বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ১০
অসমীয়া জাতিসত্তাৰ পৰা আঁতৰাই পঠিওৱাৰ চক্ৰান্ত সত্বেও বঙ্গমূলীয় মুছলমানে অসমীয়া জাতীয় সত্তাক খামুচি থাকিল


Image Description

অসমীয়া জাতীয়তাবাদৰ দুৰ্বলতা শীৰ্ষক এটা নিৱন্ধত ড° হীৰেন গোহাঁয়ে তেখেতৰ পৰ্যৱেক্ষণ এনেদৰে আগবঢ়াইছে, 'অসমীয়া জাতীয়তাবাদ বিকাশমুখী নহৈ ৰক্ষণশীল, স্থিতাৱস্থাপ্ৰৱণ হৈ পৰিছিল। স্বাভাৱিকতে ইয়াৰ ভৱিষ্যত পৰিণতি জাতিটোৰ বাবে বিপজ্জনক হৈ পৰিছিল। জনজাতিসকল তিক্ত-বিৰক্ত হৈ আঁতৰি গৈছিল । অভিবাসী মুছলমানসকল পদুলিমুখত ৰৈ হতাশ আৰু ক্ষুদ্ধ হৈছিল, তেওঁলোকৰ ক্ৰমৱৰ্দ্ধমান স্বচ্ছলতা আৰু অপ্ৰতিৰোধ্য অগ্ৰগতি এচাম সুবিধাভোগীৰ বাবে ঈৰ্ষাৰ কাৰণ হৈছিল ।….জাতীয় স্বাৰ্থৰ অৰ্থ হ’ল সমাজৰ ক্ষুদ্ৰ এচাম মানুহৰ স্বাৰ্থ ।……..'

১৯৭৯ চনত আৰম্ভ হোৱা অসম আন্দোলনৰ সময়ৰে পৰা বঙ্গমূলীয় মুছলমানৰ বেছি ভাগকেই বাংলাদেশী প্ৰব্ৰজনকাৰী বুলি আখ্যা দিয়া আৰু সঁচা-মিছা বিচাৰ নকৰাকৈ সন্দেহৰ আধাৰত সমগ্ৰ জনগোষ্ঠীটোকেই আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল ।এই অশুভ প্ৰৱণতাই লোকসকলক সাধাৰণ অসমীয়া সমাজৰ পৰা বহু দিনলৈ বিচ্ছিন্ন কৰি পেলাইছিল ।

সম্প্ৰতি এক অঘোষিত এঘৰীয়াকৰণ প্ৰক্ৰিয়া মানুহখিনিৰ বিৰুদ্ধে নতুনকৈ আৰম্ভ কৰা হৈছে । এই ঘটনাৱলীৰ আঁৰত প্ৰকৃততে কোন শক্তিয়ে কাম কৰিছিল বা এতিয়াও কৰি আছে, এই বিষয়ে বিস্তাৰিত অধ্যয়নৰ প্ৰয়োজন আছে । বিশেষকৈ অসমৰ বৰ্তমানৰ ঘটনাৱলীয়ে বিগত চাৰিটা দশকমানৰ ঘটনাৱলী সম্পৰ্কে বহু সন্দেহৰ সৃষ্টি কৰিছে।

আনহাতে এই সময়ছোৱাতে জনগোষ্ঠীটোৰ মাজত শিক্ষাৰ প্ৰসাৰ পূৰ্বৰ তুলনাত বহু বাঢ়িল । এই নতুন শিক্ষিতচামেও বহু প্ৰৰোচনা সত্বেও অসমীয়া জাতীয় সত্তাকে খামুচি ধৰি থাকিল । ১৯৭৯ চনৰ পৰা বৰ্তমানলৈকে সুদীৰ্ঘ চাৰিটা দশকতকৈয়ো অধিক কাল প্ৰায় অকলশৰীয়াকৈ অস্তিত্বৰ সংগ্ৰাম চলাই যাবলৈ বাধ্য হৈছিল এওঁলোক ।

বৰ্তমানৰ শতিকাটোৰ আৰম্ভণিৰে পৰা অসমীয়া মানুহৰ মনত ‘অবৈধ বিদেশী’ বোলা অভিধাটোৰ পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে । নেপালী আৰু বাঙালী হিন্দুসকল উক্ত অভিধাত ক্ৰমান্বয়ে উহ্য হ’বলৈ ধৰে আৰু এটা সময়ত অবৈধ বাংলাদেশী বুলিলে অকল বঙ্গমূলীয় মুছলমানকে বুজোৱা হ’ল । এসময়ত বঙালী হিন্দুৰ অসমীয়া উগ্ৰজাতীয়তাবাদী সকলৰ হাতত যি অৱস্থা হৈছিল, সেই অৱস্থা বঙ্গমূলীয় মুছলমানৰ হ’বলৈ ধৰিলে ।

বানপানী আৰু গৰাখহনীয়াত মাটি-ভেটি হেৰুৱাই কৃষি-শ্ৰমিক আৰু চহৰত শ্ৰম বিক্ৰী কৰা শ্ৰমিকলৈ ৰূপান্তৰ হোৱা মানুহখিনি য'তে ত'তে সন্দেহজনক বাংলাদেশী বুলি আক্ৰান্ত হ’বলৈ ধৰিলে । বঙ্গমূলীয় মুছলমানৰ জনবিস্ফোৰণৰ প্ৰকৃত কাৰণৰ বিচাৰ নকৰকৈ বংলাদেশৰ পৰা আবাধ অনুপ্ৰৱেশহে জনসংখ্যা বৃদ্ধিৰ একমাত্ৰ কাৰণৰূপে চিহ্নিত কৰাত জনগোষ্ঠীটোৰ শ্ৰমজীৱীলোকৰ বিপদ বৃদ্ধি পায় আৰু এটা সময়ত এওঁলোক অকলশৰীয়া অনুভৱ কৰিবলৈ বাধ্য হয় ।

এই সময়খিনি আছিল জনগোষ্ঠীটোৰ বাবে সৰ্বকালৰ দুঃসময় । এই মানুহখিনিৰ বিৰুদ্ধে এচাম প্ৰভাৱশালীৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু নেতিবাচক প্ৰচাৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটালে । অসমৰ সকলো আহুকলীয়া পৰিস্থিতি আৰু ঘটনাৰ বাবে এই জনগোষ্ঠীটোৰ মানুহখিনিক খলনায়ক সজোৱা হ’ল । এই সময়ছোৱাত সংঘটিত গোষ্ঠী সংঘৰ্ষত বঙ্গমূলীয় অসমীয়া সকলক লক্ষ্য কৰি লোৱা হ’ল ।

এক ধাৰবাহিক মনস্তাত্বিক আক্ৰমণ আৰম্ভ কৰা হ’ল জনগোষ্ঠীটোৰ বিৰুদ্ধে । কিন্তু সকলো প্ৰৰোচনা , ষড়যন্ত্ৰয়ো বঙ্গমূলীয় অসমীয়া মুছলমানক অসমীয়া জাতীয় সত্তাৰ পৰা পৃথক কৰাত ব্যৰ্থ হয় জনগোষ্ঠীটোৱে অতিক্ৰম কৰি অহা ঐতিহাসিক পৰ্য্যায়বোৰৰ বাবে । শেহতীয়া প্ৰায় চল্লিছ বছৰৰ অকলশৰীয়া সংগ্ৰামত জনগোষ্ঠীটোৰ লোকসকল নিজৰ মাজতেই আৱদ্ধ হৈ থাকিবলগীয়া হোৱা সত্বেও তেওঁলোকে অসমীয়া পৰিচয় ত্যাগ নকৰিলে ।

ইতিহাসৰ অপ্ৰতিৰোধ্য ৰথচক্ৰই তেওঁলোকৰ ভাগ্য গাঁঠি দিছে অসমীয়া ভাষিক জাতিসত্তাৰ সৈতে । এতিয়া আৰু তেওঁলোক পূৰ্বৰ ভাষিক পৰিচয়লৈ উভতি যোৱাৰ প্ৰশ্নই নুঠে যি পৰিচয় সত্তাৰ তেওঁলোক কেতিয়াও অংশীদাৰ নাছিল ।

বঙ্গমূলীয় অসমীয়া মুছলমান অধ্যুষিত অঞ্চলত আজি অসমীয়া মাধ্যমৰ বাহিৰে আন বিদ্যালয় নাই । জাতীয় বিদ্যালয়ৰ জৰিয়তে শিক্ষাদানৰ আন্দোলন আটাইতকৈ বেছি যদি সফল হৈছে তেনেহ’লে এইবোৰ অঞ্চলতে হৈছে । অসমত এতিয়াও অসমীয়া সংখ্যাগৰিষ্ঠ জাতি হিচাপে বৰ্তি আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙ্গমূলীয় মুছলমান, চাহজনগোষ্ঠীৰ লোকসকলৰ বাবে । অসমীয়াৰ লগত বঙ্গমূলীয় মুছলমানৰ আত্মলীনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাতহে এতিয়া অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব । তেওঁলোকক অপমান, নিৰ্য্যাতন কৰিব বিচৰা সকলো কাৰ্য্যক দৃঢ়ভাৱে প্ৰতিহত কৰাৰ দায়িত্ব ল'ব লাগিব মূলসুঁতিৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, প্ৰগতিশীল অসমীয়াই । প্ৰাপ্য মৰ্য্যাদা তেওঁলোকে পাবই লাগিব।

আনহাতে, বঙ্গমূলীয় অসমীয়াও সাৱধান হ’ব লাগিব । বিপক্ষই যাতে কোনো সুযোগ গ্ৰহণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । ধৰ্মানুভুতিক ৰাজনীতিৰ মাজলৈ টানি আনিব বিচৰাসকলক যাতে সৰ্বতোপ্ৰকাৰে বাধা প্ৰদান কৰা হয়, ধৰ্মীয় মৌলবাদে যাতে কোনো অৱস্থাতে প্ৰশ্ৰয় নাপায় এই ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব ।

মাতব্বৰ-দেৱানৰ কৰ্তৃত্বক চূড়ান্ত প্ৰত্যাহবান জনাব লাগিব। জনসংখ্যা নিয়ন্ত্ৰণ, বাল্যবিবাহ ৰোধ, শিক্ষা, বিশেষকৈ কন্যা শিক্ষাক প্ৰথমিকতা প্ৰদান কৰিব লাগিব । এই ক্ষেত্ৰত থকা সকলো ধৰণৰ কু-সংস্কাৰ বৰ্জন কৰিব লাগিব ।

কোনো দলে নিজৰ ঠেক ৰাজনৈতিক আকাঙ্খাক পৰিণতি প্ৰদান কৰিবলৈ গৈ যাতে জনগোষ্ঠীটোৰ ন্যায়সঙ্গত আশা -আকাঙ্খাক লৈ হেতালি খেলিবলৈ সাহস নকৰে তাৰ বাবে জনগোষ্ঠীটোৰ শিক্ষিত নতুন প্ৰজন্মটো প্ৰতিটো মুহূৰ্তত সচেতন হৈ থাকিব লাগিব । কোনো দলৰে ভোটবেঙ্ক হ’বলৈ অস্বীকাৰ কৰিব লাগিব ।

ৰাজ্যখনৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল মুখ্যধাৰাৰ লগত জনগোষ্ঠীটোৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব। বৃত্তিগত আন্দোলনৰ পৰা আঁতৰি থাকিব নালাগিব । কৃষিৰ লগত অঙ্গাঙ্গীভাৱে জড়িত জনগোষ্ঠীটোক প্ৰকৃত কৃষি সমস্যাৰ লগত জড়িত কৃষক আন্দোলনৰ লগত যুক্ত কৰিব লাগিব । ইয়াৰ জৰিয়তেই গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল সামাজিক আৰু ৰাজনৈতিক মুখ্যধাৰাৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰিব ।

হাজাৰ প্ৰৰোচনাও যাতে অসমীয়া জাতিসত্তাৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে তাৰ বাবে সচেতন হৈ থাকিব লাগিব । সহনশীলতা , উদাৰতা ,অন্যতম মূলধন হ’ব । একে সময়তে বৈজ্ঞানিক মানসিকতাক সমাজখনত প্ৰতিষ্ঠা কৰাৰ যুঁজখনক নিষ্ঠাৰে আগবঢ়াই নিব লাগিব । বৈজ্ঞানিক মানসিকতা অৰ্জনে জনগোষ্ঠীটোক বহুদূৰ আগুৱাই লৈ যোৱাৰ সমান্তৰালকৈ আন বাকী অংশৰ জনসাধাৰণৰ দৃষ্টিত জনগোষ্ঠীটোৰ প্ৰতি মৰ্যাদা বৃদ্ধি কৰিব ।

সদ্য সমাপ্ত অসম বিধান সভাৰ নিৰ্বাচন আৰু তাৰো আগৰ বছৰ চেৰেক অসমৰ ৰাজনীতি বঙ্গমূলীয় অসমীয়া মুছলমানৰ বাবে মুঠেই সুখকৰ নাছিল। মোগল , সভ্যতাৰ যুঁজ, ৩৫ বনাম ৬৫ শতাংশ, মুছলমানৰ ভোট আমাক নালাগে ইত্যাদি কথা বতৰা আৰু প্ৰৰোচনাই যথেষ্ট ক্ষতি কৰিলে । ইতিমধ্যে এনআৰচি পুনৰীক্ষণ, আনকি ৰাজ্য চৰকাৰৰ আবেদন এশ শতাংশ পুনৰীক্ষণ, সৰ্বজনগ্ৰাহ্য '৭১ চনৰ ভিত্তিবৰ্ষক সলনি কৰি '৫১ চনৰ ভিত্তিত নাগৰিক পঞ্জী নতুনকৈ প্ৰস্তুত কৰাৰ প্ৰস্তাৱে ৰাজ্যখনত যি বিৰূপ প্ৰভাৱ পেলাব, তাৰ ফলত এইবাৰৰ লোকগণনাত কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব সেই বিষয়ে পূৰ্বানুমান কৰা এতিয়াই সম্ভৱ নহয় ।

এটা বৃহৎ চামে অসমীয়া জাতিসত্তাৰ পক্ষত ইতিমধ্যে সক্ৰিয় হৈছে । এওঁ‌লোকক সহায় আৰু সহযোগিতা আগবঢ়াব লাগিব তথাকথিত মূলসুঁতিৰ অসমীয়াসকলে । ইয়াৰ বাবে পৰিকল্পিত আৰু সকলো গণতান্ত্ৰিক শক্তি সকলো বিভেদ, মান-অভিমান ত্যাগ কৰি ঐক্যৱদ্ধ হ'ব লাগিব । ইয়াৰ আন বিকল্প নাই। কাম এতিয়াই, এই মূহুৰ্তৰ পৰাই আৰম্ভ কৰিব লাগিব, সুচিন্তিতভাৱে ।

সমাপ্ত