জৰুৰী প্ৰসঙ্গ

আদানী গোষ্ঠীৰ বন্দৰত ২১ হাজাৰ কোটিৰ ড্ৰাগছ জব্দ
নিজা প্ৰতিবেদক
ভাৰত চৰকাৰৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে ১৫ ছেপ্টেম্বৰত গুজৰাটৰ মুন্দ্ৰা বন্দৰত প্ৰায় তিনি হাজাৰ কেজি ড্ৰাগছ জব্দ কৰে। একেলগে ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ ইয়াৰ পূৰ্বে দেশত কেতিয়াও জব্দ হোৱা নাই। এতিয়ালৈকে ভাৰতত ড্ৰাগছ জব্দৰ এইটোৱেই সৰ্ববৃহৎ ঘটনা। জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ২১ হাজাৰ কোটি টকা হ'ব বুলি চোৰাংচোৱা সংস্থাটোৱে জনায়। এই ঘটনাৰ বাবে এতিয়ালৈকে এক দক্ষিণ ভাৰতীয় দম্পতি গ্ৰেপ্তাৰ কৰা হয়।
জানিব পৰা মতে প্ৰসাধনৰ বাবে ব্যৱহাৰ কৰা পাউদাৰ বুলি আফগানিস্তানৰ পৰা এই ড্ৰাগছখিনি প্ৰেৰণ কৰা হৈছিল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে একেটা ঠিকনাৰ পৰা প্ৰায় সমানসংখ্যক এনে পাউদাৰৰ পাৰ্চেল এই মুন্দ্ৰা বন্দৰলৈ প্ৰেৰণ কৰা হৈছিল বুলি তথ্য পোৱা গৈছে। যদি একে ধৰণৰ উপায়েৰে সেইবাৰো ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ প্ৰেৰণ কৰা হৈছিল, তেনেহলে ড্ৰাগছখিনিয়ে ইতিমধ্যে ভাৰতৰ বজাৰ দখল কৰাৰ সন্দেহ ঘনীভূত হৈছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল এই বন্দৰটোৰ পৰিচালনাৰ দায়িত্বত আছে প্ৰধান মন্ত্ৰী মোদীৰ পৰম মিত্ৰ আদানী গোষ্ঠী। ৰহস্যজনক কাৰণত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাটোৰ ইমান বৃহৎ সফলতাৰ খবৰ দেশৰ বৃহৎ সংবাদগোষ্ঠীসমূহৰ বাতৰিত গুৰুত্ব পোৱা নাই। এনে কাণ্ড-কাৰখানাই সচেতন মহলত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।