মিলট, মিলেট বৰ্ষ আৰু প্ৰাসঙ্গিক চিন্তা


Image Description

(যোৱা সংখ্যাৰ পৰা)
ইতিমধ্যে উল্লেখ কৰা হৈছে যে মিলেট অৰ্ধ মৰুময় খৰাং পীড়িত অঞ্চলৰ বাবেহে যথেষ্ট। অত্যধিক বৰষুণ হোৱা, সেমেকা জলবায়ু, পলসুৱা মাটিৰ ঠাইৰ বাবে নহয়। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে মধ্য প্ৰাচ্যৰ অৰ্ধ মৰুময় অঞ্চলত মিলেটৰ খেতি স্থানীয় পৰ্য্যায়ৰ খাদ্য নিৰাপত্তাৰ সহায়ক হ'ব।

আজি কিছু বছৰৰ পৰা অসম তথা উত্তৰ-পূব ভাৰতত উত্তৰ ভাৰতৰ ভাষা-সংস্কৃতি, ৰীতি-নীতি আদি জাপি দিয়াৰ বৰ্দ্ধিত প্ৰৱণতা দেখা গৈছে। এই কথা মনত ৰখা উচিত যে কোনো নতুন ধাৰণা বা কোনো নতুন কৃষিকাৰ্য্য পদ্ধতি নতুন ঠাইৰ অচিনাকী পৰিৱেশত খাপ খাব নে নাখায়? গোলোকীয় উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আদিক ৰোধ কৰিব পৰা নাযায়। কিন্তু এনে পৰিস্থিতিত বৰ্তি থাকিবলৈ স্থানীয় জৈৱসম্পদ, স্থানীয় প্ৰযুক্তি আৰু সিবিলাকৰ বিকাশ ঘটোৱাই তাৰ ওপৰতহে নিৰ্ভৰশীল হ'ব লাগিব।

কোনটো বতৰত কোনবোৰ শস্য খেতি কৰিব লাগে, কেনে ধৰণৰ মাটি কি শস্যৰ উপযোগী সেয়া মৌলিক কথা। আমাৰ শ্ৰমজীৱি কৃষক ৰাইজে সেয়া ভালদৰে জানো। কোনো ধৰণৰ বাচ-বিচাৰ নকৰাকৈ পৰীক্ষামূলকভাৱে পৰ্য্যৱেক্ষণ আৰু মূল্যায়ন নকৰাকে বহিৰাগত, অপৰিচিত শস্যৰ খেতি কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা।

নতুন চালানী শস্যৰ খেতিত ধানৰ ঠাইত পতান ওলোৱা, ফুলকবিৰ ফুল নোহোৱা, আদি খবৰ সংবাদ মাধ্যমত সততে পোৱা যায়। বহু বছৰ আগতে নগাপাহাৰৰ পাদদেশৰ পৰিৱেশত জোৱাৰ আৰু বজ্ৰাৰ পৰীক্ষামূলক খেতি কৰি দেখা গল, প্ৰাথমিক অৱস্থাত গছবোৰ ভালদৰে বৰ্ধিত হয়। কিন্তু গছত যেতিয়া গুটিৰ থোপাবোৰ হয় তেতিয়া ভেঁকুৰ আৰু বেক্টেৰিয়াজনিত ৰোগে সেয়া চানি ধৰে। গতিকে উৎপাদন বুলি বিশেষ নাথাকে।

বায়ুৰ আৰ্দ্ৰতা বা সেমেকা পৰিৱেশ ইয়াৰ অন্যতম কাৰণ বুলি ঠাৱৰ কৰা হৈছে। মন কৰিব লগা যে তিনিওবিধ মিলেট প্ৰধানকৈ খাৰিফ শস্য হিচাবে কৰা হয়। তিনিওবিধৰ গুটি সিঁচা হয় মে বা জুন মাহত (কেতিয়াবা জুলাইৰ প্ৰথম ভাগত)। আনহাতে শস্য চপোৱা হয় জোৱাৰৰ ক্ষেত্ৰত অক্ট'বৰ নভেম্বৰ মাহত বাকী দুবিধৰ শস্য চপোৱা হয় আগষ্ট-ছেপ্তেম্বৰ মাহত।

অসমত বাৰিষাৰ বতৰ আৰু বায়ু অতিপাত সেমেকা। এনে পৰিস্থিতিত আগগুৰি নোচোৱাকৈ মিলেটৰ খেতি কৰিলে কি হ'ব সেয়া সহজে অনুমেয়। প্ৰায় এক দশক পূৰ্বে উত্তৰ-পূবৰ অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠান নেডফীয়ে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবলৈ সুগন্ধি তেল আহৰণ কৰিব পৰা পাটচউনি নামৰ অ-থলুৱা উদ্ভিদৰ খেতি কৰিবলৈ লৈছিল। যথেষ্ট ধন বিনিয়োগ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত সেয়া বিফল হৈ পৰিত্যক্ত হৈ পৰিল।

১৯৭০ দশকতে যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰে (বৰ্তমান নেইষ্ট নামেৰে পৰিচিত) বিস্তৃত পৰীক্ষা-নিৰীক্ষা কৰি অসমৰ জলবায়ু, মাটি ভৌগলিক পৰিৱেশ পাটচউনি খেতিৰ বাবে উপয়ুক্ত নহ'ব বুলি মত দিয়ে। প্ৰতিষ্ঠানটোৱে পাটচাউনিৰ প্ৰকল্প লোৱাৰ পূৰ্বে আঞ্চলিক গৱেষণাগাঁৰৰ লগত পৰামৰ্শ কৰা হ'লে ইমান ধন,সময় আৰু পৰিশ্ৰম অথলে নগলহেঁতেন।

শুকান মাটি আৰু শুকান পৰিৱেশত খেতি কৰিবলৈ অসমৰ থলুৱা আহুধান উপযুক্ত। শালিধানৰ বিপৰীতে ইয়াত বোকা দিব নালাগে।পানী যোগান নালাগে। আমাৰ মিচিং জনগোষ্ঠীয় লোকসকলে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আয়ে লৃগাং উৎসৱ পালন কৰে। ইয়াৰ তাপৰ্য্য হ'ল ধান সিচাঁৰ আৰম্ভণি কৰা আৰু এই সময় হ'ল আহু আৰু বাওধান সিচাঁৰ।

উজনি অসমৰ বহু ঠাইত সীমিত পৰিসৰত কৰা আহুধান এতিয়া সততে খৰাংজনিত ঠাইবোৰত বহল পৰিসৰত খেতি কৰি বতৰৰ প্ৰতিকূলতাত বৰ্ত্তি থাকিবলৈ সহায়ক হ'ব। যেনে, নাগালেণ্ডৰ সমীপবৰ্ত্তী ধনশিৰি মহকুমা, উত্তৰ অসমৰ চিৰাং, বাক্সা জিলা আদি য'ত বৰষুণৰ অভাৱ, পানীৰ অন্যান্য উৎস শুকাই যোৱাৰ কথা সততে শুনা য়ায়। অৱশ্যে আহু খেতিৰ বাবে খেতিৰ সময়সূচী সলাব লাগিব।

তৰমুজৰ খেতিৰ বাবে বৰষুণো নালাগে, জলসিঞ্চনো নালাগে, ট্ৰেক্টৰ লৈ বা গৰুৰে হাল বাব নালাগে। অসমৰ জলবায়ুৰ পৰিৱেশত বিশেষকৈ চৰ অঞ্চলত তৰমুজৰ খেতিৰ চমৎকাৰিত্ব অতি আশাপ্ৰদ কথা।

স্থানীয় পৰিৱেশত কোনবিধ শস্য ফলপ্ৰসূ সেয়াহে গুৰুত্বপূৰ্ণ। গমিলেটৰ হৈ ওকালতি কৰাসকলে এই কথা মনত ৰখা উচিত। বিশ্ব সম্প্ৰদায়ে আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ উদযাপন কৰিছে আৰু ইয়াক সকলোৱে সন্মান জনাব লাগে। সেইবুলি অসমত মিলেট খেতি কৰিবলৈ উত্ৰাৱল হ'ব নালাগে।

অসমত উৎপাদিত ক'লা চাউলৰ খাদ্যগুণ অতি উন্নত। বজাৰ মূল্য, চাহিদা আদি উৎসাহজনক। ক'লা চাউলৰ পৰা প্ৰস্তুত কৰা তিল পিঠা, পিঠাগুৰি, কেক আদি তাৎক্ষণিক খাদ্যসম্ভাৰৰ চাহিদাই প্ৰমাণ কৰে যে প্ৰতিকূল পৰিস্থিতিটো আমি গ্ৰাম্য অৰ্থনীতি সতেজ কৰি ৰাখিব পাৰোঁ।

ভৱিষ্যতৰ কথা চিন্তা কৰি থলুৱা, অ-থলুৱা খাদ্য প্ৰজাতিৰ পৰীক্ষা- নিৰীক্ষাৰ জৰিয়তে মূল্যায়ন কৰি সোনকালে খৰাং, প্ৰতিকূল বতৰ সহনশীল নতুন খাদ্য প্ৰজাতিৰ তালিকা প্ৰস্তুত কৰাটো অতীব প্ৰয়োজনীয়।।