ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতবোৰ চিন্তনীয় বিষয়


Image Description

আজিৰ আৰু ভৱিষ্যতৰ পৃথিৱীৰ প্ৰধান চালিকা শক্তি হ'ল বিজ্ঞান। বিজ্ঞানৰ গুৰুত্বৰ প্ৰতি দেশবাসীক সজাগ কৰিবলৈ, নতুন প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আমাৰ দেশত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে বিজ্ঞান দিৱস পালন কৰা হয়৷

নমস্য বিজ্ঞানী চি ভি ৰমনৰ ন'বেল বঁটা বিজয়ী অবিস্মৰণীয় অৱদান ৰমন প্ৰভাৱ আৱিষ্কাৰৰ দিনটোকে এই দিৱসৰ বাবে বাছি লোৱা হৈছে৷ বিজ্ঞান দিৱস মাঁথো এদিনৰ বাবে, কিন্তু বিজ্ঞান-প্ৰযুক্তিৰ ব্যাৱহাৰিক গুৰুত্ব প্ৰতিটো মুহূৰ্ততে থাকে ৷

বিজ্ঞান-প্ৰযুক্তিৰ বিবিধ প্ৰায়োগিক উপাদান নহ’লে একোজন ব্যক্তিৰ দৈনন্দিন জীৱনৰ পৰা দেশখনলৈকে সকলো অচল হৈ পৰিব৷ এখন সমাজ, এখন দেশ বৰ্তি থাকিবলৈ আৰু আগুৱাই নিবলৈ প্ৰয়োজনীয় উপাদানৰ তালিকাখন দীঘলীয়া, কিন্তু তালিকাৰ শীৰ্ষ দুই, তিনি স্থানত কি কি থাকিব লাগে?

১৯৬০ দশকৰ মাজভাগত লাল বাহাদুৰ শাস্ত্ৰীয়ে এনে প্ৰশ্নৰ উত্তৰ ৰূপে কৈছিল ‘জয় জোৱান, জয় কিষাণ’৷ একবিংশ শতিকাৰ আৰম্ভণিতে অটল বিহাৰী বাজপায়ীয়ে সেয়া সংবৰ্ধন কৰি ক’লে ‘জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান’। ইয়াৰ তাৎপৰ্য্য বুজিবলৈ বিস্তৃত ব্যাখ্যাৰ প্ৰয়োজন নাই৷

পুৱা শুই উঠাৰ পৰা ৰাতি শোৱাপাটিত পৰালৈকে যিমানবোৰ প্ৰয়োজনীয়তা সেই সকলোতে বিজ্ঞান-প্ৰযুক্তিৰ চিলমোহৰ বিদ্যমান৷ মাত্ৰ তিনিদিনৰ বাবে বিজুলী শক্তি ব্যাহত কৰি দিলে দৈনন্দিন জীৱনত প্ৰায় অচলাৱস্থা হ’ব আৰু সকলোৱে বুজিব বিজ্ঞানৰ গুৰুত্ব কি?

সকলো গাড়ী, ৰেলগাড়ী, বিমান আৰু আন পৰিবহণ ব্যৱস্থা দহ দিনৰ বাবে ব্যাহত কৰি দিলে দেখা যাব দেশৰ অৰ্থনীতি স্তদ্ধ হৈ পৰিছে আৰু সকলোৱে বুজিব অৰ্থনীতিৰ চালিকা শক্তিৰূপে বিজ্ঞান-প্ৰযুক্তিৰ গুৰুত্ব কি? বিজ্ঞান দিৱসৰ প্ৰেক্ষাপটত যি কোনো সচেতন মানুহৰ মন কেতবোৰ অস্বস্তিকৰ চিন্তাই ভাৰাক্ৰান্ত কৰি তুলিব৷

যুগ যুগ ধৰি ভাৰতবৰ্ষই বহু গুণী, জ্ঞানী, নমস্য ব্যক্তিৰ জন্ম দিলেও সাম্প্ৰতিক কালত বিজ্ঞান - প্ৰযুক্তিৰ ক্ষেত্ৰত মৌলিক চিন্তা, মৌলিক উদ্ভাৱনাৰ ক্ষেত্ৰত দীনতা প্ৰকট ৷ দেশে স্বাধীনতা লাভ কৰাৰ সময়ত দেশত বিশ্ববিদ্যালৰ সংখ্যা আছিল প্ৰায় ৪৮ খন, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গৱেষণা প্ৰতিষ্ঠান আছিল আঙুলিৰ মূৰত লেখিব পৰা । কিন্তু সেই যুগত ভাৰতে জন্ম দিছিল সত্যেন বসু, মেঘনাদ চাহা, ৰামচন্দ্ৰন, মহলানবিছ, ৰামানুজন, হোমি ভাবা, বিক্ৰম ছাৰাভাই, ভট্টিনগৰ, নালিকাৰ আদিৰ দৰে প্ৰসিদ্ধ বিজ্ঞানী আৰু প্ৰশাসকৰ ।

কিন্তু স্বাধীনতাৰ সাত দশকৰ পাছত বিশ্ববিদ্যালয় আৰু সমজাতীয় শৈক্ষিক প্ৰতিষ্ঠানৰ সংখ্যা হাজাৰৰো অধিক হ’ল। গৱেষণা প্ৰতিষ্ঠানৰ সংখ্যাও হাজাৰৰ কাষ চাপিল৷ এই সংখ্যা মাহেকে পষেকে বৃদ্ধি হৈয়ে আছে৷ কিন্তু নাম উচ্চাৰণ কৰিয়েই সকলোৱে চিনি পোৱা শ্ৰদ্ধাভাজন ব্যক্তিৰ সংখ্যা কিমান?

নব্বৈ দশকৰ আৰম্ভণিতে বিজ্ঞান - প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু চীন প্ৰায়ে সমান আছিল৷ কিন্তু দুই দশকৰ ভিতৰতে চীনে ভাৰতক চেৰ পেলাই আগবাঢ়ি গ’ল৷ ইয়াৰ কাৰণ কি? মেধাবী বিজ্ঞানীয়ে দেশ এৰি উন্নত পশ্চিমীয়া দেশলৈ অবিৰত প্ৰব্ৰজন কৰে কিয়? বিদেশত থিতাপি লৈ কাম কৰি বিশ্ববৰেণ্য ব্যক্তি হ’ব পাৰে কিন্তু দেশৰ মাটিত কিয় নোৱাৰে? প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে খোৰানা, চন্দ্ৰশেখৰ, ভেঙ্কটৰমন, ৰামকৃষ্ণণ আদিয়ে বিদেশত কাম কৰিহে ন'বেল বটা পাইছিল৷

ৰমনৰ দৰে ভাৰতত থাকি কাম কৰি আজিলৈকে কোনেও কিয় ন'বেল বঁটা বা সমকক্ষ খ্যাতি অৰ্জন কৰিব পৰা নাই? যি কোনো সচেতন লোকে এয়া শুনি চমৎকৃত হ’ব যে ৰমনে তেওঁৰ গৱেষণাত যিটো যন্ত্ৰৰ ব্যৱহাৰ কৰিছিল সেইটোৰ তেতিয়া মূল্য আছিল ৪০০ টকা৷ তেতিয়াৰ এটকা আজিৰ ১০০ টকা বা দুশ টকা বুলি ধৰিলেও আজি তাৰ মূল্য হ’ব অতি বেছি আশী হাজাৰ টকা ।

বাৰবাৰা মেকক্লিণ্টকে তেওঁৰ ন'বেল বঁটা বিজয়ী ভ্ৰাম্যমান জিন আৱিষ্কাৰৰ কামত এটা অতি সাধাৰণ অণুবীক্ষণ ব্যৱহাৰ কৰিছিল যিটো আজিকালি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ বাবে ব্যৱহৃত হয়৷ অৰ্থাৎ, ধন বা যান্ত্ৰিক সঁজুলি ডাঙৰ কথা নহয়; মানুহৰ মেধাশক্তি, আগ্ৰহ, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমহে মহান কামৰ চাবিকাঠি ।

অভিজ্ঞ বিজ্ঞান শিক্ষকে জানে যে বৰ্তমান বিজ্ঞান শিক্ষাৰ বাবে প্ৰায় সকলো ছাত্ৰ-ছাত্ৰী আহে এই ধৰণা লৈ যে বিজ্ঞানৰ ডিগ্ৰী এটা চাকৰি পোৱাৰ ক্ষেত্ৰত বেছি সহায়ক; বিজ্ঞানৰ গৰিমাৰ প্ৰতি আকৃষ্ট হৈ বা বিজ্ঞানক চহকী কৰিবলৈ নহয়৷ ইয়াত মেধা, নিষ্ঠা, লক্ষ্য আদিৰ প্ৰশ্ন নাহে৷ চীনত বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত সুস্থ আৰু তীব্ৰ প্ৰতিযোগিতামূলক পৰিবেশ আছে৷ ভাল কাম কৰিলে স্বীকৃতি, উৎসাহ পায় ৷ আমাৰ দেশত তেনে পৰিবেশৰ অভাৱ৷

বিশ্ববিদ্যালয় উপাচাৰ্য্য, গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক নিজে মেধাবী আৰু উচ্চ স্তৰৰ গৱেষক হ'লেহে বিজ্ঞান- প্ৰযুক্তিৰ উৎকৰ্ষ সাধন আশা কৰিব পাৰি৷ খোৰানা, চন্দ্ৰশেখৰ, ৰামকৃষ্ণ আৰু তেনে বহুতে অন্যায় অবিচাৰ, হতাশা, তিক্ততা লৈ দেশ এৰিছিল৷ ন'বেল বঁটা লাভ কৰাৰ পাছত পুনৰ মালা, ফুলাম গামোচা আদি ল'বলৈ মাতৃভূমিলৈ অহা নাছিল। দেশত ন ন বৈজ্ঞানিক চিন্তাৰ বাবে নিম্ন মেধাসম্পন্ন নেতৃত্ব অলঙ্ঘনীয় বাধাস্বৰূপ।

একেদৰে দিনে দিনে উৎসৱ আদিৰ সখ্যা বাঢ়িব ধৰিছে৷ কিন্তু গুৰুত্বপূৰ্ণ দিৱসৰ গুৰুত্ব কমি আহিছে৷ বছৰৰ ৩৬৫ দিনেই অন্য কাম, অন্য চিন্তাৰ সামন্তৰালকৈ এইবোৰ কথাৰ চিন্তা কৰিব লাগিব৷ অন্যথা ২৮ ফেব্ৰুৱাৰী দিনটো অন্য এটা দিনৰ দৰে গতানুগতিক হৈ পৰিব৷।