অম্বিকাগিৰি ৰায়চৌধুৰী
3rd January, 2023
ধৰ ঝাড়ু ধৰ ভাই
ধৰ ঝাড়ু ধৰ ভাই!
আৰু চাবৰ সময় নাই—
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল-ছাই।
ধৰ ঝাড়ু ধৰ ভাই!
আৰু চাবৰ সময় নাই—
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল-ছাই।
পৃথিৱীৰ বুৰঞ্জীত বা ভাবমণ্ডলীত যিসকল পুৰুষে আটাইতকৈ বেছি খলকনি লগাই গৈছে, সেইবোৰ পুৰুষৰ আঁতি-গুৰি বিচাৰিলে দেখা যাব যে তেওঁলোক কাৰো চকুতেই পৰা বিধৰ লোক নাছিল৷ পাঁচশ বছৰ পূৰ হোৱা নাই, শ্বেইক্সপীয়াৰক লৈ কাব্য-জগত তোলপাৰ৷ অথচ শ্বেইক্সপীয়াৰ কোন আছিল, কি কৰিছিল কোনোৱে গম পোৱা নাই৷ বহুতে তেনে মানুহ নাই বুলিও ক’ব খোজে৷ সেইদৰে আমাৰ কালিদাসৰ বিষয়েও বুৰঞ্জী নিমাত৷ অথচ ভাৰতীয় কাব্য-জগত তেওঁৰ গৌৰৱৰে গৌৰৱান্বিত৷
অধিক পঢ়কচন্দ্ৰকান্ত অভিধানৰ বিশেষত্ব
অধিক পঢ়কদেবেশ্বৰ চলিহা
প্ৰধান সম্পাদক
অসম সাহিত্য সভা
১৯৩৩
(১০ জুলাই সংখ্যাৰ পৰা)
তৰাদৈয়ে হঠাৎ প্ৰশ্ন কৰিলে–
এইখিনি সময়ত সাধাৰণতে কোনো মানুহ শুই নুঠে৷ শ্মশানৰ আশে-পাশে নতুনকৈ উঠি অহা মানুহবোৰো ইমান পুৱা শুই নুঠে৷
অধিক পঢ়কবড়োসকলৰ প্ৰায় সকলো ঘৰতে তাঁতৰ শাল দেখা যায়৷ তেওঁলোৰ বিশ্বাস যি ঘৰত তাঁতৰ শাল নাই, সি বড়োয়েই নহয়৷ ... কাঁজী শিপিনী হিচাপে বড়ো-জীয়ৰী-বোৱাৰীসকলে বোৱা-কটাত বৰ পাকৈত৷ বড়ো ছোৱালীয়ে বোৱা-কটা নাজানিলে দৰা নাপায় বুলি বড়োসকলে ভাবে৷ বোৱা-কটা নজনা ছোৱালীক বড়োসকলে ‘আখুজী’, ‘খুৰীয়া’, ‘দাদী’, ‘আখাই’, ‘পাখৰী’ বোলে৷
অধিক পঢ়কসুকুমাৰ ডাঙৰ ল’ৰা৷ তাৰ খাব-পিন্ধিবৰ অভাৱ নাই। স্বভাৱতে সি বুদ্ধিমান, কিন্তু পঢ়া-শুনাত হ’লে তাৰ মন নাই ৷ তাৰ চৌধ বছৰ বয়স হ’ল; তথাপি সি ইংৰাজী স্কুলৰ চতুৰ্থ শ্ৰেণীতে৷ দেউতাকে ‘পঢ় পঢ়’ কৰে; সুকুমাৰে আগতে কিতাপ মেলি লৈ আকাশ-পাতাল ভাবে৷ ক’ত গছত পকা আম, দাঁহেচীয়া মধুৰী আম আছে, ক’ত ঘৰৰ পানী পাছৰ চুকত বৰলে বাহ সাজিছে, সেই বৰলৰ বাহ ভাঙি তাৰ টোপ লৈ ক’ৰ পুখুৰীত বৰশী বাই পুঠিমাছ ধৰা যাব; ক’ত গছৰ বাহৰ পৰা চৰাই-পোৱালি আনি পুহিব লাগিব; পোহনীয়া মেকুৰী, কুকুৰ, পহু-পোৱালিৰে কেনেকৈ ধেমালি কৰিব লাগিব ইত্যাদি কথাৰে সুকুমাৰৰ মূৰ ভৰপূৰ; তাত স্কুলৰ পাঠ্য কিতাপৰ কথালৈ ঠাই তাকৰ।
অধিক পঢ়ক(২)
খেতি আৰম্ভ কৰাৰে পৰা ৰুই, তুলি, দাই-চপাই, ধান বহাই শুকুৱাই খুন্দা-ভজালৈকে বিভিন্ন আচাৰ অনুষ্ঠান আৰু সংস্কাৰ অসমীয়া গৃহস্থী এখনে মানে৷
(১)
শিল্পযুগৰ সঙ্কুচিত পথ আৰু কৃষিযুগৰ উন্মুক্ত পথাৰ! পথাৰ, য’ত চকুৰ স্বপ্ন, মনৰ আকাংক্ষা, জীৱন ধাৰণৰ ঐশ্বৰ্য্যই ৰূপ জিলমিল হৈ নাচে ৷ পথাৰ অসমীয়া জন-জীৱনৰ জীৱন৷
(২)
পৰিয়ালৰ এই চিত্ৰ সমাজতো খাটে, দেশতো খাটে৷ কাৰণ সমাজ এটি ডাঙৰ পৰিয়াল মাথোঁ। দেশখন কিছুমান পৰিয়ালৰ সমষ্টি৷ আমাৰ সমাজত অতি লাগতিয়াল বিষয় দেশীয় ভাষা আৰু সাহিত্য৷
(১)
সুদূৰ কলিকতা মহানগৰী আৰু আমাৰ ভিন ভিন ঠাইৰ পৰা আপোনাসকল আহি, আজি প্ৰকৃতিৰ কাম্য-কানন, অতীজৰ জ্ঞান-চৰ্চাৰ প্ৰধান কেন্দ্ৰ প্ৰাচীন প্ৰাগজ্যোতিষপুৰত উপস্থিত হৈছে৷ আপোনাসকলৰ অভ্যৰ্থনাৰ ভৰ পৰিছে আমাৰ নিচিনা অভাজন লোকৰ ওপৰত৷