ৰাজ্যৰ বিধ্বস্ত অৰ্থনীতি


Image Description

ৰাজ্যৰ বাজেট উত্থাপনৰ দিনটোত অসমৰ ইতিহাসত নোহোৱা-নোপোজা ঘটনা ঘটিল।

অসমৰ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ অক্ষমতা স্বীকাৰ কৰিলে। মুখ্য মন্ত্ৰী এজনৰ মুখ্য দায়িত্ব হ'ল ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়ন নিশ্চিত কৰা।

মুখ্য মন্ত্ৰীয়ে উন্নয়নৰ বাবে চৰকাৰ গঠন কৰা নাই বুলি সজ্ঞানে আৰু দম্ভতাৰে ক'লে। হিতাধিকাৰী সৃষ্টিৰ বাবেহে হেনো চৰকাৰ গঠন কৰিছে।

মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ অত্যন্ত বিপদসংকুল পথ লৈছে। হিতাধিকাৰী সৃষ্টি হ'ল ভোট সংগ্ৰহৰ বজাৰ। হিতাধিকাৰীয়ে অৰ্থনীতিৰ বুনিয়াদ নগঢ়ে।

মুখ্য মন্ত্ৰীয়ে স্বীকাৰ কৰিলে যে অৰ্থনীতিৰ ভেটি গঢ়িবলৈ প্ৰয়োজনীয় বিত্ত ব্যৱস্থাপনাৰ জ্ঞান মুখ্য মন্ত্ৰীৰ নাই। সংগ্ৰহ কৰা ৰাজহ মাত্ৰ দৰমহা দি জোৰা-টাপলি মাৰে। ঋণ, মাত্ৰ ঋণ আৰু মাত্ৰ ঋণ।

ঋণ যায় হিতাধিকাৰীৰ হাতলৈ। তাতে আকৌ বিজেপিৰ সদস্য সহজে হিতাধিকাৰী হয়। মুখ্য মন্ত্ৰীৰ ব্যৰ্থতাৰ স্বীকাৰ অৱশ্যম্ভাৱী আছিল।

সকলোতে নষ্ট আঁচনি। ইতিমধ্যেই উন্নীত বিশ্ববিদ্যালয়বোৰৰ কোনো পৰিকাঠামো নাই। ৬ নম্বৰ দফা অনুসৰি খিলঞ্জীয়াৰ ওপৰত উচ্ছেদ চলিছে। অত্যাচাৰ চলিছে। অথচ বাংলাদেশী দপদপাই ফুৰিছে।

উন্নয়নৰ বাবে মন নাই। পৰিকল্পনা নাই। আঁচনি নাই। ৰূপায়ণ সুদূৰপৰাহত। মন আছে ঐতিহ্য ধ্বংস কৰিবলৈ। সম্পদ বিকিবলৈ। কাৰণ এটাই। কোনো অৰ্থনীতিৰ জ্ঞান নালাগে।

মুখ্য মন্ত্ৰী অৰ্থনীতিৰ জ্ঞানৰ অভাৱ। নিজেই ক'লে। এহাতে লৈ আনহাতেৰে হিতাধিকাৰীক দিবলৈ অৰ্থনীতিৰ কোনো জ্ঞানৰ প্ৰয়োজন নাই। মুখ্য মন্ত্ৰীয়ে ইয়াকে কৈ থ'লে।

এইবাবেই নোহোৱা-নোপোজা ঘটনা যে মুখ্য মন্ত্ৰীয়ে মুকলিকৈ ক'লে। মন্ত্ৰীয়ে সাধাৰণতে মানি নলয়। যেনে, ড০ পেগুৱে অদক্ষতা মানি লোৱা নাই। মুখ্য মন্ত্ৰীয়ে বাজেটৰ বাকী কথাবোৰ অসাৰ কৰিলে। হিতাধিকাৰী কেন্দ্ৰবিন্দূ হ'ল।

ৰাজ্যৰ অৰ্থনীতি বিধ্বস্ত হোৱাৰ পথত। সন্দেহ নাই।।