সম্পাদকীয়
অসম জাতীয় পৰিষদৰ দুবছৰ

অসম জাতীয় পৰিষদে যোৱাকালি (১৭ ডিছেম্বৰ ২০২২) দ্বিতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিলে।

কা আন্দোলনে ১৯৮৫ৰ শ্বহীদৰ তেজৰ বিনিময়ত গঠিত অসম গণ পৰিষদৰ প্ৰতাৰণা আৰু অপ্ৰাসংগিকতা উদঙাই দেখুৱালে। ছাত্ৰ সন্থা আৰু যুৱ-ছাত্ৰ পৰিষদে অসমবাসীৰ হতাশা দূৰ কৰিবলৈ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে।

দুয়োটা ৰাজ্যিক সংগঠনে সৰ্বসন্মত সিদ্ধান্ত ল'লে। বুৰঞ্জীয়ে সিদ্ধান্তটোক ঠাই দিব। ফলশ্ৰুতিত অসম জাতীয় পৰিষদৰ জন্ম হ'ল। জন্মলগ্নৰ পিছতে বিধান সভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ অজাপই জাতীয় সাহস গোটালে। দলটোৱে আশাব্যঞ্জক সঁহাৰি পালে।

দুবছৰৰ যাত্ৰা আছিল এক আপোচবিহীন যাত্ৰা। মূল্যবোধৰ যাত্ৰা। লক্ষ্য স্পষ্ট। অসম আৰু বৃহত্তৰ জাতিটোৰ প্ৰতিটো স্বাৰ্থ সুৰক্ষিত কৰা। ইয়াৰ বাবে কাৰো শ্ৰুতলিপি নালাগে।

দলটোৰ পদক্ষেপবোৰত দৃঢ়তা ফুটি উঠিছে। অসম আৰু বৃহত্তৰ অসমবাসীৰ স্বাভিমান দলটোৰ মূলধন। সকলো জনগোষ্ঠীৰ আশা আৰু আকাংক্ষা কাম-কাজত প্ৰতিফলিত কৰিবলৈ দলটো দৃঢ়প্ৰতিজ্ঞ।

বৃহত্তৰ জাতিটো জটিল সময়ৰ মাজেদি পাৰ হৈছে। ধন-প্ৰলোভনৰ ৰাজনীতিত জাতিটোৰ স্বাৰ্থ বিঘ্নিত হৈছে। বহুতে নিজত্ব বিসৰ্জন দিছে। অসমৰ সকলো সিদ্ধান্ত লোৱা হৈছে দিল্লীত, নাগপুৰত। সিদ্ধান্তবোৰ অসমীয়াবিৰোধী।

বিজেপিৰ ভোটবেংক সুৰক্ষিত কৰি ৰাখিবলৈ অসমীয়াবিৰোধী সিদ্ধান্ত লৈছে। অসমত বিজেপিৰ ষড়যন্ত্ৰ ৰূপায়ণৰ মাধ্যমবোৰহে আছে। অসমবাসীৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ অসমীয়া ৰাজনীতিকৰ বৰ্তমানৰ শাসকীয় দলটোত অভাৱ।

অসমবাসীয়ে দকৈ ভাবিবৰ হ'ল। গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰটো অনা-অসমীয়াৰ হাতত গটাই দিয়া হ'ল। ই অসমবাসীক কৰা তাচ্ছিল্যৰ বাহিৰে একো নহয়। অসমীয়াৰ প্ৰভুত্ব হেৰাই গ'ল। উচ্চ বাক্যই সেয়া ঘূৰাই নানে।

যোৱা দুবছৰে অজাপৰ সভাপতি শ্ৰীলুৰিণজ্যোতি গগৈৰ নেতৃত্বক অসমবাসীয়ে সূক্ষ্মদৃষ্টিৰে লক্ষ্য কৰিছে। আশাৰ ৰেঙনি ক্ৰমবৰ্ধমান ৰূপত বাঢ়িছে। ধৰ্মান্ধতাৰ বিপৰীতে যুক্তিবাদী মন আমাৰ পাথেয় হওক। অসমীয়া মনটোতে অজাপৰ শক্তি লুকাই আছে।

শাসকীয় দলটোৰ প্ৰতাৰণাই অসম জাতীয় পৰিষদক অধিক প্ৰাসংগিক কৰি তুলিছে। প্ৰত্যাহ্বানৰ মাজতে অজাপৰ অস্তিত্ব থাকিব লাগিব। শিপাডাল বাঢ়িব। কোনো সন্দেহ নাই। মাথোঁন সময়ৰ প্ৰয়োজন।।

বসন্ত ডেকা

Image Description