আফগানিস্তানৰ চকুলো


Image Description

মই কাহানিও আফগানিস্তানলৈ যোৱা নাই যদিও সদায় এই দেশখনৰ প্ৰতি এক প্ৰবল আকৰ্ষণ অনুভৱ কৰি আহিছোঁ। দেশখনৰ ইতিহাস, ভূগোল আৰু তাৰ বাসিন্দাসকলৰ বিষয়ে পঢ়ি সৰুতেই মোৰ মনত তাত এপাক মাৰি অহাৰ এটা বাসনাই দেখা দিছিল। সময় বাগৰাৰ লগে লগে এই বাসনা আৰু শক্তিশালী হৈ উঠিছিল। মোৰ মনত আছে কিদৰে স্কুলত ভূগোলৰ পাঠত পামিৰ পৰ্বতমালাৰ বিষয়ে পঢ়োঁতেই মোৰ মনত এই আগ্ৰহৰ জন্ম হৈছিল (এই পৰ্বতমালাৰ একাংশ আফগানিস্তানত পৰে)। তেতিয়াৰপৰাই মই আফগানিস্তানৰ বিষয়ে মোৰ হাতত আহি পৰা সকলো ধৰণৰ কিতাপ, প্ৰৱন্ধ আদি পঢ়িছোঁ আৰু সকলো তথ্যচিত্ৰ, বোলছবি আদি চাইছোঁ। গতিকে স্বাভাৱিকতে যোৱা কেইসপ্তাহত আফগানিস্তানত সংঘটিত হৈ থকা ঘটনাবোৰে মোক বাৰুকৈ মৰ্মাহত কৰিছে।


পামিৰ পৰ্বতমালা

এইখিনিতে মন কৰিবলগীয়া যে আফগানিস্তানত আফগান নামৰ কোনো জনজাতি নাই। আফগানিস্তান হৈছে এক সংমিশ্ৰিত জনগাঁঠনিৰ, ঘাইকৈ জনজাতীয় চৰিত্ৰৰ সমাজ। দেশখনত পাস্তুন, তাজিক, হাজাৰা, উজবেক, আইমাক, তুৰ্কমেন, বেলুছ, পাছাই, নুৰিস্তানি, গুজ্জৰ, আৰৱ, ব্ৰাহুই, কিজিলবাছ, পামিৰি, কিৰগিজ, ছাদাত আদি অসংখ্য নৃগোষ্ঠীয় লোক আছে। এইসকলৰ মাজত পাস্তুনসকল হৈছে সংখ্যাগৰিষ্ঠ, আৰু তেওঁলোকৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৩৮-৪২ শতাংশ। আধুনিক আফগানিস্তানৰ প্ৰতিষ্ঠাতা আছিল আহমেদ শ্বাহ দুৰাণী। অৱশ্যে পৰৱৰ্তী সময়ত দুৰাণীয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা ৰাজ্যখনৰ কিছু অংশ শিখ মহাৰাজা ৰঞ্জিত সিঙৰ অধীনলৈ যায় (এই অঞ্চলবোৰ বৰ্তমান পাকিস্তানৰ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ অন্তৰ্গত)।

এই অপৰিসীম ভৌগোলিক সৌন্দৰ্য্যৰে ভৰা আৰু বীৰ আৰু দুঃসাহসী লোকৰে ঠাহ খাই থকা দেশখনে বহু যুগৰেপৰা অনেক উপদ্ৰৱ আৰু দুৰ্ভাগ্যৰ সমুখীন হৈ আহিছে। এই দুৰ্ভাগ্যৰ এক মূল কাৰণ হৈছে দেশখনৰ ভৌগোলিক অৱস্থান। প্ৰাচীন আৰু মধ্যযুগত পৃথিৱীৰ পূবৰ পৰা পশ্চিমৰ অঞ্চলসমূহত আক্ৰমণ চলাবলৈ যোৱা আক্ৰমণকাৰীসকল (যেনে, চেঙ্গিজ খান আৰু তেওঁৰ উত্তৰাধিকাৰীহঁত) এই ঠাইৰ মাজেৰেই পাৰ হৈ গৈছিল; একেদৰে পশ্চিম দিশৰ পৰা ভাৰতবৰ্ষত আক্ৰমণ চলাবলৈ অহা আক্ৰমণকাৰীসকলো (যেনে, আলেকজেণ্ডাৰ, তুৰ্ক, আৰৱ ইত্যাদি) আহিছিল এই অঞ্চল হৈয়েই। এনেদৰে পাৰ হৈ যাওঁতে সিহঁতে সদায়ে আফগানিস্তানৰ জনবসতিবোৰত অনেক ধ্বংসলীলা সাধন কৰি গৈছিল। অষ্টাদশ আৰু ঊনবিংশ শতিকাত আফগানিস্তান আছিল দুই মহাশক্তি ৰাছিয়া আৰু গ্ৰেট ব্ৰিটেইনৰ সীমামূৰীয়া। ফলত এই গোটেই অঞ্চলটো পৰিণত হৈছিল এই দুই দেশৰ মাজত চলা ক্ষমতাৰ যুঁজৰ ৰক্তাক্ত ৰণথলীলৈ। এই সময়ছোৱাত ব্ৰিটিছে এই অঞ্চলৰ ওপৰত তিনিবাৰ আক্ৰমণ চলাইছিল। পিচে প্ৰতিবাৰেই ব্ৰিটিছৰ এই আক্ৰমণ ওফৰাই পেলোৱা হৈছিল, অথবা যুঁজত বিজয় লাভ কৰিলেও এই বিজয় হাচিল হৈছিল ইংৰাজ সৈন্যৰ বিস্তৰ ক্ষয়-ক্ষতিৰ বিনিময়ত। তাৰ পাছত বিংশ শতিকাৰ দ্বিতীয় ভাগত, ১৯৭৮ চনত হোৱা এক সামৰিক অভ্যুত্থানৰ ফলত আফগানিস্তান লিপ্ত হৈ পৰিছিল আমেৰিকা আৰু ছ'ভিয়েট ৰাছিয়াৰ মাজত চলা শীতল যুদ্ধত। এই অভ্যুত্থানক চৌৰ বিপ্লৱ বুলিও কোৱা হয়। ইয়াৰ ফলত আফগানিস্তানত কমিউনিষ্ট দলে ক্ষমতা দখল কৰে। তাৰ পিছত আফগানিস্তান হৈ পৰে আমেৰিকা যুক্তৰাষ্ট্ৰই নেতৃত্ব দিয়া পুঁজিপতি মহল আৰু ইউএছএছআৰে নেতৃত্ব দিয়া সমাজতান্ত্ৰিক মহলৰ মাজৰ ৰণখনৰ শিখণ্ডীস্বৰূপ।

ইয়াৰ পাছত সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তাৰ মিত্ৰ চৌদি আৰৱ আৰু পাকিস্তানে আফগানিস্তানৰ মুজাহিদীন নামৰ সশস্ত্ৰ ধৰ্মীয় উগ্ৰপন্থী দলটোক কেইবা বিলিয়ন ডলাৰ মূল্যৰ সামৰিক আহিলা-পাতিৰ যোগান ধৰে (কোনো কোনোৱে অনুমান কৰে যে এই আহিলা-পাতিবোৰৰ মুঠ মূল্য হ’ব প্ৰায় ১২ বিলিয়ন ইউএছ ডলাৰ)। তেওঁলোকৰ উদ্দেশ্য—ছোভিয়েট ৰাছিয়া সমৰ্থিত এই কমিউনিষ্ট দলটোক শাসনৰপৰা গুচুৱা। ইয়াৰ পিছত চলা ৯ বছৰ জোৰা যুদ্ধখনত প্ৰায় ৫,৬২,০০০-ৰপৰা ২০,০০,০০০জন লোক নিহত হয়, প্ৰায় ৫ নিযুত লোক দেশান্তৰী হৈ শৰণাৰ্থীত পৰিণত হয়, ২ নিযুত লোক গৃহহাৰা হয় আৰু প্ৰায় ৩০ লাখ আফগান লোক আহত হয় (ইয়াৰে বেছিভাগেই সাধাৰণ নাগৰিক)। অৱশেষত ছ'ভিয়েট যুক্তৰাষ্ট্ৰই এই যুদ্ধৰ চৰা ব্যয় বহন কৰিব নোৱাৰি ১৯৮৭ চনৰ ২০ জুলাইত যুদ্ধৰপৰা ওলাই আহে।


মুজাহিদীন

এইখিনিতে মন কৰিবলগীয়া যে ৰুছ বাহিনীক ইমান হেলাৰঙে পৰাজিত কৰা এই মুজাহিদীনখিনিৰ গাঁঠনি আছিল সংমিশ্ৰিত প্ৰকৃতিৰ। সিহঁত আছিল স্বাধীন যুঁজাৰু, জনজাতীয় যোদ্ধা আৰু বিভিন্ন মোল্লাৰ নেতৃত্বাধীন ইছলামৰ বিভিন্ন সম্প্ৰদায়ৰ যুঁজাৰুৰে গঠিত এক বিচিত্ৰ বাহিনী। ৰুছখিনিক আফগান ভূমিৰপৰা আঁতৰ কৰা উমৈহতীয়া উদ্দেশ্যটোৱেই আছিল এই বিভিন্ন গোষ্ঠীবোৰৰ মাজত একমাত্ৰ মিল; তাৰ বাহিৰে তেওঁলোকৰ কোনো ধৰণৰ সহযোগিতা বা সামঞ্জস্য নাছিল।

ছোভিয়েট ৰাছিয়াই যুদ্ধক্ষেত্ৰ ত্যাগ কৰা লগে লগেই আমেৰিকায়ো এই যুঁজখনৰপৰা আঁতৰি আহে। ফলত পৰৱৰ্তী বছৰবোৰত আফগানিস্তানত এক ভীষণ ৰক্তক্ষয়ী গৃহযুদ্ধ আৰম্ভ হয়। দেশখনৰ বিভিন্ন জনগোষ্ঠী আৰু ফৈদবোৰে ইটোৱে-সিটোৰ সৈতে অসংখ্য অন্তহীন ৰণত লিপ্ত হৈ পৰে।

ইয়াৰ মাজতে মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলৰ এটা গোট বা ‘তালিবে’ মহম্মদ ওমৰ নামৰ ধৰ্মান্ধ মোল্লা এজনৰ নেতৃত্বত ১৯৯২ চনত তালিবানৰ প্ৰতিষ্ঠা কৰে। এই তালিবসকল জমিয়ত-ই-উলেমা আৰু তাৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ গোটবোৰৰদ্বাৰা সমৰ্থিত ইছলামৰ এক উগ্ৰ দেওবন্দী বাখ্যাৰদ্বাৰা দীক্ষিত হৈছিল। তাৰ লগতে যোগ হৈছিল পাস্তুনসকলৰ জনজাতীয় মূল্যবোধৰদ্বাৰা প্ৰভাৱিত এক বিশেষ ধৰণৰ শ্বাৰিয়া আইন, যাক পাস্তুনৱালী বুলি জনা যায়। আফগানিস্তানত চলি থকা এই বিশৃংখলতাৰ সুযোগ লৈ আৰু পাকিস্তানৰ সমৰ্থন লাভ কৰি এই তালিবানে অচিৰেই আফগানিস্তানৰ অধিকাংশ অঞ্চল দখল কৰে আৰু ১৯৯৬ চনত ‘আফগানিস্তানী ইছলামীয় আমিৰাত’ প্ৰতিষ্ঠা কৰে। পাকিস্তানৰ উদ্দেশ্য আছিল তালিবানক সহায় কৰি আফগানিস্তানৰ শাসন-প্ৰক্ৰিয়াত আওপকীয়াকৈ নিজৰ প্ৰভাৱ বিস্তাৰ কৰা।


তালিবান

তাৰ পিছত আফগানিস্তানত এক চৰম স্বেচ্ছাচাৰী আৰু নৃশংস শাসন আৰম্ভ হ’ল। আধুনিক বিশ্বত তেনে ধৰণৰ অপশাসনৰ নজিৰ তেনেই কম। অসংখ্য মানুহক পাথৰ মাৰি মৰা হ’ল; মানৱ অধিকাৰৰ চিন-মোকাম নোহোৱা কৰি পেলোৱা হ’ল; নাৰীসকলৰ অধিকাৰ আৰু স্বাধীনতা সম্পূৰ্ণৰূপে লোপ কৰা হ’ল। বিশ্বৰ সকলো দেশৰে উগ্ৰ ইছলামপন্থী সন্ত্ৰাসবাদীবোৰে আহি তালিবানশাসিত আফগান ভূমিত নিজৰ নিজৰ ঘাটি স্থাপন কৰিলে আৰু সন্ত্ৰাসবাদৰ জৰিয়তে পৃথিৱীত এক ইছলামীয় খিলাফত প্ৰতিষ্ঠা কৰাৰ সপোন দেখিবলৈ ধৰিলে। এইসকলৰ ভিতৰত আটাইতকৈ লেখত ল’বলগীয়া আছিল ওচামা বিন লাডেন।

ইতিহাসে বাৰে বাৰে দেখুৱাইছে যে ধৰ্মীয় মৌলবাদ আৰু গোড়ামীয়ে সদায় ধ্বংসৰ পথহে মুকলি কৰে।এই কথা ওচামা বিন লাডেনৰ ক্ষেত্ৰতো ষোল অনাই খাটে। আফগান ভূমিৰপৰা এই জিহাদীজনে পাশ্চাত্য আধুনিকতাৰ বিৰুদ্ধে এক তীব্ৰ অভিযান আৰম্ভ কৰে, আৰু যিহেতু সিহঁতৰ চকুত এই আধুনিকতাৰ ঘাই ধ্বজাবাহক হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, সেয়েহে সিহঁতে আমেৰিকাকে সিহঁতৰ প্ৰধান লক্ষ্য কৰি লয়। ইয়াৰে ফলশ্ৰুতি আছিল নিউয়ৰ্ক চহৰৰ ওপৰত ২০০১ চনত চলা ৯/১১ ৰ আক্ৰমণ, য’ত ২,৯৯৬ জন সাধাৰণ লোকৰ মৃত্যু হোৱাৰ লগতে ৬,০০০ৰো অধিক লোক আহত হৈছিল।


ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্ৰমণ

এই কাৰ্য্যৰ প্ৰত্যুত্তৰত আমেৰিকা যুক্তৰাষ্ট্ৰই সকলো নাটো সদস্যসহ ৪০ খনতকৈও অধিক দেশৰ মিত্ৰজোঁটক লগত লৈ আফগানিস্তানৰ ওপৰত আক্ৰমণ কৰে। এই মিত্ৰজোঁটৰ সমৰ্থন লাভ কৰি তালিবান-বিৰোধী আফগান মুজাহিদীনৰ এটা দলে উত্তৰৰ অঞ্চলবোৰৰপৰা আহি তালিবানখিনিক কাবুলৰপৰা খেদি পঠিয়ায়। তাৰ পাছত সিহঁতে এই মিত্ৰজোঁটৰ সমৰ্থনত হামিদ কাৰজাইৰ নেতৃত্বত আফগানিস্তানত এখন অন্তৱৰ্তীকালীন চৰকাৰ স্থাপন কৰে।

পিচে গণতন্ত্ৰ ৰাতিটোৰ ভিতৰতে প্ৰতিষ্ঠা কৰিব পৰা বস্তু নহয়। গণতন্ত্ৰ সৃষ্টি হ’ব লাগিব স্বতঃস্ফূৰ্তভাৱে, এখন ঠাইৰ সাংস্কৃতিক পটভূমিৰ সৈতে খাপ খোৱাকৈ। তাক বাহিৰৰপৰা জাপি দিবও নোৱাৰি—তাৰ বাবে লাগে স্থানীয় সমৰ্থন। এই কথা আফগানিস্তানৰ ক্ষেত্ৰতো পুনৰবাৰ প্ৰমাণিত হ’ল—কাৰজাইৰ নেতৃত্বাধীন চৰকাৰখন আৰু তাৰ পৰৱৰ্তী গণতান্ত্ৰিক চৰকাৰবোৰৰ বিৰুদ্ধে কুশাসন, পৰ্বতসম দুৰ্নীতি, আৰু ক্ষমতাৰ বাবে তীব্ৰ খোৱা-কামোৰাত লিপ্ত হোৱাৰ অসংখ্য অভিযোগত উত্থাপিত হ’বলৈ ধৰিলে।


হামিদ কাৰজাই

ফল স্বৰূপে আফগানিস্তানত আকৌ এবাৰ বিদ্ৰোহ আৰু সন্ত্ৰাসবাদে মূৰ তুলি উঠিল আৰু এই সুযোগটো তালিবানে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিলে। ২০১২ চনলৈ সিহঁত পুনৰাই সক্ৰিয় হৈ উঠিল। ইতিমধ্যে ৰণক্লান্ত আমেৰিকা যুক্তৰাষ্ট্ৰয়ো আফগান ভূমিৰ চক্ৰবেহুৰপৰা ওলাই অহাৰ পথ বিচাৰিবলৈ ধৰিছিল। আফগানিস্তানত নিজৰ নিয়ন্ত্ৰণাধীন চৰকাৰ স্থাপনৰ সুযোগ বিচাৰি থকা পাকিস্তানে আকৌ এবাৰ তালিবানক অস্ত্ৰ-শস্ত্ৰ আদিৰে সহায় কৰিবলৈ ধৰিলে।দুমুখীয়া চৰিত্ৰৰ পাকিস্তানী শাসকগোষ্ঠীয়ে আমেৰিকান চৰকাৰক বুজনি দিলে যে তালিবানৰ সৈতে আলোচনাত বহি সিহঁতক আফগান চৰকাৰৰ সৈতে ক্ষমতাৰ ভাগ-বটোৱাৰা কৰিবলৈ সৈমান কৰোৱাটোৱেই হৈছে এই চক্ৰবেহুৰপৰা ওলাই অহাৰ একমাত্ৰ উপায়।

২০১৮ চনত আমেৰিকাই আফগান চৰকাৰ বা আফগানিস্তানৰ জনসাধাৰণ কাকো জড়িত নকৰাকৈয়ে তালিবানৰ সৈতে শান্তি আলোচনা আৰম্ভ কৰিলে। ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তালিবানে কাটাৰৰ ডোহাত এক শান্তি চুক্তি স্বাক্ষৰ কৰে। ইয়াক “ডোহা চুক্তি” বা আনুষ্ঠানিকভাৱে “আফগানিস্তানলৈ শান্তি ঘূৰাই অনাৰ চুক্তি” বুলি জনা যায়। এই চুক্তিৰ চৰ্তসমূহৰ ভিতৰত অন্যতম আছিল আফগানিস্তানৰপৰা সকলো আমেৰিকান আৰু নাটো সৈন্য প্ৰত্যাহাৰ কৰা; তালিবানে নিজৰ নিয়ন্ত্ৰণাধীন অঞ্চলসমূহত আল-কায়েদাৰ সকলো কাৰ্য্য-কলাপ নিষিদ্ধ কৰা, আৰু সিহঁতে আফগান চৰকাৰৰ সৈতে যুদ্ধ-বিৰতিৰ আলোচনাত লিপ্ত হোৱা।


কাটাৰৰ ডোহাত আলোচনা

পিচে তালিবানৰ এই চুক্তিসমূহ মানি চলা, ক্ষমতাৰ ভাগ-বতৰা কৰা, অথবা আফগানিস্তানত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা, এই কোনোটোৰে একো মতলব নাছিল। সিহঁতে নানা অজুহাত দেখুৱাই আফগান চৰকাৰৰ সৈতে আলোচনাত বহাৰপৰা বিৰত আছিল, আৰু আলোচনাত বহাৰ পূৰ্বচৰ্ত হিচাবে বিভিন্ন অবান্তৰ দাবী দাঙি ধৰিছিল। তেনে এটা দাবী আছিল আফগান কাৰাগাৰত বন্দী হৈ থকা তালিবানৰ ৫০০০ উগ্ৰ যুঁজাৰুক মুক্তি প্ৰদান কৰা। যি কোনো প্ৰকাৰে ‘শান্তি প্ৰতিষ্ঠা’ৰ বাবে উদগ্ৰীৱ আমেৰিকা যুক্তৰাষ্ট্ৰই আফগান চৰকাৰক তালিবানৰ এই দাবী মানি চলিবলৈ বাধ্য কৰিছিল। পিচে আমেৰিকাই এই কাৰ্য্যৰদ্বাৰা কি গুৰুতৰ ভুল কৰিলে সেই কথা অচিৰেই ওলাই পৰিল: যেতিয়াই আফগানিস্তানৰপৰা আমেৰিকান সৈন্যবোৰ স্বদেশলৈ ওভতি যাবলৈ আৰম্ভ কৰিলে, তেতিয়াই এই সদ্য-মুক্তিপ্ৰাপ্ত তালিবান যুঁজাৰুহঁতে পুনৰ দলত যোগ দি দলৰ ৰাজহাড়স্বৰূপ হৈ পৰিল।

২০২১ চনৰ জুলাই মাহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠে, আৰু লগে লগে তালিবানে আফগানিস্তানৰ এখনৰ পিছত ইখন প্ৰদেশ দখল কৰিবলৈ ধৰে। জুলাইৰ শেষৰ ফালে তালিবানে প্ৰায় সকলোবোৰ গ্ৰাম্য-অঞ্চলত নিজৰ শাসন গজগজীয়া কৰে আৰু দেশখনৰ সীমান্ত প্ৰদেশসমূহকো নিজৰ নিয়ন্ত্ৰণলৈ আনে। ফলত কাবুলকে ধৰি আফগানিস্তানৰ প্ৰধান চহৰসমূহ সম্পূৰ্ণৰূপে অৱৰুদ্ধ হৈ পৰে।

ইতিমধ্যে আফগান চৰকাৰতো ভাঙোন আৰম্ভ হৈছিল। সৰহভাগ আফগান সেনাই হয় তালিবানৰ ওচৰত আত্মসমৰ্পণ কৰিছিল অথবা সিহঁতৰ সৈতে হাত মিলাইছিল। লাহে লাহে বাকী থকা চহৰবোৰো এখন এখনকৈ তালিবানৰ হাতত পৰিবলৈ আৰম্ভ কৰিছিল। ২০২১ চনৰ ১৫ আগষ্টত আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে যুদ্ধবিধ্বস্ত দেশখনলৈ পিঠি দি ধনেৰে ভৰ্তি হেলিকপ্টাৰত উঠি কাবুলৰপৰা উৰা মাৰে আৰু বিজয়ী তালিবান বাহিনীয়ে বীৰদৰ্পে কাবুলত প্ৰৱেশ কৰে।


আশ্ৰাফ ঘানি

ইয়াৰ লগে লগে আফগানিস্তানত আকৌ এক অন্ধকাৰ যুগৰ আৰম্ভণি ঘটিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তাৰ নেতাসকলে আফগানিস্তানত দুৰ্নীতি নিয়ন্ত্ৰণ কৰি সুশাসন প্ৰতিষ্ঠা কৰাত আৰু সেইদৰে এক শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থাৰ ভেটি গঢ়ি তোলাত যি ব্যৰ্থতা প্ৰদৰ্শন কৰিলে তাৰ বাবে আফগান জনসাধাৰণে কি যাতনা ভোগ কৰিবলগীয়া হ’ব সেয়া সময়েহে ক’ব।