কলা কৃষ্টি

Image Description

ভূপেন হাজৰিকা আৰু গুস্তাভ কুখ্‌বে:
শিল-ভঙা মানুহৰ মালিতা

ওপৰৰ ছবিখনৰ চিত্ৰকৰ হৈছে প্ৰখ্যাত ফৰাচী চিত্ৰশিল্পী গুস্তাভ কুখ্‌বে (১৮১৯-১৮৭৭)।ছবিখনৰ নাম 'শিল-ভাঙোতা' (মূল ভাষাত ‘Les Casseurs de pierres’)। ১৮৪৯ চনত অঁকা এই ছবিখন ঊনৈছ শতিকাৰ বাস্তৱবাদী চিত্ৰকলাৰ এক উৎকৃষ্ট নিদৰ্শন।

অধিক পঢ়ক
Image Description

কালজয়ী নাট লভিতাৰ বিকৃতকৰণ!
জাতিটোকে অপমান

ছলে-বলে-কৌশলে অসমৰ ভ্ৰাম্যমাণ নাট্যজগতত একছত্ৰীৰূপে নিজকে জাহিৰ কৰি 'মোৰ বিনে নাই কেৱ' মনোভাবেৰে 'আৰ ছিগা চুলি তাৰ ছিগা চুলি, বান্ধি যাওঁ নেঘেৰী খোপ' জাতীয় নীতিক সাৰোগত পেট প্ৰৱৰ্তাই থকা অহং ব্যক্তিত্বজনেই হৈছে অভিজিত ভট্টাচাৰ্য্য৷

অধিক পঢ়ক
Image Description

চাৰিআলি বীণাপাণি নাট্য সমাজ

কলা-সংস্কৃতিত আগবঢ়া অঞ্চলবোৰত দুৰ্গা পূজাত নাটক কৰাটো এসময়ত এক অলিখিত নিয়ম আছিল। বিশ্বনাথ চাৰিআলিও তাৰ ব্যতিক্রম নাছিল।

অধিক পঢ়ক
Image Description

জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অসমীয়া চিনেমা

বিস্ময়কৰ প্ৰতিভা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অদম্য ইচ্ছাশক্তি, অমানুষিক কষ্ট আৰু অপৰিসীম ত্যাগৰ ফলশ্ৰুতিত ভাৰতৰ প্ৰথমখন সবাক চলচিত্ৰ 'আলম আৰা'ৰ মুক্তিৰ চাৰি বছৰৰ পিছতেই ১৯৩৫ চনৰ ১০ মাৰ্চত কলিকতাৰ ৰাওনাক হলত মুক্তি লাভ কৰিছিল অসমৰ প্ৰথমখন বোলছবি জয়মতীয়ে।

অধিক পঢ়ক
Image Description

বীৰেণ সিংহৰ অপূৰ্ব ভাস্কৰ্য্য

(যোৱা সংখ্যাৰ পৰা)
যোৱা সংখ্যাৰ ভাস্কৰ্য্যসমূহৰ লগতে গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ ‘যুদ্ধ স্মাৰক’ত স্থাপন কৰা আৰু কেইখনমান অনন্য আলোকচিত্ৰৰ লগত পাঠকক পৰিচয় কৰি দিবলৈ আকৌ এবাৰ প্ৰয়াস কৰা হৈছে।

অধিক পঢ়ক
Image Description

গায়ন-বায়নৰ দুৰ্দশা

শ্ৰীমন্ত শঙ্কৰদেৱ মহান পুৰুষ, মহান অসমীয়া, শ্ৰেষ্ঠ অসমীয়া। জাতিটো গঢ়িবলৈ, সময়ত সুদৃঢ কৰিবলৈ, যু্গে যুগে পোহৰ বিলাবলৈ ভাষা-কৃষ্টি-সংস্কৃতি দি থৈ গ'ল।

অধিক পঢ়ক
Image Description

বীৰেণ সিংহৰ অপূৰ্ব ভাস্কৰ্য্য

গুৱাহাটী দীঘলীপুখুৰীৰ পাৰত স্থাপন কৰা ‘যুদ্ধ স্মাৰক’ত বীৰেণ সিংহৰ এলানি অপূৰ্ব ভাস্কৰ্য্য স্থাপন কৰা হৈছে। ইয়াৰে কিছুমান ইয়াত দাঙি ধৰা হৈছে। বীৰেণ সিহং অসমৰ শিল্পজগতত অতি পৰিচিত নাম। দেশৰ ভিতৰতে অন্যতম ভাস্কৰ হিচাবে বীৰেণ সিংহৰ সৃষ্টিসমূহ অসমৰ গৌৰৱৰ বিষয়। ভাস্কৰ্য্যসমূহৰ বিষয়ে বিশদভাৱে নিলিখি কেইখনমান আলোকচিত্ৰৰ লগত পাঠকক পৰিচয় কৰি দিবলৈ প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে দীঘলীপুখুৰীৰ পাৰতে স্থাপিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰৰ শ্ৰেষ্ঠ প্ৰতিমূৰ্ত্তিটো ভাস্কৰ বীৰেণ সিংহই সাজিছিল।

অধিক পঢ়ক
Image Description

ৱিহুকূ

আগৰ দৰে এই বছৰো ৫ জানুৱাৰীত তাংছা জনগোষ্ঠীৰ জাতীয় উৎসৱ 'ৱিহুকূ' উদযাপন কৰিলোঁ। তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী লেখাপানী খাৰংকুং গাৱঁত অনুষ্টুপীয়া আয়োজনেৰে কিন্তু অতি সহৃদয়তাৰে ইয়াক পালন কৰিব পাৰি নথৈ সুখী হ'লো।

অধিক পঢ়ক
Image Description

গাঁৱৰ পৰম্পৰাগত সা-সঁজুলিৰ প্ৰদৰ্শনী

দেশৰ অন্যান্য ৰাজ্যবোৰৰ দৰে আমাৰ অসমৰো গ্ৰাম্যজীৱনলৈ নানা ধৰণৰ পৰিৱৰ্তন আহিছে । এনে পৰিৱৰ্তনে গাঁৱৰ আৰ্থ-সামাজিক পৰম্পৰাৰ বহুতো ইতিবাচক দিশৰ প্ৰতি ভাবুকি অনা বুলি ক'লেও বঢ়াই কোৱা নহ'ব । গাওঁ উন্নয়নৰ বহনীয় ( sustainable) দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পৰম্পৰাগত বহুতো যুক্তিনিষ্ঠ চিন্তা, কৌশল, সা-সঁজুলি, আচবাব আদিৰ উপযুক্ত সংৰক্ষণৰ সমূহীয়া ব্যৱস্থা হাতত লোৱাৰ প্ৰশ্ন আহি পৰিছে । অসম বিজ্ঞান সমিতিয়ে আজি কিছুদিন ধৰি এই দিশত সক্ৰিয়ভাৱে মনোনিবেশ কৰি আহিছে আৰু কিছু কাৰ্য্যকৰী ব্যৱস্থাও হাতত লৈছে।

অধিক পঢ়ক
Image Description

দশম মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠলৈ ৰাজ্যজুৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

৫ নৱেম্বৰত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ দশম মৃত্যু দিৱসৰ দিনটোত শিল্পীগৰাকীৰ প্ৰতি ৰাজ্যজুৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই দিনটোত শিল্পী গৰাকীৰ স্মৃতিত পুৱাৰেপৰা সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়।

অধিক পঢ়ক..
Image Description

ফটিকদাৰ সতে কাম কৰাৰ মধুৰ অভিজ্ঞতা

দুৰাৰোগ্য কৰ্কট ৰোগৰ সতে যুঁজি–যুঁজি অৱশেষত খ্যাতনামা কলা নিৰ্দেশক ফটিক বৰুৱাই নিয়তিৰ ওচৰত হাৰ মানিলে।আব্দুল মজিদ পৰিচালিত 'বনজুই' কথাছবিৰ জৰিয়তে চলচ্চিত্ৰ শিল্পৰ কলা নিৰ্দেশনাৰ কাম আৰম্ভ কৰা ফটিক বৰুৱাই প্ৰায় ৮০ খন কথাছবিত কলা নিৰ্দেশক আৰু সমান্তৰালভাৱে প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্ব সম্পূৰ্ণ কৰে। তালিকাখনত অন্তৰ্ভুক্ত আছিল বহু কেইখন বিখ্যাত কথাছবি।

অধিক পঢ়ক..
Image Description

অষ্টেলিয়ালৈ ব্ৰীজ

কৃপাল কলিতা পৰিচালিত অসমীয়া কথাছবি ‘ব্ৰীজ’ এতিয়ালৈকে বিশ্বৰ ত্ৰিশখনৰো অধিক চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ ক’ভিড পৰিস্থিতিৰ বাবে অধিক সংখ্যক মহোৎসৱ অনলাইন ব্যৱস্থাৰে অনুষ্ঠিত হৈছে৷ অহা ১২ আগষ্টৰ পৰা ২১ আগষ্টলৈ ‘ব্ৰীজ’ ইণ্ডিয়ান ফেষ্টিভেল অৱ মেল’ৱৰ্ণত ছৱিগৃহটো প্ৰদৰ্শিত হ’ব৷...

Image Description

দি চেভেন্থ ষ্ট্ৰিং

ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত বাহুৰুল ইছলাম পৰিচালিত ‘দি চেভেন্থ ষ্টি˜ং’ ফ্ৰান্স আন্তঃৰাষ্ট˜ীয় চলচ্ছিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে৷ পৰিচালক গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এইকথা সদৰি কৰিছে৷

Image Description

অভিনেত্ৰী সুৰেখা চিক্ৰিৰ পৰলোক

হিন্দী ছবিৰ বিশিষ্ট অভিনেত্ৰী সুৰেখা চিক্ৰি আৰু নাই। হৃদৰোগত আক্ৰান্ত হৈ ১৬ জুলাইত অভিনেত্ৰীগৰাকীৰ মৃত্যু হয়। 'তামস', 'নজৰ', 'দিল্লগী', 'ৰেইনকোট', 'নাছীম', 'চৰফৰছ', 'লিটল বুদ্ধ', 'পৰিনতি', 'কিচ্ছা কুৰছি কা', 'জুবেইদা', 'মিঃ এণ্ড মিচেছ আয়াৰ', 'দেব ডি', 'তুমসা নেহী দেখা', 'বধাই হো', 'স্নিফ' আদিকে ধৰি আন ভালেসংখ্যক হিন্দী ছবিত অভিনয় কৰা সুৰেখা চিক্ৰিয়ে তিনিবাৰকৈ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ফিল্মফেয়াৰ আৰু স্ক্ৰীণ এৱাৰ্ডো লাভ কৰা সুৰেখা চিক্ৰি টেলিভিছনৰো এগৰাকী চিনাকি অভিনেত্ৰী আছিল। 'এক থা ৰাজা এক থি ৰাণী', 'বালিকা বধু', 'কভী কভী', 'বনেগী আপনি বাত', 'পৰদেশ মে হ্যে মেৰা দিল' আদিৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৬ বছৰ।

Image Description

কেনে আছে ভ্ৰাম্যমান থিয়েটাৰ জগত?

প্ৰায় ষাঠি বছৰ আগেয়ে ১৯৬৩ চনৰ ২ অক্টোবৰত পুৰোধা ব্যক্তি স্বৰ্গীয় অচ্যুত লহকৰদেৱৰ তত্ত্বাৱধানত পাঠশালাত অসমৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ- ‘নটৰাজ চিনে থিয়েটাৰ’ৰ জন্ম হয়৷ ভ্ৰাম্যমান থিয়েটাৰ সম্পৰ্কে অৱশ্যে অসমৰ ৰাইজক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ পৃথিৱীৰ ভিতৰতে এক বিৰল কলা-শৈলী৷...

অধিক পঢ়ক..