সম্পাদকীয়

20th November, 2022

উৎথান পতন‌ ৰূপান্তৰ

দুচকুৰে যি দেখোঁ তাকেই আমি সচাঁ বুলি ভাবোঁ । অলপতে এটা বৰ বেলেগ ধৰণৰ নিবন্ধ পঢ়িলোঁ। পঢ়ি উঠি ধাৰণা হল‌ যে দেখি থকা প্ৰতিটো কথা সত্য নহ'ব পাৰে । বিশেষকৈ এই কথাটো খাটে ৰাজনীতিৰ ক্ষেত্ৰত। যি দলৰ আজি জয়জ‌য় ময়ময়, অহাকালি সেই প্ৰতিপত্তি তাছপাতৰ ঘৰৰ দৰে খহি পৰিব পাৰে। ই মুঠেই আচৰিত হ'বলগীয়া কথা নহয় । জনসাধাৰণে আজি যি ভাবিছে, অহাকালিলৈ সম্পূৰ্ণ বেলেগ ভাবিব পাৰে।

অধিক পঢ়ক
13th November, 2022

অসমপ্ৰেমী নেতৃত্বৰ অপেক্ষাত

অসম আন্দোলনৰ সময়ত তেতিয়াৰ মুখ্য মন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহই এটা প্ৰশ্ন তুলিছিল৷ ৰাজহুৱাভাৱে সুধিছিল: ‘বিদেশী কোন?’ প্ৰশ্নটোৱে জনসাধাৰণক আচৰিত কৰি তুলিছিল৷ স্বাধীনতাৰ পিছৰে পৰা বিদেশীৰ সোঁত বৈ আছিল৷ ৰাজ্যখনৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এই কথা জানিছিল৷ তথাপিও প্ৰশ্নটো তুলিছিল৷ এটা প্ৰশ্নৰ জৰিয়তে সকলোৱে জানিছিল যে মুখ্য মন্ত্ৰীগৰাকী খিলঞ্জীয়াৰ পক্ষত নাছিল৷

অধিক পঢ়ক
30th October, 2022

নিৰ্বিনিয়োজনৰ অভিশাপ

দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিস্থানবোৰ যি খৰতকীয়াকৈ ভাজপা চৰকাৰে বেচিব ধৰিছে তালৈ চাই এনে ভাব হয় যে এনেকুৱা প্ৰতিস্থানবোৰ এটাও নাথাকিবগৈ৷ ‘হিতাধিকাৰী’ৰ ভোট বেংক সৃষ্টিৰ বাবে স্বাভাৱিকতে ভাজপা চৰকাৰক বহুত পুঁজিৰ প্ৰয়োজন আৰু সেইবাবে ‘ৰাইজ’ৰ সম্পত্তিবোৰ এটা এটাকৈ পুঁজিপতিৰ ওচৰত বিক্ৰী কৰি শেষ কৰিব বিচাৰিছে৷

অধিক পঢ়ক
23rd October, 2022

চিকিৎসাসেৱাৰ ন্যায়পালৰ প্ৰয়োজনীয়তা

উত্তৰ প্ৰদেশৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেজৰ পেকেটত তেজৰ সলনি ফলৰ ৰস সুমুৱাই ৰোগীৰ শৰীৰত প্ৰয়োগ কৰিছে৷ পৰিণতি অৱশ্যমভাৱী আছিল৷ ৰোগীজনক মুমূৰ্ষ অৱস্থাত আন এখন চিকিৎসালয়লৈ নিয়া হয়৷ তাতে কথাটো ধৰা পৰে৷ ৰোগীজনৰ নশ্বৰ দেহা পৰি ৰয়৷

অধিক পঢ়ক
16th October, 2022

নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ

ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা ক্ৰমান্বয়ে সমাধানৰ বাহিৰত যাব লাগিছে৷ ক্ৰমাগতভাৱে নিবনুৱা যুৱ শক্তিৰ সংখ্যা বাঢ়িব লাগিছে, কিন্তু নিয়োগৰ সা-সুবিধা দ্ৰুতগতিত কমি আহিছে৷

অধিক পঢ়ক
09th October, 2022

পৰিবৰ্তনৰ বতাহ?

২০১৪ চনৰ পৰা দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ধৰক-বৰক কৰি পেলোৱা হৈছে। দমনৰ মাজতো প্ৰতিবাদ অব্যাহত আছে। তাতে আশা জীয়াই আছে।

অধিক পঢ়ক
02nd October, 2022

ক্ষমতাৰ নিচা

হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তই কেইদিনমান আগতে নিজেই হাতত দাণ্ডা তুলি লৈ ট্ৰেফিক বিধি নমনা বুলি ভবা মানুহক মাৰপিট কৰাৰ দৃশ্য দেখি বহুতে আচৰিত হোৱা নাই।

অধিক পঢ়ক
18th September, 2022

মুখাবোৰ খহাই পেলাব লাগিব

যোৱা কিবছৰৰ আটাইবোৰ অহংকাৰ, বৰ বৰ কথাৰ আঁৰৰ মুখাবোৰ এতিয়া লাহে লাহে খহিব ধৰিছে । মুংগেৰীলালৰ সেই ৰঙীন সপোনবোৰ যে দেশৰ আৰু ৰাজ্যখনৰ মানুহক দেখুৱাইছিল, আৰু মানুহৰ মনবোৰ সৰু সৰু কিছুমান উপঢৌকনৰে আচ্ছন্ন কৰি ৰাখিবলৈ দিনৰাতি প্ৰচাৰ চলাইছিল, সেইবোৰৰ আঁৰৰ প্ৰকৃত ছবিখন এতিয়া পোহৰলৈ আহিব ধৰিছে । জনসাধাৰণক কিছুদিন ঠগিব পাৰে , কিন্ত সদায় নোৱাৰে।

অধিক পঢ়ক
28th August, 2022

পথাৰত অন্ধকাৰ

পথাৰ অসম আৰু অসমীয়াৰ স্বাভিমানৰ উপাদান। প্ৰায় সকলো পৰিয়ালৰ একোখন পথাৰৰ লগত আজন্ম সম্পৰ্ক।

অধিক পঢ়ক
21st August, 2022

ষড়যন্ত্ৰকাৰী চৰকাৰ

কেইদিনমানৰ আগতে অসম চৰকাৰে এই ঘোষণা কৰিছিল যে ৰাজ্যখনৰ পঢ়াশালিসমূহৰ আন্তঃগাঁঠনি উন্নত কৰাৰ বাবে দহ হেজাৰ কৌটি টকা খৰচ কৰিব৷

অধিক পঢ়ক
7th August, 2022

ইডি: অনুসন্ধানকাৰী সংস্থা নে ৰাজনৈতিক প্ৰতিদ্বন্দীক এসেকা দিয়াৰ বাবে হাথিয়াৰ?

১৯৫৬ চনমানৰ পৰাই ইডি অথবা "এনফৰ্চমেণ্ট ডাইৰেক্টৰেট' আছে যদিও সাম্প্ৰতিক সময়ত ইডি প্ৰতি সৰ্বসাধাৰণৰ দৃষ্টি আকৰ্ষণ হৈছে।

অধিক পঢ়ক
31st July, 2022

হঠকাৰী সিদ্ধান্ত

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন, ৰাধাকৃষ্ণণ আয়োগ, কোঠাৰী আয়োগ, প্ৰতিখন শিক্ষা আয়োগ, শেহতীয়া শিক্ষা নীতি সকলোৰে গুৰুত্ব মাতৃভাষাৰ ওপৰত।

অধিক পঢ়ক
24th July, 2022

দ্ৰৌপদী মুৰ্মু

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাবে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত আমি অভিনন্দন জনাইছোঁ।

অধিক পঢ়ক
10th July, 2022

চৰকাৰী আঁচনিৰে ভোটবেংক

কিছু বছৰৰ পূৰ্বতে অসমত আমি ভোটবেংকৰ কথা শুনিছিলোঁ৷ কংগ্ৰেছ দলে নিৰ্বাচন জিকিবলৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিভিন্ন ঠাইত বহিবলৈ এৰি দি নিজৰ ভোটবেংক গঢ়ি তোলাৰ কথা আটায়ে জানিছিল৷

অধিক পঢ়ক
26th June 2022

মাৰাঠী জাতীয়তাবাদৰ ‘এছিড টেষ্ট’

মাৰাঠী জাতীয়তাবাদ আজি সন্ধিক্ষণত৷ বালাচাহেব কেশৱ থেকাৰেই ১৯৬৬ চনত গঠন কৰা মাৰাঠী জাতীয়তাবাদৰ ভেটিত এসময়ত তেওঁলোকৰে মিত্ৰ ভাৰতীয় জনতা পাৰ্টিয়ে সিন্ধি খান্দিছে৷

অধিক পঢ়ক
12th June 2022

ধৰ্মৰ আশ্ৰয়ত ৰাজনীতি

লোকসভাৰ নিৰ্বাচনলৈ এতিয়াও বেছ কিছুদিন বাকী । ২০২৪ ওচৰ চাপিবলৈ ধৰাৰ লগে লগে পুনৰ এক উগ্ৰ হিন্দুত্ববাদী জনজাগৰণেৰে দেশৰ শাসন ক্ষমতা হস্তগত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ পিতৃ-মাতৃ সংগঠনবোৰে দেশজুৰি অদ্ভুত কিছুমান কাম কৰিবলৈ আৰম্ভ কৰি দিছে।

অধিক পঢ়ক
05th June 2022

সমৃদ্ধ ৰাজনীতি

সমাজ হোৱাৰে পৰা কিছুমান নীতি গঢ় লৈছে। বিৱৰ্তনে নীতিও সলাই আহিছে। ৰজা গ'লে কিছুমান নীতিৰ অৱসান ঘটে। ই নিয়ম।

অধিক পঢ়ক
15th May 2022

চাহ বাগিচাৰ কান্দোন কোনে শুনিব?

টেলিভিছনত দালু চাহ বাগিচাৰ শ্ৰমিকসকলৰ হিয়াভৰা কান্দোন যিসকলে শুনিছে আৰু দেখিছে তেওঁলোকৰ অন্তৰে যদি কন্দা নাই, তেনেহ'লে তেওঁলোকতকৈ পাষণ হৃদয়ৰ মানুহ নাই বুলিয়েই ক'ব লাগিব।

অধিক পঢ়ক
24th April 2022

অসমীয়া মাধ্যমৰ বিদ্যালয়

নতুন শিক্ষানীতিত বিজেপি চৰকাৰে মাতৃভাষাৰ বিকাশৰ ওপৰত গুৰুত্ব দিছে৷ আনকি কাৰিকৰী বিষয়ো মাতৃভাষাৰ মাধ্যমত পঢ়ুৱাবলৈ চিন্তা-চৰ্চা কৰিছে৷

অধিক পঢ়ক
17th April 2022

ব'হাগৰ বিহু অসমীয়াৰ পৰিচয়

অসম আৰু অসমীয়াৰ পৰিচয় ব'হাগৰ বিহুটি। সেইবাবেই ই আমাৰ অতিকে আপোন - 'ব'হাগ মাঁথো এটি মাহ নহয়... ।'

পাঁচ হেজাৰ বছৰৰো অধিক কাল আমি বিহু পালন কৰি আহিছোঁ আৰু স্বাভাৱিকতে সময়ৰ সাঁচ বিহুৰ ওপৰত পৰিছে। সৌ সিদিনাৰ নৈৰ বাকৰিৰ বিহু মঞ্চলৈ আহিল। খাৱন-শোৱন পাহৰা ডেকা-গাভৰুৰ উদ্দাম বিহুনৃত্যই নতুন সাজ পিন্ধিলে আৰু মঞ্চত প্ৰদৰ্শনৰ উপযোগীকৈ নৰূপত গঢ়ি তোলা হ'ল।

অধিক পঢ়ক
10th April 2022

সমল হিচাবে প্ৰাক্তন আছু কৰ্মী

অসমত ছাত্ৰ শক্তিয়ে আত্মবিকাশ কৰিছিল ১৯১৬ চনত৷ তেতিয়াৰ পৰাই বিভিন্ন স্তৰৰ মাজেদি আহি আজি অসমত ছাত্ৰ শক্তিয়ে কেইবাটাও ৰূপ লৈছে৷ তাৰে এটা হ’ল সদৌ অসম ছাত্ৰ সন্থা৷ চমুকৈ আছু [AASU]৷

অধিক পঢ়ক
03rd April 2022

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

সৌ সিদিনা মাত্ৰ আমি নিৰ্বাচিত কৰি পঠোৱা বিধায়কসকলৰ সৰহসংখ্যকে ৰাজ্য সভাৰ নিৰ্বাচনত যেনেকৈ অনৈতিক কাণ্ড-কাৰখানাত লিপ্ত হৈ মুকলিকৈ নাচিলে-বাগিলে, সেইবোৰ কথাই ৰাজ্যখনৰ সমূহ জনগণকে লাজ দিছে।

অধিক পঢ়ক
27TH March 2022

অৱসৰী শক্তি

শেহতীয়া সমীক্ষা অনুসৰি একোজন ব্যক্তিৰ কামৰ উৎপাদিকা শক্তি ৬০ বছৰৰ পৰা ৭০ বছৰৰ ভিতৰত আটাইতকৈ বেছি হয়৷ তাৰ পিছতে স্থান পাইছে ৭১ পৰা ৮০ বছৰ বয়সৰ ব্যক্তিসকলে৷
আমাৰ দেশত বেছিভাগ চৰকাৰী চাকৰিয়াল ৬০ বছৰত অৱসৰী হয়৷ এইটোও সত্য যে অৱসৰ লোৱাৰ পিছত বেছিভাগেই সঁচা অৰ্থতে ‘অৱসৰী’ হয়৷ বিশেষ কোনো কামত আত্মনিয়োগ নকৰি সময় কটায়৷

অধিক পঢ়ক
13TH March 2022

আমি ভাবিবৰ হ'ল

অসমক ভালপোৱা মানুহখিনিয়ে ইজনে সিজনক চিনিবৰ হ'ল। ইজনে সিজনৰ হাতত ধৰি আগবাঢ়িবৰ হ'ল। অসমতে জন্ম লৈ, অসমতে জীৱন কটোৱা এচাম লোকে অসমক ভালপাওঁ বুলি ক'বলৈ সংকোচ বোধ কৰে। গোটেই জীৱন অসমৰ লগত একাত্মবোধ অনুভৱ নকৰে। কোনখন স্বদেশ বিচাৰি নাপায়।

অধিক পঢ়ক
7TH March 2022

ইউক্ৰেইনৰ ট্ৰেজেডী

যোৱা এঘাৰ দিন ধৰি ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ অব্যাহত আছে আৰু দুৰ্ভগীয়া ইউক্ৰেইনবাসীয়ে পুটিনৰ খঙৰ সন্মুখীন হৈছে। কেইবছৰমান আগলৈকে ইউক্ৰেইন ৰাছিয়াৰৰ অংগ আছিল আৰু ইউক্ৰেইনসকলকো ৰাছিয়ান হিচাবে গণ্য কৰা হৈছিল।

অধিক পঢ়ক
27TH FEBRUARY 2022

জীয়া ফাঁকিৰ ভঁৰাল

মোদীৰ চৰকাৰ জীয়া ফাঁকিৰ ভঁৰাল।

মিছা কথা ক'লে ঠেং চুটি হয়। সৰুতে সকলোকে শিকোৱা হয়। ঠেংক প্ৰতীক হিচাবেহে লোৱা হয়। মিছা কথাই বিপদ মাতে। সেইটো খাটাং। এইটো প্ৰবাদ নহয়।

বিজেপিৰ চৰকাৰৰ আৰম্ভ ফাঁকিৰ ওপৰত। বস্তুৰ দাম কমাব। গেছৰ দাম কমিব। ডাঙৰণ নদীবান্ধ নিৰ্মাণ নকৰে। সকলো ক'লা ধন বিদেশৰ পৰা আনিব। ঘৰে ঘৰে পোন্ধৰ লাখকৈ বিলাব। অসম চুক্তি ৰূপায়ণ কৰিব।চাউল-দাইলৰ দাম কমাব। ইখনৰ পিছত সিখন স্মাৰ্ট নগৰ গঢ়িব। কাগজ কল খুলিব।

অধিক পঢ়ক
19TH FEBRUARY 2022

আগলৈ চোৱাৰ সময়

১০ মাৰ্চত নাওখন ডুবাৰ পূৰ্ণ সম্ভাৱনা | সেইবাবে তাৰ আগতেই মাজুলীৰ উপনিৰ্বাচন আৰু নগৰ সমিতিসমূহৰ নিৰ্বাচন পতাৰ ব্যৱস্থা হৈছে | উদ্দেশ্য জনসাধাৰণক কিছুমান গোকাট মিছা কথা কৈ আৰু অৰ্থহীন কিছুমান প্ৰলোভনেৰে অস্থায়ীভাৱে হ'লেও নিজৰ পক্ষত ৰখা | বিচাৰ্য্য বিষয়টো হ'ল শাসকীয় দলৰ এইবোৰ কাৰচাজিৰ পৰা জনসাধাৰণ কেতিয়া মুক্ত হ'ব |

অধিক পঢ়ক
13TH FEBRUARY 2022

হিন্দু-মুছলমান: ধনী-দুখীয়া

দেশত হিন্দু আৰু মুছলমানৰ মাজত এখন প্ৰাচীৰ থিয় কৰাবলৈ এচামে সকলোখিনি কৰি আছে৷ মাদ্ৰাছ উচ্চ ন্যায়ালয়ে গভীৰ শংকা প্ৰকাশ কৰিছে৷

দেশৰ সংবিধানে ভিন্ন ভাষাৰ মাজত আৰু ভিন্ন ধৰ্মৰ মাজত কোনো বাচ-বিচাৰ নকৰে৷ এতিয়া এচাম ব্যক্তি আৰু কোনো কোনো দলীয় মজিয়াত বাচ-বিচাৰ কৰাটোৱেই প্ৰধান কাম হৈ পৰিছে৷ ইয়াৰ বাবে ভাবিব নোৱৰা ধৰণৰ মিছা কথাৰ আশ্ৰয় লোৱা হৈছে৷

অধিক পঢ়ক
06TH FEBRUARY 2022

অসমীয়া ভাষাৰ বিৰুদ্ধে এইবাৰ দিছপুৰ-নাগপুৰৰ সৰ্বনাশী ষড়যন্ত্ৰ

ভাষাই আমাৰ পৰিচয়| এতিয়া সেইহেন বাপতিসাহোন ভাষাটোক অসমতে দুই নম্বৰ বা তিনি নম্বৰ স্থানলৈ ঠেলি দিব খোজা হৈছে আৰু আমি একপ্ৰকাৰ নিৰ্বিকাৰ হৈ বহি আছোঁ । অসম সাহিত্য সভাকে ধৰি জাতীয় অনুষ্ঠানবোৰো নিমাত নিশ্চল । কি হ'ব ? আমাৰ জাতিটো বাচি থাকিবনে? নে আমি আত্মসমৰ্পণ কৰিম । নাগপুৰৰ ওচৰত আঁঠু লোৱাৰ বাবে নেকি এইবোৰ কথা যাতে অসমীয়া জাতীয়তাবাদৰ অন্ত পৰে।

অধিক পঢ়ক
23RD JANUARY 2022

১৬ জানুৱাৰীৰ সংখ্যাত ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্যই শিক্ষা নীতিৰ ওপৰত কেইবাটাও দিশ আঙুলিয়াই দিছে।

দুটামান কথা সংযোগ কৰিব খুজিছোঁ। এইখন শিক্ষা নীতি নামত হ'ব, কামত প্ৰয়োগ নহয়। ঢোল-খোল বজাব। সকলো ৰৈ যাব। শিক্ষা নীতিৰ সংশোধন বিচাৰি প্ৰায় আঢ়ৈ লাখ আবেদন দিছিল। মূল কথাৰ এটা শব্দ সলনি নহ'ল। সকলোতে মাঁথো অহংকাৰ।

অধিক পঢ়ক
16TH JANUARY 2022

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কাৰ্য্যকৰীকৰণত লৰাধেমালি

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ কাৰ্য্যকৰী কৰিবলৈ ভাৰতীয় জনতা দলৰ চৰকাৰে উঠি-পৰি লাগিছে । প্ৰতিবাৰ নতুন শিক্ষা নীতি এটা যুগুত কৰোঁতে তাত বহুত ভাল ভাল কথা সন্নিবিষ্ট কৰা হয় আৰু জনসাধাৰণক বহুত ৰঙীণ সপোন দেখুওৱা হয় । এনেকুৱা এক পৰিবেশ গঢ়ি তোলা হয় যেন নতুন শিক্ষা নীতি কাৰ্য্যকৰী হ'লে সকলো সমস্যাৰ শেষ হৈ যাব, ভাৰতবৰ্ষ এখন সৰ্বশ্ৰেষ্ঠ দেশত পৰিণত হ'ব, সকলোৰে বাবে শিক্ষাৰ সকলো পথ মুকলি হ'ব, নিবনুৱা এজনো নাথাকিব, ইত্যাদি।

অধিক পঢ়ক
9TH JANUARY 2022

বিজেপি চৰকাৰৰ ঘোৰ অন্যায়

অসমত বিজেপি চৰকাৰখনে অসমীয়া ভাষাৰ প্ৰতি ঘোৰ অন্যায় কৰিছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া প্ৰশ্নকাকতখন উঠাই দিছে৷ ১৯৬০ চনত অসম ৰাজ্যিক ভাষা আইনে অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰ মৰ্য্যাদা দিছে৷ প্ৰশাসনৰ ভাষা হিচাপে অসমীয়া ভাষাৰ উত্তৰণৰ বাবে ব্যৱস্থা ল'বলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ।

অধিক পঢ়ক
30TH DECEMBER 2021

গোন্ধ, সুবাস আৰু এটা নতুন বাট

আজিকালি শাক-পাচলিবোৰৰ একেবাৰে সাদ-সোৱাদ নাই হে...

: অ' ঠিকেই কৈছা, সোৱাদতো নায়েই আগৰ সেই গোন্ধো নাই । আগতে কেঁচা জলকীয়া এটা ভাঙি দিয়াৰ লগে লগে যিটো মলমলীয়া গোন্ধ নাকত লাগিছিল আজিকালি তেনে গোন্ধ পোৱা জানো? বিলাহী, লাইশাক কোনটোত আগৰ সেই গোন্ধ আছে?

অধিক পঢ়ক
20TH DECEMBER 2021

শ্বহীদ দিৱসৰ সংকল্প

"ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশী নাগৰিকৰ নাম কৰ্তন নকৰালৈকে অসমত কোনো নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব" – অসম আন্দোলনৰ নেতৃত্ব লোৱা সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ এইয়া আছিল আন্দোলনৰ আৰম্ভণিৰ এক দৃঢ় সিদ্ধান্ত । ভাৰত চৰকাৰ আৰু নিৰ্বাচন আয়োগে এই সিদ্ধান্ত আওকান কৰি ১৯৭৯ চনৰ ডিচেম্বৰ মাহত অসমত নিৰ্বাচন ঘোষণা কৰিলে। আন্দোলনৰ নেতৃত্বই ইয়াৰ তীব্র বিৰোধিতা কৰি কাকো মনোনয়ন পত্ৰ জমা দিবলৈ দিয়া নহ'ব বুলি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে।

অধিক পঢ়ক
5TH DECEMBER 2021

কৌতুকলৈ ৰূপান্তৰিত বঁটা

২০০০ চনৰ আশে-পাশে অসমৰ সংবাদ মাধ্যমসমূহত হঠাৎ প্ৰতিদিনে বিভিন্নজন 'ভাৰতজ্যোতি' বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ বাতৰি প্ৰকাশ হ'ব ধৰিলে। বেছ কিছুদিনলৈ উক্ত বঁটাৰ বাবে নিৰ্বাচিত নতুন নতুন লোকৰ খবৰেৰে বাতৰিকাকতৰ পৃষ্ঠা ভৰি থাকিল। ইয়াৰে বেছিভাগ লোক সকলোৰে অপৰিচিত নাইবা স্বল্পখ্যাত।

অধিক পঢ়ক
30TH NOVEMBER 2021

'কা' আমি নামানো – নামানো – নামানো

জাতিধ্বংসী 'কা' আইন সংসদত গৃহীত হোৱাৰ দুবছৰ পূৰ্ণ হ'ব অহা ১১ ডিছেম্বৰত। ২০১৯ চনৰ ১১ ডিছেম্বৰত ৰাজ্যসভাত মোদী চৰকাৰে সংখ্যাগৰিষ্ঠতাৰ বলত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ গৃহীত কৰাৰ লগে লগে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত ই আইনত পৰিণত হয়। লোকসভাত দুদিন পূৰ্বেই এই বিধেয়ক গৃহীত হৈছিল।

অধিক পঢ়ক
21ST NOVEMBER 2021

সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা

আজিৰ পৰা বহু বছৰ পূৰ্বেই ভাৰতৰ সংবাদ মাধ্যমে বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে বুলি প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ অধ্যক্ষই ক'বলৈ বাধ্য হৈছিল।অধ্যক্ষগৰাকীৰ তেনে অকপট স্বীকাৰুক্তিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা সৎ আৰু নিষ্ঠাবান সংবাদকৰ্মীক ব্যথিত কৰা নাছিল। বৰং উৎসাহিতহে কৰিছিল।

অধিক পঢ়ক
14TH NOVEMBER 2021

লাজ

২০০১ চনত অসমৰ এখন বহুল প্ৰচাৰিত অসমীয়া দৈনিক বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত অতি গুৰুত্বসহকাৰে এখন ফট' প্ৰকাশ পাইছিল। ফট'খনত আছিল গুৱাহাটীৰ এখন মহাবিদ্যালত স্নাতক বৰ্ষত পঢ়ি থকা এজন ছাত্ৰই নিজৰ পঢ়া খৰছ উলিয়াবলৈ নিজৰ মুখখন কাপোৰেৰে ঢাকি গুৱাহাটীত ৰিক্সা চলাই থকা এক দৃশ্য।

অধিক পঢ়ক
7TH NOVEMBER 2021

সম্প্ৰীতিৰ কথা

অহা বছৰ ২০২২ চনত দেশৰ সাতখন ৰাজ্যত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'ব। বছৰটোৰ প্ৰথমভাগত গোৱা, মণিপুৰ, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড এই পাঁচোখন ৰাজ্য আৰু বছৰটোৰ শেষত হিমাচল প্ৰদেশ আৰু গুজৰাট এই দুখন ৰাজ্যত বিধান সভাৰ বাবে নিৰ্বাচন হ'ব।

অধিক পঢ়ক
1ST NOVEMBER 2021

৩০ অক্ট'বৰৰ শ্ৰদ্ধাঞ্জলি

২০০৮ বৰ্ষৰ ৩০ অক্ট'বৰৰ গুৱাহাটী, বৰপেটা, বঙাইগাঁও আৰু কোকৰাঝাৰৰ বিভীষিকাময় একাদিক্ৰমে সংঘটিত বোমা বিস্ফোৰণৰ শনিবাৰে ১৩ বছৰ সম্পূৰ্ণ হ'ল। ২০০৯ বৰ্ষৰ পৰা প্ৰতি বছৰে গুৱাহাটীৰ গণেশগুৰিৰ বিস্ফোৰণস্থলীত ৰাজ্য চৰকাৰে এই দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। এই বছৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। প্ৰতিবাৰৰ দৰে এইবাৰো বিস্ফোৰণত নিহতসকলৰ পৰিয়ালবৰ্গই তেওঁলোকৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা আওকণীয়া মনোভাৱৰ কথা কৈ আক্ষেপ কৰে। এইবাৰো কৰিছে।

অধিক পঢ়ক
24th OCTOBER 2021

বাংলাদেশৰ হিন্দু আৰু ভাৰতৰ হিন্দু

ধৰ্মৰ ভিত্তিত ভাৰতৰে এটি অংশক পৃথক কৰি গঠন হৈছিল পাকিস্তান। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা পৰ্য্যায়ত মুছলমানসকলৰ বাবে এক পৃথক ৰাষ্ট্ৰৰ দাবী উত্থাপন হয়। বহুতো বাদ-বিবাদৰ অন্তত মুছলমানসকলৰ বাবে পাকিস্তান গঠন কৰা হয়। জিন্নাৰ নেতৃত্বত ভাৰততকৈ এদিন পূৰ্বে পাকিস্তানে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। স্বাধীন ৰাষ্ট্ৰ পাকিস্তানত জিন্না সৰ্বশক্তিমান নেতাত পৰিণত হয়। জিন্নাৰ নেতৃত্বত বিশ্বত পাকিস্তান নৱতম ইছলাম ৰাষ্ট্ৰ হিচাপে চিহ্নিত হয়।

অধিক পঢ়ক
19th OCTOBER 2021

এন্ধাৰৰ বিৰুদ্ধে অস্ত্ৰ

কাতি মাহ অহাৰ সময়ত অসমৰ কৃষিজীৱী ৰাইজৰ ভঁৰালসমূহ প্ৰায় উদং হয়। ইফালে নতুন ধান পকিবলৈ তেতিয়াও এমাহৰ সময় বাকী থাকে। ৰাইজে সোণোৱালী ধানৰ শস্যৰ পথাৰখনৰ অপেক্ষাত অধীৰ আগ্ৰহেৰে আঘোণলৈ ৰৈ থাকে। লহপহকৈ বাঢ়ি অহা সেউজীয়া ধাননি পথাৰখন পোক-পৰুৱাই খাই যাতে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে পথাৰত বন্তি জ্বলায়। আহিনৰ সংক্ৰান্তীৰ দিনাখনৰ কাতি বিহু নাইবা কঙালী বিহুৰ এই পৰম্পৰা তাহানিৰ পৰাই অসমৰ সমাজত প্ৰচলিত হৈ আছে।

অধিক পঢ়ক
10th OCTOBER 2021

আহিনৰ ৰং

কবি নৱকান্ত বৰুৱা ৰচিত এটি অমৰ সৃষ্টি গীত 'আহিনক কোনে আনে।' গীতটিত কবি গৰাকীয়ে লিখিছে–"আহিনক কোনে আনে/ নিয়ৰে জনালে শেৱালিয়ে/ আৰু শেৱালিয়ে ক'লে নিয়ৰে আনে/ দুবৰীয়ে ক'লে কোমল হাঁহিৰে/ দুয়োজনে, দুয়োজনে।" সঁচাকৈ নিয়ৰ, শেৱালি কোনোটোকেই বাদ দি আহিন সম্পূৰ্ণ নহয়।

অধিক পঢ়ক
3RD OCTOBER 2021

প্ৰকৃত গান্ধীবাদী লাল বাহাদুৰ শাস্ত্ৰী

ভাৰতবৰ্ষৰ দ্বিতীয় গৰাকী প্ৰধান মন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা সাত মাইল আঁতৰত মোগলচৰাই নামে এখন সৰু ৰে’লৱে চহৰত ১৯০৪ চনৰ ২ অক্ট'বৰত তেওঁৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ এগৰাকী বিদ্যালয়ৰ শিক্ষক আছিল। শাস্ত্ৰীৰ ডেৰ বছৰ বয়সতে বিউৱনিক প্লেগ ৰোগত তেওঁৰ পিতৃৰ মৃত্যু হৈছিল ৷ সেই সময়ত তেওঁৰ বিছ বছৰীয়া মাকে তিনিটি সন্তানৰ সৈতে নিজৰ দেউতাকৰ ঘৰলৈ গুচি যায় আৰু তাতেই থাকিবলৈ লয়৷...

অধিক পঢ়ক...
26th SEPTEMBER 2021

ধলপুৰৰ লোকসকল আৰু সাম্প্ৰদায়িক ৰাজনীতি

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা ঐতিহাসিক অসম আন্দোলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আছিল এই আন্দোলনৰ ন্যায্যতা। এই আন্দোলন বিৰোধিতা কৰা সকলেও ইয়াৰ ন্যায্যতা অস্বীকাৰ কৰিব পৰা নাছিল। অসমৰ পৰা অবৈধ বিদেশী নাগৰিকক বহিস্কাৰ কৰা উচিত এই কথাত কোনেও আপত্তি দৰ্শাব পৰা নাছিল। বিভিন্ন পক্ষৰ মাজত মতপাৰ্থক্য আছিল বিদেশী নাগৰিক চিনাক্ত কৰণৰ ভিত্তিবৰ্ষ নিৰ্দ্ধাৰণত।...

অধিক পঢ়ক...
19th SEPTEMBER 2021

বিশ্বকৰ্মা পূজা আৰু প্ৰধান মন্ত্ৰীৰ জন্মদিন

ভাদ মাহৰ সংক্ৰান্তিৰ দিনাখন প্ৰতিবছৰে বিশ্বকৰ্মা পূজা পালন কৰা হয়। কোনো তিথি অনুযায়ী এই পূজা পালন কৰা নহয়। সাধাৰণতে ভাদ মাহ ৩১ দিনীয়া হয়। ইংৰাজী কেলেণ্ডাৰৰ ফেব্ৰুৱাৰী মাহৰ দৰে তিনি বছৰৰ অন্তত প্ৰতিটো চতুৰ্থ বৰ্ষৰ ভাদ মাহ ৩২দিনীয়া হয়। গতিকে ভাদ মাহ ৩১ দিনীয়া হ'লে বিশ্বকৰ্মা পূজা ১৭ ছেপ্টেম্বৰত পৰে আৰু ৩২ দিনীয়া হ'লে ১৮ ছেপ্টেম্বৰত হয়।...

অধিক পঢ়ক...
12th SEPTEMBER 2021

অসম আত্মৰক্ষী বাহিনী :: শীঘ্ৰে পুনৰ গঠন সময়ৰ আহ্বান

দেশ বিভাজনৰ সময়ত অসমক পাকিস্তানৰ সতে চামিল কৰাৰ এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। আসন্ন বিপদৰ উমান পাই ১৯৪৬–৪৭ৰ এই সময়ছোৱাত জাতিৰক্ষাৰ স্বাৰ্থত অসমীয়া হিন্দু–মুছলমানক একত্ৰিত কৰি অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গঠন কৰিছিল 'অসম আত্মৰক্ষী বাহিনী'। সঠিক সময়ত গ্ৰহণ কৰা এনে ধৰণৰ কিছু সঠিক পদক্ষেপৰ বাবেই অসমক পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰ বিফল হৈছিল।...

অধিক পঢ়ক...
5th SEPTEMBER 2021

ত্ৰিপুৰীসকলৰ কৰুণ কাহিনী

প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মন ত্ৰিপুৰাৰ মাণিক্য বংশৰ ৰাজপ্ৰসাদৰ বৰ্তমানৰ উত্তৰাধিকাৰী। ত্ৰিপুৰাত মাণিক্য বংশৰ ৰাজত্বৰ ইতিহাস প্ৰায় আঠশ বছৰৰ। ১৯৪৯ চনত ভাৰতবৰ্ষত চামিল হোৱালৈকে ত্ৰিপুৰাত মাণিক্য বংশৰে শাসন চলি আছিল। বৰ্তমান সেই ৰাজতন্ত্ৰ নাই যদিও খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ মাজত এই ৰাজবংশৰ পৰম্পৰা এতিয়াও অব্যাহত আছে। মাণিক্য বংশৰ বৰ্তমানৰ ৰজা প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মন সমগ্র দেশতে ২০১৯ চনৰ পৰা চৰ্চাত আছে।...

অধিক পঢ়ক...
29th AUGUST 2021

ষষ্ঠ ইন্দ্ৰিয়

আমাৰ শৰীৰৰ পাঁচোটা ইন্দ্ৰিয় হৈছে চকু,কাণ, নাক, জিভা আৰু ছাল।ইয়াৰ উপৰিও আন এটি ইন্দ্ৰিয় আমাৰ শৰীৰত সক্ৰিয় হৈ থাকে। তাকে কোৱা হয় ষষ্ঠ ইন্দ্ৰিয়। যিটো মূলতঃ এক অনুভূতি। কোনো কোনো সময়ত আমি প্ৰত্যক্ষভাৱেই একো নেদেখাকৈ বা নুশুনাকৈ কোনো কথা অনুমান কৰিব পাৰোঁ। এটা কথা সঠিক ৰূপত অনুমান কৰিব পৰা ক্ষমতাকে কোৱা হয় intuition বা আত্মজ্ঞান নাইবা আত্মানুভূতি। ভিন্নজনৰ ক্ষেত্ৰত এই অনুভূতি প্ৰৱণতা ভিন্ন ৰূপত থাকে। কাৰোবাৰ বেছি, কাৰোবাৰ কমো হ'ব পাৰে।...

অধিক পঢ়ক...
22nd AUGUST 2021

মোদী মেজিক – অৱৰোহণ পৰ্ব

ৰাষ্ট্ৰীয় ৰাজনীতিত ভৰি থৈয়েই ২০১৪ চনত সেই সময়ৰ গুজৰাটৰ মুখ্য মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চমৎকাৰী উত্থান হৈছিল। তেওঁ প্ৰথমবাৰৰ বাবে সংসদত প্ৰৱেশ কৰিয়েই ভাৰতৰ দৰে বিশাল দেশ এখনৰ প্ৰধান মন্ত্ৰী হৈছিল। কংগ্ৰেছৰ দৰে শতবৰ্ষ গৰকা এটা দলৰ সেই নিৰ্বাচনত শোচনীয় পৰাজয় হৈছিল। মোদীৰ সেই বৃহৎ বিজয়ক আখ্যা দিয়া হৈছিল – মোদী মেজিক। ইয়াৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অশ্বমেধৰ ঘোঁৰা যেন থমকিবই নোখোজে। মোদী যিফালেই যায়, কেৱল জয় আৰু জয়। ক'ৰবাত বিজয় সম্ভৱ নহ'লেও বিধায়ক কিনি হ'লেও জয় আজুৰি অনা হৈছিল। অন্ধভক্ত সকলৰবাবে সেইয়াও আছিল –মোদী মেজিক। তাত কোনো দুৰ্নীতি, অন্যায় এইবোৰৰ প্ৰশ্ন আহিবই নোৱাৰিছিল । বৰং 'মোদী হো ত' মুমকিন হে'( 'মোদী আছে যিহেতু সকলো সম্ভৱ') বুলি অত্যহাস্য কৰাতহে মোদী ভক্তসকল উঠি-পৰি লাগিছিল।...

অধিক পঢ়ক...
15th AUGUST 2021

৭৫তম স্বাধীনতা দিৱসৰ চিন্তা

আজি ১৫ আগষ্ট ২০২১ৰ দিনটো দেশৰ ৭৫তম স্বাধীনতা দিৱস। বহু ত্যাগৰ বিনিময়ত ১৯৪৭ চনৰ আজিৰ দিনটোত ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ দেশে প্ৰথমটো স্বাধীনতা দিৱস উদযাপন কৰিছিল। দিল্লীৰ লালকিল্লাত স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা ১৯৪৭ চনৰ ১৫ আগষ্টত প্ৰথমবাৰৰ বাবে উত্তোলন কৰে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে। ২০২১ চনৰ ৭৫ তম স্বাধীনতা দিৱসত বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীযে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।...

অধিক পঢ়ক...
8th AUGUST 2021

অজীণপাতকী [২]

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমীয়া, বড়ো, ৰাভা আৰু চাণ্টালি ভাষাৰ লোকৰ সংখ্যা অসমত হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে বাংলা আৰু হিন্দীভাষীৰ সংখ্যা বৃদ্ধি পাইছে। ২০০১ চনৰ লোকপিয়লত অসমৰ মুঠ জনসংখ্যাৰ ৪৮.৮০% আছিল অসমীয়াভাষী লোক। ২০১১ চনৰ লোকপিয়লত অসমীয়াভাষীৰ সংখ্যা ৪৮.৩৮%লৈ হ্ৰাস পায়। একেদৰে ২০০১ চনৰ ৪.৮৬% বড়ো লোকৰ সংখ্যা ২০১১ চনত ৪.৫৩%লৈ হ্ৰাস পায়। ৰাভা আৰু চাণ্টালি লোকৰ সংখ্যাও ২০১১ত হ্ৰাস পোৱা দেখা গৈছে। আনহাতে হিন্দী আৰু বাংলাভাষীৰ সংখ্যা বৃদ্ধি পাইছে। ২০০১ৰ ২৭.৫৪% বাংলাভাষীৰ সংখ্যা ২০১১ত ২৮.৯১%লৈ বৃদ্ধি পায়। মনকৰিবলগীয়া কথা ১৯৯১ত অসমীয়াভাষী আছিল ৫৭.৮১% আৰু বাংলাভাষী আছিল ২১.৬৭%।...

অধিক পঢ়ক...
1st AUGUST 2021

অজীণপাতকী [১]

স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ?
ব্ৰহ্মপুত্ৰৰ দুয়োপাৰলৈ নহয় জানো?
এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বা কি?

সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই এই তিনিশাৰী বাক্য সংলাপেৰে কৈ আৰম্ভ কৰিছিল তেওঁৰ অমৰ সৃষ্টি গীত 'মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ৷' ১৯৮০ চনত ঐতিহাসিক অসম আন্দোলনৰ ভৰপক সময়ত তেওঁ গীতটি ৰচনা কৰিছিল৷ ব্ৰহ্মপুত্ৰৰ ঐতিহ্যৰ কথাৰে বৃহৎ অসমীয়া জাতিসত্তাৰ ভেটি কেনেকৈ নিৰ্মাণ হৈছিল গীতটিত বৰ সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷ সেইবাবেই অসম আৰু অসমীয়া থকালৈকে এই গীতটি সদায় প্ৰাসঙ্গিক হৈ থাকিব৷...

অধিক পঢ়ক...
25th JULY 2021

হিটলাৰ বন্দনা

বৰ্তমান আমাৰ সমুখত থকা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি? অসমৰ নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ঘোষণা কৰিলে কৰোনা এতিয়া চৰকাৰৰ সমুখত থকা প্ৰধান প্ৰত্যাহ্বান৷ নিশ্চয় সমগ্ৰ মানৱ জাতিৰ বাবেই এই মুহূৰ্তত এই ভাইৰাছ হৈ পৰিছে আটাইতকৈ ভয়াৱহ প্ৰত্যাহ্বান৷ তথাপিও ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক যদি একেটা প্ৰশ্ন কৰি এক জৰীপ চলোৱা হয়, তেতিয়া কিমান সংখ্যকে এই কথা মানি ল’ব তাত কিন্তু যথেষ্ট সন্দেহৰ থল আছে৷ কাৰণ ২০১৯ বৰ্ষতে এই বিপদৰ আগজাননী পোৱাৰ লগে-লগে দেশখনত যিবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল সেইয়া একেবাৰে গ্ৰহণ কৰা নহ’ল৷ বৰঞ্চ এই ভাইৰাছ আহি দেশৰ পদূলিমুখত ভৰি দিয়াৰ সময়তো খোদ প্ৰধানমন্ত্ৰী গৰাকী ব্যস্ত থাকিল সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বাবে আয়োজন কৰা ‘নমস্তে ট্ৰাম্প’ কাৰ্যসূচী ৰূপায়ণত৷ ইতিমধ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভ্ৰমণ কাৰ্যসূচীৰ মাজতে এই ঘাতক ভাইৰাছ পদূলি পাৰ হৈ ঘৰ সোমাল৷ চৰকাৰী পক্ষৰ তথাপিও গা নলৰিল৷ সমগ্ৰ দেশতে ব্যাপক সমালোচনা আৰম্ভ হ’ল৷ মাৰ্কিন ৰাষ্ট্ৰপতিক বিদায় দিয়েই সকলো সমালোচনা বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ৰচনা কৰিলে এখন নতুন নাটক৷ নিজেই প্ৰতিবাৰৰ দৰে সূত্ৰধাৰৰ ভাও লৈ বচন মতা আৰম্ভ কৰি দিলে৷ লগে লগে তেওঁৰ অন্ধ ভক্তসকলে আন আন ভাৱৰীয়াৰ ভাওবোৰ ৰূপায়ণ কৰাত লাগি গ’ল৷ সূত্ৰধাৰে কৰোনা খেদিবৰ বাবে কাঁহী-বাটি-লোটা-ঘটি বজাবলৈ ক’লে৷ ভাৱৰীয়াসবে দেশ জুৰি তাকে কৰিলে৷ নাই আপদীয়া ভাইৰাছটোৰ নোম এডালো নলৰিল৷ বৰং নোদোকাটো হৈ বংশবৃদ্ধিহে কৰিলে৷...

অধিক পঢ়ক...
18th JULY 2021

গৰু

The cow is a four footed domestic animal. গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু। এইশাৰী গৰুৰ বিষয়ে লিখা প্ৰায়বোৰ ৰচনাতে সততে দেখা পোৱা আটাইতকৈ অধিক সাদৃশ্য থকা বাক্য।

যি কোনো ভাষাৰ শিক্ষা প্ৰদান কৰোঁতে শিক্ষাৰ্থীসকলক সেই ভাষাত ৰচনা লিখিবলৈ শিকোৱা হয়। যাতে শিক্ষাৰ্থীসকলে সেই ভাষাটোত সকলো কথা সলসলীয়াকৈ লিখিব পৰা হয়। যিবোৰ বিষয়ৰ ওপৰত প্ৰাৰম্ভিক পৰ্য্যায়ত ৰচনা লিখাৰ শিক্ষা দিয়া হয় তাৰ ভিতৰত অন্যতম প্ৰধান এক বিষয় হৈছে গৰু।...

অধিক পঢ়ক...
11th JULY 2021

'ধর্ম নাই' পৃথিৱীৰ নৱতম প্ৰধান ধৰ্ম

এটা সময় আছিল পৰীক্ষা দিবলৈ যাবলৈ ওলোৱা ছাত্ৰ–ছাত্ৰীক ভাতৰ লগত আলু আৰু কণী খাবলৈ বাধা দিয়া হৈছিল। আলু আৰু কণীৰ আকাৰ প্ৰায় শূণ্য সংখ্যটিৰ দৰে দেখাত হোৱা বাবেই তেনে কৰা হৈছিল। ধাৰণা কৰা হৈছিল আলু আৰু কণী খাই যোৱা সকলে পৰীক্ষাৰ উত্তৰ বহীত শূণ্য নম্বৰ পোৱাৰ সম্ভাৱনা থাকে। এনে ধৰণৰ অন্ধবিশ্বাস সেই সময়ৰ সমাজৰ বাবে আচৰিত হ'বলগীয়া বিষয় নাছিল।...

অধিক পঢ়ক...
4th JULY 2021

অৰাজকতাৰ প্ৰত্যাহ্বান

বৰ্তমান আমাৰ সমুখত থকা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি? অসমৰ নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ঘোষণা কৰিলে কৰোনা এতিয়া চৰকাৰৰ সমুখত থকা প্ৰধান প্ৰত্যাহ্বান৷ নিশ্চয় সমগ্ৰ মানৱ জাতিৰ বাবেই এই মুহূৰ্তত এই ভাইৰাছ হৈ পৰিছে আটাইতকৈ ভয়াৱহ প্ৰত্যাহ্বান৷ তথাপিও ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক যদি একেটা প্ৰশ্ন কৰি এক জৰীপ চলোৱা হয়, তেতিয়া কিমান সংখ্যকে এই কথা মানি ল’ব তাত কিন্তু যথেষ্ট সন্দেহৰ থল আছে৷ কাৰণ ২০১৯ বৰ্ষতে এই বিপদৰ আগজাননী পোৱাৰ লগে-লগে দেশখনত যিবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল সেইয়া একেবাৰে গ্ৰহণ কৰা নহ’ল৷...

অধিক পঢ়ক...
4th JULY 2021

অসমীয়া আমাৰ প্ৰথম পৰিচয়

আমি অসমৰ৷ অসমীয়া আমাৰ প্ৰথম পৰিচয়৷ অসম ভাৰতৰ অংগৰাজ্য হোৱাৰ বাবে আমাৰ আনটো পৰিচয় ভাৰতীয়৷ একেই কথা এজন বংগৰ বাঙালী, মহাৰাষ্ট্ৰৰ মাৰাঠী নাইবা তামিলনাডুৰ তামিলৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ আজিকালি কোনো কোনোৱে আমাক আমাৰ প্ৰথম পৰিচয় ভাৰতীয় বুলি বুজাব খোজে৷ যিটো সম্পূৰ্ণ ভুল৷ উদাহৰণ স্বৰূপে দেশ বিভাজনৰ সময়ত অসমক পাকিস্তানৰ সৈতে চামিল কৰাৰ এক ষড়যন্ত্ৰ চলিছিল৷ সেই ষড়যন্ত্ৰ সফল হোৱা হ’লে আজি আমাৰ আনটো পৰিচয় পাকিস্তানী হ’লহেঁতেন৷...

অধিক পঢ়ক...