সম্পাদকীয়
সমৃদ্ধ ৰাজনীতি

সমাজ হোৱাৰে পৰা কিছুমান নীতি গঢ় লৈছে। বিৱৰ্তনে নীতিও সলাই আহিছে। ৰজা গ'লে কিছুমান নীতিৰ অৱসান ঘটে। ই নিয়ম।

ৰাজনীতি সমাজনীতিৰ অংশ। সমাজৰ অংশীদাৰ সকলোকে ৰাজনীতিয়ে সামৰি লয়। কোনো বাহিৰত নাথাকে। কথাত ক'ব পাৰি, কামত কোনো নাথাকে।

শাসনভাৰ পোৱাৰ আৰু লোৱাৰ ৰাজনীতি মাঁথো এটা ৰূপ। তেনে ৰাজনীতিকক সময়ে ঠাই নিদিবও পাৰে। সময়ত ঠাই লয় সমৃদ্ধ ৰাজনীতিয়ে আৰু সমৃদ্ধ ৰাজনীতিকে।

সমৃদ্ধ ৰাজনীতিৰ শিপা ওলায় নিজৰ ঠাইত। শিপা দ হয় নিজৰ বহল সমাজখনত। শিপাডাল সৰুতে ওলায়। চাৰিওফালৰ মানুহৰ মাজত বিয়পিব ধৰে। সজ চিন্তাই মনক আগুৱাই নিয়ে।

মূল পৰিচালকা শক্তি হ'ল চিন্তা। কেৱল চিন্তা নহয়, উচিত চিন্তা। নিজৰ ঠাই আৰু মানুহৰ মাজত অংকুৰিত, লহপহ্কৈ ঠন ধৰা আৰু দায়বদ্ধতাক গাঢ় কৰা চিন্তা।

দায়বদ্ধতাৰ কোনো বিকল্প নাই। ইয়াৰ বয়স, অভিজ্ঞতা কাৰো লগতে সম্পৰ্ক নাই। দায়বদ্ধতা অবিহনে সকলো অথলে যায়। ৰাষ্ট্ৰীয় দলবোৰে এটা কাম সহজে সাধন কৰে। সেইটো হ'ল আঞ্চলিকতাবাদৰ পতাকাখন উৰুৱাই ডাঙৰ-দীঘল হোৱা বহুতৰে দায়বদ্ধতা ছিন্ন-ভিন্ন কৰি পেলায়।

১৯৮৫ চনৰ পৰা এই কাহিনীৰে পুনৰাবৃত্তি হৈ আহিছে। দায়বদ্ধতাৰ শ্মশান যাত্ৰা আৰম্ভ হয়। সেইবাবেই নিজৰ ভাষা এৰে, নিজৰ ভাষাক আতঁৰায়। মিছাক সম্বল কৰে। আনৰ পিঠিত উঠে। সন্মান এৰে।

কিন্ত্ত অলেখ যুৱক-যুৱতীয়ে নিজৰ ঠাইৰ, নিজৰ মানুহৰ সপোনবোৰ পুহি ৰাখে। সেইসকলেই জাতিটোৰ সাহস। সমৃদ্ধ ৰাজনীতিৰ বীজ। সঁচা স্ফুলিংগ।।

বসন্ত ডেকা

Image Description