কালজয়ী নাট লভিতাৰ বিকৃতকৰণ!
জাতিটোকে অপমান


Image Description

ছলে-বলে-কৌশলে অসমৰ ভ্ৰাম্যমাণ নাট্যজগতত একছত্ৰীৰূপে নিজকে জাহিৰ কৰি 'মোৰ বিনে নাই কেৱ' মনোভাবেৰে 'আৰ ছিগা চুলি তাৰ ছিগা চুলি, বান্ধি যাওঁ নেঘেৰী খোপ' জাতীয় নীতিক সাৰোগত পেট প্ৰৱৰ্তাই থকা অহং ব্যক্তিত্বজনেই হৈছে অভিজিত ভট্টাচাৰ্য্য৷

এইবাৰ সকলো দেই-ফেনেকি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কালজয়ী নাট 'লভিতা'কে তেৰাই নিজৰ নাট বুলি ডবা কোবাই আৱাহন থিয়েটাৰৰ মঞ্চত মঞ্চস্থ কৰি পেলালে।

ৰাইজে চালেও, জাউৰিয়ে জাউৰিয়ে চাপৰিও বজালে ৷ পাচে, লভিতাক বিকৃতৰূপে উপস্থাপন কৰা হ’ল।

লভিতাৰ মূল পটভূমি আছিল ইংৰাজৰ আশিসধন্য এচাম মৌজাদাৰ, জমিদাৰজাতীয় এচাম শোষণকাৰীৰ বিৰুদ্ধে খাটিখোৱা, শোষিত-বঞ্চিত কৃষকৰ ন্যায্যপ্ৰাপ্তিৰ হেতু প্ৰতিনিধিস্বৰূপ লভিতাৰ বিদ্ৰোহ। তাই অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণপুৰুষ গোলাপৰ ভীৰুতাকো ধিক্কাৰ দি স্বদেশসেৱাত ব্ৰতী হ’বলৈ আহ্বান জনাইছে ৷

কিন্তু ৰূপকোঁৱৰদেৱৰ সেই লভিতাৰ মূল পটভূমিক অভিজিৎ ভট্টাচাৰ্য্যই কপিৰাইট নথকাৰ দোহাই দি নিজৰ নামত যি ধৰণে বিকৃতৰূপত মঞ্চস্থ কৰিছে, সেয়া অতিশয় দুৰ্ভাগ্যজনক আৰু সেয়া সমগ্ৰ জাতীয় সংস্কৃতিৰ আভিজাত্যৰ সমুখত এক জাতীয় লজ্জাবোধক বিষয় ৷

আৱাহন থিয়েটাৰৰ অসমীয়া ভ্ৰাম্যমাণ নাট্যজগতত এক সুকীয়া গৰিমা আছে, এই গৰিমালৈ কেৰেপ নকৰি কেৱল আৰু কেৱল নিজৰ একনায়কত্ববাদী চৰিত্ৰৰ পোষকতা কৰি অহং ব্যক্তিত্বক জাহিৰ কৰাৰ আপাহতে উক্ত কালজয়ী নাটখনক বিকৃত কৰাৰ ভট্টাচাৰ্য্যই দুঃসাহস কৰিছে। ই অতিশয় দুৰ্ভাগ্যজনক।

অসমীয়াই নিজেই যদি নিজৰ এনে গৌৰৱময় সংস্কৃতিক বিকৃত কৰাৰ দৰে কামবোৰত লিপ্ত হয়, তেন্তে বাকী থাকিল কি ! মূল নাটকৰ 'আলম 'লোৱা বুলি উল্লেখ কৰি নাটকখনত তথাকথিত অহংবোধত গদগদ হৈ থকা নাট্যকাৰজনে নাটখনৰ কেৱল ধ্ৰুপদী ৰূপটোকে ভৰিৰে মোহাৰি ভূ-লুণ্ঠিত কৰা নাই, 'ভাৰত মাতা কি জয়'ৰ দৰে সংলাপ সন্নিবিষ্ট কৰাৰ লগতে ভট্টাচাৰ্য্যই তাত অবিবেচকৰ দৰে চৰিত্ৰৰ যোগ-বিয়োগ কৰি নাটখনৰ চৰিত্ৰসমূহৰ নিজা সংলাপৰ ঠাইত নিজৰ সংলাপ সংযোগ কৰিছে।

ইয়াৰোপৰি মূল নাট্যকাৰ শ্ৰদ্ধাস্পদ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আন নাটকৰ সংলাপ লভিতাত ব্যৱহাৰ কৰি ধৃষ্টতা প্ৰদৰ্শন কৰিছে। সেয়া অতিশয় নিন্দনীয় আৰু গৰিহণাযোগ্য।

এনে কুকৰ্মই অসমীয়া নাট্যজগতত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে নাট্যপ্ৰেমী ৰাইজক হতাশ কৰিছে। লগতে ৰাইজক তথা নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়।

আশা কৰোঁ নাট্যকাৰজনৰ শুভবুধিৰ উদয় হ’ব আৰু সমূহ ৰাইজৰ ওচৰত ক্ষমাপ্ৰাৰ্থী হৈ নিজৰ ভুল স্বীকাৰ কৰিব।

নাট্যজগতৰ উত্থানৰ বাবে বহু ধৰণৰ সম্পৰীক্ষামূলক চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে আৰু সময়ানুপাতে সেয়া আদৰণীয়।

কিন্তু এনে ধৰণৰ একোখন কালজয়ী নাটকৰ সম্পৰীক্ষাৰ নামত ভুল উপস্থাপন কেতিয়াও মানি ল’ব নোৱাৰি। দ্বিগজজনৰ হাতৰ পৰশত অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ জয়যাত্ৰা অব্যাহত থাকক, লভিতাৰ গৰিমা অক্ষুণ্ণ ৰওক । তাকে সহৃদয়তাৰে কামনা কৰোঁ।।