১৯১৬ চনত ছাত্ৰ সন্মিলনীত


Image Description

(২)
পৰিয়ালৰ এই চিত্ৰ সমাজতো খাটে, দেশতো খাটে৷ কাৰণ সমাজ এটি ডাঙৰ পৰিয়াল মাথোঁ। দেশখন কিছুমান পৰিয়ালৰ সমষ্টি৷ আমাৰ সমাজত অতি লাগতিয়াল বিষয় দেশীয় ভাষা আৰু সাহিত্য৷

দেশোন্নতিৰ অতি লাগতিয়াল অঙ্গ জাতীয় ভাষা আৰু সাহিত্যৰ উন্নতি ছাত্ৰৰ চিঞৰ-বাখৰত, তোল-পাৰত যে কিছু পৰিমাণে ন’হব তাৰ কোনো মানে নাই৷ ভাষা আৰু সাহিত্যবিষয়ক গধুৰ আলোচনা আৰু সিদ্ধান্ত কৰা ছাত্ৰৰ পক্ষে সম্ভৱ আৰু সম্ভূত নহয় সঁচা৷ কোনখন অভিধান ভাল, কোনখন ব্যাকৰণ বেয়া, ভাষা হেমচন্দ্ৰৰ ঠাঁচত লিখা উচিত নে অন্য এটা প্ৰথা ধৰি লিখা উচিত, এইবোৰ তত্ত্বৰ সিদ্ধান্ত ছাত্ৰই কৰিব নোৱাৰে আৰু কৰিবলৈ নাযায়ো৷

কিন্তু আমাৰ ভাষাৰ ভাল পুথি নাই, বিএ পৰীক্ষাৰ্থীৰ কাৰণে উপযুক্ত পাঠ্য নাই, বিজ্ঞানবিষয়ক, ৰাজনীতিবিষয়ক অৰ্থনীতিবিষয়ক কিতাপ আমাৰ সমূলি নাই৷ আমাক 'মেঘনাদ বধ’ আৰু ‘In Memorium’ অৰ নিচিনা কাব্য লাগে, জৰ্জ ইলিয়'ট আৰু থেকাৰেৰে উপন্যাসৰ নিচিনা উপন্যাস লাগে, উচ্চ নাটক লাগে, ভাবপূৰ্ণ ৰচনা লাগে, ছেক্সপীয়েৰৰ অনুবাদ লাগে ইত্যাদি কথা ক’বলৈ ছাত্ৰৰ ষোল অনা অধিকাৰ আছে৷

প্ৰকৃত কামৰ [substantial work] সম্বন্ধেও অসমীয়া ছাত্ৰৰ কৰিবলৈ বহুত আছে৷ তাৰ অনেকাংশ ছাত্ৰৰ পৰা নহ’লে আনৰ পৰা সহজে হোৱা টান, বৰঞ্চ নোহোৱাই সম্ভৱ৷ তেনে কামৰ ভিতৰত পুৰণি পুথি সংগ্ৰহেই এটা প্ৰধান৷

গৱৰ্ণমেণ্ট বাহাদুৰৰ অনুগ্ৰহত ধোৱাঁ-চাঙত আলান্ধুৱে খোৱা আৰু ভেঁকুৰা বহুত মূল্যৱান পুৰণি পুথি সংগ্ৰহ হৈছে, কিন্তু তেনে দহগুণ পুৰণি অমূল্য গ্ৰন্থ এতিয়াও আন্ধাৰতে পৰি নষ্ট হ’ব লাগিছে৷ সেইবোৰ পুথি অসমীয়া ভাষাৰ ৰত্ন স্বৰূপ৷ সেইবোৰে এতিয়াও অসমীয়া ভাষাৰ ভেটি সবল কৰি ৰাখিছে৷

অকল অসমৰ এই ছখন জিলাতে নহয়, আজিকালিৰ বঙ্গদেশত চামিলৰ ৰংপুৰ, দিনাজপুৰ, দাৰ্জিলিং আদি ঠাইত যে তেনে পুথি কিমান আছে বাকী নাই৷ সেইবোৰৰ কিচুমানে বঙ্গ ভাষা আৰু সাহিত্যৰ বুৰঞ্জীৰ কলেৱৰ বৃদ্ধি কৰিছে৷ এই পুথিবোৰ ছাত্ৰই সংগ্ৰহ কৰিব পাৰে৷ কিছুমান পুথি মালিকৰ হাতৰপৰা অনা নিতান্ত টান হ’ব৷ বহুত অসমীয়াই পুৰণি সাঁচিপতীয়া পুথি সুন্দৰ বনকৰা কাঠৰ পেৰাত ভৰাই দেৱতাৰ দৰে প্ৰতিষ্ঠা কৰি ৰাখিছে, দৈনিক পূজা কৰিছে, সেইবোৰ পুথি আনিব নোৱাৰিলেও তাৰ এটা চমু লিপি ৰাখিব লাগে৷

যদি এই ছাত্ৰ সভাৰপৰা দেশৰ সেই হিতৰ কাৰ্য্য আংশিকৰূপেও সমাধা হয় তাক যথালাভ বুলিব পৰা যাব৷ দ্বিতীয়তে, ছাত্ৰ সম্প্ৰদায়ে আৰু এটা সজ কাম কৰি অসমীয়া সাহিত্যৰ পুষ্টিসাধন কৰিব পাৰে৷ ছেক্সপীয়েৰৰ ‘As you like it’ নাটকত আপোনালোকে পঢ়িছে যে কবিতা গছত লাগিছিল৷ যি ছেক্সপীয়েৰৰ ৰোমাঞ্চ, ইংলেণ্ডৰ ৰোমাঞ্চ; কিন্তু অসম এনে আচৰিত ঠাই, জুৰুলা-মেমেৰা অসমীয়া ভাষাত কবিতাৰ প্ৰাচুৰ্য্য ইমান প্ৰবল যে ইয়াৰ কবিতা বতাহতে উৰি ফুৰে৷ অসমীয়া গৰুৰখীয়া, ম’হৰখীয়াৰ মুখে মুখে কবিতা, জাকৈয়া আৰু ধান দাৱনী তিৰোতাৰ মুখত কবিতা, শোক-বজাৰত অভিভূতা তিৰোতাৰ কাকূতি-মিনতিত কবিতা৷ কিন্তু সেই কবিতাবোৰ এতিয়াও সংগ্ৰহ কৰি সাহিত্যত পৰিণত কৰা নাই৷

অসমীয়া বৰগীত, দেহবিচাৰৰ গীত, গৰখীয়া গীত, আই নাম, বিয়া নাম, ধাই নামবোৰ সংগ্ৰহ কৰি প্ৰকাশ কৰিলে আমাৰ সাহিত্যত নতুন সৃষ্টি হ’ব, অতি উপাদেয় গ্ৰন্থ হ’ব৷ সেই গীতবোৰ অকল কবিত্বপূৰ্ণই নহয়, সিহঁত জাতীয়ও [national]৷ অসমীয়া সাধুকথা কিছুমান বেজবৰুৱা ডাঙৰীয়াই সংগ্ৰহ কৰি প্ৰকাশ কৰিছে আৰু অসংখ্য সাধুকথা কাহিনী আছে, যাক আজি-কালিতে ৰক্ষা নকৰিলে নোহোৱা হ’ব৷ এইবোৰ জাতীয় গীত, নাম, সাধুকথা আৰু কাহিনী আমি লাহে লাহে পাহৰিবলৈ ধৰিছোঁ আৰু কেইবছৰমানৰ পিছত সেইবোৰ একেবাৰেই নোহোৱা হ’ব৷

গতিকে অসমীয়া ছাত্ৰৰ যদি অসমীয়া ভাষাৰ প্ৰতি বিশেষ কিবা কৰ্তব্য আছে, সি এই জাতীয় বস্তুখিনি সংগ্ৰহ কৰি ৰক্ষা কৰা৷ ইয়াৰ বাহিৰে অসমৰ ইতিহাস আৰু প্ৰত্নতত্ত্বৰ বিষয়ে ছাত্ৰসকলে ইচ্ছা কৰিলে যথেষ্ট কৰিবলৈ আছে৷ অসমৰ হাবিয়ে-বননিয়ে পৰ্বতে-পাষণ্ডে অতীতৰ কাৰুকাৰ্য্য, ঐতিহাসিক সত্য-তথ্য ইমান এতিয়াও বৰ্তমান আৰু উদ্ধাৰৰ চেষ্টা নোহোৱাত সি মাটিত এনেভাৱে জাহ যাব লাগিছে যে বাকী নাই৷

অসমৰ ডেকা সম্প্ৰদায়ে ইচ্ছা কৰিলে অলপ কায়িক কষ্ট স্বীকাৰ কৰিয়েই অসমৰ পুৰণি ইতিহাস সম্বন্ধে প্ৰচুৰ সঁজুলি সংগ্ৰহ কৰিব পাৰে৷

অসমীয়া ছাত্ৰৰ সাহিত্য সভাৰ উদ্দেশ্য অকল মোৰ ওপৰোল্লিখিত বিষয়তে আৱদ্ধ নহয়৷ তাৰ বাহিৰেও ইয়াৰ আৰু মহৎ উদ্দেশ্য আছে৷ গোটেই অসমৰ স্কুল-কলেজৰ ছাত্ৰ এক হৈ পৰস্পৰৰ ভাব বিনিময় আৰু সৌহাৰ্দ্য ভাব স্থাপন কৰাও এই আন্দোলনৰ উদ্দেশ্য৷ বঙলাত যাক ‘মেলামেশা’ বোলে ঠিক তেনে নহয়, ইয়াৰপৰা কোনো বয়সত দেশৰ স্থায়ী উন্নতি আৰু সাহিত্যৰো প্ৰচুৰ কল্যাণ সাধন হ’ব পাৰে৷

অসমীয়া ছাত্ৰ সম্প্ৰদায়ৰ ভিতৰত এটা কুসংস্কাৰ আছে– যিবিলাকৰ বহুতে ভাবে যে সাহিত্য-চৰ্চা কিছুমান ভিন্ন প্ৰাণীৰ কাম৷ তাত সকলোৱে হস্তক্ষেপ কৰা উচিত নহয়৷ সি অন্ততঃ সিবিলাকৰ কৰ্তব্যৰ ভিতৰত নপৰে । মাতৃভাষাৰ প্ৰতি যে সকলো ছাত্ৰৰে এটা অপৰিহাৰ্য্য কৰ্তব্য আছে তাক অনেক সময়ত সিবিলাকে উপলব্ধি কৰিব নোৱাৰে৷ পাঠ-স্পৃহা আমাৰ মাজত বৰ বলী নহয়৷ কায়িক উন্নতিৰ কাৰণে আমি যি যি উপায় অৱলম্বন কৰিছোঁ আৰু স্বাস্থ্যৰক্ষা আৰু দীৰ্ঘজীৱন লাভৰ কাৰণে অপৰিহাৰ্য্য বুলি পালন কৰিছোঁ, মানসিক উৎকৰ্ষ সাধনৰ নিমিত্তে আমি কি কৰিছোঁ?

অৰ্থকৰী ভাষা শিকি জীৱিকা অৰ্জনৰ উপায় উলিওৱাত বাজে আমাৰ ভিতৰত কেইজনে প্ৰকৃত মানসিক সাধনা [culture] কৰিছে? ই আমাৰ ভালৰ লক্ষণ নহয়৷ অসমীয়া ভাষাৰ প্ৰতি লোকৰ প্ৰেম জন্মোৱা, অসমীয়া সাহিত্যৰ চৰ্চাৰ ভাব জাগ্ৰত কৰা, অসমীয়া পঢ়ুৱৈ সমাজ গঠন কৰাও এই সভাৰ উদ্দেশ্য৷

আমাৰ যিবিলাক লোকে বিজ্ঞানবিষয়ত, ডাক্তৰি বিভাগত শিক্ষা লাভ কৰে সিবিলাকৰ বহুতে সাহিত্য-চৰ্চা সিবিলাকৰ কৰ্তব্য নহয় বুলি ভাবে আৰু তাৰ ফলতে অসমীয়া কিতাপ এখনিও সেই বিষয়ত ওলোৱা নাই৷ শিক্ষাৰ বিভিন্ন বিভাগত থকা বিভিন্ন ভাব আৰু বিভিন্ন অভিৰুচিত ছাত্ৰৰ অসমীয়া ভাষালৈ আগ্ৰহ জন্মোৱা এই সভাৰ অন্যতম উদ্দেশ্য৷

আমাৰ দেশত বহুত সংস্কৃত পণ্ডিত আছে৷ সিবিলাকৰ ভিতৰত কোনো কোনোজন অগাধ পণ্ডিত, বহুশাস্ত্ৰপাৰদৰ্শী৷ কিন্তু সিবিলাকৰপৰা অসমীয়া ভাষাৰ কোনো হিত হোৱা নাই৷ সংস্কৃত পঢ়া ছাত্ৰসকলে বেলেগভাৱে সুকীয়া সমাজ পাতি থাকিব খোজে৷ সিবিলাকৰ লগত মিলিত হৈ যুটীয়া চেষ্টাৰে সকলো অসমীয়া ছাত্ৰৰে মাতৃভাষাৰ উন্নতি ৰক্ষাৰ্থে উদ্যোগ কৰিব লাগে৷

সংস্কৃত টোলৰ ছাত্ৰসকলৰ লগত মিলিজুলি সিবিলাকক আজি-কালিৰ ধৰণেৰে উঠিবলৈ উদগাব লাগে৷ এতিয়া আৰু পাছ হুঁহকি থকাৰ সকাম নাই৷ এতিয়া নিজৰ অৰ্থচিন্তা আৰু পৰিয়ালৰ অন্নচিন্তা লৈ থাকিবৰ দিন অসমীয়াৰ নাই৷ এতিয়া প্ৰত্যেক অসমীয়াই উন্নতিত যোগ নিদিলে অসমীয়া অস্তিত্ব ৰক্ষা পৰা টান৷

মুঠতে বিবিধ সজ আৰু মহৎ উদ্দেশ্য হৃদয়ত লৈ আজি সকলো অসমীয়া ছাত্ৰ লগত লাগিছে ৷ সিবিলাকৰ সন্মিলনৰ আজি আৰম্ভণ৷ ই আজিতে শেষ হ’ব নে অনন্তকাললৈ চলি থকা এটা আন্দোলনৰহে ই সূত্ৰপাত তাক আজিৰ সভাত আলোচনা কৰি সাব্যস্ত কৰা যাব৷ আজিৰ এই অনুষ্ঠানৰ উদ্দেশ্যৰ মই কেৱল, পাতনিহে পাতিলোঁ৷

উপসংহাৰত ক’বলগীয়া এয়ে যে দেশৰ উন্নতি, ভাষাৰ উন্নতি, সাহিত্যৰ পুষ্টিসাধন আদি গুৰু কাম অল্পমতি, অদূৰদৰ্শী ছাত্ৰৰ পৰা হোৱা টান৷ সিবিলাকৰ এই আয়োজন, সেইবোৰ উদ্দেশ্য সাধনৰ কাৰণে উপযুক্ত হ’বলৈহে৷ ভাষা-চৰ্চাৰ কাৰণে, সাহিত্যৰ উন্নতিৰ কাৰণে মুঠতে দেশৰ কামৰ কাৰণে উপযুক্ত হ’বলৈ শিকাইহে প্ৰকৃত শিক্ষা৷ সেই শিক্ষাত দিন লাগে৷ এদিন-দুদিনতে নহয়৷ একে দিনাই কোনেও সাহিত্যিক, কবি, জ্ঞানী হ’ব নোৱাৰে৷ তাৰ নিমিত্তে অভ্যাস, যত্ন লাগে৷ স্বাৰ্থত্যাগ কৰিবলৈ শিকা, নিজৰ চিন্তা এৰি দহৰ কাৰণে চিন্তিবলৈ শিকা, দেশৰ কাৰণে জীৱন দিবলৈ শিকা, অতি গুৰুতৰ কাম৷

তাক এদিন-দুদিনৰ চেষ্টা নালাগে, বহু বছৰৰ চেষ্টাতো সাধিব নোৱাৰি যদিহে নিয়মিত সময়ত তাৰ শিক্ষা আৰম্ভ নহয়৷ মাতৃভাষাৰ প্ৰতি স্নেহ, স্বদেশৰ প্ৰতি প্ৰেম সৰুৰেপৰা হিয়াত পুহিব লাগে৷ দেশৰ কাম কৰিবলৈ, স্বাৰ্থ এৰিবলৈ, পৰোপকাৰ কৰিবলৈ সৰু কালৰেপৰা শিকিব লাগে৷

ছাত্ৰ-জীৱন হৈছে অভ্যাসৰ জীৱন, কাম কৰিবলৈ শিকাৰ সময়৷ অকল স্কুল-কলেজৰ পাঠ শিকি, পৰীক্ষা পাছ কৰি জীৱিকা অৰ্জনৰ উপায় শিক্ষা কৰাটোৱেই ছাত্ৰৰ একমাত্ৰ কৰ্তব্য নহয়, বৰঞ্চ সেইটো গৌণ কৰ্তব্য৷ প্ৰত্যেক ছাত্ৰৰ মুখ্য কৰ্তব্য হৈছে– ভৱিষ্যত জীৱনৰ কাৰণে সাজু হোৱা, প্ৰকৃত মনুষ্যৰ জীৱন যাপন কৰিবলৈ উপযুক্ত হোৱা৷।