অসমীয়া ভাষা আন্দোলনৰ প্ৰেক্ষাপটত হাইলাকান্দি


Image Description

১৮৭৪ চনত গোৱালপাৰা, কাছাৰ আৰু চিলেট জিলাক অসমৰ লগত সংযুক্ত কৰাত অসম বাঙালী সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত হয়৷ দেশৰ স্বাধীনতাৰ আগলৈকে গোৱালপাৰা, কাছাৰ ও চিলেটৰ চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম বাংলা আছিল ৷ ১৯৩১ চনৰ লোক গণনাত অসমত অসমীয়া ভাষী¸ৰ সংখ্যা আছিল ৩১%৷ ১৯৪৬ চনত গোপীনাথ বৰদলৈ নেতৃত্বাধীন অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে চিলেট ও কাছাৰক অসমীয়া ভাষা ও সংস্কৃতিৰ সুস্থ বিকাশৰ পৰিপন্থী শক্তি হিচাবে চিহ্নিত কৰে ৷ ১৯৪৬ চনৰ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰা হৈছিল,” Unless the province of Assam be organised on the basis of the Assamese language and culture, the survival of the Assamese nationality and culture will become impossible. The inclusion of the Bengali speaking Sylhet and Cachar (plain portion) and the immigration or importation of lacs of Bengali settlers on waste lands has been threatening to destroy the distinctness of Assam.” ১৯৪৭ চনৰ দেশ বিভাগৰ সময়ত অসমীয়া নেতৃত্বৰ পৰোক্ষ সমৰ্থনত চিলেটক অসমৰ পৰা বিচ্ছিন্ন কৰি পূব পাকিস্তানৰ লগত সংযুক্ত কৰা হয়৷ চিলেটৰ মাত্ৰ চাৰে তিনিখন থানাক অসমৰ লগত ৰাখি পৃথক কৰিমগঞ্জ মহকুমা গঠন কৰা হয়৷ দেশ বিভাগৰ লগে লগে অসমত একমাত্ৰ অসমীয়া ভাষা প্ৰৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমীয়াক একমাত্ৰ ৰাজ্যভাষা হিচাবে স্বীকৃতি দিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰা হয় ৷ ছাত্ৰ সন্থাৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ৰাজ্যভাষাৰ দাবীত আন্দোলন আৰম্ভ হয় ৷

ছাত্ৰ সন্থাৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত ১৯৪৮ চনত অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে অসম বিধানসভাত কৈছিল, “For the homogeneity of the province, they (non Assamese)should adopt the Assamese language.”৷ মুখ্যমন্ত্ৰীয়ে আৰু কৈছিল, “It is not the intention of the Government to make Assam a bi-lingual state.”

ব্ৰহ্মপুত্ৰ উপতকাৰ অসমীয়া নেতৃত্বৰ পৰামৰ্শ মানি চৰ অঞ্চলৰ বংগীয় মূলৰ মুছলিম মানুহে ১৯৫১ চনৰ লোক পিয়লত নিজৰ মাতৃভাষা অসমীয়া বুলি উল্লেখ কৰাত অসমত অসমীয়াভাষীৰ সংখ্যা ৫৫% লৈ উন্নীত হয় ৷ ফলত ১৯৫৬ চনৰ ভাষাভিত্তিক ৰাজ্য গঠনত অসমে অসমীয়া ভিত্তিক ৰাজ্যৰ মৰ্যাদা পায় ৷

ছাত্ৰ সন্থাৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ উপতকাত অসমীয়া ৰাজ্যভাষাৰ দাবীত আন্দোলন তীব্ৰতৰ হৈ উঠে আৰু ৪/৭/৬০ তাৰিখত পুলিচৰ গুলিত কটন মহাবিদ্যালয়ৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰী শ্বহীদ হয় ৷ আন্দোলনৰ তীব্ৰতা দেখি ১০/১০/৬০ তাৰিখত মুখ্যমন্ত্ৰী বৰদলৈয়ে অসম বিধানসভাত চৰকাৰী ভাষা বিল উত্তাপন কৰে ৷ বিধানসভাৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কৈছিল, “Assamese and English, to be replaced by Hindi, should be declared the Official Languages of the state, Assamese for district administration in the Brahmaputra Valley, Bengali for Cachar and leave the option of selecting whatever languages the respective District and Regional Councils choose for district administration in their respective districts, continue English in the Secretariat and Heads of the Departmental offices.” বিধানসভাত ভাষা আইনৰ উক্ত বিল গৃহীত হোৱাত অসমৰ বাঙালী সমাজ বিক্ষুব্ধ হৈ উঠে ৷

অসমৰ বাঙালীসকলে অসম চৰকাৰৰ এই প্ৰস্তাৱৰ বিৰোধিতা কৰি ৬/৭ নৱেম্বৰ, ১৯৬০ চনত নিখিল আসাম বঙ্গভাষা সন্মিলনৰ উদ্যোগত হোজাইত এখন অধিৱেশন অনুষ্ঠিত হয়৷ প্ৰাক্তন মন্ত্ৰী বৈদ্যনাথ মুখাজীৰ্ৰ সভাপতিত্বত বহা অধিৱেশনত অসম বিধানসভাত গৃহীত অসম ৰাজ্যিক ভাষা আইনৰ ওপৰত আলোচনা কৰি সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ লোৱা হয়-

“This convention of the Bengali speaking people, while expressing its fullest sympathy with the natural aspiration of the Assamese people for the development of the Assamese language, places on records its dissatisfaction at the Assam Official Language Bill in the shape it has finally emerged from the Assam Legislative Assembly. The bill as adopted besides being discriminatory and unconstitutional has practically failed to fulfil the aspiration of any section of people of Assam. If the bill is assented to, it would lead to inevitable dismemberment and ultimately will retard the progress and development of this frontier region.

This convention notes with deep regret that the Bengali which is the mother tongue of a vast population of Assam, mostly inhabiting Cachar and the Brahmaputra Valley, has been denied its legitimate recognition as one of the official languages.

This convention, therefore, ahpeals to all sections of people of Assam to see that the bill is amended to fulfil the legitimate demands of all sections of people and to prevent disintegration of the state which should be the paramount consideration of all concerned.

This convention demands that Bengali should get an equal status with other official language or languages throughout the state and the authorities of the working committee of Nikhil Assam Bangla Bhasa Samiti be requested to take such steps as are considered necessary and expedient for the purpose.”

৫/২/৬১ তাৰিখত কৰিমগঞ্জ চহৰত বহা সভাত অসমৰ নেতৃস্থানীয় বাঙালী মানুহক লৈ এটি গণ সংগ্ৰাম কমিটি গঠিত হয়৷ অসমীয়াৰ লগতে বাংলা ভাষাকো ৰাজ্যৰ এটি চৰকাৰী ভাষা ৰূপে স্বীকৃতি দিয়াৰ দাবীত আন্দোলন কৰাৰ সিদ্ধান্ত লোৱা হয়৷ বৰাকত বাংলা ভাষাৰ আন্দোলনৰ নেতৃত্ব বহন কৰা প্ৰায় সকলোৱেই চিলেটৰ পৰা প্ৰব্ৰজিত বাঙালী হিন্দু সম্প্ৰদায়ৰ মানুহ৷ সম্পূৰ্ণ বৰাক উপত্যকা জুৰি আন্দোলনৰ কাৰ্যসূচী চলি থাকে৷ ১৯/৫/৬১ তাৰিখে বৰাক উপত্যকাত সৰ্বাত্মক হৰতালৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ শিলচৰ ৰেল ষ্টেচনত কৰিমগঞ্জগামী ৰেলগাড়ী বন্ধ কৰা হয় ৷ আন্দোলনকাৰী ৰেলপথত শুই পৰে৷ পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰে আৰু পুলিচে গুলি চালনা কৰে৷ পুলিচৰ গুলিত ১১জন আন্দোলন-কাৰী নিহত হয় ৷

ইতিমধ্যে বাংলা ভাষাৰ স্বাৰ্থত বৰাককে অসমৰ পৰা পৃথক কৰি ত্ৰিপুৰাৰ লগত সংযুক্ত কৰাৰ চক্ৰান্তৰ কথা প্ৰচাৰিত হয়৷ ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ শোচনীয় অৱস্থাৰ কথা চিন্তা কৰি বৰাকৰ খিলঞ্জীয়া জনসাধাৰণ, বিশেষকৈ মণিপুৰী আৰু মুছলিম মানুহবোৰ শংকিত হৈ উঠে ৷ গণ সংগ্ৰাম পৰিষদক প্ৰতিহত কৰাৰ উদ্দেশ্যে গ্ৰামাঞ্চলৰ খিলঞ্জীয়া মানুহবোৰে ‘শান্তি পৰিষদ’ নামেৰে এটা প্ৰতিবাদী সংস্থা গঠন কৰে৷ গ্ৰামাঞ্চলত অসমীয়া ভাষাৰ সপক্ষে বিভিন্ন স্থানত সভা কৰা হয় আৰু মিছিল ওলোৱা হয়৷ শান্তি পৰিষদৰ নেতৃস্থানীয় মানুহবোৰৰ ভিতৰত আছিল-

(১) আব্দুল কাহিৰ লস্কৰ (গণেশগুৰিৰ দিছপুৰ গেস্ট হাউছৰ মালিক) (২) লালু মিয়া লস্কৰ (আলগাপুৰ) (৩) বীৰ মনি সিংহ (লালা) (৪) মুজাম্মিল আলি চৌধুৰী (বোৱালিপাৰ) (৫) আব্দুল গফুৰ চৌধুৰী (চিপৰচাংগম) (৬) হাচন ৰাজা বৰভূঁঞা (ৰাজ্যেশ্বৰপুৰ)

শিলচৰৰ ঘটনাৰ এমাহ পিছত ১৯/৬/৬১ তাৰিখে ‘শান্তি পৰিষদ’ৰ নেতৃত্বত খিলঞ্জীয়া (স্থানীয় অধিবাসী) মুছলিম, মণিপুৰী ও হিন্দীভাষী গণ সংগ্ৰাম পৰিষদ বিৰোধী মানুহবোৰে হাইলাকান্দি মহকুমা জুৰি এক শোভাযাত্ৰা উলিয়ায়৷ শোভাযাত্ৰা ‘চালিহা চৰকাৰ জিন্দাবাদ’, ‘অসমীয়া ভাষা জিন্দাবাদ’ আদি ধ্বনি দি হাইলাকান্দি চহৰৰ উত্তৰ ও দক্ষিণ দিশৰ পৰা চহৰত প্ৰৱেশ কৰে৷ মিছিল চলা সময়ত চহৰৰ বাসিন্দা সংগ্ৰাম পৰিষদৰ সমৰ্থক আৰু শান্তি পৰিষদৰ সমৰ্থক খিলঞ্জীয়া গাঁওবাসীৰ ভিতৰত বাক-বিতণ্ডা চলে আৰু মিছিল বিশৃংখল হৈ উঠে৷ সেই সুযোগত কিছু দুষ্কৃতিকাৰীয়ে লুটপাত আৰু অগ্নিসংযোগ আৰম্ভ কৰে৷ মিছিলকাৰীৰ লগত উপযুক্ত নেতৃত্বৰ অভাৱ আছিল৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ছত্ৰভঙ্গ হোৱা মিছিলকাৰীৰ ওপৰত গুলি বৰ্ষণ কৰা হয়৷ ১৯ জুনৰ ঘটনাত পুলিচৰ গুলি আৰু সংগ্ৰাম পৰিষদৰ সমৰ্থক দুষ্কৃতিকাৰীৰ গুলিত মুঠ ১০ জন মুছলিম আৰু ৰ জন মণিপুৰী লোক নিহত হয় ৷ ১৯ জুন তাৰিখত অসমীয়া ভাষাৰ কাৰণে প্ৰাণ দি কোনো স্বীকৃতি নোপোৱা শ্বহীদ কেইজন হ’লঃ

(১) সৰু মিয়া লস্কৰ (২) মফুৰ আলি লস্কৰ (৩) ময়নুল হক (৪) মফুৰ আলি বৰভূঁঞা (৫) মাহমুদ আালি বৰভূঁঞা (৬) মতিউৰ ৰহমান লস্কৰ (৭) দুদু মিয়া লস্কৰ (৮) ছিকন্দৰ আলি মজুমদাৰ (৯) মনিৰ উদ্দিন (১০) ছফিকুদ্দিন (১১) সুশীল সিংহ৷

সেই সময়ত হাইলাকান্দি যিহেতু কাছাৰ জিলাৰ এটি মহকুমাহে মাত্ৰ আছিল আৰু সমগ্ৰ বৰাক উপত্যকাত মূলতঃ বংলাভাষী (বিশেষকৈ পূৰ্ববংগীয় মূলৰ হিন্দু) লোকৰ আধিপত্য চলে; আৰু ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জাতীয় নেতৃত্বই বৰাকৰ সেই অৱস্থালৈ চাই সমগ্ৰ উপত্যকাটোকে বংলাৰ পৃষ্ঠপোষক বুলি ধাৰণা কৰে, সেয়ে হাইলাকান্দিৰ এই শ্বহীদকেইজনে আজিলৈকে অসমীয়া জাতীয় নেতৃত্বৰ সুদৃষ্টিৰ পৰা বঞ্চিত হৈ আছে৷ কিন্তু ১৯ জুনৰ সেই ১১ গৰাকী শ্বহীদে এই কথা বৰাকৰ ইতিহাসত নিজৰ তেজেৰে লিখি থৈ গৈছে যে বৰাকৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলে (কাছাৰ মুছলিম, মণিপুৰী, ডিমাচা তথা অন্যান্য জনগোষ্ঠী) বৰাকৰ ভাষিক সম্প্ৰসাৰণবাদৰ পক্ষত কেতিয়াও থিয় দিয়া নাই আৰু তেওঁলোকে কাৰো স্বীকৃতি অবিহনেই অসমীয়া ভাষাৰ পক্ষত থিয় দি আহিছে৷