বিজ্ঞান

Image Description

পৃথিৱী পোহৰোৱা এডিছন

আমেৰিকাৰ আহিঅ’ ৰাজ্যত ১৮৪৭ চনত জন্ম লাভ কৰা থমাছ আলভা এডিছন সৰুৰে পৰাই সুস্বাস্থ্যৰ অধিকাৰী নাছিল৷ এডিছনে কাণেৰেও সৰুৰে পৰাই কম শুনিছিল আৰু ডাঙৰ হৈ একেবাৰে নুশুনা হৈছিলগৈ৷

অধিক পঢ়ক
Image Description

বিশ্বব্ৰহ্মাণ্ডৰ ছবি: মানুহৰ বুদ্ধিমত্তাৰ জয়

বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে বিজ্ঞানৰ এটা ধাৰণা আছে। বিশ্বব্ৰহ্মাণ্ডৰ এটা আৰম্ভণি আছে। আজিৰ সময়ত বিশ্বব্ৰহ্মাণ্ডৰ এটা বয়স আছে। বয়স হ'ল প্ৰায় ১৩৮০০,০০০,০০০ (১৩৮ কৌটী) বছৰ।

অধিক পঢ়ক
Image Description

প্ৰস্তুত মন আৰু বৈজ্ঞানিক আৱিষ্কাৰ

বিজ্ঞানৰ বহু আৱিস্কাৰ আকস্মিকভাৱে হোৱা বুলি বহুতৰেই ধাৰণা৷ বৈজ্ঞানিক আৱিষ্কাৰৰ ইতিহাস, বিজ্ঞানীৰ কৰ্মসম্পৰ্কীয় বহু ৰচনাত এনে ধৰণৰ ইঙ্গিত থাকেই৷

অধিক পঢ়ক
Image Description

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতবোৰ চিন্তনীয় বিষয়

আজিৰ আৰু ভৱিষ্যতৰ পৃথিৱীৰ প্ৰধান চালিকা শক্তি হ'ল বিজ্ঞান। বিজ্ঞানৰ গুৰুত্বৰ প্ৰতি দেশবাসীক সজাগ কৰিবলৈ, নতুন প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আমাৰ দেশত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে বিজ্ঞান দিৱস পালন কৰা হয়৷

অধিক পঢ়ক
Image Description

অন্ধবিশ্বাস আৰু বৈজ্ঞানিক বিশ্লেষণ

আদিম মানুহে প্ৰাকৃতিক ঘটনাবোৰৰ উৎসৰ কথা নাজানিছিল৷ বতাহ, বৰষুণ, বিজুলী-ঢেৰেকনি, শিল-বৰষুণ ইত্যাদিৰ লগত পৰিচিত আছিল যদিও এইবোৰ এক অলৌকিক ঘটনা বুলিয়েই ভাবিছিল৷ তেওঁলোকে ভাবিছিল তেওঁলোকতকৈও অধিক শক্তিশালী কিবা এটা অদৃশ্য শক্তি আছে যিয়ে এনে ধৰণৰ অঘটন ঘটাই থাকে৷ তেওঁলোকে ভাবি ল’লে যে এনে ধৰণৰ প্ৰতিটো দুৰ্যোগৰ কোনোবা এটা শক্তি আছে যাক পিছলৈ দেৱ-দেৱতাৰ নামেৰে অনুভূত কৰা হ’ল।

অধিক পঢ়ক
Image Description

ডোং-বান্ধ: অসমৰ এক পৰম্পৰাগত জলসিঞ্চন পদ্ধতি

ইতিহাসবিদ আৰু নৃতত্ত্ববিদে কয় যে খ্ৰীষ্টজন্মৰ আনুমানিক ৬০০০ বছৰ পূৰ্বে ইজিপ্ট, মেছ’পটেমিয়া আদি অঞ্চলত বসবাস কৰা কোনো কোনো জনগোষ্ঠীয় লোকে পোন প্ৰথমে কৃষিক্ষেত্ৰত জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগ কৰিছিল৷ নীল, টাইগ্ৰিছ, ইউফ্ৰেটিছ আদি নৈত কৃত্ৰিম বান্ধ সাজি আৰু নলা কাটি তাৰ পানীৰে তেওঁলোকে পথাৰত খেতি-বাতি কৰিছিল৷ চুমেৰীয়সকলেও অনুৰূপভাৱে জলসিঞ্চনৰ নলা কাটি পানী যোগানৰ ব্যৱস্থা কৰিছিল৷

অধিক পঢ়ক
Image Description

বৈজ্ঞানিক অনুসন্ধানৰ স্বৰূপ

প্ৰকৃতিৰ সত্য উন্মোচন কৰাৰ মানসেৰে নিৰন্তৰভাৱে কৰা অনুসন্ধানকেই সচৰাচৰ বৈজ্ঞানিক অনুসন্ধান বুলি বুজা যায়৷ বৈজ্ঞানিক অনুসন্ধানৰ এক প্ৰধান বৈশিষ্ট্য হ’ল ইয়াৰ বাবে অনুসৰণ কৰা পদ্ধতি৷ মূলতঃ দুই ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি এনে অনুসন্ধানৰ পথত আগ বঢ়া হয়৷...

অধিক পঢ়ক..
Image Description

পাকঘৰো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হ’ব পাৰে

আপোনাৰ পাকঘৰেই আপোনাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হ’ব পাৰে৷ আমি পাকঘৰত সচৰাচৰ ব্যৱহাৰ কৰি থকা মচলাবোৰত অন্তৰ্নিহিত হৈ থকা ঔষধি গুণাগুণৰ বিষয়ে হয়তো বহুতে নাজানে৷ আজি তেনে কেইবিধমান ঔষধি মচলাৰ কথা ইয়াত বৰ্ণনা কৰিব ওলাইছোঁ৷ তাৰ আগতে ভাৰতত উৎপাদিত মচলা সম্পৰ্কে দুটামান কথা ক’ব খুজিছোঁ৷...

অধিক পঢ়ক..
Image Description

গৰম হৈ থকা পৃথিৱী

বিশ্বব্ৰহ্মাণ্ড যেতিয়া সৃষ্টি হ’ল, আমাৰ পৃথিৱীখন সূৰ্য্যৰ পৰা সুবিধাজনক দূৰত্বত ৰৈ গ’ল৷ একদম বঢ়িয়া৷ না বেছি গৰম, না ঠাণ্ডা৷ গতিকে প্ৰাণৰ সঞ্চাৰ হ’ল৷ আমি জীৱনৰ বিচিত্ৰ সোৱাদ পালোঁ৷ পিচে কথাটো ইমান সৰল নহয়৷ আমাৰ পৃথিৱীখন সুবিধাজনক দূৰত্বত ৰৈ গ’ল ঠিকেই৷ কিন্তু আমি উমাল পৃথিৱীখন পোৱাৰ আঁৰত আৰু কাহিনী আছে৷...

অধিক পঢ়ক..

বসন্ত ডেকা

8th August, 2021
Image Description

গৰাখহনীয়া ৰোধৰ এটা পৰীক্ষণীয় পদ্ধতি

বানপানী আৰু গৰাখহনীয়াই প্ৰতিবছৰে অসমৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাই আহিছে৷ ইতিবাচক প্ৰভাৱৰ তুলনাত নেতিবাচক প্ৰভাৱ বেছি৷ ব্ৰহ্মপুত্ৰৰ বানপানী এটা বৃহৎ সমস্যা৷ ইয়াৰ সমাধানৰ বাবে আমি, বিশেষকৈ চৰকাৰে, আনৰ মুখলৈকে চাই থাকে৷ সমস্যাটোৰ সমাধান উলিয়াবলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নাযায়৷ মথাউৰি নিৰ্মাণেই বানপানীৰ সমস্যাটোৰ সমাধানৰ একমাত্ৰ উপায় বুলি আমি হাত সাৱটি বহি থাকোঁ৷...

অধিক পঢ়ক..
Image Description

অসমত পৰম্পৰাগত জ্ঞান সংৰক্ষণৰ আৱশ্যকতা

অসমত বিশেষভাৱে ঔষধীয় উদ্ভিদৰ সংৰক্ষণৰ কথাকে মই ক’ব খুজিছোঁ। এইটো এটা বৃহৎ বিষয়৷ মই কেইটামান গুৰুত্বপূৰ্ণ দিশ ইয়াত উল্লেখ কৰিব খুজিছোঁ ।...

অধিক পঢ়ক..
Image Description

জোনবাইৰ দেশলৈ

‘জোনবাই এ এটি তৰা দিয়াঁ

এটি তৰা নালাগে দুটি তৰা দিয়াঁ।

এইযে সুন্দৰ কবিতাফাঁকিত জোনবাইৰ লগত থকা তৰাটি হ’ল শুক্ৰ গ্ৰহ৷ কিন্তু ই তৰা মানে নক্ষত্ৰহে, প্ৰকৃততে ই গ্ৰহ নহয়৷ যাৰ নিজা পোহৰ নাই সেইবোৰেই হ’ল প্ৰকৃত গ্ৰহ৷ জোনবাই মানে কাঁচিজোনৰ পৰা পূৰ্ণজোনলৈ ৰাতিৰ আকাশত দেখা পোৱা চন্দ্ৰ নামৰ উপগ্ৰহটোহে৷ ই হ’ল পৃথিৱীৰ উপগ্ৰহ৷ পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’ল তিনি লাখ চৌৰাশী হাজাৰ চাৰিশ কিল'মিটাৰ আৰু পৃথিৱীৰ পৰা মঙল গ্ৰহলৈ দূৰত্ব হ’ল ৫৪.৬ মিলিয়ন, অৰ্থাৎ চন্দ্ৰতকৈ ১৪২ গুণ বেছি৷ গতিকে মঙল গ্ৰহলৈকে যাবলৈ আমাৰ আৰু বেছি দিন লাগিব৷...

অধিক পঢ়ক..
Image Description

কৃষিক্ষেত্ৰত মানৱসৃষ্ট বুদ্ধিমত্তা [artificial intelligence]ৰ প্ৰয়োগ

পৃথিৱীত মানুহৰ উৎপত্তি বা আৱিৰ্ভাব হৈছিল প্ৰায় ৯০,০০০ বছৰৰ আগতে৷ মানৱ প্ৰজাতিৰ ক্ৰমবিকাশৰ এক মুখ্য বৈশিষ্ট্য আছিল প্ৰজ্ঞাশক্তি [cognitive power] আৰু বুদ্ধিমত্তা৷ আদিম মানৱে পাঁচোটা ইন্দ্ৰিয়ৰ জৰিয়তে প্ৰকৃতিৰ বিভিন্ন ঘটনা, পৰিঘটনাৰ অভিজ্ঞতা লাভ কৰিবলৈ সমৰ্থ হৈছিল৷ উদাহৰণ স্বৰূপে, আদিম মানুহে খাদ্যৰ সন্ধানত হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে লক্ষ্য কৰিছিল যে কিছুমান উদ্ভিদৰ বীজ, ফল, পাত বা শিপা খোৱাৰ বাবে উপযোগী৷ গছৰ পৰা মাটিত সৰি পৰা বীজৰ অংকুৰণ হৈ নতুন উদ্ভিদৰ জন্ম হয়৷ আদিম মানুহে মন কৰিছিল বিভিন্ন বন্য প্ৰাণীৰ আচৰণ৷ প্ৰকৃতি সম্পৰ্কে আহৰণ কৰা এনে বিভিন্ন পৰ্য্যৱেক্ষণ আৰু অভিজ্ঞতাক আদিম মানৱে প্ৰজ্ঞাশক্তি আৰু বুদ্ধিমত্তাৰ সহায়ত বিশ্লেষণ কৰি বহু হেজাৰ বছৰৰ আগতে কিছু সিদ্ধান্তত উপনীত হ’বলৈ সক্ষম হৈছিল৷ যেনে, কিছুমান উদ্ভিদৰ বীজৰ অংকুৰণৰ সহায়ত বৃহৎ সংখ্যক নতুন উদ্ভিদ গজাব পাৰি৷ কিছুমান বন্যপ্ৰাণী বশ কৰি ঘৰচীয়া কৰিব পাৰি, ইত্যাদি৷...

অধিক পঢ়ক..
Image Description

মঙল গ্ৰহত বসতিৰ যো-জা

ইল'ন মাস্কে ২০৪০ চনৰ ভিতৰত মঙল গ্ৰহত বসতি স্থাপনৰ পণ লৈছে৷ ধনী দেশবোৰৰ মহাকাশ গৱেষণা সংস্থাবোৰেও একে ধৰণৰ কাম কৰি আছে৷ আশা কৰা হৈছে যে ২০৫০ চনৰ ভিতৰত ৰঙা গ্ৰহটোত মানুহৰ স্থায়ী বসতি আৰম্ভ হ’ব৷...

অধিক পঢ়ক..
Image Description

ভবিষ্যতৰ পূৰ্বানুমান

ক'ৰ'না মহামাৰীৰ সংক্ৰমণৰ দ্বাৰা জৰ্জৰিত পৃথিৱীৰ প্ৰত্যেক বাসিন্দাই এতিয়া ভৱিষ্যতৰ জল্পনা-কল্পনাত নিমগ্ন । সাধাৰণ মানুহৰ ভৱিষ্যত কল্পনাৰ বিষয় হৈছে জীৱন আৰু জীৱিকা ।ভৱিষ্যতৰ পূৰ্বানুমান অতীজৰে পৰা এক আমোদকাৰী বিষয়। সাহিত্য আৰু মনোৰঞ্জনৰ বিভিন্ন মাধ্যম, যেনে, নাটক,বোলছবি আদিত ভৱিষ্যতৰ বিভিন্ন বিজ্ঞান কল্পকাহিনীয়ে বহু প্ৰজন্মক আমোদৰ খোৰাক যোগাই আহিছে।...

অধিক পঢ়ক..
Image Description

বৈজ্ঞানিক মানসিকতা

বিজ্ঞানপ্ৰদত্ত জ্ঞান ব্যৱহাৰ কৰি মানুহে বহু ধৰণৰ কাম কৰাৰ ক্ষমতা অৰ্জন কৰিছে৷ এই কথা সকলোৱেই জানে৷ বিজ্ঞানৰ মূল্য কি বুলিলে মানুহে সচৰাচৰ এই ক্ষমতাকেই বুজি পায়৷ এয়া বিজ্ঞানৰ উপযোগবাদী মূল্য৷ কিন্তু বিজ্ঞানৰ আন মূল্যও আছে৷...

অধিক পঢ়ক..
Image Description

কৃষিকাৰ্য্যত প্ৰয়োগ কৰা কীটনাশক ঔষধ আৰু ৰাসায়নিক সাৰ

আমাৰ ঘৰখনত সকলোৱেই শাক খাই বৰ ভাল পাওঁ, বিশেষকৈ খুটুৰা, মৰিছা, জিলমিল শাক(আমাৰ ফালে ভটুৱা বুলি কয়), ঢেকীয়া, ৰঙালাওৰ আগ, পূৰৈ শাক আমাৰ বৰ প্ৰিয়।ইয়াৰ উপৰিও মধুসোলেং, টেঙামৰা বা পালেঙৰ টেঙাখন; শুকলতি, মছন্দৰী, কচুশাকো আমাৰ বৰ প্ৰিয় ।কিন্তু যোৱা কিছু বছৰৰ পৰা এনেকুৱাও হৈছে যে অতি আশাৰে খাব খোজা প্ৰিয় শাকখিনি ভাতৰ পাতত বহি উৎকট ডি.ডি.টি.ৰ দ'ৰে গোন্ধৰ বাবে পেলাই দিব লগা হৈছে ।শুনিছোঁ কিছুমান এনে কৃষিত ব্যৱহাৰ কৰা ঔষধৰ গোন্ধো পোৱা যায় আৰু সোৱাদৰ ফালৰ পৰাও ধৰিবলৈ কঠিন ; সেইবোৰতো আৰুহে বিপদজনক । আমি গুৱাহাটীত থাকোঁতে আগতে মন কৰিছিলোঁ যে কেৱল চাৰিবিধ শাকহে কিছু নিৰ্ভয়ে খাব পাৰি ।সেইবোৰ হ'ল ঢেকীয়া, জিলমিল, ৰঙালাও আৰু পূৰৈ শাক ।

অধিক পঢ়ক..
Image Description

ক্ষুদ্ৰ অৰণ্যৰ সৃষ্টিঃ সময়ৰ এক প্ৰত্যাহ্বান

সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ এক অন্যতম সমস্যা হৈছে পৰিস্থিতিতন্ত্ৰৰ (ecosystem) ধ্বংস কাৰ্য্য বন্ধ কৰাৰ লগতে নতুন পৰিস্থিতিতন্ত্ৰ সৃষ্টি আৰু পুনৰুদ্ধাৰ কৰা ৷ প্ৰকৃতিৰ বুকুত অৱস্থিত পাহাৰ, পৰ্বত, বনাঞ্চল, খাল, বিল, নদ,নদী, সাগৰ, মহাসাগৰকে ধৰি সকলো ধৰণৰ পৰিস্থিতিতন্ত্ৰ আজি ক্ৰমাগতভাৱে ধ্বংস গৰাহত ৷ ফলশ্ৰুতিত বাঢ়ি অহা জলবায়ু পৰিৱৰ্তনে বিশ্ববাসীৰ বাবে অন্য এক প্ৰত্যাহ্বান সৃষ্টি কৰিছে ৷ সময়ৰ গতিত জীৱকুল পৃথিৱী নামৰ গ্ৰহটোত সুৰক্ষিত হৈ থাকিব নে নাথাকে বিজ্ঞানীৰ মাজত প্ৰশ্ন উদয় হৈছে৷ উল্লেখ্য যে ২০১৫ চনত বিশ্ববিখ্যাত বিজ্ঞানী ষ্টিফেন হোকিন্সএ ভবিষ্যৎবাণী কৰিছে—'Human will need to search for another planet to colonise within 600 years, otherwise face extinction'. ...

অধিক পঢ়ক..
Image Description

আন তৰাৰ আন গ্ৰহত আন জীৱ আছেনে?

পৃথিৱীখনত বহুতো জীৱ আছে। কিমান আছে মানুহে এতিয়াও নাজানে। মানুহ তাৰে মাথোন এবিধ । গছ এজোপাও জীৱ। গছজোপাত কুঠাৰ মাৰোঁতে মনলৈ নাহে। আহিলে জলবায়ুৰ অৱক্ষয় ৰোধ হলহেঁতেন।...

অধিক পঢ়ক..