আচৰিত ধৰণৰ চৰকাৰ


Image Description

মৌলিক কথা দুটা।

প্ৰথমটো হ'ল যে খেল সংস্কৃতিৰ উপাদান। যি কোনো সমাজৰ ই স্বীকৃত বৈশিষ্ট্য। যি কোনো খেলে মনৰ বিকাশত সহায় কৰে। খেলৰ ব্যৱস্থাপনাই একোখন দেশৰ অৰ্থনীতি সবল কৰে । মানুহৰ সুখ-সমৃদ্ধিৰ নিৰ্ণায়ক হৈছে। খেল-ধেমালিক সকলো প্ৰকাৰে উৎসাহিত কৰাটো দেশৰ পৰিচালনাৰ অপৰিহাৰ্য্য অংগ হৈ পৰিছে।

দ্বিতীয় কথাটো হ'ল যে ভৰতীয় নাৰী নিজৰ সত্তাক লৈ সচেতন। অতি সচেতন। ইয়াৰ অবিহনেও কোনো সংস্কৃতিৰ ভেটি শক্তিশালী নহয়। সেইবাবেই নাৰীয়ে শ্লীলতাহানি সহ্য নকৰে। অচিন ভৱিষ্যতৰ শংকাত বহুতে নীৰৱে থাকিলে সেইয়া সভ্যতা- সংস্কৃতিৰ দুৰ্বল দিশ।

দেশৰ কেইবাগৰাকী মহিলা মল্লযোদ্ধাই ৰাষ্ট্ৰীয় সংগঠনৰ সভাপতিৰ ৰিৰুদ্ধে অভিযোগ আনিছে। গুৰুতৰ অভিযোগ আনিছে। অথচ বিজেপি চৰকাৰ নিমাত।

নিৰ্লজ্জভাৱে নিমাত। চৰকাৰ অনুসন্ধান কৰিবলৈকো অমত। তাতেই গোন্ধ পোৱা যায়। সভাপতিজনৰ বিৰুদ্ধে ৪০টা গোচৰ আছে। দেশবাসীৰ চকুত নাক-কাণ কটা যোৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে বিজেপি চৰকাৰে।

ৰাষ্ট্ৰীয় খেলুৱৈয়ে প্ৰতিবাদৰ পথ ল'ব লগা হৈছে। বিষয়টোৱে দেশৰ মান-মৰ্য্যাদা ম্লান কৰিছে। বিজেপিৰ গুৰু-সংগঠন সংঘ পৰিয়ালো নিমাতে আছে। ক'ব পাৰে চৰকাৰৰ কথাত হস্তক্ষেপ নকৰে।

কিন্ত্ত এইটো সাধাৰণ বিষয় নহয়। নাৰীৰ মৰ্য্যাদাৰ প্ৰশ্ন জড়িত হৈ আছে। সংঘ পৰিয়ালত মহিলাক উচ্চ দায়িত্ব নিদিয়া কথাটোও সচাঁ। কথাটো উচ্চতম ন্যায়ালয় পালেগৈ। পলমকৈ হ'লেও। খেলুৱৈৰ নিৰাপত্তাৰ নিৰ্দেশ দিছে। গোচৰ ল'বলৈ আৰক্ষীক নিৰ্দেশ দিছে।

বিচাৰত খেলুৱৈ জয়ী হ'ব। দেশৰ জনগণৰ দৃঢ় বিশ্বাস।।