
'নিজক জানিবলৈ শিকোৱাটো বুৰঞ্জীৰ মহামূল্য উপদেশ।'
বিৰিঞ্চি কুমাৰ বৰুৱা
আমাৰ শিতানসমূহ

অসম সাহিত্য সভাৰ গৰিমা অটুট ৰ’বনে!
দেৱজিৎ ভৰালী

গ্ৰহ-বিচাৰ আৰু জনমত
নিজা প্ৰতিবেদক

ভাৰতীয় আদালতৰ ক'লেজিয়াম ব্যৱস্থা আৰু চৰকাৰৰ হস্তক্ষেপ
শিশিৰ দেৱ কলিতা
January 30th, 2023

পৰিৱৰ্তনৰ বতাহ
বসন্ত ডেকা
January 30th, 2023

হাতীৰ সৈতে কথা পতা মানুহজন
পৰাগ কুমাৰ ডেকা, পিএইচডি
January 30th, 2023
সম্পাদকীয়
30th January, 2023
আদানিয়ে ডুবাব ভাজপাৰ ৰথ
দুই দশকমান আগতে ভাৰতবৰ্ষত কিজানি আদানিৰ নাম কোনেও শুনা নাছিল। সেই সময়ত আদানি আছিল গুজৰাটৰ এগৰাকী সাধাৰণ ব্যৱসায়ী যি চেষ্টা কৰি আছিল খোপনি পোতাৰ বাবে। নৰেন্দ্ৰ দামোদৰ দাস মোডী গুজৰাটৰ মুখ্য মন্ত্রী হোৱাৰ পিছত আদানিয়ে পাৰ পালে। তেতিয়াৰ পৰাই দুয়োজনৰ সম্পর্ক আৰু তাৰে গইনা লৈ দোপতদোপে উঠি গ'ল আদানি।
অধিক পঢ়ক
- টাইম কেপচুল
- |
- 30th January, 2023
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন:
আদানি ক'ম্পেনীৰ বিপৰ্য্যয়
আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ বিশেষজ্ঞ নিউ ইয়'ৰ্কৰ হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিষ্ঠানে অতি সম্প্ৰতি প্ৰকাশ কৰা এক বিস্তাৰিত প্ৰতিবেদনত আদানি গ্ৰুপৰ সাতোটা তালিকাভুক্ত ক'ম্পেনীৰ ছেয়াৰৰ উত্থান সম্পৰ্কে কৰা বিশ্লেষণৰ পিছত ষ্ট'ক মাৰ্কেটত আদানি ক'ম্পেনীৰ ছেয়াৰৰ পতন ঘটিছে।
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে আদানি গ্ৰুপৰ ক'ম্পেনীসমূহ যথেষ্ট পৰিমাণৰ ঋণত পোত খাই আছে, উক্ত ক'ম্পেনীসমূহৰ বিত্তীয় অৱস্থা সংশয়জনক আৰু ক'ম্পেনীৰ ‘আকাশলংঘী মূল্যায়ন’ৰ ছেয়াৰবোৰৰ প্ৰকৃত মূল্য ৮৫ শতাংশ পৰ্য্যন্ত কম।
আদানি গ্ৰুপে স্পষ্টীকৰণ দি প্ৰতিবেদনৰ তথ্যসমূহ শুদ্ধ নহয় বুলি কৈছে যদিও ছেয়াৰৰ মূল্য পতনৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ বিপৰীতে হিণ্ডেনবাৰ্গেও নিজৰ প্ৰতিবেদন শুদ্ধ বুলি দাবী কৰিছে। যোৱা শুকুৰবাৰলৈ ২৪৪, ৫৪৩ কোটী টকামানৰ পতন ঘটিছিল। সাতোটা তালিকাভুক্ত আদনি ক'ম্পেনীৰ ভিতৰত আদানি এণ্টাৰপ্ৰাইজৰ ৬.২ শতাংশ, 'আদানি ট্ৰেন্সমিশ্বন'ৰ ১৯.২ শতাংশ, 'আদানি গেছ'ৰ ১৯.১ শতাংশ, 'আদানি গ্ৰীণ এনাৰ্জি'ৰ ১৫.৮ শতাংশ পতন ঘটিছে।।

- টাইম কেপচুল
- |
- 30th January, 2023
তিনি হাজাৰ কৰ্মচাৰীক অব্যাহতি
বিশ্বৰ অৰ্থনীতিত সংকট বৃদ্ধি হোৱাক প্ৰমাণিত কৰি 'গ'ল্ডমেন ছেশ্ব' নামৰ বহুজাতিক বিনিয়োগ প্ৰতিষ্ঠান এটাই অদ্ভূতভাৱে তিনি হাজাৰ কৰ্মচাৰীক অব্যাহতি দিয়ে।
প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীক পুৱা ৭-৩০ বজাত বিশেষ আলোচনাৰ বাবে আমন্ত্ৰণ কৰে আৰু কৰ্মচাৰীসকল অহাৰ পিছত জনাই দিয়া হয় যে তেওঁলোকক অব্যাহতি দিয়া হৈছে। যিসকল বিষয়াৰ দ্বাৰা বহুজাতিক প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীক কথাটো জনাইছিল, তেওঁলোকে কৰ্মচাৰীসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰি জনায় যে তেওঁলোকক দিয়া নিৰ্দেশ অনুসৰি এনে কৰিবলগীয়া হৈছে।
উল্লেখযোগ্য যে অব্যাহতি পোৱা কৰ্মচাৰীৰ ভিতৰত আইআইটি আৰু আইআইএম স্নাতককে ধৰি ভালেসংখ্যক ভাৰতীয় লোকো আছে।।

- টাইম কেপচুল
- |
- 30th January, 2023
নাৰীৰ নিৰাপত্তাহীনতা
দেশৰ ৰাজধানীত
দেশৰ ৰাজধানী দিল্লীত নাৰীৰ নিৰাপত্তা বাবে বাৰে বিঘ্নিত হৈছে। শেহতীয়া ঘটনাত মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মলিৱালৰ দৰে উচ্চপদত কাৰ্য্যনিৰ্বাহ কৰা মহিলাক সুৰামত্তলোকে কুপ্ৰস্তাৱ আগবঢ়াই বলপূৰ্বক গাড়ীত উঠাবলৈ চেষ্টা কৰিছিল।
কেইবাজনো সুৰামত্ত লোক ঘটনাটোত জড়িত আছিল। স্বাতী মলিৱালে টুইটত মন্তব্য কৰে যে মহিলা আয়োগৰ অধ্যক্ষৰে যদি নিৰাপত্তা নাথাকে, তেনেহ’লে দিল্লীৰ পৰিস্থিতি কিমান ভয়াৱহ সেয়া অনুমেয়।।

- টাইম কেপচুল
- |
- 30th January, 2023
পৰিৱৰ্তিত জীৱনশৈলী আৰু ৰুগীয়া নতুন প্ৰজন্ম
ভাৰতৰ আগশাৰীৰ চহৰ দিল্লী, মুম্বাই, চেন্নাই, কলকতা, বেঙ্গালুৰু, আহমেদাবাদ, হায়দৰাবাদ, পুনেত ১৫ – ৬৫ বছৰ বয়সৰ এক লাখৰো অধিক লোকৰ মাজত চলোৱা ধাৰাবাহিক সমীক্ষাত লক্ষ্য কৰা গৈছে যে এওঁলোকৰ এক তৃতীয়াংশই জীৱনশৈলী সম্পৰ্কীয় ৰোগত আক্ৰান্ত।
উচ্চ ক’লেষ্টৰেলত ভুগিছে ৯.৪ শতাংশ, ৭.৭ শতাংশ ভুগিছে বহুমূত্ৰত, ৬.৭৬ শতাংশই ভুগিছে থাইৰ’ডত। বহুমূত্ৰ, ক’লেষ্ট’ৰেল, আৰু হৃদৰোগত ভোগাসকলৰ বেছিভাগেই পুৰুষ। ইয়াৰ বিপৰীতে, নিম্ন ৰক্তছাপ, থাইৰ’ড, মেদবহুলতা, কোষ্ঠকাঠিন্যত ভোগাসকলৰ গৰিষ্ঠসংখকেই মহিলা।
বদহজম, এছিডিটি সাধাৰণ সমস্যাত পৰিণত হৈছে। চহৰৰ মানুহৰ ওপৰত কামৰ চাপ বৃদ্ধি পাইছে আৰু একে সময়তে ব্যায়াম কৰাৰ সুযোগ কমিছে, খোৱাবোৱা অনিয়মীয়া হৈ পৰিছে, খাদ্যাভাস সলনি হৈছে।
সমীক্ষা গ্ৰহণ কৰা লোকসকলৰ ৪৪ শতাংশই আকৌ নিৰামিষহাৰী আৰু এওঁলোক প্ৰ'টিনৰ অভাৱত ভুগিবলগীয়া হৈছে।।

- টাইম কেপচুল
- |
- 30th January, 2023
গোলকীয় উষ্ণায়ন, মেৰু অঞ্চলত মানুহ-জন্তুৰ সংঘাত
উত্তৰ আমেৰিকাৰ আলাস্কাৰ ৱেলছ চহৰত অতৰ্কিতে সোমাই পৰা এক প্ৰকাণ্ড মেৰু ভালুকৰ আক্ৰমণত কণমানি পুত্ৰসহ এগৰাকী মাতৃয়ে কৰুণ মৃত্যু আকোৱালি ল’বলগীয়া হোৱাৰ ঘটনা সংঘটিত হৈছে।
ক্ষুধাতুৰ ভালুকটোৱে মাতৃ-পুত্ৰক ভক্ষণ কৰি থকা অৱস্থাত কৰ্তৃপক্ষই ভালুকটো গুলীয়াই বধ কৰে। ১৯৯০ চনতো এনেদৰে মেৰু ভালুকে চহৰখনত তাণ্ডৱ সৃষ্টি কৰিছিল। বিশেষজ্ঞৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত খাদ্যৰ অভাৱৰ বাবে মেৰু ভালুকটোৱে জনবসতিত প্ৰৱেশ কৰিছিল।।

- টাইম কেপচুল
- |
- 30th January, 2023
পৃথিৱীৰ আভ্যন্তৰীণ ঘূৰ্ণন হ্ৰাস পাইছে
পৃথিৱীৰ অন্তঃস্থলৰ আয়তন প্লুট'ৰ সমান আৰু ইয়াৰ ঘূৰ্ণনৰ গতিবেগ বহিৰ্ভাগতকৈ বেছি।
পৃথিৱীৰ বহিৰ্ভাগতকৈ পাঁচ হাজাৰ কিল'মিটাৰ অভ্যন্তৰত জুলীয়া অৱস্থাত থকা হেতুকে অন্তঃস্থল স্বাধীনভাৱে ঘুৰিব পাৰে বাবে ইয়াক ‘গ্ৰহৰ ভিতৰত গ্ৰহ’ বুলি কোৱা হয়।
নেছাৰ 'জিঅ’চাইঞ্চ' নামৰ গৱেষণা আলোচনীত প্ৰকাশিত সাম্প্ৰতিক এক নিৱন্ধত উল্লেখ কৰা হৈছে যে বিগত ছয় দশকত সঘন ভূমিকম্পৰ ফলত সৃষ্টি হোৱা ভূকম্প তৰঙ্গৰ বিশ্লেষণত অন্তঃস্থল ঘূৰ্ণন বেগ পূৰ্বতকৈ হ্ৰাস হোৱা লক্ষ্য কৰা গৈছে। ২০০৯ চনৰ পৰা এই পৰিঘটনা সংঘটিত হৈ অহা বুলি নিৱন্ধটোত কোৱা হৈছে।।
নিৰ্বাচিত প্ৰসংগ

যোশীমঠৰ বিননি: জগৰীয়া কোন?
- দেৱজিৎ ভৰালী
- /
- January 22nd, 2023
উত্তৰাখণ্ডৰ চাম’লি জিলাৰ অন্তৰ্গত, সমুদ্ৰপৃষ্ঠৰ পৰা ৬১৫০ ফুট উচ্চতাত অৱস্থিত এখনি তীৰ্থনগৰ যোশীমঠ ৷ ধৰ্মপ্ৰচাৰক আদি শংকৰাচাৰ্যই স্থাপন কৰা চাৰিখন মঠৰ অন্যতম যোশীমঠ। ভগৱান বদ্ৰীনাথৰ পীঠস্থান।
অধিক পঢ়ক
অসম গ্ৰন্থমেলা
- নিজা প্ৰতিবেদক
- /
- January 22nd, 2023
সদ্যসমাপ্ত অসম গ্ৰন্থমেলাৰ কেইটামান দিশ চকুত পৰা বিধৰ আছিল।
অধিক পঢ়ক
কাৰ্বিসকলৰ মাজত শস্য উৎসৱ ‘হাচা-কেকান’
- জন্ ইংতি কাথাৰ
- /
- January 22nd, 2023
অসমৰ অন্যান্য জনজাতিৰ দৰেই কাৰ্বিসকলো অসমৰ আদিবাসীসকলৰ ভিতৰত এক অন্যতম জনগোষ্ঠী৷ অসমৰ পূৰ্বাংশত অৱস্থিত পাহাৰীয়া অংশই হৈছে কাৰ্বিসকলৰ আদিভূমি– কাৰ্বি আংলং৷
অধিক পঢ়ক
চাহ জনজাতিৰ সমাজত মাঘ বিহু
- সুশীল কুৰ্মী
- /
- January 22nd, 2023
ভোগালী বিহু অসমীয়া সমাজৰ অন্যতম জাতীয় উৎসৱ৷ মাঘ মাহত হোৱা বাবে ইয়াক মাঘ বিহুও বোলে৷ চাহ জনজাতি সমাজে ‘পৌষ পৰৱ' বোলে৷ পৌষ পৰৱ আৰু ভোগালী বিহু দুয়োৰে মাজত কিছু মিল, কিছু অমিলো আছে৷ সামগ্ৰিকভাৱে মিল দেখা পাওঁ মেজি ঘৰ পাতি ভোজ-ভাত খোৱা, ৰাতি আনৰ বাৰীত আলু, কবি চুৰ কৰা দোকমোকালিতে মেজি পুৰি গা-পা ধুই পিঠা-পনা খোৱা আদি ক্ৰমণিকাৰ মাজত।
অধিক পঢ়ক
তুৰং সমাজৰ মাঘ বিহু: মাইক’চুমফাই
- লেচাম তুৰুং
- /
- January 22nd, 2023
বৌদ্ধ ধৰ্মাৱলম্বী তাইসকলৰ সংস্কৃতি ধৰ্মৰ সৈতে এনেদৰে বিজৰিত যে এটাৰ পৰা আনটোক পৃথক কৰিব নোৱাৰি৷ আনহাতে আন আন বৌদ্ধগোষ্ঠীয়ে পালন কৰা ধৰ্মীয় অনুষ্ঠানতকৈ তাইসকলে পালন কৰা ধৰ্মীয় উৎসৱ-অনুষ্ঠানসমূহৰ সুকীয়া বৈশিষ্ট্য দেখা যায়৷ পইচাংকন, মাইক’চুমফাই, অকৱা, পয়লেং আদি এনে উৎসৱ-অনুষ্ঠানৰ উদাহৰণ৷
অধিক পঢ়ক
উচ্চতম ন্যায়ালয় বনাম ৰাষ্ট্ৰীয় চৰকাৰ
- নিজা প্ৰতিবেদক
- /
- January 8th, 2023
প্ৰধান মন্ত্ৰী মোডী নেতৃত্বৰ ৰাষ্ট্ৰীয় চৰকাৰখনে উচ্চতম ন্যায়ালয়ৰ লগত অপ্ৰয়োজনীয়ভাৱে সংঘাতত লিপ্ত হৈছে৷ উচ্চতম ন্যায়ালয়ৰ আৰু সকলো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তিৰ বাবে এটা বিশেষ ব্যৱস্থা আছে৷ এই ব্যৱস্থাটো চমুকৈ ‘কলেজিয়াম’ বুলি জনা যায়৷ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম পাঁচগৰাকী ন্যায়াধীশক লৈ এই কলেজিয়াম গঠিত৷
অধিক পঢ়কঅন্যান্য প্ৰবন্ধসমূহ

নিজা প্ৰতিবেদক
আদানী গোষ্ঠীৰ বন্দৰত ২১ হাজাৰ কোটিৰ ড্ৰাগছ জব্দ
- September 27, 2021

বসন্ত ডেকা - ৰাজনৈতিক আধ্যাত্মিকতা
- July 11, 2021