বিজ্ঞানৰ বৈশিষ্ট্য


Image Description

১৯৮১ চনত ইউৰোপৰ ৰোমনগৰীৰ ধৰ্মগুৰু পোপৰ বাসস্থান আৰু কৰ্মৰ কেন্দ্ৰস্থল ভেটিকানত ব্ৰহ্মাণ্ড তত্ত্ব সম্পৰ্কে এখন সন্মিলন আয়োজন কৰা হৈছিল৷ ব্ৰহ্মাণ্ড তত্ত্ব সম্পৰ্কে গৱেষণা কৰি খ্যাতি অৰ্জন কৰা বহু বিশেষজ্ঞক এই সন্মিলনলৈ আমন্ত্ৰণ কৰাও হয়৷ ইয়াৰে এগৰাকী আছিল প্ৰখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিং।

ইয়াৰে চাৰি শতিকাৰো আগেয়ে ভেটিকানৰ যাজকসকলৰ ৰোষাগ্নিৰ বলি হৈ আধুনিক বিজ্ঞানৰ এগৰাকী জনক গেলিলিঅ’ই যান্ত্ৰণা ভুগিবলগীয়া হৈছিল৷ গেলিলিঅ’ৰ অপৰাধ আছিল তেওঁ প্ৰতিষ্ঠা কৰা এক ধাৰণা ধৰ্মগ্ৰন্থৰ লগত নিমিলে৷

'দ্য থিয়ৰি অব্ এভ্ ৰিথিং’ কিতাপখনত ষ্টিফেন হকিঙে লিখিছে ‘কেইবা শতাব্দী পিছত তেওঁলোকে [ভেটিকানে] ঠিৰাং কৰিলে যে ব্ৰহ্মাণ্ড তত্ত্ব সম্পৰ্কে দিহা-পৰামৰ্শ দিবলৈ কিছুসংখ্যক বিশেষজ্ঞক আমন্ত্ৰণ কৰি অনা ভাল হ’ব৷ সন্মিলনৰ শেষত অংশগ্ৰহণকাৰীসকলে ধৰ্মগুৰু পোপৰ সাক্ষাৎ লাভ কৰা অনুমতিও পালে৷ [পোপে] আমাক ক’লে বিশ্বব্ৰহ্মাণ্ডৰ বিৱৰ্তন সম্পৰ্কে অধ্যয়ন কৰাটো ঠিক কথাই হৈছে, কিন্তু ব্ৰহ্মাণ্ড আৰম্ভণিৰ মুহুৰ্ত সম্পৰ্কে আমি অনুসন্ধানত লাগি থকাটো উচিত নহয়৷ কিয়নো সেয়াই হ’ল সৃষ্টিৰ মুহুৰ্ত আৰু গতিকে ভগৱানৰ কাম৷’

কিন্তু অনুসন্ধানত লাগি কথাটোৱেই বিজ্ঞানৰ কাম আৰু এক বৈশিষ্ট্য ৷ অনুসন্ধানত লাগি নথকা মানেই বিজ্ঞানৰ গতি স্তব্ধ হোৱাৰ পথ মুকলি কৰা৷ আচলতে যি কোনো সময়ৰ বিজ্ঞানীসকলৰ সমুখত পূৰ্বৰ বিজ্ঞানীসকলে অক্লান্ত মানসিক আৰু কায়িক পৰিশ্ৰমেৰে সঞ্চয় কৰি থৈ যোৱা জ্ঞান আৰু অভিজ্ঞতাৰ এক বিপুল সঞ্চয় সাজু হৈ থাকেই৷

এই সঞ্চিত জ্ঞান আৰু অভিজ্ঞতা কোনোটোৱেই সম্পূৰ্ণ নহয় বা সম্পূৰ্ণ নিখুঁতো নহয়৷ এই অপূৰ্ণতাৰ ভিত্তিতেই বিজ্ঞানীসকলে তেওঁলোকে অনুসৰণ কৰিবলগীয়া অনুসন্ধানৰ পথ নিৰ্ণয় কৰি লয়৷ এনে অনুসন্ধানত ফলপ্ৰাপ্তি হ’লেই ইতিমধ্যে সঞ্চিত হৈ থকা জ্ঞানৰ ভঁৰালত নতুন জ্ঞানৰ সংযোগ হয়৷ জ্ঞানৰ ভঁৰাল ক্ৰমান্বয়ে চহকী হৈ গৈ থাকে৷

প্ৰখ্যাত বিজ্ঞানী জে. জি. বাৰ্ণালে তেওঁৰ বিখ্যাত ‘ইতিহাস বিজ্ঞান’ নামৰ গ্ৰন্থত ইয়াকেই বিজ্ঞানৰ ক্ৰমসঞ্চিত ঐতিহ্য বুলি কৈছে৷ বাৰ্ণালৰ মতে বিজ্ঞানৰ এই ক্ৰমসঞ্চিত ৰূপটোৱেই বিজ্ঞানক ধৰ্ম, শিল্প-কলা, আইন আদি মানৱ মনৰ অক্ষয়কীৰ্তিসমূহৰ তুলনাত এক স্বতন্ত্ৰ বৈশিষ্ট্য প্ৰদান কৰিছে৷ এই সমূহ অক্ষয় কীৰ্তিৰো নিজস্ব ইতিহাস আৰু ঐতিহ্য আছে৷

এই ইতিহাস আৰু ঐতিহ্য বিজ্ঞানতকৈও প্ৰাচীন ৷ মানুহৰ মনোযোগ, শ্ৰদ্ধা-ভক্তিও লাভ কৰে বিজ্ঞানতকৈও বহু বেছি৷ তথাপিও এই অনুষ্ঠানসমূহৰ তুলনাত ক্ৰমসঞ্চিত ৰূপ বিজ্ঞানৰ এক প্ৰধান বৈশিষ্ট্য৷

ক্ৰমসঞ্চিত ৰূপৰ কাৰণেই কোনো সময়-কালৰ বিজ্ঞানৰ স্থিতি বুলিলে সেই সময়লৈ, আদিৰে পৰা, বিজ্ঞানত যি যি প্ৰাকৃতিক সত্য উন্মোচন কৰা হৈছে, যি সূত্ৰ প্ৰতিষ্ঠিত হৈছে, নতুন নতুন ধাৰণাই গঢ় লৈ উঠিছে, পূৰ্বে প্ৰতিষ্ঠিত হৈ থকা ধাৰণাৰ সংশোধন ঘটিছে সেই সকলোবোৰৰ সংগ্ৰহক বুজায়৷

কিন্তু অতি দৰকাৰী কথাটো হ’ল যে এই সংগ্ৰহ শ্বাস্বত সত্য হিচাবে সংৰক্ষিত কৰি থোৱাৰ মানসিকতা বিজ্ঞানত নাথাকে৷ ইয়াত থকা ধাৰণা, তত্ত্ব, সূত্ৰ-আদিৰ নিৰন্তৰ পুনৰীক্ষণ, বিশ্লেষণ, সমালোচনা চলি থাকে৷ এনে বিশ্লেষণ, সমালোচনা, পুনৰীক্ষণৰ বাবেই বহু ধাৰাৰ সংশোধন ঘটে, বহু নতুন ধাৰণাই গঢ় লয় আৰু প্ৰতিষ্ঠিতও হয়৷ নতুন ধাৰণাৰ প্ৰতিষ্ঠাৰ লগে লগে কিন্তু কিছু ধুলিসাৎও হয়৷

অহৰহভাৱে ঘটি থকা ভঙা-গঢ়াৰ এই প্ৰক্ৰিয়াৰ মাজেৰেই বিজ্ঞানৰ সামগ্ৰিক বিকাশ অব্যাহত থাকে৷ অকল কীৰ্তিমান বিজ্ঞানীয়েই নহয় বিভিন্ন দেশৰ, বিভিন্ন সময়ৰ খ্যাত-অখ্যাত বহু বিজ্ঞানীৰ নিৰলস চিন্তা-কৰ্মই ক্ৰমসঞ্চিত বিজ্ঞানৰ এই জ্ঞানৰ ভঁৰাল অহৰহ পুষ্ট কৰি থাকে৷

এনেদৰে কৰি থকা বিেশ্লেষণ, পুনৰীক্ষণৰ প্ৰেৰণা সম্পৰ্কে ন'বেল বঁটা বিজয়ী প্ৰখ্যাত পদাৰ্থবিজ্ঞানী ৰিচাৰ্ড ফাইনমেনে কৈছিল, ‘যেতিয়াই কোনো এজন বিজ্ঞানীয়ে তেওঁ মনতে যুগুত কৰি উলিওৱা প্ৰশ্নৰ উত্তৰ বিচাৰি কৰা অনুসন্ধানৰ একো ফল নাপায় তেতিয়া তেওঁ অজ্ঞ। যেতিয়া প্ৰশ্নৰ উত্তৰনো কি হ’ব পাৰে তাৰ এক উমান পায় তেতিয়া তেওঁ অনিশ্চিত আৰু যেতিয়া তেওঁৰ মনত জগা প্ৰশ্নৰ উত্তৰ সম্পৰ্কে পতিয়ন যায় তেতিয়াও কিন্তু তেওঁৰ মনত সন্দেহৰ কিছু ডাৱৰ থাকিয়েই যায়৷’

বিজ্ঞানত এনে সন্দেহেই ভৱিষ্যত অনুসন্ধানৰপথ মুকলি কৰে৷ প্ৰকৃতিৰ নিহিত সত্য উদঘাটনৰ কাৰণে বিজ্ঞানচৰ্চাত ব্ৰতী সকলোৱে, সকলো ঠাইতে, সকলো সময়তে এনেদৰে উদঘাটিত হোৱা সত্যৰ সত্যাসত্যতা নিৰ্ণয় কৰিও ল’ব পাৰে৷ এনেদৰে সত্যাসত্যতা নিৰ্ণয় কৰিব পৰাটোৱেই হ’ল বৈজ্ঞানিক সত্যৰ আন এক প্ৰধান বৈশিষ্ট্য৷

ওপৰত উল্লেখ কৰা ধৰ্ম, শিল্পকলা, আইন আদি মানৱ মনৰ অক্ষয় কীৰ্তিসমূহৰ তুলনাত বিজ্ঞানৰ এক প্ৰধান বৈশিষ্ট্য হ’ল বিজ্ঞানৰ ক্ৰমসঞ্চিত ঐতিহ্য৷ আন বৈশিষ্ট্যও আছে৷৷