৯ চনত স্থাপিত হৈছিল৷

অধিক পঢ়ক
Image Description

বিদ্বেষমূলক ভাষণ আৰু ভাৰতৰ ন্যায় ব্যৱস্থা

(যোৱা সংখ্যাৰ পৰা, শেষাংশ)
বিদ্বেষমূলক ভাষণৰ সংজ্ঞা নিৰূপণৰ প্ৰয়োজন আছে নেকি আৰু নিৰ্বাচনত বিদ্বেষমূলক ভাষণ ৰোধ কৰাৰ স্বাৰ্থত নিৰ্বাচন আয়োগক অধিক ক্ষমতা প্ৰদানৰ পৰামৰ্শ সংসদক দিব পাৰি নেকি- ইয়াক চালিজাৰি চাবলৈ ন্যায়ালয়ে বিষয়টো আইন আয়োগলৈ প্ৰেৰণ কৰিছিল।

অধিক পঢ়ক
Image Description

বড়োৰ গাৰজা পূজা

অতীতত বড়োসকলৰ উৎসৱ-অনুষ্ঠান, পূজা-পাৰ্বনৰ কোনো ধৰা-বন্ধা সময় নাছিল। কালক্ৰমত সময় আৰু পৰিৱেশৰ লগত ৰজিতা খুৱাই কিছু উৎসৱ-অনুষ্ঠান নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ ল'লে। এনেদৰে নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠিত কৰা এক উৎসৱ হ'ল গাৰজা পূজা।

অধিক পঢ়ক
Image Description

বিদ্বেষমূলক ভাষণ আৰু ভাৰতৰ ন্যায় ব্যৱস্থা

ব্যক্তি স্বাধীনতাৰ বাবে বাক্-স্বাধীনতা হৈছে সৰ্বাধিক গুৰুত্বপূৰ্ণ । ৰাষ্ট্ৰক্ষমতাই সীমিত বাক্-স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰে । গণতান্ত্ৰিক ব্যৱস্থাত ৰাষ্ট্ৰৰ অবাঞ্চিত হস্তক্ষেপৰ পৰা ব্যক্তি স্বাধীনতাক সুৰক্ষিত কৰাৰ ব্যৱস্থা থাকে।

অধিক পঢ়ক
Image Description

বৌদ্ধিক বেশ্যাবৃত্তি

বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু মৰ্য্যাদাপূৰ্ণ সংবাদপত্ৰৰূপে জনাজাত আমেৰিকাৰ 'দ্য নিউ ইয়'ৰ্ক টাইমছ'ৰ প্ৰাক্তন মুখ্য বিষয়া জন চুইণ্টনে ‘মুক্ত সংবাদ মাধ্যম’ সম্পৰ্কে প্ৰদান কৰা এক চমু বক্তব্যই বিশ্বৰ সচেতন মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অধিক পঢ়ক
Image Description

চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু খতিয়ান

* প্ৰতিশ্ৰুতি: বস্তুৰ দাম কমিব৷
বাস্তৱ : দুখীয়া মানুহে সৰিয়হৰ ফুল দেখিছে৷ আকাশলৈ চাই থকাৰ বাহিৰে কোনো সমাধান দেখা নাই৷ সেই বাটেৰে হয়তো এদিন মানুহৰ ক্ষোভ উদ্ধৰ্মুখী হ’ব৷

অধিক পঢ়ক
Image Description

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

২২ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হয়৷ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰবাসী অতি সচেতন আৰু ভৱিষ্যতমুখী বুলি বহুতে আশা পোষণ কৰে৷

অধিক পঢ়ক
Image Description

সত্ৰ অনুষ্ঠানৰ বহুমাত্ৰিকতা

সত্ৰ আৰু নামঘৰ অসমীয়া বৈষ্ণৱ সমাজৰ লাইখুঁটা। সত্ৰৰ আৰম্ভণি কেনেকৈ হৈছিল সেই বিষয়ে নানা মতবাদ পোৱা যায়। শ্ৰীমন্ত শংকৰদেৱে একশৰণ নামধর্ম প্ৰচাৰ কৰিবলৈ নামঘৰ প্ৰতিষ্ঠা কৰিছিল — এই কথা আমি জানো।

অধিক পঢ়ক
Image Description

চক্ৰান্ত আৰু আত্মসমৰ্পণ

শেহতীয়াকৈ তামিলনাডু বিজেপিৰ মুৰব্বী কে আন্নামালায়ে চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিত দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ দ্বাৰা ঘোষিত হিন্দী ভাষা সম্প্ৰসাৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

অধিক পঢ়ক
Image Description

‘গুৱাহাটীবাসীৰ খোৱা পানীৰ সমস্যা সমাধান নোহোৱাৰ বাবে মূল জগৰীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা’

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত খোৱাপানীৰ সমস্যাটোক মূল নিৰ্বাচনী বিষয় কৰিছে অসম জাতীয় পৰিষদ দলে৷

অধিক পঢ়ক
Image Description

হিন্দী সম্প্ৰসাৰণবাদ

ভাৰতৰ গৃহমন্ত্ৰীগৰাকী আন এগৰাকী হিটলাৰ । তেওঁৰ কথাই যেন আইন । হঠাৎ যোৱাকালি কৈ দিলে উত্তৰ পূৰ্বাঞ্চলৰ স্কুলবিলাকত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰিব লাগে।

অধিক পঢ়ক
Image Description

অসম ভাৰতশ্ৰেষ্ঠ নহ’ব কিয়!

(২)
দুটিমান সম্ভাৱনাৰ দিশৰ কথা আমি ফঁহিয়াই চাওঁ ৷ সম্ভাৱনাবোৰ অসমৰ অৰ্থনীতি উলাই কৰিব পৰা বিধৰ নহয় ৷ দেশৰ ভিতৰতেই অসমৰ অৰ্থনীতিৰ এক সুকীয়া মান আছে তথা ই এক বৃহৎ অৰ্থনীতি৷

অধিক পঢ়ক
Image Description

মই অসমক কিয় ভালপাওঁ

শ্ৰদ্ধেয় সাহিত্যিক ড॰ নগেন শইকীয়া ছাৰে তেখেতৰ দ্বাৰা ৰচিত আপুৰুগীয়া গ্ৰন্থ ‘অসমীয়া মানুহৰ ইতিহাস’ৰ প্ৰাকক্ষণত লিখা প্ৰথম আপ্ত বাক্যটি হৈছে:
‘দেৱতায়ো ভৰি দিবলৈ ভয় কৰে, তাত বিচৰণ কৰিব খোজাটো মহামূঢ়তা।’
ইয়াৰ পৰাই বুজিব পাৰি অসমৰখ বিষয়ে লিখাটো যে মহাকঠিন আৰু দুঃসাহসৰ কাম৷

অধিক পঢ়ক

বসন্ত ডেকা

March 20th, 2022
Image Description

সাংবিধানিক ৰক্ষাকৱচ

[১]
অসম চুক্তি অনুসৰি ১৯৫১-৭১ চনৰ ভিতৰত অসমত তেতিয়াৰ পূব পাকিস্তানৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা সকলো অ-ভাৰতীয়ৰ বোজা অসমে বহন কৰিব। ইয়াৰ ফলত অসমৰ জনবিন্যাস স্থায়ীভাৱে সলনি হ'ব। বোজা বহনৰ বিনিময়ত অসম চুক্তিত ছয় নম্বৰ দফাটো সংযোগ কৰা হৈছিল।

অধিক পঢ়ক
Image Description

ৰাষ্ট্ৰীয় সমীক্ষাত অসমৰ স্থান

১/ শিক্ষা ( Education ) : ২০২০-২১ ৰ নীতি আয়োগ - ৰাষ্ট্ৰসংঘৰদ্বাৰা সদৰীকৃত "বহনক্ষম উন্নয়ন তথা সংকল্প" ( SDG, Sustainable Development Goal ) সমীক্ষা অনুসৰি অসমৰ স্থান শিক্ষাৰ ক্ষেত্ৰত ৩৩ সংখ্যক ( ত্ৰয়স্ত্ৰিংশত্তম)৷

অধিক পঢ়ক
Image Description

অসমীয়া হোৱাৰ গৌৰৱ

বৰ্তমানৰ আৰ্থ-ৰাজনৈতিক পটভূমিত অসমীয়া হোৱাৰ গৌৰৱ বেছিদিনলৈ নাথাকিব বুলি শংকা প্ৰকাশ কৰাটো একপ্ৰকাৰ স্বাভাৱিক প্ৰতিক্ৰিয়া বুলি ক’ব পাৰি৷ কিন্তু আমি যদি নিজকে বিভিন্ন ফল-ফুল লগা গছৰ বাৰীৰ এজোপা গভীৰ তললৈ শিপা থকা গছ বুলি ভাবিব পাৰোঁ, ক’ৰবাত ক’ৰবাত বতাহ-ধুুমুহাই ডাল-পাত কেতিয়াবা ভঙা-চিঙা কৰিলেও গছজোপা উভালি নপৰে৷ অৱশ্যে সৰু-বৰ সকলো আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ আমি এটা ভাগি নপৰা মনেৰে বহল দৃষ্টিভংগীৰে কাম কৰি আমাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিব পাৰিম বুলি মই বিশ্বাস কৰোঁ৷

অধিক পঢ়ক
Image Description

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ

এখন দেশৰ নিজৰ স্বাধীনতা ৰক্ষা কৰাৰ অধিকাৰ আছে। নিৰপেক্ষ হৈ থাকিব নে নাথাকে সেইয়া ঠিক কৰাৰ অধিকাৰ আছে। নিৰপেক্ষ হৈ থাকিব নিবিচাৰিলে কাৰ পক্ষত থাকিব সেইয়া ঠিক কৰাৰ অধিকাৰ আছে।

অধিক পঢ়ক
Image Description

মাজুলীত অসমৰ আত্মা ৰক্ষাৰ যুঁজ

মাজুলী - প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱ আৰু সন্মানৰ এটি শব্দ। অসম আৰু অসমীয়াক নিজৰ জ্যোতিৰে জগতসভাত মাজুলীয়ে উজলাই ৰাখিছে। মাজুলী অসমীয়াৰ হিয়াৰ মুকুতা।

অধিক পঢ়ক
Image Description

সাংবিধানিক ৰক্ষাকবচৰ প্ৰতিবেদন দাখিলৰ দুবছৰ পূৰ্ণ

সাংবিধানিক ৰক্ষাকবচৰ প্ৰতিবেদন দাখিলৰ দুবছৰ পূৰ্ণ হোৱাৰ উপলক্ষ্যে অসম জাতীয় পৰিষদে প্ৰতিবেদন ৰূপায়ণ নকৰা বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

অধিক পঢ়ক
Image Description

ভাৰতীয় সংসদীয় গণতন্ত্ৰত বিজেপিৰ আধিপত্য আৰু কিমান দিন?

কংগ্ৰেছৰ কেন্দ্ৰীয় স্তৰৰ যিসকল নেতাই হিন্দু মহাসভা আৰু মুছলীম লীগৰ কেন্দ্ৰীয় নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল তাৰ এখন তালিকা দিয়া হ’ল।

অধিক পঢ়ক
Image Description

ভাৰতীয় সংসদীয় গণতন্ত্ৰত বিজেপিৰ অধিপত্য আৰু কিমান দিন?

বয়সৰ জোখেৰে ভাৰতীয় জনতা পাৰ্টীৰ অহা ৬ এপ্ৰিলত ৪২ বছৰ অতিক্ৰম কৰি ৪৩ বছৰত ভৰি দিব৷ অৰ্থাৎ বিজেপি এতিয়া চফল ডেকা বা পূৰ্ণবয়স্ক৷ এজন মানুহৰ জীৱনৰ আয়ুস ৰেখাত এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়৷ এই বয়সতে মানুহ এজনে জীৱনত সকলোখিনি কৰিবৰ বাবে পূৰ্ণতা প্ৰাপ্তিৰ লগতে শক্তি, সামৰ্থ্য, অভিজ্ঞতা আদিৰে শাৰীৰিক আৰু মানসিকভাৱে সক্ষম হয়৷।

অধিক পঢ়ক
Image Description

অসমীয়া হোৱাৰ গৌৰৱ

অসমীয়া হোৱাৰ বাবে প্রকাশ্যে গৌৰৱ কৰাৰ উদাহৰণ খুব কম। মনত পৰে, এবাৰ এই কথা প্রকাশ কৰা হৈছিল সৌৰভ কুমাৰ চলিহাৰ প্রসংগত। উল্লেখ কৰা হৈছিল যে সৌৰভ কুমাৰ চলিহাই যিটো ভাষাত গল্প লিখে সেইটো আমাৰো মাতৃভাষা হোৱা বাবে আমি নিজে অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ।

অধিক পঢ়ক
Image Description

ৰজাৰ প্ৰকৃত ধৰ্ম

‘অসম ৰাজ্য’ত ধর্ম প্ৰচাৰ কৰিবলৈ গৈ যথেষ্ট বাধা-বিঘিনিৰ সন্মুখীন হৈ শংকৰদেৱে কামৰূপলৈ বুলি যাত্ৰা কৰিলে। তেওঁ শুনিছিল যে কামৰূপৰ ৰজা নৰনাৰায়ণ অতি প্ৰজাপৰায়ণ আৰু বিদ্বান লোক। গতিকে ধৰ্ম প্ৰচাৰৰ কাৰণে তাত নিশ্চয় যথেষ্ট সুচল পৰিৱেশ পাব।

অধিক পঢ়ক
Image Description

আলি-আই-লৃগাং আৰু গুমৰাগ নৃত্য

মিচিংসকল অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী৷ মূলতঃ নদীপৰীয়া আৰু সহজ-সৰল এই জনগোষ্ঠীৰ চহকী সাংস্কৃতিক সম্ভাৰে বৃহত্তৰ অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আহিছে৷ বিশেষকৈ গীত-মাত-নৃত্য, খাদ্য পৰম্পৰা, সাজ-পাৰ, কৃষি প্ৰণালী আদিৰ ক্ষেত্ৰত স্বকীয় বৈশিষ্ট্যসম্পন্ন মিচিং জনগোষ্ঠীৰ বিভিন্ন উৎসৱ-পাৰ্বণৰ ভিতৰত আলি-আই-লৃগাং আৰু পঃৰাগ উৎসৱ অন্যতম৷ কৃষি সংস্কৃতিৰ সৈতে সম্পৰ্কিত এই উৎসৱ-অনুষ্ঠানসমূহ মিচিংসকলে অতি উলহ-মালহেৰে উদ্‌যাপন কৰে৷

অধিক পঢ়ক
Image Description

তেজে ধোঁৱা বুৰঞ্জী
আইনবহিৰ্ভূত হত্যা
উচ্চপদস্থ সামৰিক বিষয়া কাৰাগাৰত

মিচিংসকল অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী৷ মূলতঃ নদীপৰীয়া আৰু সহজ-সৰল এই জনগোষ্ঠীৰ চহকী সাংস্কৃতিক সম্ভাৰে বৃহত্তৰ অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আহিছে৷ বিশেষকৈ গীত-মাত-নৃত্য, খাদ্য পৰম্পৰা, সাজ-পাৰ, কৃষি প্ৰণালী আদিৰ ক্ষেত্ৰত স্বকীয় বৈশিষ্ট্যসম্পন্ন মিচিং জনগোষ্ঠীৰ বিভিন্ন উৎসৱ-পাৰ্বণৰ ভিতৰত আলি-আই-লৃগাং আৰু পঃৰাগ উৎসৱ অন্যতম৷ কৃষি সংস্কৃতিৰ সৈতে সম্পৰ্কিত এই উৎসৱ-অনুষ্ঠানসমূহ মিচিংসকলে অতি উলহ-মালহেৰে উদ্‌যাপন কৰে৷

অধিক পঢ়ক
Image Description

আইনবহিৰ্ভূত হত্যা তেজে ধোৱা বুৰঞ্জীৰ এক অধ্যায়
উচ্চপদস্থ সামৰিক বিষয়াৰ যাৱজ্জীৱন কাৰাদণ্ড

১৩ অক্ট’বৰ ২০১৮। ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু ন্যায়িক ব্যৱস্থাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন৷ ২০১৮ চনৰ ১৩ অক্ট’বৰত সন্ধিয়া উজনি অসমৰ দিনজান সামৰিক শিবিৰত এটা ২৪ বছৰীয়া পুৰণি গোচৰৰ ক’ৰ্ট মাৰ্চেলৰ ৰায়দান হৈছিল৷

অধিক পঢ়ক
Image Description

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতীত ৰোমন্থন

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ অতীতলৈ ভুমুকি মাৰিলে আজিৰ পৰা ১৮৮ বছৰ আগৰ অসমৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে আমি জনাৰ সুযোগ পাওঁ আৰু অসমৰ শিক্ষা ব্যৱস্থাত কেনেদৰে ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰা হ’ল তাৰো সবিশেষ জনাৰ সুবিধা হয়৷ এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰিলেই কেইটামান প্ৰশ্নৰ উদয় হয় যে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন কিয়, কেতিয়া আৰু কাৰ উদ্যোগত জন্ম লাভ কৰিছিল?

অধিক পঢ়ক
Image Description

ন’ম’ফ'বিয়া: ড্ৰাগছবিহীন আসক্তি

২০২০ত সমগ্ৰ বিশ্বৰ প্ৰায় ১৯৬খন দেশলৈ বিয়পি পৰা ক'ভিড-১৯ বা ক'ৰ’না ভাইৰাছৰ সংক্ৰমণত আতংকিত হৈ সকলো স্তব্ধ হৈ পৰিছিল ৷ গতিশীল মানৱজাতিক আজি এটা সামান্য ভাইৰাছে পিঞ্জৰাৱদ্ধ কৰি পেলাইছিল ৷ বৰ্তমানে বিশ্বত ক'ৰ’না সন্ত্ৰাসৰ কিছু শাম কাটিছে৷ কিন্তু তাৰ ওলোটা এখন ছবি ভাৰতৰ ক্ষেত্ৰত দেখা গৈছে৷

অধিক পঢ়ক
Image Description

অনাগত দিনৰ জাগ্ৰত প্ৰহৰী

জাতিটোৰ বাবে আজিৰ সময় মুঠেও সুখকৰ নহয়। অসমীয়াৰ বাবে আজিৰ সময় অকণো আশাপ্ৰদ নহয়। সকলো পিনৰ পৰা অহা সমস্যা আৰু নিৰাশাৰ বতাহে জাতিটোক আজি ঠৰঙা কৰিছে।

অধিক পঢ়ক
Image Description

অসমীয়া হোৱাৰ গৌৰৱ

অসমীয়া বুলি পৰিচয় দিয়াৰ বাহিৰে আমাৰ আছেই বা কি?

অসমৰ ভিতৰে-বাহিৰে আমাৰ এটাই পৰিচয়– আমি অসমীয়া৷ প্ৰসিদ্ধ কবি সাহিত্যিক চৈয়দ আব্দুল মালিকৰ ভাষাত, ‘জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ-প্ৰাণ-মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।'

অধিক পঢ়ক
Image Description

ইংৰাজী শিক্ষাৰ ডুখৰীয়া ছবি

অলপতে চিনাকি মানুহ এজনৰ সৈতে কথা-বতৰা হৈছিল। তেওঁ নিজৰ কণমানি ছোৱালীজনীক ঘৰৰ ওচৰৰে স্কুল এখনত নপঢ়াই বহু দূৰৰ স্কুল এখনত নাম লগাই দিয়াৰ কাৰণ দৰ্শাই কৈছিল যে ঘৰৰ ওচৰৰ স্কুলখনত চব 'গেদা-গেদি'বোৰ পঢ়ে। তাত পঢ়ালে তেওঁৰ ছোৱালী বৰ্বাদ হৈ যাব।

অধিক পঢ়ক
Image Description

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ এটি চমু ইতিবৃত্ত

উজনি অসমৰ একমাত্ৰ আৰু অসমৰ দ্বিতীয় পুৰণি শিক্ষানুষ্ঠানখনেই হ’ল বৰ্তমানৰ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়৷ ল'ৰ্ড বেণ্টিংক ভাৰতৰ বৰলাট হৈথকা কালত আইন সচিব ল'ৰ্ড মেকেলৰ পৰামৰ্শমতে শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন কৰিলে৷

অধিক পঢ়ক
Image Description

বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ১০
অসমীয়া জাতিসত্তাৰ পৰা আঁতৰাই পঠিওৱাৰ চক্ৰান্ত সত্বেও বঙ্গমূলীয় মুছলমানে অসমীয়া জাতীয় সত্তাক খামুচি থাকিল

অসমীয়া জাতীয়তাবাদৰ দুৰ্বলতা শীৰ্ষক এটা নিৱন্ধত ড° হীৰেন গোহাঁয়ে তেখেতৰ পৰ্যৱেক্ষণ এনেদৰে আগবঢ়াইছে, 'অসমীয়া জাতীয়তাবাদ বিকাশমুখী নহৈ ৰক্ষণশীল, স্থিতাৱস্থাপ্ৰৱণ হৈ পৰিছিল। স্বাভাৱিকতে ইয়াৰ ভৱিষ্যত পৰিণতি জাতিটোৰ বাবে বিপজ্জনক হৈ পৰিছিল। জনজাতিসকল তিক্ত-বিৰক্ত হৈ আঁতৰি গৈছিল । অভিবাসী মুছলমানসকল পদুলিমুখত ৰৈ হতাশ আৰু ক্ষুদ্ধ হৈছিল, তেওঁলোকৰ ক্ৰমৱৰ্দ্ধমান স্বচ্ছলতা আৰু অপ্ৰতিৰোধ্য অগ্ৰগতি এচাম সুবিধাভোগীৰ বাবে ঈৰ্ষাৰ কাৰণ হৈছিল ।….জাতীয় স্বাৰ্থৰ অৰ্থ হ’ল সমাজৰ ক্ষুদ্ৰ এচাম মানুহৰ স্বাৰ্থ ।……..'

অধিক পঢ়ক
Image Description

মাঘৰ বিহু – তাহানিৰ

আমি বহু আন্দোলন দেখিলোঁ আৰু কৰিলোঁ৷ একো বুুজি নোপোৱাকৈয়ে আৱেগ ঢালি আমি আন্দোলন কৰি গ’লোঁ, জাতীয়তাবাদ মানিলোঁ৷ সৰ্বসাধাৰণ অসমীয়াই একো নুবুজাকৈয়ে আন্দোলনবোৰ আৰম্ভ হ’ল আৰু একো নুবুজাকৈয়ে কেৱল এটা প্ৰশ্নবোধকেৰে পৰিসমাপ্তি ঘটিল প্ৰায় প্ৰতিটো আন্দোলন৷

অধিক পঢ়ক
Image Description

অসমীয়াই অসমীয়াক সহায় কৰক

আমি বহু আন্দোলন দেখিলোঁ আৰু কৰিলোঁ৷ একো বুুজি নোপোৱাকৈয়ে আৱেগ ঢালি আমি আন্দোলন কৰি গ’লোঁ, জাতীয়তাবাদ মানিলোঁ৷ সৰ্বসাধাৰণ অসমীয়াই একো নুবুজাকৈয়ে আন্দোলনবোৰ আৰম্ভ হ’ল আৰু একো নুবুজাকৈয়ে কেৱল এটা প্ৰশ্নবোধকেৰে পৰিসমাপ্তি ঘটিল প্ৰায় প্ৰতিটো আন্দোলন৷

অধিক পঢ়ক
Image Description

বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৯
অসমীয়ায়ো আকোঁৱালি লৈছিল

অধ্যাপক আব্দুল মান্নানে ‘অনুপ্ৰৱেশ, অসম আন্দোলনৰ আদি কথা’ গ্ৰন্থত বঙ্গমূলীয় মুছলমানৰ অসমীয়া জাতিত আত্মলীনৰ বিষয়ে লিখিছে, '১৯১৭ চনত সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল । ওচমান আলী সদাগৰে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনতে সদস্যভুক্ত হৈছিল আৰু সভালৈ ১০টকা ৰূপ বৰঙণি আগবঢ়াইছিল । দহ টকাৰে তেতিয়া দহ বিঘা মাটি কিনিব পাৰিছিল । এনে দূৰদৰ্শিতা আৰু সদাৰ্থক দৃষ্টিভঙ্গীৰ কাৰণে বহু ঠাইত স্থানীয়লোকৰ সৈতে গঢ়ি উঠা সদ্ভাৱ আৰু সংমিশ্ৰণৰ আকৰ্ষণে সন্দিহান কৰি নোতোলা প্ৰব্ৰজনকাৰী মুছলমান খেতিয়কক স্থানীয় লোকে আকোঁৱালি ল'বলৈ দ্বিধাবোধ কৰা নাছিল ।

অধিক পঢ়ক
Image Description

উচ্চ শিক্ষাৰ সংকট: বিধ্বস্ত বিশ্ববিদ্যালয়

দেশ আৰু জাতিৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ প্ৰক্ৰিয়াত শিক্ষাৰ অপৰিসীম গুৰুত্ব আছে৷ এই গুৰুত্ব কেৱল অৰ্থনৈতিক, উদ্যোগিক, ৰাজনৈতিক আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰতে সীমিত নহয়৷ শিক্ষা, বিশেষকৈ উচ্চ শিক্ষা, সমগ্ৰ মানৱজাতিৰে সভ্যতাৰ বিকাশ প্ৰক্ৰিয়াত এক প্ৰধান চালিকাশক্তি৷

অধিক পঢ়ক
Image Description

ডিব্ৰুগড়ত ছাত্ৰ নিৰ্য্যাতনৰ ঘটনাক জাতীয় পৰিষদৰ গৰিহণা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ওপৰত আৰক্ষীৰ আক্ৰমণ আৰু গ্ৰেপ্তাৰৰ ঘটনাক অসম জাতীয় পৰিষদে তীব্ৰ গৰিহণা দিয়ে৷

অধিক পঢ়ক
Image Description

বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৮

উনৈছ শতিকাৰ শেষাৰ্ধৰ পৰা অসমলৈ বঙ্গমূলীয় মুছলমানৰ প্ৰব্ৰজন আৰম্ভ হয় যদিও বিংশ শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকত ই প্ৰৱল ৰূপ ধাৰণ কৰে । সেই সময়ৰ বিশ্বৰ অন্যতম শক্তিশালী ব্যাৱসায়িক গোষ্ঠী ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ ঔপনিৱেশিক অৰ্থনীতিৰ প্ৰয়োজনত বঙ্গৰ কৃষকক অসমলৈ প্ৰব্ৰজনৰ বাবে উৎসাহিত কৰা হৈছিল ।

অধিক পঢ়ক
Image Description

প্ৰতিষ্ঠা দিৱসৰ দহদিনীয়া স্বাভিমান যাত্ৰাৰে জাতীয় পৰিষদৰ নিষ্ঠা–শক্তি প্ৰদৰ্শন

অসম প্ৰথম, সদায় আৰু চিৰদিন – এই মহামন্ত্ৰৰে ২০২০ চনৰ ১৭ ডিছেম্বৰত শিৱসাগৰত জন্ম হৈছিল অসম জাতীয় পৰিষদ (অজাপ) দলৰ। যোৱা ১৭ ডিছেম্বৰ শুক্ৰবাৰে দলটিয়ে এটা বছৰ সম্পূৰ্ণ কৰে। ১৬ আৰু ১৭ ডিছেম্বৰত মাজুলীৰ সোণাৰীআটি মজলীয়া বিদ্যালয় খেলপথাৰত দুদিনীয়া কাৰ্য্যসূচীৰে অজাপৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে উলহ-মালহেৰে পালন কৰা হয়।

অধিক পঢ়ক
Image Description

অজাপৰ উদ্যোগত আকৌ কা-বিৰোধী আন্দোলন
গুৱাহাটীৰ ৰাজপথত কা বাতিলৰ দাবী সহস্ৰ জনতাৰ

সংসদত কা আইন গৃহীত হোৱাৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ ১১ ডিচেম্বৰৰ দিনটোতে অসম জাতীয় পৰিষদে গুৱাহাটী মহানগৰীত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি আকৌ কা-বিৰোধী আন্দোলনৰ সূচনা কৰে৷

অধিক পঢ়ক
Image Description

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ চমু ইতিবৃত্ত

(৫ ডিছেম্বৰ সংখ্যাৰ পৰা)
এই বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা বহুকেইজন কৃতীমান ছাত্ৰই অসমীয়া ভাষা-সাহিত্যলৈ যথেষ্ঠ বৰঙণি আগবঢ়াইছে । সেইসকলৰ ভিতৰত ড০ ভবেন্দ্ৰনাথ শইকীয়া, ড০ লক্ষ্মীনন্দন বৰা (প্ৰাক্তন সাহিত্য সভাৰ সভাপতি), যোগেন্দ্ৰ নাৰায়ণ ভূঞা, ভদ্ৰেশ্বৰ ৰাজখোৱা, অধ্যক্ষ ৰবীন্দ্ৰচন্দ্ৰ বৰা, ৰঞ্জিত দেৱ গোস্বামী, ড০ আবু হানিফ আৰু তাৰ পিছৰ পৰ্য্যায়ৰ ডাঃ প্ৰয়াগ শইকীয়া, মনোজ কুমাৰ গোস্বামী, সাহিত্য একাডেমীপ্ৰাপক, ১৯৭৭ চনত উত্তীৰ্ণ হোৱা, ডাঃ অপূৰ্ব শইকীয়া আদি উল্লেখযোগ্য।

অধিক পঢ়ক
Image Description

বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৭

বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৭
বাঙালী জাতিৰ পৰা অসমীয়াই ল'ব পৰা শিক্ষা:
দ্বি-বিভক্ত বাঙালীয়ে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ জাতি গঢ়াৰ ঐতিহাসিক সুযোগ হেৰুৱাইছিল
অপ্ৰাসঙ্গিক যেন লাগিলেও আন এক প্ৰসঙ্গ উত্থাপন কৰিব বিচাৰিছোঁ । ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ বাঙালী জাতিক বিভাজন কৰিব বিচৰা ষড়যন্ত্ৰ সেই সময়ৰ নেতৃত্বস্থানীয় বুদ্ধিজীৱী, সামাজিক নেতৃত্বই (হিন্দু, মুছলমান উভয়ে) যদি অনুধাৱন কৰিব পাৰিলে হয়, ধৰ্মৰ ভিত্তিত জাতিৰ বিভাজন ৰোধ কৰি ভাষিক জাতীয়তাবাদ গঢ়ি তুলিবলৈ সক্ষম হ’ল হয়, তেতিয়া হ’লে আজি বাঙালী জাতি বিশ্বৰ অন্যতম শক্তিশালী আৰু প্ৰভাৱশালী জাতি হৈ থাকিব পাৰিলে হয়।

অধিক পঢ়ক
Image Description

নিৰ্ভীক সাংবাদিক বিনোদ ডুৱা আৰু নাই

ভাৰতৰ সংবাদজগতৰ নিৰ্ভীক, স্পষ্টবাদী সাংবাদিক বিনোদ ডুৱা আৰু নাই। ৪ ডিছেম্বৰত দিল্লীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ৬৭ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

অধিক পঢ়ক
Image Description

নতুন পোহৰত নৱবৈষ্ণৱ ধৰ্ম

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মত সকলো প্ৰাণীৰে প্ৰতি এক গভীৰ সহানুভূতিশীলতা দেখা যায়। এই কথা সৰ্বজনবিদিত। ‘কুকুৰ, শৃগাল, গদৰ্ভ’ প্ৰভৃতি সকলো জীৱকে সমান চকুৰে চোৱা, সকলোকে ঈশ্বৰৰ অংশ বুলি গণ্য কৰি সেৱাৰ মনোভাৱ গ্ৰহণ কৰাটো এই ধৰ্মৰ প্ৰধান নীতিবোৰৰ মাজত এটা।

অধিক পঢ়ক
Image Description

বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৬

ফজলুল হকৰ প্ৰজা কৃষক পাৰ্টিক সমৰ্থনৰ অস্বীকাৰ কংগ্ৰছৰ, মুছলিম লীগৰ উত্থান বাঙালী মুছলমান ৰাজনৈতিক নেতাৰ অভাৱত কলকাতাৰ অ-বাঙালী মুছলমানসকলে বঙ্গৰ মুছলমান নেতৃত্বৰ স্থান দখল কৰিলে । বঙ্গত মুছলিম লীগে স্থান উলিয়াই ল'বলৈ সক্ষম হ’ল । বাঙালী মুছলমান কৃষক নেতা ফজলুল হকে কৃষকৰ স্বাৰ্থত কৃষক প্ৰজা পাৰ্টি গঠন কৰি শক্তিশালী আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছিল। পূৰ্ব বঙ্গৰ মুছলমান কৃষকৰ বাহিৰেও অবিভক্ত বঙ্গৰ হিন্দু কৃষকৰ সমৰ্থনো লাভ কৰিছিল।

অধিক পঢ়ক
Image Description

সাঁজপানী উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসকলৰ এক ঐতিহ্যপূৰ্ণ সংস্কৃতি

উত্তৰ-পূৰ্বাঞ্চল জৈৱিক আৰু নৃগোষ্ঠীয় ভিন্নতাত ভাৰতবৰ্ষৰ ভিতৰতে চহকী৷ এই অঞ্চলৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫৭ শতাংশ লোকেই জনজাতীয় লোক৷ জনজাতি জনসংখ্যা অসমত প্ৰায় ১২ শতাংশ আৰু মিজোৰামত ৯৫ শতাংশ৷

অধিক পঢ়ক
Image Description

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ চমু ইতিবৃত্ত

১৮৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখটি অবিভক্ত নগাঁও জিলাৰ বাবে এক ঐতিহ্যমণ্ডিত দিন। এই দিনটিতে মধ্য অসমৰ মধ্যস্থল নগাঁও চহৰত ব্ৰিটিছ চৰকাৰৰ অনুগ্ৰহত অসমৰ চতুৰ্থখন চৰকাৰী স্কুল নগাওঁ গৱৰ্ণমেণ্ট হাইস্কুল স্থাপন হয়।

অধিক পঢ়ক
Image Description

আন্ধাৰুবালিত প্ৰজ্বলিত জাতীয় সংকল্প শিখা সদায় জ্বলি থাকিব – লুৰীণ

বিগত বৰ্ষৰ ১৭ ডিছেম্বৰত লুৰীণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ শিৱসাগৰ অধিবেশনত দলৰ সভাপতি নিৰ্বাচিত হয়। সভাপতি নিৰ্বাচিত হোৱাৰ পিছত ২৩ ডিছেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহে। সেইদিনা গুৱাহাটীত তেওঁক বিপুলভাবে আদৰণি জনোৱা হয়।

অধিক পঢ়ক

বসন্ত ডেকা

November 30, 2021
Image Description

অসমক কিয় ইনাৰ লাইন লাগিব

১৮২৬ চনত ইয়াণ্ডাবু সন্ধি দুটা পক্ষৰ মাজত স্বাক্ষৰ হৈছিল৷ এটা পক্ষ আছিল বৃটিছ আৰু আনটো পক্ষ আছিল ব্ৰহ্মদেশ৷ সন্ধি অনুসৰি অসমৰ শাসনভাৰ বৃটিছৰ হাতলৈ গৈছিল৷ দুয়োপক্ষই সন্ধি কৰোঁতে অসমৰ ৰজাৰ কোনো অনুমতি লোৱা নাছিল৷ গোটেই ঘটনাটো আহোম ৰজাৰ বাবে এক প্ৰকাৰ অপমানসূচক আছিল৷

অধিক পঢ়ক
Image Description

বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৫

মুছলমানৰ ‘ৰক্ষাকৰ্তা’ৰ ৰূপত অৱতীৰ্ণ ভেদবাদী বৃটিছ, ৰবি ঠাকুৰৰ বিভেদ ৰোধৰ চেষ্টা ভদ্ৰলোক বংগভাষীয়ে বৃটিছ আনুগত্য ত্যাগ কৰাত বৃটিছে বঙ্গৰ মুছলমানৰ মাজত তেওঁলোকৰ অনুগত শ্ৰেণী তৈয়াৰ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰে । বাংলা বিধান সভাত এক নতুন ব্যৱস্থাৰ প্ৰস্তাৱ কৰা হ’ল য’ত ২৫০খন আসনৰ ১১৭খন মুছলমানৰ বাবে সংৰক্ষণ কৰা হ’ল । আন আন সংৰক্ষণৰ পিছত সাধাৰণ আসনৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’ল মাত্ৰ ৮২ খন । হিন্দু, বৌদ্ধ, জৈন, পাৰ্চি, ইহুদীৰ বাবে ৰখা ৮২ খন সাধাৰণ আসনৰ ভিতৰতো আকৌ সংৰক্ষণ – অনুসূচীত জাতিৰ বাবে ৩০ খন ।

অধিক পঢ়ক
Image Description

শতবৰ্ষ গৰকা এমছিএমই স্কুল

মাণিক চন্দ্ৰ বৰুৱা মধ্য ইংৰাজী স্কুল স্থাপনৰ শতবৰ্ষ হয় ২০১৪ চনত৷ স্কুলৰ এই দীঘল নামটোৰ সলনি গুৱাহাটীবাসীয়ে এই স্কুলক এম ছিএমই স্কুল বুলিয়েই জানে৷ স্থাপনৰ কিছু বছৰ পিছৰে পৰা এই স্কুলে অসমৰ শিক্ষাজগতত এই নামেৰেই এখন বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷

অধিক পঢ়ক
Image Description

বিশ্ব প্ৰতিবেদনত ফাদিল মোডীৰ আচল নীতি 'খাওঙ্গা-খানে ডুঙ্গা'

২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত দেশৰ আকাশ-বতাহ কঁপাই প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক প্ৰতিশ্ৰুতি দিছিল ' না খাউঙ্গা, না খানে ডুঙ্গা' ( 'নাখাওঁ, খাবলৈও নিদিওঁ') । মোডীৰ কথাত দেশবাসী পতিয়ন গৈ তেওঁক বিপুল ভোটত জয়ী কৰি প্ৰধান মন্ত্ৰীৰ আসনত বহুৱালে। ভাবিলে দেশত এইবাৰ দুৰ্নীতিৰ অন্ত পৰিব। মোডীৰ দৰে এগৰাকী নিকা ব্যক্তিৰ দ্বাৰাহে এনে কাম সম্ভৱ। তেওঁৱেইহে দেশত প্ৰকৃত লোকপাল আইন বলবৎ কৰিব পাৰিব।

অধিক পঢ়ক
Image Description

বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৪
বঙ্গৰ মুছলমানৰ
ক্ৰমাগত অপসাৰণ

একে সময়তে পূৰ্ব বঙ্গৰ মুছলমানসকলক এৰি দিয়া হ’ল মাতব্বৰ-দেৱানী-মোল্লা চক্ৰৰ হাতত অবাধ শাসন-শোষণৰ বাবে। আধুনিক শিক্ষা এওঁলোকৰ বাবে সুদূৰপৰাহত হৈ পৰিল । খেতিপথাৰ আৰু মছজিদ-মাদ্ৰাছাৰ মাজতে জীৱনটো আৱদ্ধ হৈ থাকিল । দৈনন্দিন জীৱনত এওঁলোকে নিজস্ব দোৱানহে ব্যৱহাৰ কৰিছিল, বাঙালী অক্ষৰ জ্ঞান একপ্ৰকাৰ নাছিলেই, নামাজ আৰু কোৰাণ পঢ়াৰ বাবে আৰবী আখৰকেইটা শিকিছিল, কিন্তু আৰবী বুজি নাপাইছিল । বঙ্গৰ মুছলমানসমাজ পাশ্চাত্য শিক্ষাৰ প্ৰতি আগ্ৰহী হয় উনৈছ শতিকাৰ শেষৰফালৰ পৰাহে, হিন্দু সমাজতকৈ প্ৰায় পঞ্চাশ বছৰ পিছত।

অধিক পঢ়ক

বসন্ত ডেকা

November 14, 2021
Image Description

২০ নবেম্বৰ ১৯৬২
ব'মডিলাৰ পতন

দুপৰীয়াৰ বাতৰি পঢ়িছোঁ মই লিলি দাস মালিকে...

স্কুলৰ ৰেডিঅ’টো ছাৰহঁতৰ কমন ৰুমৰ বাহিৰৰ বাৰান্দাত সৰু টেবুল এখনৰ ওপৰত থৈছিল৷ মাতটো ডাঙৰ কৰি থৈছিল৷ সেয়া অস্বাভাৱিক আছিল৷ তাৰিখটো আছিল ২০ নবেম্বৰ ১৯৬২ চন৷ শুৱলা মাতটো দিল্লীৰ পৰা আকৌ ভাঁহি আহিল৷

অধিক পঢ়ক
Image Description

স্বদেশ স্বাভিমান'
এক মনোজ্ঞ আলোচনা

যোৱা ৭অক্ট'বৰ দেওবাৰে অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত 'স্বদেশ স্বাভিমান' শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত নৱ প্ৰজন্মৰ সাতগৰাকী বক্তাই অসম আৰু অসমীয়াৰ স্বকীয় পৰিচয় দাঙি ধৰা সাতোটা বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে।

অধিক পঢ়ক
Image Description

বঙ্গমূলীয় অসমীয়া মুছলমান সমাজ আৰু অসমীয়া জাতীয় সত্তা ৩
হিন্দু ধৰ্মৰ সংস্কাৰ আন্দোলন, বাঙালী ভদ্ৰলোক শ্ৰেণীৰ আত্মপ্ৰকাশ

ইষ্ট ইণ্ডিয়া ক'ম্পেনীয়ে যি সময়ত বঙ্গত শাসনকৰ্তাৰূপে আত্মপ্ৰকাশ কৰিছিল, সেই সময়ছোৱাত হিন্দু ধৰ্মৰ মাজত প্ৰচলিত বেছ কিছু ৰীতি-নীতি তথা কঠোৰ অনুশাসন অমানৱীয় ৰূপত বৰ্তি আছিল । বিশেষকৈ সতীদাহ প্ৰথা, বাল্যবিবাহ আৰু সমাজত বিধৱাৰ স্থানে ইংৰাজৰ সান্নিধ্য লাভ কৰা পশ্চিমীয়া ভাৱাদৰ্শৰে প্ৰভাৱাম্বিত সচেতন বাঙালীক এই প্ৰথাৰ বিৰুদ্ধে বিদ্ৰোহী কৰি তুলিছিল আৰু ইয়াক উৎখাত কৰিবলৈ এই নব্যশিক্ষিত সকল সংল্পবদ্ধ হৈছিল।

অধিক পঢ়ক
Image Description

বিশুদ্ধ খোৱা পানী
ৰঙীন বিজ্ঞাপনৰ মৰীচিকা আৰু জন সচেতনতা

জনস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সবাতোকৈ গুৰুত্বপূৰ্ণ হ'ল বিশুদ্ধ বায়ু আৰু পানী। দুর্ভাগ্যক্ৰমে সম্প্ৰতি এই দুয়োটাই দুৰ্লভ হৈ পৰিছে। বায়ু প্ৰদূষণ, গোলকীয় সমস্যা কোনেও অকলে দূৰৈৰ কথা,একোখন দেশেও অকলে ইয়াৰ প্ৰতিকাৰ কৰিব নোৱাৰে। কিন্তু দৈনন্দিন খোৱা পানীখিনি অলপ সতৰ্কতাৰে ঘৰতে স্বাস্থ্যসন্মত কৰি ল'ব পাৰি।

অধিক পঢ়ক
Image Description

বঙ্গমূলীয় অসমীয়া মুছলমান সমাজ আৰু অসমীয়া জাতীয় সত্তা ২

দ্বাদশ শতিকাৰ পৰাই বঙ্গৰ কৃষকসমাজৰ বৃহত্তৰ অংশটোৱে ইছলামলৈ ধৰ্মান্তৰিত হ’বলৈ আৰম্ভ কৰে । ধৰ্মান্তৰিত কৃষকৰ গৰিষ্ঠ অংশটোৰ গৃহভূমি আছিল অবিভক্ত বঙ্গৰ পূৰ্ব বঙ্গ বুলি খ্যাত অঞ্চলখিনি। বৰ্ণ হিন্দুৰ নিৰ্য্যাতন, অৱমাননাৰ পৰা হাত সাৰিবলৈ ধৰ্মান্তৰিত হ’ল যদিও নৱাব-জমিদাৰ, মাতব্বৰ-দেৱানৰ শাসন আৰু উক্ত শাসনৰ সহযোগী মোল্লাৰ অধীনত জীৱন ধাৰণৰ মানৰ বিশেষ উন্নতি নহ’ল, অৱশ্যে জাত-পাতৰ অমানৱীয় সামাজিক বান্ধোনৰ পৰা মুক্ত হ’ল ।

অধিক পঢ়ক
Image Description

১৩৮ বছৰ গৰকা
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়

যোৰহাটৰ মাজমজিয়াত অৱস্থিত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়খনিয়ে ইতিমধ্যে ১৩৮ বছৰ গৰকি গৈছে৷ ইয়াৰ চৌদিশে আগুৰি আছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন, প্ৰধান ডাকঘৰ, তাৰকাগৃহ, আহোম যুগৰ ৰাজমাও পুখুৰী, বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়, জিলা পুথিভঁৰাল আদিয়ে৷ অসমৰ লেখত ল’বলগীয়া শিক্ষানুষ্ঠানৰ ঐতিহ্যৰ আজিও ই সাক্ষী হৈ আছে৷ প্ৰায় পঞ্চাছ বছৰ আগতে এই বিদ্যালয়ত পঢ়াৰ সৌভাগ্য আমাৰো হৈছিল৷

অধিক পঢ়ক
Image Description

বঙ্গমূলীয় অসমীয়া মুছলমান সমাজ আৰু অসমীয়া জাতীয় সত্তা ৯

বিদেশী ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ শাসনকে ধৰি বৃটিছ সাম্ৰাজ্যবাদে প্ৰায় ১২০ বছৰ কাল অসম ভূখণ্ড শাসন কৰিছিল । এই উপনিবেশীয় শাসনৰ কালছোৱাক বৃটিছ ভাৰতৰ পৰা নতুনকৈ সংলগ্ন অসম ভূখণ্ডলৈ প্ৰব্ৰজনক উৎসাহিত কৰাৰ ইতিহাস বুলি ক'লে ভুল কোৱা নহ’ব ।

অধিক পঢ়ক
Image Description

অসমৰ অন্যতম বিদ্যালয় পাটাছাৰকুছি বিদ্যাপীঠ (২)

পাটাছাৰকুছিত হাইস্কুল স্থাপনৰ যো-জা ১৯৩৫ চন, ফেব্ৰুৱাৰী মাহৰ ৭ তাৰিখ, বৃহস্পতিবাৰ, শুক্লা পঞ্চমী তিথি। পূব-বজালী মৌজাৰ মৌজাদাৰ বাণীকান্ত চৌধুৰীৰ ৰায়পুৰৰ বাসগৃহত ধৰমতলাৰ তাৰক চন্দ্ৰ শৰ্মা আৰু হৰেন্দ্ৰ নাথ শৰ্মা উপস্থিত। উদ্দেশ্য পাটাছাৰকুছিত এখন হাইস্কুল স্থাপন কৰা। পাটাছাৰকুছিত হাইস্কুল এখন স্থাপন কৰাটো হৰেন্দ্ৰ নাথ শৰ্মাৰ আছিল এক সপোন আৰু এই সপোন পৰিস্থিতিগত কাৰণত প্ৰত্যাহ্বানলৈ ৰূপান্তৰ হৈছিল। তীক্ষ্ণ বুদ্ধিসম্পন্ন, অগাধ পাণ্ডিত্যৰ গৰাকী হৰেন্দ্ৰ নাথ শৰ্মা স্বাভাৱিকতে আছিল প্ৰত্যাহ্বান গ্ৰহণ কৰি সফল হ’বলৈ ভাল পোৱা লোক।

অধিক পঢ়ক
Image Description

ঐক্যবদ্ধ বিৰোধী প্ৰাৰ্থীৰ পক্ষত জাতীয় পৰিষদৰ ব্যাপক প্ৰচাৰ

অসম বিধান সভাৰ পাঁচোটা বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ৩০ অক্ট'বৰত এই সমষ্টিকেইটাত ভোটগ্ৰহণ কৰা হ'ব। গোসাঁইগাঁও, তামোলপুৰ, ভবানীপুৰ, মৰিয়নী আৰু থাওৰা- এই পাঁচোটা বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান ইতিমধ্যে তুংগত উঠিছে। শাসক দলৰ সমানে সমানে বিৰোধী পক্ষইও এই সমষ্টিকেইটাত জোৰদাৰ প্ৰচাৰ চলাইছে।

অধিক পঢ়ক
Image Description

খেয়ালী প্ৰকৃতি আৰু ন'বেল বঁটা

মহাপুৰুষ শংকৰদেৱ আজিৰ পৃথিৱীৰ বাসিন্দা হোৱাহেঁতেন আৰু যদি মহাপুৰুষে ২০২১ চনত শৰৎ বৰ্ণনা কবিতাটো লিখিলেহেতেঁন...সেই একেই শৰৎ বৰ্ণনা আমি পালোহেঁতেননে?

অধিক পঢ়ক
Image Description

শিক্ষাৰ নবদ্বীপ নলবাৰী

চিৰ সেউজীয়া অসমৰ বুকুত মহাবাহু লুইতৰ উত্তৰপাৰে অৱস্থিত ঐতিহ্যপূৰ্ণ সংস্কৃত শিক্ষাৰ প্ৰাণকেন্দ্ৰ নলবাৰী। ভাৰতীয় ভাষা, সংস্কৃতি শিক্ষা, সভ্যতাৰ মাতৃ স্বৰূপা সংস্কৃত ভাষা। সেই সময়ত নলবাৰী অঞ্চলৰ প্ৰায় ২৫খন টোলত ছাত্ৰসকলক গুৰুকুল পদ্ধতিৰে শিক্ষাদান কৰা হৈছিল। ভাৰতত সেই সময়ত থকা ৭৫খন সংস্কৃত টোলৰ ভিতৰত ২৫খন নলবাৰী অঞ্চলতে আছিল বুলি জনা যায়।

অধিক পঢ়ক
Image Description

অসমৰ অন্যতম বিদ্যালয়
পাটাছাৰকুছি বিদ্যাপীঠ

অসমৰ বৌদ্ধিক পৰিমণ্ডলৰ অন্যতম কাণ্ডাৰী পাটাছাৰকুছি বিদ্যাপীঠ । এইখন শিক্ষানুষ্ঠানৰ ইতিহাস সোণালী আখৰেৰে অংকিত হৈ আছে অসমৰ শিক্ষাজগতৰ গৌৰৱময় অধ্যায় হিচাবে । সেইখন বিদ্যালয়ৰ পৰা কৃতী ছাত্ৰ-ছাত্ৰীৰে আজিও ভৰি আছে দেশ-বিদেশ।

অধিক পঢ়ক
Image Description

মনু সংহিতাৰ বিষয়ে প্ৰাথমিক অনুসন্ধান

মনু সংহিতাৰ বিষয়ে অনেকৰ ধাৰণা শুদ্ধ বুলি ক’বলৈ টান৷ ইয়াৰ মূলতে হ’ল যে সংস্কাৰহীনভাৱে জীৱন যাপন কৰাসকলক সংস্কাৰপূৰ্ণ জীৱন যাপন কৰাসকলৰ লগত মনু সংহিতাই সমান স্থান দিয়া নাই৷ এই ধাৰণাৰ লগত ব্ৰাহ্মণ্যবাদৰ সম্পৰ্ক আছে বুলি অনেকৰ দৃঢ় ধাৰণা৷

অধিক পঢ়ক
Image Description

আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ঋত্বিক দত্ত আৰু সোৱণশিৰি নদীবান্ধ

২০০৬ চনৰ অক্ট’বৰ মাহৰ কথা ৷ ধেমাজি জিলা ছাত্ৰ সন্হাই ২০০১ চনৰ পৰাই আৰম্ভ কৰা সোৱণশিৰি নদীবান্ধ বিৰোধী আন্দোলনে ক্ৰমশঃ তীব্ৰ ৰূপ লৈছে ৷ নদীবান্ধ সম্পৰ্কীয় কাৰিকৰী বহুতো দিশ আমি বিভিন্ন বিশেষজ্ঞৰ পৰা অৱগত হৈছিলো ৷ মোৰ বহুদিনীয়া বন্ধু পুনেৰ নীৰজ ৱাঘলীকাই ক'লে, দিল্লীৰ এজন অধিবক্তাই এটা স্বেচ্ছাসেৱী সংস্হা গঠন কৰি সমগ্ৰ দেশতে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষাৰ বাবে বৰ আন্তৰিকতাৰে কাম কৰি আছে৷

অধিক পঢ়ক..
Image Description

কাতি বিহু
ধাননি পথাৰত জ্বলে আশাৰ বন্তি

বৃহত্তৰ অসমীয়া সমাজখনে পৰম্পৰাগতভাৱে পালন কৰি অহা তিনিওটা আদৰৰ বিহু মূলতঃ কৃষিভিত্তিক । বসন্ত কালত পালন কৰা ব'হাগ বিহু বা ৰঙালী বিহু । বৰষুণৰ আগমনে ক্ৰমে জীপাল কৰি অনা ভূমিত কৃষিকৰ্ম সম্পাদনৰ বাবে প্ৰস্তুত হোৱা এক অনন্য উৎসৱ। কাতি বিহু বা কঙালী বিহু ক্ৰমে উদং হৈ অহা ভঁৰাল পুনৰ পূৰণ কৰাৰ আন্তৰিক আশাৰ এক গহীন উৎসৱ। আনহাতে মাঘ বিহু বা ভোগালী বিহু হ'ল পথাৰৰ শইছ চপাই আনি ভঁৰাল ভৰাই পৰিতৃপ্তি লাভৰ এক আনন্দমুখৰ উৎসৱ।

অধিক পঢ়ক..
Image Description

লোকশিল্পক আধাৰ ৰূপে লৈ শোভা ব্ৰহ্মৰ আধুনিক চিত্ৰ

অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰৰ বাবে হোৱা আন্দোলনে তীব্র ৰূপ লোৱা পৰতে কোকৰাঝাৰত চৰকাৰী সেনাৰ হাতত বহু বড়ো মহিলা নির্য্যাতিত হৈছিল । ভূমকাৰ সেই কাণ্ড নিশ্চয় বহুতৰে মনত আছে। কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও জিলাত জন্ম গ্ৰহণ কৰা অসমৰ বিশিষ্ট চিত্র-ভাষ্কৰ্য্য শিল্পী শোভা ব্রহ্ম এই কাণ্ডত ব্যথিত হৈছিল আৰু নিজৰ সেই মনৰ কষ্টখিনিক ধৰি ৰাখিছিল কেনভাছ আৰু ভাস্কৰ্য্যৰ মাজত। সামাজিক আৰু ৰাজনৈতিকভাৱে সচেতন এই গৰাকী সংবেদনশীল মনৰ শিল্পীৰ সৃষ্টিয়ে সমাজৰ বহু বেয়া দিনৰ কথা সোঁৱৰাই দিয়ে।

অধিক পঢ়ক..
Image Description

এগৰাকী শ্ৰেষ্ঠ অসমীয়া লক্ষ্মীনাথ বেজবৰুৱা

অসমীয়া জাতি এটা সমৃদ্ধিশালী জাতি | সুদীৰ্ঘ কালৰ গৌৰৱময় ইতিহাসেৰে ঐতিহ্যপূৰ্ণ অসমীয়া জাতিৰ জাতীয় জীৱন সঁচাকৈয়ে মহিমাময় | এনে এক জাতীয় জীৱনক অধিক সুন্দৰ, সমৃদ্ধিশালী আৰু সুখময় কৰি তুলিবলৈ বহুতো স্বদেশানুৰাগী অসমীয়াই যুগ যুগ ধৰি অহোপুৰুষাৰ্থ কৰি আহিছে | ইয়াৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাৰ নাম নিশ্চয় তালিকাৰ শীৰ্ষতে থাকিব|

অধিক পঢ়ক..
Image Description

গুৰুজনাৰ জন্মোৎসৱত হৰিনামৰ ধ্বনিৰে মুখৰিত অসম

একশৰণ নাম ধৰ্মৰ আধ্যাত্মিক চেতনাৰে জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩তম জন্মজয়ন্তী ১৫ অক্ট'বৰত ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হয়। ৰাজ্যখনৰ সত্ৰ, নামঘৰ সকলো নাম-প্ৰসঙ্গ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হয়। গুৰুজনাৰ জন্মস্থান বটদ্ৰবা থান, সত্ৰভূমি মাজুলী, বৰপেটা সত্ৰ, বস্ত্ৰনগৰী শুৱালকুচিকে ধৰি ৰাজ্যখনৰ বেছিভাগ স্থানতে কেইবাদিনীয়া কাৰ্য্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। উল্লেখযোগ্য যে কলকাতাৰ শান্তি নিকেতনতো গুৰুজনাৰ জন্মজয়ন্তী পালন কৰা হয়।

অধিক পঢ়ক..

নগেন ডেকা

10th October, 2021
Image Description

গৰ্ডন : এক অৱলোকন

নলবাৰী গৰ্ডন হাইস্কুলৰ ছাত্ৰ এজনে এইবাৰ কলিকতা বিশ্ববিদ্যালয়ৰ মেট্ৰিকুলেচন পৰীক্ষাত প্ৰথম আৰু আন তিনিখন স্কুলৰ ছাত্ৰই দ্বিতীয়, তৃতীয় আৰু অষ্টম স্থান অধিকাৰ কৰা উপলক্ষে আসাম শিক্ষা বিভাগৰ মাননীয় শ্ৰীযুত ডাইৰেক্টৰ চাহাব বাহাদুৰে অহা ৪ আগষ্ট তাৰিখে আসামৰ সকলো শিক্ষানুষ্ঠানকে বন্ধ দিছে৷ উক্ত দিনটো পালন কৰিবলৈ ছাত্ৰ-অভিভাৱক আৰু শুভাকাংক্ষীসকলৰ এখন মিলন সভা পাতিবলৈ স্থিৰ কৰা হৈছে৷ তাত শ্ৰীযুক্ত ডাইৰেক্টৰ চাহাব আৰু শ্ৰীযুক্ত ইন্সপেক্টৰ চাহাব বাহাদুৰও অনুগ্ৰহ কৰি উপস্থিত থাকিবলৈ মান্তি হৈছে৷...

অধিক পঢ়ক
Image Description

উদাৰ শিক্ষা এটা পৰ্য্যালোচনা

আজি কিছুদিনৰ পৰা উদাৰ শিক্ষাৰ কথা সঘনে উচ্চাৰিত হৈ আহিছে৷ যোৱা বছৰ ভাৰত চৰকাৰে অনুমোদন জনোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি মহাবিদ্যালয় পৰ্য্যায়ত শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন অনাৰ কথা কোৱা হৈছে৷ স্নাতক পৰ্য্যায়ৰ শিক্ষা সফলভাৱে সম্পূৰ্ণ কৰাৰ পিছত সাধাৰণতে কলা, বিজ্ঞান আৰু বাণিজ্য বিষয়ত স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়৷

অধিক পঢ়ক
Image Description

গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানিক গটোৱাৰ দিনটোত
অসম জাতীয় পৰিষদৰ
দুঘণ্টীয়া মৌন প্ৰতিবাদ

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৭ অক্ট'বৰৰ নিশা ১২ বজাত, অৰ্থাৎ ৮ অক্ট'বৰ হোৱাৰ লগে লগে ভাৰতীয় বিমান প্ৰাধিকৰণে আদানী গোষ্ঠীক ৫০ বছৰৰ বাবে হস্তান্তৰ কৰে। কেন্দ্ৰৰ মোদী চৰকাৰে সকলো নীতি-নিয়ম জ্বলাঞ্জলি দি সম্পূৰ্ণ বেআইনীভাৱে নিশা ১২ বজাৰ এক বিশেষ অনুষ্ঠানত প্ৰতীকী এপাত চাবি আদানী গোষ্ঠীক প্ৰদান কৰি বিমানবন্দৰটিৰ হস্তান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে বিমানবন্দৰটিৰ চাবি-কাঠি ৫০ বছৰৰ বাবে আদানী গোষ্ঠীৰ হাতলৈ যায়।

অধিক পঢ়ক
Image Description

পেট্ৰলৰ দামৰ ছেন্সুৰীৰে মোদী-হিমন্ত বিজেপিৰ ইতিহাস ৰচনা

ৰাজ্য তথা দেশত এতিয়া পেট্ৰলৰ দাম এশ টকা হ'ল। প্ৰথমবাৰৰ বাবে মোদী–হিমন্ত বিজেপিয়ে পেট্ৰলৰ মূল্যৰ ছেন্সুৰীৰ কুখ্যাতি লাভৰ গৌৰৱ অৰ্জন কৰিলে। এতিয়ালৈকে কোনো চৰকাৰে কৰিব নোৱৰা এই অসাধ্য সাধন তথাকথিত চব্বিছ ঘণ্টাই কাম কৰা বিজেপি চৰকাৰে কৰি দেখুৱালে।

অধিক পঢ়ক
Image Description

খাদ্য-সম্পৰ্কে গান্ধীৰ পৰীক্ষা-নিৰীক্ষা

হাইস্কুলত পঢ়ি থকা সময়ত মোহনদাস কৰমচাঁদ গান্ধীয়ে লগৰীয়া এজনৰ প্ৰভাৱত পৰি লুকাই-চুৰকৈ মাংস খাবলৈ লয়। এই ঘটনাৰ কথা গান্ধীৰ আত্মজীৱনীৰ সৈতে পৰিচিত প্ৰায় সকলো লোকেই জানে। এইদৰে চোৰাংকৈ মাংস খাবলগীয়া হোৱাৰ কাৰণটোনো কি আছিল তাক ব্যাখ্যা কৰি গান্ধীয়ে তেওঁৰ আত্মজীৱনীত লিখিছে (লোকনায়ক অমিয় কুমাৰ দাসৰ অসমীয়া ভাঙনিত): 'গান্ধী পৰিয়াল বৈষ্ণৱ আছিল। বিশেষতঃ পিতৃ-মাতৃ পৰম বৈষ্ণৱ আছিল। … গুজৰাটৰ জৈন আৰু বৈষ্ণৱসকলৰ মাজত মাংস খোৱাৰ ৰীতিলৈ যিদৰে বিৰাগ আৰু ঘৃণা দেখা যায়, ভাৰতবৰ্ষৰ আন কোনো ঠাইতে সেইদৰে দেখা নাযায়। এইবিলাক সংস্কাৰ আৰু ৰীতি-নীতিৰ মাজতেই মোৰ জন্ম হৈছিল। এইবিলাকৰ মাজতেই মই ডাঙৰ হৈছিলোঁ।' গতিকে এনে এক পৰিস্থিতিত স্কুলীয়া ছাত্ৰ এজনৰ বাবে সকলোৱে জনা-শুনাকৈ মাংস খোৱাটো আছিল এক অসম্ভৱ কথা।

অধিক পঢ়ক
Image Description

এখন পৌন:পুনিক ফুটবল খেলত আৱদ্ধ এটা জাতি

এখন আচৰিত ফুটবল খেল। সাধাৰণতে ফুটবল খেলৰ ফলাফল নিৰ্ণয় কৰা হয় গ'লৰ জৰিয়তে। কিন্তু বছৰ বছৰ ধৰি চলি থকা এই বিশেষ খেলখনত প্ৰতিবাৰেই আকাংক্ষিত গ'লটো চাবলৈ খুজি হতাশ হৈছে দৰ্শকসকল। এটা দলৰো যেন গ'লটো সম্পূৰ্ণ কৰাৰ ইচ্ছা নাই। খেলখনৰ ফলাফল সদায় অমীমাংসিত অৱস্থাতেই ৰাখি দৰ্শকক কেৱল গ'লৰ সুযোগ সৃষ্টিৰ উত্তেজনা দিয়াই খেলপথাৰৰ পাকৈত খেলুৱৈৰ উদ্দেশ্য।

অধিক পঢ়ক
Image Description

অজাপৰ শ্ৰমিক বচাওক দাবীৰে উত্তাল দিল্লীৰ যন্তৰ-মন্তৰ

যোৱা ২০ ছেপ্টেম্বৰ তাৰিখে দিল্লীৰ সংসদ মাৰ্গ, যন্তৰ-মন্তৰত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক শক্তি আৰু জাতীয় চাহ শক্তিয়ে National Front of Indian Trade Union ৰ লগত যুটীয়াভাৱে এক বিশাল ধৰ্ণা কাৰ্য্যসূচী পালন কৰে।...

অধিক পঢ়ক
Image Description

অসমৰ বান নিয়ন্ত্ৰণত মথাউৰি আশীৰ্বাদ নে অভিশাপ?

তীব্বত, ভাৰত আৰু বাংলাদেশৰ মাজেৰে প্ৰায় ২,৮৮০ কিল'মিটাৰ বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখনে ইয়াৰ বহ্নিমান যাত্ৰাৰ সৰহভাগ অসম ভূখণ্ডৰ মাজেৰে যায়। নৈখন জলবহন ক্ষমতাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত নবম আৰু দৈৰ্ঘ্যতাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত পঞ্চদশ স্থানত আছে। নৈ-উপনৈৰে সমৃদ্ধ অসমৰ ভূ-খণ্ডৰ বাবে এই জলসম্পদ হৈছে এক বাৰ্ষিক বিভীষিকাহে মাত্ৰ।...

অধিক পঢ়ক
Image Description

বানপানী প্ৰতিৰোধৰ বাবে মথাউৰিৰ উপযোগিতা প্ৰাসঙ্গিক হৈ আছেনে?

আমি জানো যে এখন নদীত নিজৰ বহন ক্ষমতাতকৈ অত্যধিক পানী আহি পৰিলে দুই পাৰ বাগৰি উপত্যকাটোত বানপানীৰ সৃষ্টি হয়৷ নদীখনত পানীৰ পৰিমাণ অতিৰিক্ত বেছি হ’লে অথবা নদীখনৰ জলস্তৰৰ উচ্চতা বৃদ্ধি হৈ কেইবাদিনো ধৰি নৈখন এনেদৰে বৈ থাকিলে উপত্যকাটোৰ এটা বিস্তৃত অঞ্চল বানপানীত দীৰ্ঘ দিনৰ বাবে বুৰ গৈ থাকে৷...

অধিক পঢ়ক
Image Description

ৰাজ্যজুৰি আজাপৰ 'জাতীয় গৰ্জন'
২০৩১ চনত সংখ্যালঘুত পৰিণত হ’ব অসমীয়া জাতি: লুৰীণজ্যোতি গগৈ

‘পাঁচ নম্বৰ দফা হৈছে অসম চুক্তিৰ আত্মা৷ আত্মাক হত্যা কৰি চুক্তি ৰূপায়ণ কৰিম বুলি কোৱাটো এটা প্ৰতাৰণা৷ এনে প্ৰতাৰণা মানি লোৱা নহয়৷’ – মূলতঃ এই বক্তব্যৰে ৰাজপথলৈ ওলাই আহিছে অসম জাতীয় পৰিষদ দল৷...

অধিক পঢ়ক
Image Description

অজাপ-তৃপ্ৰাই গঢ়িব
একত্ৰিত উত্তৰ-পূব

প্ৰতাৰণা আৰু বিশ্বাসঘাটকতাৰ দীঘলীয়া ইতিহাস অতিক্রমি উত্তৰ -পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব আজি সংকটৰ মুখত। দেশে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী পালন কৰি থকা সময়তো উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জনগোষ্ঠীসমূহে স্বাভিমানৰ সৈতে ভাৰতৰ মানচিত্ৰৰ ভিতৰত টিকি থাকিবলৈ সংগ্ৰাম কৰিবলগীয়াটো নিঃসন্দেহে অতি দুৰ্ভাগ্যজনক।...

অধিক পঢ়ক..
Image Description

তেজপুৰৰ নলা-হোলা

নলা-হোলাৰ সমন্বয়ৰে তেজপুৰ নগঢ়িলে তেজপুৰ নাম হ'ব বৃথা। অপৰিকল্পিত গৃহ নিৰ্মাণ আৰু বৈ যোৱা নলা-নৰ্দমাৰ অভাৱত গুৱাহাটীৰ দৰে তেজপুৰ কদৰ্য্য নগৰী হ'লে তাৰ বাবে প্ৰশাসনীয় বিষয়া, বৰমূৰীয়াকে ধৰি বিধায়ক, মন্ত্ৰীৰ দায়িত্ব সম্পৰ্কে প্ৰশ্ন উঠিব।...

অধিক পঢ়ক..
Image Description

সূৰ্য্যোদয়ৰ অপেক্ষাত:
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

সাম্প্ৰতিক দৃষ্টিৰে চালে শিক্ষানুষ্ঠান এখনৰ গুৰুত্ব কেৱল তাৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল আৰু সংস্থাপনৰ হাৰেহে নিৰ্ধাৰণ কৰে যেন লাগে। কিন্তু ঐতিহাসিক দৃষ্টিৰে চালে দেখা যায় যে এই গুৰুত্ব নিৰ্ধাৰণ কৰে পৰৱৰ্তী সময়ৰ সমাজ, সাহিত্য-সংস্কৃতি, জ্ঞান-বিজ্ঞান আদি ক্ষেত্ৰলৈ তাৰ শিক্ষাৰ্থীসকলে আগবঢ়োৱা বৰঙণিবোৰেহে। সেইবাবেই আজি পৰীক্ষাত খুব ভাল ফল দেখুওৱা শিক্ষানুষ্ঠান এখনো কালিলৈ তেনেই অপ্ৰাসংগিক হৈ পৰিব পাৰে যদিহে তাৰ শিক্ষাৰ্থীসকলৰ সমাজলৈ কোনো বৰঙণি নাথাকে।...

অধিক পঢ়ক..
Image Description

উপনিৰ্বাচন - এক অশুভ পৰম্পৰাৰ আৰম্ভণি

২০২১ চনৰ অসমৰ বিধান সভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ ছমাহ নৌহওতেই মৰিয়নী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিলে৷ কুৰ্মীৰ পিছে পিছে থাওৰা সমষ্টিৰ সুশান্ত বৰগোহাঁই আৰু তামুলপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰো বিজেপি পালেগৈ৷ আৰু কেইবাগৰাকী বিৰোধী বিধায়কক লৈ এনে চৰ্চা চলিছে৷...

অধিক পঢ়ক..
Image Description

আমাৰ জাতীয় জীৱনত শংকৰদেৱ-আদৰ্শৰ স্থান

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বুলি ক’লেই স্বাভাৱিকতে অসমীয়াৰ মন-প্ৰাণ শ্ৰদ্ধা আৰু ভক্তিৰে পূৰ্ণ হৈ পৰে৷ গুৰুজনা হ’ল জাতীয় বৈশিষ্ট্যৰ মহত্ত্বতম প্ৰতীক আৰু জাতীয় প্ৰেৰণাৰ উৎস৷ গুৰুজনাই বৃহত্তৰ অসমীয়া সমাজ গঢ়ি অসমীয়াৰ জাতীয় জীৱনলৈ যি অনিৰ্বচনীয় অৱদান আগবঢ়াই গৈছে, তাক কৈ শেষ কৰিব নোৱাৰি৷ বেজবৰুৱাদেৱে কৈছিল– ‘কাৰ্য্যৰ সমষ্টিহে মানুহৰ জীৱন-চৰিত, সেই জীৱন-চৰিত গুৰুজনাই নিজহাতে ইমান বহলাই ৰচনা কৰি গৈছে যে আমালৈ একোৱেই বাকী ৰাখি যোৱা নাই৷ এতিয়া আমাক লাগে চকু, যাৰ দ্বাৰাই সেই বিস্তৃত জীৱনী পঢ়িব পাৰোঁ, লাগে মগজু আৰু বুদ্ধিৰ বিকাশ যাৰ দ্বাৰাই তাক বুজিব পাৰোঁ...৷’ এষাৰ সোণসেৰীয়া তাৎপৰ্য্যপূৰ্ণ উক্তি৷...

অধিক পঢ়ক..
Image Description

গো-সংৰক্ষণ, খাদ্যাভ্যাস আৰু বিবেকানন্দ

হিন্দী বলয়ৰ গো-মাতৃকেন্দ্ৰিক সাম্প্ৰদায়িক ৰাজনীতিৰ ক'লা ডাৱৰে অসমকো আৱৰিব ধৰিছে। ইতিমধ্যে গো-সংৰক্ষণ বিধেয়ক ২০২১ আইনত পৰিণত হৈছে। নিণৰীহ জীৱ বুলি জনাজাত গৰু আজি উত্তপ্ত বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। ই যাতে ভৱিষ্যতে জীৱশ্ৰেষ্ঠ মানুহৰ ‌হত্যা-হিংসাৰ কাৰণ হৈ নুঠে সেইপিনে সকলোৱে নিশ্চয় চকু ৰাখিব লাগিব।...

অধিক পঢ়ক..
Image Description

আফগানিস্তানৰ চকুলো

মই কাহানিও আফগানিস্তানলৈ যোৱা নাই যদিও সদায় এই দেশখনৰ প্ৰতি এক প্ৰবল আকৰ্ষণ অনুভৱ কৰি আহিছোঁ। দেশখনৰ ইতিহাস, ভূগোল আৰু তাৰ বাসিন্দাসকলৰ বিষয়ে পঢ়ি সৰুতেই মোৰ মনত তাত এপাক মাৰি অহাৰ এটা বাসনাই দেখা দিছিল। সময় বাগৰাৰ লগে লগে এই বাসনা আৰু শক্তিশালী হৈ উঠিছিল। মোৰ মনত আছে কিদৰে স্কুলত ভূগোলৰ পাঠত পামিৰ পৰ্বতমালাৰ বিষয়ে পঢ়োঁতেই মোৰ মনত এই আগ্ৰহৰ জন্ম হৈছিল (এই পৰ্বতমালাৰ একাংশ আফগানিস্তানত পৰে)। তেতিয়াৰপৰাই মই আফগানিস্তানৰ বিষয়ে মোৰ হাতত আহি পৰা সকলো ধৰণৰ কিতাপ, প্ৰৱন্ধ আদি পঢ়িছোঁ আৰু সকলো তথ্যচিত্ৰ, বোলছবি আদি চাইছোঁ। গতিকে স্বাভাৱিকতে যোৱা কেইসপ্তাহত আফগানিস্তানত সংঘটিত হৈ থকা ঘটনাবোৰে মোক বাৰুকৈ মৰ্মাহত কৰিছে।...

অধিক পঢ়ক..
Image Description

বিশ্ব সুখানুভূতি সূচাংক তালিকাত পাকিস্তান, বাংলাদেশৰ বহু তলত মোদী শাসিত ভাৰত

ভাৰত বিশ্বগুৰু হোৱাৰ পথত। মোদীৰ নেতৃত্বত অচিৰেই ভাৰত বিশ্বগুৰু হ'ব। মোদীবাহিনী বিজেপিৰ এই কথা শুনি শুনি মানুহৰ কাণ ঘোলা হৈ গৈছে। কোটি কোটি নিবনুৱাৰ চাকৰি–বাকৰি একো নাই। অসংখ্যজন সংস্থাপনহীন হ'ল। উচ্চ শিক্ষা আৰু স্বাস্থ্যৰ বাজেট কম কৰা হ'ল। কৃষকৰ মাটি বৃহৎ পুঁজিপতি গোষ্ঠীক গটোৱাৰ কূট–কৌশল অহৰহ চলি আছে। তথাপিও অকণমানো লাজ–কাজ নোহোৱাকৈ মোদীবাহিনীৰ মুখত অনবৰতে আখৈ ফুটাদি বিশ্বগুৰু হোৱাৰ কথা ফুটে। বিশ্বগুৰু দূৰৰ কথা ভাৰত এতিয়া আফগানিস্তানৰ শাৰীলৈ অৱনমিত হোৱাৰহে পথত।...

অধিক পঢ়ক..
Image Description

অসমৰ কৃষকৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত ৰাজ্যজুৰি অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ পালন

১৯ আগষ্ট বৃহস্পতিবাৰে দিনৰ ১১বজাৰ পৰা ১বজালৈ অসমৰ কৃষকৰ জলন্ত সমস্যাসমূহ সমাধানৰ দাবীত অসম জাতীয় পৰিষদে ৰাজ্যজুৰি গণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে। ৰাজ্যখনৰ প্ৰতিখন জিলা সদৰ স্থানত অজাপ সদস্যসকলে এই প্ৰতিবাদ সাব্যস্ত কৰি জিলা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কৃষকৰ সমস্যা সমাধানৰ দাবীসম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।...

অধিক পঢ়ক..
Image Description

ৰাজনীতি

ৰাজনীতি বুলিলে সাধাৰণতে ৰজাৰ নীতি বুলিয়ে ধাৰণা এটা মনলৈ আহে । ৰাজতন্ত্ৰত ৰজাই যি নীতি আধাৰত ৰাজ্য পৰিচালনা কৰিছিল সেই নীতি নিয়মকে ৰাজনীতি বুলি কোৱা হৈছিল । ৰাজধৰ্মৰ মূল নীতিটো আছিল প্ৰজাৰ সুখ-শান্তি বিঘ্নিত নোহোৱাকৈ ৰাজ্য পৰিচালনা কৰা । ৰজা প্ৰজাৰ প্ৰতি দায়বদ্ধশীল হোৱাটো আছিল প্ৰথম কথা। সেই ফালৰ পৰা চালে ৰজাই প্ৰজাক শাসন কৰা নাছিল, ৰাজ্য পৰিচালনাহে কৰিছিল।...

অধিক পঢ়ক..
Image Description

থলুৱা বাওধান অনবদ্য পুষ্টিগুণ আৰু স্বাস্থ্যবদ্ধৰ্ক গুণৰ আধাৰ

ক’ৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰা সময়ত সমান্তৰালকৈ যি দুই-এটা ইতিবাচক দিশ পৰিলক্ষিত হৈছে তাৰে এটা হৈছে পূৰ্বে এলাগী হৈ থকা থলুৱা আৰু পৰম্পৰাগত খাদ্যৰ প্ৰতি সকলোৰে সজাগতা আৰু বদ্ধিৰ্ত আকৰ্ষণ৷ খাদ্য কেৱল পেটৰ ভোক গুচাবলৈ নহয়, সমান্তৰালকৈ স্বাস্থ্যবদ্ধৰ্কো হ’ব লাগে এই কথাত সকলো পতিয়ন গৈছে৷ এনে প্ৰেক্ষাপটত উল্লেখনীয় হ’ল বহুতৰে অপৰিচিত আমাৰ থলুৱা বাওধান৷ উজনি আৰু মধ্য অসমৰ নৈপৰীয়া বানপানীপ্ৰৱণ অঞ্চলসমূহত আমাৰ কৃষকে যুগ যুগ ধৰি ইয়াৰ খেতি কৰি আহিছে৷ সচৰাচৰ মাৰ্চমাহত ইয়াৰ বীজ সিচা হয়৷ [শালিধানৰ দৰে কঠিয়া ৰোৱা নহয়] আৰু সুদীৰ্ঘ ৯ মাহৰ অন্তত অক্ট’বৰ-নবেম্বৰ মাহৰ ধান চপোৱা হয়৷ বাওধান কৃষিজগতৰ বিস্ময়– পুলি অৱস্থাত [মাৰ্চত] প্ৰচণ্ড শুকান পৰিৱেশত ই জীয়াই থাকে আৰু প্ৰায় তিনিমাহৰ পাছত ৫-৮ ফুট দ বানপানীত স্বচ্ছন্দে বৰ্দ্ধিত হয়। এজোপা গছৰ দৈৰ্ঘ্য ১৫-১৮ ফুট পৰ্য্যন্ত হয়৷...

অধিক পঢ়ক..
Image Description

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ কাণ্ডত মুখ্য মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ ভূমিকাত অসন্তুষ্ট জনসাধাৰণ: পৰিস্থিতি অধ্যয়নৰ বাবে লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দল

যোৱা ২৬ জুলাই সোমবাৰে অসম -মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ সন্মিলিত আক্ৰমণত অসম আৰক্ষীৰ ৬জন জোৱান নিহত হয়৷ আক্ৰমণত কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰকে ধৰি আইজিপিসহ ধলাই থানাৰ অ’ছিসমন্বিতে প্ৰায় ৭১ জন লোক আহত হয়৷ উল্লেখযোগ্য যে ঘটনাৰ ২৪ ঘণ্টা পূৰ্বে উত্তৰ -পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে শ্বিলঙত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অঞ্চলটোৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল৷...

অধিক পঢ়ক..

উমা বৰুৱা

1st August, 2021
Image Description

পকী মথাউৰি সপোন হৈ ৰ'ব

অসমৰ বিত্ত মন্ত্রীগৰাকীৰ ২০২১-২২ বৰ্ষৰ বাজেট ঘোষণাত পোৱা গ'ল যে 'এহেজাৰ কিল'মিটাৰ মথাউৰি ওখ আৰু শক্তিশালী কৰি পকীকৰণৰ বাবে ১০০০ কোটি টকা ধাৰ্য্য কৰা হৈছে।' এইয়া চাগে আগৰ চৰকাৰখনৰ দিনতে ধাৰণা কৰা ছয় লে'নযুক্ত 'একপ্ৰেছ হাইৱে'ৰ সংক্ষিপ্ত ৰূপ। মাননীয় মুখ্যমন্ত্রীয়ে নিশ্চিতি দিছে যে একপ্ৰেছ হাইৱে নহয়। কিন্তু, মথাউৰিৰ ওপৰভাগ পকী হ'ব। ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ পকী মথাউৰিৰ ওপৰেদি গাড়ীৰে ভ্ৰমণ কৰিব পাৰিব।...

অধিক পঢ়ক..
Image Description

অসমৰ নিচাদ্ৰব্য নীতি মানৱ সম্পদ বিৰোধী

নতুন প্ৰজন্মৰ জীৱন ধবংসৰ গৰাহলৈ ঠেলি দিয়া মাৰাত্মক নিচাদ্ৰব্যৰ প্ৰচলন অসমত চালুকীয়া হৈ থকা নাই৷ অসমৰ এই নিচাদ্ৰব্য বিষয়ক সমস্যাটো সমগ্ৰ ভাৰত তথা বিশ্বৰ নিচাদ্ৰব্য সমস্যাটোৰ পৰা পৃথকে চাব নোৱাৰি৷ ৰাষ্ট্ৰসংঘই নিৰৱচ্ছিন্নভাৱে ১৯৯৭ চনৰ পৰা বিশ্বজুৰি নিচাদ্ৰব্য মহাব্যাধিৰ প্ৰসাৰ আৰু ইয়াৰ ভয়াৱহ প্ৰভাৱৰ পৰা মানুহক মুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ২৬ জুন তাৰিখে ৰাষ্ট্ৰসংঘই বিশ্ব নিচাদ্ৰব্য বিৰোধী দিৱস [World Drugs Day] উপলক্ষে প্ৰকাশ কৰা বিশ্ব নিচাদ্ৰব্য প্ৰতিবেদন [২০২১] অনুযায়ী বিগত বছৰটোত বিশ্বত ২৭৫ মিলিয়ন মানুহ নিচাদ্ৰব্যৰ কবলত পৰিছে আৰু ৩৬ মিলিয়ন মানুহ নিচাসক্তি আৰু নিচাগ্ৰস্ততাজনিত ৰোগ আৰু সমস্যাৰ চিকাৰ হৈছে৷...

অধিক পঢ়ক..
Image Description

লাভলীনাই প্ৰমাণ কৰি দিলে অসমীয়াৰ তেজতো অলিম্পিক জয়ৰ শক্তি আছে

প্ৰচণ্ড ইচ্ছাশক্তি, গভীৰ চেষ্টা আৰু একাগ্ৰতা থাকিলে মানুহে কৰিব পৰা প্ৰতিটো কাম অসমীয়াইও কৰিব পাৰে৷ ৩০ জুলাই শুক্ৰবাৰে অসম কন্যা লাভলীনা বৰগোহাঁই টকিঅ’ অলিম্পিকৰ কোৱাটাৰ ফাইনেলৰ খেলত বিশ্বৰ ১নং খেলুৱৈ চীনৰ [চাইনিজ টাইপেই] চেন-নিন-চীনক ৪-১ পইণ্টত হৰুৱাই নিজৰ পদক নিশ্চিত কৰি এই কথাকে প্ৰমাণ কৰিলে৷...

অধিক পঢ়ক..
Image Description

ভাৰতৰ ভিতৰত সৰ্বাধিক অনিয়ম অসমতঃ দেশৰ মুঠ ভুৱা কৃষকৰ এক পঞ্চমাংশ অসমৰে

২৪ জুলাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয় যে...

অধিক পঢ়ক..
Image Description

ভাৰতবৰ্ষৰ ফেডাৰেল গাঁথনি : উত্তৰণৰ পথ

ভাৰতীয় সংবিধানৰ একাদশ অংশই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ মাজত বিধায়িনী, প্ৰশাসনীয় আৰু কাৰ্য্যকৰী ক্ষমতাৰ বিতৰণ নিৰ্দিষ্ট কৰিছে৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিধান ৰচনা কৰাৰ পৰিসীমা নিৰ্দ্ধাৰণ কৰা ক্ষমতাবোৰ কেন্দ্ৰীয় [ইউনিয়ন] তালিকা, ৰাজ্যিক তালিকা আৰু উমৈহতীয়া তালিকাত উল্লেখ কৰা আছে৷ আনকথাত, ভাৰতবৰ্ষৰ ফেডাৰেল গাঁথনিয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ সম্পৰ্ক বুজায়৷ ই দুই ধৰণৰ ৰাজনীতিক সাঙুৰি লোৱাৰ এটা আনুষ্ঠানিক ব্যৱস্থা; এক ধৰণৰ হ’ল, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰাজনীতি আৰু আনবিধ হ’ল আঞ্চলিক বা ৰাজ্যিক পৰ্য্যায়ৰ ৰাজনীতি৷ সংবিধানৰ অনুচ্ছেদ ৩৭০ত থকা অস্থায়ী ধৰণৰ সুবিধাই জম্মু আৰু কাশ্মীৰক আন ৰাজ্যসমূহৰ তুলনাত সুকীয়া মৰ্য্যাদা প্ৰদান কৰিছে৷ অৱশ্যে ২০১৯ চনত সংসদে উক্ত সুবিধা প্ৰত্যাহাৰ কৰিছে৷ সংবিধান অনুসৰি কেন্দ্ৰীয়শাসিত অঞ্চলবোৰ কেন্দ্ৰই পোনপটীয়াকৈ শাসন কৰে৷...

অধিক পঢ়ক..
Image Description

প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন সময়ৰ আহ্বান

ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা ৰাজ্য চৰকাৰ সমূহতকৈ অধিক। গতিকে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰকৃতাৰ্থত নিভাজ যুক্তৰাষ্ট্ৰীয় বা ফেডাৰেল ব্যৱস্থা নহয়, ইয়াৰ কিছু বৈসাদৃশ্য আছে। যুক্তৰাষ্ট্ৰ শব্দটোৰ অৰ্থ হ’ল বহু ৰাষ্ট্ৰ লগ হৈ গঠন কৰা ৰাষ্ট্ৰ। সেই অৰ্থত ভাৰতৰ ৰাজ্যবোৰৰ মৰ্য্যাদা আৰু অধিকাৰ একোখন ৰাষ্ট্ৰৰ দৰে নহয়। স্বাধীন ভাৰতৰ সংবিধানখন এনেদৰে প্ৰণয়ন কৰা হৈছিল যাতে কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা ৰাজ্যবোৰৰ তুলনাত বহু বেছি হয়।...

অধিক পঢ়ক..
Image Description

ৰাজনৈতিক আধ্যাত্মিকতা

মানুহ চেতনাসম্পন্ন প্ৰাণী৷ চেতনাৰ জন্ম দিয়ে মানুহৰ চিন্তাই৷ চিন্তা হ’ল মানুহৰ মগজুত সংঘটিত প্ৰক্ৰিয়াৰ বহিঃপ্ৰকাশ৷ ভাষাৰ মাধ্যমত মানুহৰ চিন্তাৰ বহিঃপ্ৰকাশ ঘটে৷ অৱশ্যে এইটোও এতিয়া প্ৰতীয়মান হৈছে যে এজন ব্যক্তিয়ে অযুত চিন্তাৰ সামান্য, আছলতে অতি সামান্য, অংশ এটাহে প্ৰকাশ কৰে৷...

অধিক পঢ়ক..
Image Description

ৰাজনীতিত ধৰ্মৰ সৰ্বাত্মক প্ৰভাৱ

ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্কৰ সংজ্ঞা এটা দিয়াটো অতিশয় কঠিন৷ আমাৰ নিচিনা দেশবোৰত, য’ত সৰহভাগ মানুহেই নিজৰ অধিকাৰ সম্পৰ্কে তাকৰীয়াকৈ হ’লেও সচেতন নহয়, ৰাজনীতি আৰু ধৰ্ম একাকাৰ হৈ গৈছে– বিশেষকৈ ভোটৰ যুদ্ধত৷ এটা সময় আছিল যেতিয়া ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কৰা হৈছিল অৰ্থনীতিক, মানুহৰ অভাৱ-অনাটন, উন্নয়নৰ হেঙাৰবোৰ, নিয়োগ আৰু বিনিয়োগৰ সাসুবিধাবোৰৰ দৰে অৰ্থনৈতিক কথাবোৰে ৰাজনীতিৰ দিক নিৰ্ণয় কৰিছিল৷ এনে এক অৱস্থাৰ দ্ৰুত পৰিবৰ্তন হ’ল আৰু অৰ্থনৈতিক কথাবোৰক পিচলৈ থেলি ধৰ্ম আৰু জাতপাতৰ বিষয়বোৰ আগুৱাই আহিল৷ বিশেষকৈ যোৱা প্ৰায় এটা দশক ধৰি আমাৰ দেশৰ ৰাজনীতিৰ ধৱজাবাহক হিচাবে কাম কৰিছে হিন্দু-মুছলমানৰ ধৰ্মীয় চিন্তাধাৰাই– যি কেতিয়াও উন্মাদনাৰ পৰ্য্যায়লৈ অৰ্ধনমিত হৈছে৷...

অধিক পঢ়ক..
Image Description

জাগীৰোড কাগজকলৰ প্ৰতিবাদস্থলীত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ সৈতে এখন্তেক

অসম আৰু অসমীয়াৰ এক জটিল সন্ধিক্ষণত অসম জাতীয় পৰিষদ দলৰ জন্ম৷ অসম প্ৰথম, সদায় আৰু চিৰদিন নীতিৰে জন্মৰ মাত্ৰ এশ দিনৰ ভিতৰত দলটিয়ে ১২৬ টা সমষ্টিৰ অসম বিধান সভাৰ ৮৩টা সমষ্টিত প্ৰতিদণ্ডিতা কৰে৷ কিন্তু ইয়াৰে এটা সমষ্টিটো দলটি জয়লাভ কৰিবলৈ সক্ষম নহ’ল যদিও সমগ্ৰ অসমত মুঠ সাত লাখতকৈও অধিক ভোট লাভ কৰিবলৈ সক্ষম হ’ল৷ মাত্ৰ এশ দিনীয়া দল এটাই বিজেপি আৰু কংগ্ৰেছৰ দৰে শক্তিমান প্ৰতিপক্ষৰ বিৰুদ্ধে ইমান সংখ্যক ভোট লাভ কৰাটো যথেষ্ট তাৎপৰ্য্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ সেয়েহে হয়তো দলটোক বৰ্তমানেও সকলো ক্ষেত্ৰতে সক্ৰিয় ৰূপত দেখা পোৱা গৈছে৷...

অধিক পঢ়ক..