সম্পাদকীয়
নিৰ্বিনিয়োজনৰ অভিশাপ

দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিস্থানবোৰ যি খৰতকীয়াকৈ ভাজপা চৰকাৰে বেচিব ধৰিছে তালৈ চাই এনে ভাব হয় যে এনেকুৱা প্ৰতিস্থানবোৰ এটাও নাথাকিবগৈ৷ ‘হিতাধিকাৰী’ৰ ভোট বেংক সৃষ্টিৰ বাবে স্বাভাৱিকতে ভাজপা চৰকাৰক বহুত পুঁজিৰ প্ৰয়োজন আৰু সেইবাবে ‘ৰাইজ’ৰ সম্পত্তিবোৰ এটা এটাকৈ পুঁজিপতিৰ ওচৰত বিক্ৰী কৰি শেষ কৰিব বিচাৰিছে৷

খন্তেকীয়া ক্ষমতাৰ বাবে দেশখন দেউলীয়া কৰিবলৈ ওলাইছে৷ এনেকুৱা এটা অৱস্থা হ’বলৈ গৈ আছে যেতিয়া দেশখনৰ অৰ্থনীতি সম্পূৰ্ণৰূপে কেইটামান পুঁজিপতিৰ পৰিয়ালৰ নিয়ন্ত্ৰণলৈ যাব [আদানি, আম্বানি আৰু দুই চাৰি] আৰু ৰাজহুৱা সম্পত্তি বুলিবলৈ একো বাকী নাথাকিব৷

আগতে এটা সময়ত ৰাজনীতিৰ মূল আলম আছিল ৰাষ্ট্ৰীয়কৰণ– এতিয়া চলিছে নিৰ্বিনিয়োজন৷ ভাজপা চৰকাৰে সম্পূৰ্ণ নিৰ্বিনিয়োজনৰ ফালে খৰতকীয়াকৈ গতি কৰিছে আৰু এই গতি ৰোধ নহ’লে অচিৰেই ৰাষ্ট্ৰৰ সম্পত্তি বুলি একো নাথাকিবগৈ৷

ৰাজহুৱা খণ্ডৰ বেংকবিলাকৰ ওপৰত ভাজপা চৰকাৰৰ শেনচকু বহু দিনৰ পৰাই৷ শেহতীয়াকৈ চকু পৰিছে ‘'ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক'ৰ ওপৰত৷ ৰাষ্ট্ৰীয়কৃত বেংকসমূহ হ’ল এখন ৰাষ্ট্ৰৰ অৰ্থনীতিৰ আধাৰ৷ এতিয়া সেই আধাৰতে আঘাত হনা হৈছে৷ এই বেংকটোৰ ৪৫.৪৮ শতাংশৰ অংশীদাৰ হ’ল কেন্দ্ৰীয় চৰকাৰ আৰু ৪৯.২৪ শতাংশৰ অধিকাৰী জীৱন বীমা নিগম [আন এটা ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান যিটো বিক্ৰী কৰিবলৈও ভাজপা চৰকাৰ উদগ্ৰীৱ হৈ আছে], বাকীখিনি ক্ষুদ্ৰ বিনিয়োগকাৰীৰ হাতত৷

এতিয়া ভাজপা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে চৰকাৰৰ নিজৰ আৰু জীৱন বীমা নিগমৰ অংশীদাৰিত্বৰ মুঠ ৬০.৭২ শতাংশ অংশ ব্যক্তিগত খণ্ডৰ ওচৰত বিক্ৰী কৰিব [নিশ্চিতভাৱে আদানি আগবাঢ়ি আহিব]৷ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংকটোৰ সাম্প্ৰতিক বজাৰ মূল্য প্ৰায় পঞ্চাশ হাজাৰ কোটী টকা আৰু বেচিব খোজা অংশসমূহ মূল্য হ’ব প্ৰায় ২৯ হাজাৰ কোটী টকা৷ বিক্ৰীৰ কাম অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা৷ সেয়ে হ’লে ভাজপা চৰকাৰৰ হাতলৈ ২৯ হাজাৰ কোটী টকা আহিব– জনকল্যাণৰ নামত হিতাধিকাৰী সৃষ্টিৰ কামত খটুৱাবলৈ৷

তাৰে কিমান বা ভোট কিনিব পাৰে, সেই কথা সময়েহে ক’ব৷ আৰু ব্যক্তিগতকৰণৰ বাবে যি প্ৰস্তাৱনা কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে, সেয়াও অদ্ভূত ৷ যেনে, কোনো ব্যক্তিগত খণ্ডৰ বেংকে যদি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংকৰ বিক্ৰীৰ বাবে বজাৰত দিয়া প্ৰায় ৬১ শতাংশ অংশ ক্ৰয় কৰে আৰু পিছত তেওঁলোকৰ বেংকটোৰ সৈতে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংকটো চামিল কৰি ৰাজহুৱা খণ্ডৰ বেংকটো নোহোৱা কৰি পেলায়, সেই কাণ্ডত চৰকাৰ অথবা জীৱন বীমা নিগমে কোনো আপত্তি নকৰিব৷ প্ৰকৃতপক্ষে ৰাজহুৱা খণ্ডৰ বেংকটোৰ মৃত্যুঘণ্টা বাজিব ধৰিছে৷

ব্যক্তিগত খণ্ডলৈ ৰাজহুৱা খণ্ডৰ প্ৰতিস্থানবোৰ যাবলৈ এৰি দি ভাজপা চৰকাৰে এক বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহ কৰিছে৷ যোৱা বিত্তীয় বছৰতে এনেদৰে ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান বিক্ৰী কৰি সংগ্ৰহ কৰা পুঁজিৰ পৰিমাণ হ’ল এক বিশাল ৰাশি, ১ লাখ ৩৫ হেজাৰ নিযুত টকা৷ এই বিশাল পৰিমাণৰ ধন ক’ত, কেনেকৈ, কোনো আঁচনিত বিনিয়োগ কৰা হ’ল, সেয়া ভাজপা চৰকাৰে ৰাইজক জনাব লাগে৷

২০১৪ চনৰ পৰাই ব্যক্তিগতকৰণৰ ঘোঁৰা চেঁকুৰিব ধৰিছে৷ তেতিয়াৰ পৰা এতিয়ালৈ বহুবোৰ ৰাজহুৱা খণ্ডৰ প্ৰতিস্থানৰ বিক্ৰী সম্পূৰ্ণ কৰা হৈছে আৰু এইবোৰ প্ৰতিস্থান সময়ৰ বুকুত নোহোৱা হৈ গৈছে৷ যোৱা বছৰ প্ৰধান মন্ত্ৰীয়ে নিজে ঘোষণা কৰিছিল যে এশটা ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান বিক্ৰী কৰা হ’ব– ২০২৪ নিৰ্বাচনৰ আগতে হয়তো এই কাম সমাধা কৰা হ’ব আৰু তাকেই হ’লে তেওঁলোকৰ ওচৰত নিৰ্বাচনী ব্যয় বহন কৰাটো একেবাৰে সহজ হৈ পৰিব– ৫৫২জন লোকসভা সদস্যৰ নিৰ্বাচনত এক বিপুল পৰিমাণৰ অৰ্থ ব্যয় কৰিব পৰা যাব৷

অৰ্থনৈতিক মন্দাৱস্থা আৰু নিবনুৱা সমস্যাই অতিশয় জটিল ৰূপ গ্ৰহণ কৰা সময়তে নিৰ্বিনিয়োজন কাৰ্য্যসূচী ভাজপা চৰকাৰে জোৰদাৰ কৰিছে৷ ইয়াৰ আৱশ্যম্ভাৱী ফলাফল হৈছে মন্দাৱস্থা সুদীৰ্ঘ কাললৈ চলি থাকিবলৈ ব্যৱস্থা কৰা হৈছে আৰু তাৰ লগে লগে প্ৰতিদিন লাখ লাখ নিবনুৱাৰ সৃষ্টি কৰা হৈছে৷ আৰু কিমান দিন চলিব এই ‘ল’ৰা ৰজা’ৰ শাসন?

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description