সম্পাদকীয়
হুকুমত চলিছে দেশ

গণতন্ত্ৰৰ পৰা আঁতৰি আহিলোঁ নেকি আমি?

ক্ৰমে ক্ৰমে দেশত এক হুকুমতন্ত্ৰ চলিব ধৰিছে । ৰজাই যি হুকুম দিব তাক মানিবই লাগিব । নহ'লে ৰাজদ্ৰোহৰ অপৰাধত যি কোনো শাস্তিৰ বাবে সাজু হৈ থাকিব লাগিব । অথবা চিবিআই বা ইডি, তাকো নহ'লে অসম পুলিচ ।

অলপতে এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য এগৰাকীয়ে বৰ দুখ মনেৰে ক'লে - আজিকালি চৰকাৰী নিৰ্দেশনাবোৰেই হওক, বা বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাননীবোৰেই হওক , সেইবোৰৰ ভাষা হুকুমতনামাৰ দৰে, অনুৰোধ নাথাকে - কেৱল আদেশ।

ধৰা হওক ডুৰাণ্ড কাপৰ উদ্বোধনী খেলৰ কথা - আদেশ আহিল আপোনাৰ শিক্ষানুষ্ঠানৰ পৰা এশজন ছাত্ৰ পঠিয়াব । একেবাৰে হুকুম, অনুৰোধৰ কথা নাই । চিঠি বা জাননীবোৰৰ ভাষা অত্যন্ত কৰ্কশ।

এইবোৰ দেখি-শুনি তথাকথিত দিল্লীৱালা সংস্কৃতিৰ কথা মনলৈ আহে। দিল্লীৰ যি কোনো কাৰ্য্যালয়লৈ গ'লে বহিবলৈতো নকয়েই, আপুনি বা তুমিৰ সলনি চিধাই তই তই বুলি হে কয় ।

দোকান-পোহাৰ, ৰেল-বাছ সকলোতে একেই, বয়সৰো কোনো সন্মান নাই।

আমাৰ ইয়াতো এনেকুৱাই হ'ব ধৰিছে । স্বয়ং ৰাজ্যখনৰ মুৰব্বীগৰাকীয়ে টেলিভিচনৰ কেমেৰাৰ সমুখত কিছুমান দুৰ্দশাগ্ৰস্ত লোকক 'তই', 'তই' কৈ সম্বোধন কৰা দেখি তবধ মানিছোঁ। অথবা জিলাৰ মুৰব্বীৰ দৰে উচ্চ ক্ষমতাসম্পন্ন বিষয়াক জনসাধাৰণৰ সমুখত, কেমেৰাৰ সমুখত গালিগালাজ কৰা দেখিছোঁ । এইবোৰ অসমীয়া সংস্কৃতিৰ অংগ নাছিল ।

এইবোৰ কথা আৰু কামে আমাক শংকিত কৰি তুলিছে । কথাবোৰ এতিয়া কোন দিশে গৈ আছে? এইটো দিল্লীৰ লগতে নাগপুৰীয়া সংস্কৃতিও নেকি?

অনুৰোধ-আব্দাৰৰ দিন গ'ল, এতিয়া হুকুম চলিছে । এজনে ক'লে - ইয়াক কয় Rule by Dictat, আদেশ দিছে মানিবই লাগিব।

ক্ৰমান্বয়ে কথাবোৰ বেয়া দিশত গতি কৰিছে । দেশদ্ৰোহী কাৰ্য্যকলাপত কোনোবা এজন ইমাম জড়িত থাকিব পাৰে । তেওঁৰ লগত আৰু দুই-চাৰিজন লোক জড়িত থাকিব পাৰে । এইবোৰ বিষয়ত তন্ন তন্ন অনুসন্ধান হ'ব লাগে।

দোষীসকলক কৰায়ত্ত কৰিবই লাগিব । কিন্ত সেইবুলি সন্দেহযুক্ত মানুহখিনিৰ কোনোবা এজন বা গোটেইকেইজন জড়িত আছিল বুলিয়েই এখন মাদ্ৰাছা বা স্কুল ভাঙিব লাগিবনে ? ই সভ্য দেশৰ কানুননে ? এইবোৰ নিশ্চিতভাৱেই আক্ৰোশমূলক কাৰ্য্যহে।

এইয়া অসমৰ সংস্কৃতিৰ সম্পূৰ্ণ বিৰোধী । আমাৰ ন্যায় ব্যৱস্থাও যেন স্থবিৰ হৈ গৈছে । বিষয়া -কৰ্মচাৰীসকলৰো যেন উচিত কথা দেখুৱাই দিয়াৰ অথবা ভুল কথাৰ প্ৰতিবাদ কৰাৰ মানসিকতা নোহোৱা হৈছে । যি হুকুম আহিছে, তাক যেন মানিবই লাগিব।

এইবোৰ কথাই অসমৰ জনসাধাৰণক দুখ দিছে । কিছুমান মানু্হ নিজকে উগ্ৰ হিন্দুত্ববাদী সজোৱাৰ মুকলি প্ৰতিযোগিতাত নামিছে । ইয়াৰ ভয়ানক মূল্য হয়তো এদিন আমি ভৰিব লাগিব।।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description