আই - কল্পনা চৌধুৰী, কিয়? - চিন্ময় চৌধুৰী
12th March, 2023
দুটা কবিতা
আই
কল্পনা চৌধুৰী
কিয়?
চিন্ময় চৌধুৰী
আই
কল্পনা চৌধুৰী
কিয়?
চিন্ময় চৌধুৰী
পুৰণি কালত অসমীয়া ভাষাত হাইফেনৰ ব্যৱহাৰ নাছিল ৷ কিন্তু আজিকালি অসমীয়া ভাষা লিখোঁতে হাইফেনৰ ব্যৱহাৰ অপৰিহাৰ্য্য হৈ পৰিছে ৷ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা এই হাইফেন ইংৰাজী ভাষাৰ পৰা আহিছে।
অধিক পঢ়কএই বননিখনৰ গিৰিহঁতক মই চাগে চিনি পাওঁ,
সৌ দূৰণিৰ গাওঁখনত তেওঁ থাকে,
তুষাৰে ধীৰে ধীৰে আৱৰি ধৰা বননিখনত,
তেওঁ মোক ৰৈ থকা নেদেখে।
অসমীয়া সাহিত্যত সাৰ্থক আৰু যথাৰ্থ জীৱনীৰ অভাৱ বৰ্তমানলৈকে পূৰণ নহ'ল বুলি ক'লেও ভুল কোৱা নহয়।আজিলৈকে যিমানকেইখন জীৱনী ৰচিত হ'ল, তাৰ বেছিভাগেই হয় উপন্যাসধৰ্মী নহয় পুৰণি চৰিত পুথিৰ আৰ্হিত ৰচিত জীৱনৰ গুণানুকীৰ্তন মাত্ৰ।
অধিক পঢ়কঅসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন মত পোষণ কৰিছে৷ এনে ক্ষেত্ৰত আমি সীমিত জ্ঞানেৰে কোনো ধৰণৰ সিদ্ধান্ত দিয়াৰ ধৃষ্টতা কৰিব নোৱাৰোঁ ৷ বৰঞ্চ কোনো কৌতুহলী মনক অসমীয়া লিপি সম্পৰ্কে আভাস দিয়াৰহে চেষ্টা কৰা হৈছে৷
অধিক পঢ়কপৰুৱা আৰু ফৰিঙৰ
সাধুটো শুনাই
আমি আমাৰ সন্তানবোৰক
শিকাওঁ
পৰুৱাবোৰৰ পৰা শিকিবাঁ
শাৰীত থিয় হ'বাঁ
অনুসৰণ কৰিবাঁ
লাভ থকা কাম এটি বাচি ল'বাঁ।
চন্দ্ৰবিন্দু অসমীয়া ভাষাৰ এটা বিশিষ্ট ধ্বনি। কিয়নো ই শব্দৰ অৰ্থৰ পাৰ্থক্য সৃষ্টি কৰিব পাৰে। চন্দ্ৰবিন্দু দিয়া বা নিদিয়াক লৈ কোনো এটা 'শব্দ' শব্দ হ'বও পাৰে আৰু 'শব্দ'টো সাৰ্থক শব্দ নহৈ নিৰৰ্থক শব্দও হ'ব পাৰে।
অধিক পঢ়ক‘তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা
তোমাৰ মূল্য এনিশাৰ।
পিছৰ দিনা সূৰুয উঠাৰ
পিছৰ বাহী শয্যাত
তুমি মূল্যবিহীন ভাৰ।'
(২, যোৱা সংখ্যাৰ পৰা)
অসমীয়া ভাষাৰ উদ্ভৱৰ সময় নিৰূপণৰ সমান্তৰাললৈ অসমীয়া ভাষাৰ জন্মৰ উৎস নিৰূপণো গুৰুত্বপূৰ্ণ৷
পৃথিৱীৰ চহকী ভাষা হিচাপে প্ৰসিদ্ধ ভাষা কিছুমান হৈছে- গ্ৰীক, ফৰাছী, জাৰ্মান, লেটিন, ইংৰাজী ইত্যাদি৷
অধিক পঢ়কনৱ্য মাধ্যম, অৰ্থাৎ ডিজিটেল মাধ্যম হৈছে বৰ্তমান একবিংশ শতিকাৰ এনে এক চৰ্চিত আৰু প্ৰভাৱশালী উপকৰণ, যাৰ ওপৰত ভিত্তি কৰি আধুনিক সমাজ-সভ্যতা-সংস্কৃতি বৰ্তি আছে৷ সেইদৰে এটা সংস্কৃতি, এটা ভাষা কিমান সমৃদ্ধ সেই কথা সাব্যস্ত কৰাৰো বৰ্তমান উপযুক্ত মাধ্যম হ’ল ডিজিটেল মাধ্যম৷
অধিক পঢ়কব্যক্তিজনৰ নাম শ্ৰীপতি টুডু ৷ এজন শিক্ষক ৷ পশ্চিম বঙ্গৰ ৷
অধিক পঢ়কঅ' মোৰ আপোনাৰ দেশ
অ' মোৰ চিকুণী দেশ
এনেখন শুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ।
মোৰ জন্মৰ বহু কাল
আগৰ পৰা মোৰ আত্মাই
সপোনত এখন ঠাই
বিচাৰি আছিল
লিঅ’ টলষ্টয় (১৮২৮-১৯১০)-ৰ এখন কালজয়ী উপন্যাস যুদ্ধ আৰু শান্তি। প্ৰায় পাঁচশৰো অধিক চৰিত্ৰ সম্বলিত এই উপন্যাসখনৰ কোনো এটা চৰিত্ৰকে মুখ্য চৰিত্ৰ বা নায়ক/নায়িকা বুলি ক’ব নোৱাৰি। কিন্তু অৰ্লাণ্ড’ ফাইজিজ নামৰ ইংৰাজ ইতিহাসবিদ গৰাকীয়ে “Tolstoy’s Real Hero” নামৰ প্ৰৱন্ধ এটাত কৈছে যে টলষ্টয়ৰ এই উপন্যাসখনৰ প্ৰকৃত নায়ক হৈছে ৰুছ ভাষা। কেনেকৈ?
অধিক পঢ়কৰাতিপুৱাৰ কোমল বেলিটো লৈ সৰিয়হডৰা বহি আছিল
কাষত থিয় হৈ চাংঘৰটো
হাত বাগৰি অহা কিতাপবোৰ মুক্ত
বনৰীয়া অঘৰী পখী, যি নানাৰঙী পাখি
মেলি জাকি মাৰি আহে। সিহঁতৰ আগত
পুথিভঁৰালৰ ধূসৰ শাৰীবোৰ যেন
সজাতে মৰহি যোৱা বন্দী চৰাই।
বিষ্ণুপ্ৰসাদ ৰাভা
...'গতিকে অসমীয়া ভাষাৰ বৰ্তমান বিশেষত্ব গঢ়িছে খৰাছীসকলে৷ কাৰণ আগেয়ে ৰে’ল-জাহাজ নাছিল, গতিকে তেতিয়া যি কোনো ভাষা-কৃষ্টি বা সভ্যতা অসমীয়াৰ অন্তঃস্থলত আহিব লগা হ’লে খৰাছী জাতিৰ মাজেদি জঙা বা জুমাই ৰসৰ দৰে নিগৰি নিগৰি ওলাই আহি মাজ পাওঁতে ই নতুন ৰূপ লৈছিল৷ অসমৰ সুকীয়া অসমীয়া কৃষ্টি থকা অঞ্চলৰ পশ্চিমবাহৰ বা দুৱাৰ ৰক্ষা কৰি আছে লালুং, ৰামছ, ডিমাছা খছাৰীসকলে, আৰু পূৱ-দুৱাৰৰ ফাটোৱাল দুৱৰীৰূপে আছে বৰাহী, মৰাণ, দেউৰী, চুতীয়া, সোণোৱাল আদি হালালী ৰাজ্যৰ খছাৰীসকলে, উত্তৰে হিমালয় পৰ্বতশাৰী আছেই৷ গতিকে অসমৰ অসমীয়া ভাষা, কৃষ্টি, সভ্যতা, বেছিভাগ অৱদান খছাৰীসকলৰ হ’বই লাগিব আৰু হয়ো৷ বহুতে ক’ব পাৰে, খছাৰীৰ নিজৰ মাতৃভাষা আছে৷ বোলো দেও, সিটো ঘৰুৱা ভাষা৷ কিন্তু এইটো পাহৰিলা নে যে খছাৰীসকল এসময়ত শাসক জাতি [dominant] আছিল। গতিকে শাসনৰ সুচলৰ কাৰণে সিহঁতে আৰু এটা ভাষা গঢ়ি লৈছিল; সেই কাৰণে খছাৰীসকল অতীজতে যেনে দো-ভাষাভাষী [bi-linguous] আছিল এতিয়াও সেয়েই৷ গতিকে কামৰূপীয়া ভাষা তথা প্ৰাচীন অসমীয়া ভাষাৰ গঢ় দিওঁতা, খছাৰীসকলো৷’...
হেমন্তৰ হালধীয়া বননি এখনত
দুটা বাট দুফালে গতি কৰিছে...
আস্ মই দুখিত
এজন বাটৰুৱা হোৱা হেতুকে
মই দুয়োটাতেই
খোজ কাঢ়িব নোৱাৰিম৷
মই বহুপৰ ৰ’লোঁ,
বাট দুটিয়ে ভাঁজ লৈ
বননিত হেৰাই নোযোৱালৈকে,
যিমান দূৰলৈ পাৰি চালোঁ...
সু-সাহিত্যিক নীলমণি ফুকনৰ জন্ম হৈছিল ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে দেৰগাঁৱত । তেওঁৰ পিতাকৰ নাম কীৰ্তিনাথ ফুকন আৰু মাকৰ নাম বৰদা ফুকন ।
অধিক পঢ়ক'কাইলৈৰ পৰা আঁতৰি যাব
আমাৰ হৃদয়ৰ গভীৰ বেদনাবোৰ
কাইলৈৰ পৰা আঁতৰি যাব আমাৰ দুখৰ অবিশ্ৰান্ত বৰষুণজাক
কাইলৈৰ পৰা আমাৰ জীৱনৰ মেঘাচ্ছন্ন আকাশ স্বচ্ছ হ'ব ।
কাইলৈৰ পৰা ভয়ানক আতংকৰে ভৰা ৰাতিবোৰৰ মৃত্যু হ'ব'
আলি আহমেদ ডাঙৰীয়াৰ সৈতে আমাৰ যি কথা-বতৰা হ'ল, ঘূৰি আহি সকলো কথা আমি আছু তথা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত আলোচনা কৰিলোঁ। সৰ্বসন্মত সিদ্ধান্ত হ'ল - আমি এখোজো পিছুৱাই অহাৰ কথাই নাই। মোজাম্মিল হক, অনিল বৰা আৰু নৰেন মহন্ত ইতিমধ্যে শ্বহীদ হৈছে। পুলিছ-মিলিটাৰীৰ অত্যাচাৰ গোটেই অসমতে চলি আছে। আন্দোলনটোক সাম্প্ৰদায়িক ৰূপ দিবলৈ প্ৰচেষ্টা চলিছে আৰু ত্ৰিছজনৰ অধিক লোকে প্ৰাণ হেৰুৱাইছে অসমৰ বিভিন্ন ঠাইত। কিন্তু আছু আৰু অসমৰ লোক একমত যে অসমক দ্বিভাষিক ৰাজ্যলৈ পৰিণত হ'বলৈ কেতিয়াও নিদিওঁ।
অধিক পঢ়ক..‘শৰতৰ মই মোৰ সমস্ত দুখ সামৰি লওঁ আৰু বাগিচাত সিহঁতক সমাধিস্থ কৰোঁ৷ যেতিয়া এপ্ৰিল আৰু বসন্ত ঋতুই পৃথিৱীক আঁকোৱালি ল’ব আহে, তেতিয়া মোৰ বাগিচাতে সিহঁতবোৰ কেতিয়াও, ক’তো নুফুলা ফুল এজাক হৈ ফুলি উঠে৷ মোৰ প্ৰতিবেশীবোৰে সিহঁতবোৰক চাব আহে৷ আৰু মোক কয়, ‘পুনৰ যেতিয়া শৰত আহিব, বীজৰোপণৰ সময়ত, তুমি আমাক এই ফুলবোৰৰ বীজ নিদিবানে? আমিও আমাৰ বাগিচাত এই ফুলবোৰ ফুলাব খোজোঁ৷’– খালিন জিব্ৰান৷
অধিক পঢ়ক..ইতিমধ্যে মাধ্যম আন্দোলনে এনে এক ৰূপ ধাৰণ কৰিলে যে আটায়ে বুজিলে উচ্চশিক্ষাৰ মাধ্যম হিচাপে অসমীয়াৰ বাহিৰে আন কোনো ভাষা অসমৰ ৰাইজে মানি নলয়।আছুৰ আহ্বানত প্ৰতিদিনে লাখ লাখ মানুহ পথলৈ ওলাই আহিল আৰু সমস্বৰে দাবী কৰিলে ২৩ছেপ্টেম্বৰ ১৯৭২চনৰ অসম বিধান সভাৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰি উচ্চ শিক্ষাৰ মাধ্যম হিচাপে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত অসম চৰকাৰে মানি লব লাগে। ঠায়ে ঠায়ে দুই এটা আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈ থাকিল যদিও সামগ্রিকভাৱে আন্দোলনটো শান্তিপূৰ্ণ হৈ থাকিল। পোনপ্ৰথম বাৰৰ বাবে ছাত্র সন্থাৰ আহ্বানত এটা গণ আন্দোলন গঢ়ি উঠিল।
অধিক পঢ়ক..বিশিষ্ট মানৱতাবাদী আৰু প্ৰগতিশীল লেখিকা, শিশু সাহিত্য ৰচনাৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে ২০১৩ চনত সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত সুলেখিকা তোষপ্ৰভা কলিতাৰ ১ অক্ট'বৰৰ আবেলি প্ৰায় ৫ বজাত গুৱাহাটীৰ দক্ষিণ শৰণীয়া অঞ্চলৰ নিজ বাসগৃহত দেহাৱসান হয়। মৃত্যুৰ সময়ত বিশিষ্ট লেখিকা গৰাকীৰ বয়স হৈছিল ৮৩ বছৰ।
অধিক পঢ়ক..তেতিয়াৰ পৰা প্ৰতিদিনে 'আছু'ৰ বিবৃতি লৈ সন্ধিয়াৰ আগে আগে জালুকবাৰীৰ পৰা দৈনিক অসম - আসাম ট্ৰিবিউনৰ চান্দমাৰি কাৰ্য্যালয়লৈ যাওঁ। প্ৰতিদিনে জনসাধাৰণে বাট চাই থাকে আছুৰ বিবৃতিৰ বাবে। অতি সোনকালেই আছু পৰিণত হ'ল এটা জাতীয় সংগঠনত - পোন প্ৰথমবাৰৰ বাবে। অসমৰ জনসাধাৰণে আছুৰ মুখলৈ চাবলৈ ল'লে, আছুহে যেন ত্ৰাণকৰ্তা। আমাৰ মনলৈও গৌৰৱবোধ আহিল - বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত আবেলি বহি লিখা আছুৰ বিবৃতিৰ প্ৰতি জনসাধাৰণৰ অধীৰ আগ্ৰহ দেখি।...
অধিক পঢ়ক..৫ অক্টোবৰ, ১৯৭২ ৰ অসম বন্ধ সৰ্বাত্মক ৰূপত সফল হ'ল। অসমৰ জাতীয়তাবাদী চিন্তাধাৰাৰ ক্ষেত্ৰত বোধহয় প্ৰথম অসম বন্ধ। অবিভক্ত দৰং জিলাতো জনসাধাৰণ আৰু ছাত্ৰসকল পুৱাই ওলাই আহিল পথলৈ আৰু বন্ধ পূৰামাত্ৰাই সফল হ'ল। সন্ধিয়ালৈ আমি জানিব পাৰিলোঁ যে মঙলদৈৰ পৰা খাৰুপেটীয়ালৈ বন্ধ পাভলনৰ তদাৰক কৰিবলৈ যোৱা ছাত্ৰৰ দল এটাৰ ওপৰত বন্ধবিৰোধী অনা-অসমীয়াৰ দল এটাই আক্ৰমণ চলায়। মঙলদৈৰ স্কুলীয়া ছাত্ৰ মোজাম্মিল হক এই আক্ৰমণত গুৰুতৰভাৱে আহত হয়। তেতিয়া গাড়ী মটৰ এম্বুলেঞ্চৰ অভাৱ। ৰাতিটো মঙলদৈতে ৰাখি পিছদিনা পুৱাই মোজাম্মিলক পাণবজাৰৰ মহেন্দ্ৰমোহন চৌধুৰী হস্পিটেললৈ অনা হয় (তেতিয়া এই নামটো আছিল নে নাই মনত পৰা নাই, বোধহয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ো তেতিয়া তাতেই আছিল)। প্ৰসন্ন চৌধুৰী আৰু আমি বহুতবোৰ হস্পিতাল পালোগৈ। চেমনীয়া মোজাম্মিলৰ মূমুৰ্ষু অৱস্থা। আমাৰ আটাইৰে চকুপানী ওলাল। এই সৰু ল'ৰাটোক ইমাননো প্ৰহাৰ কৰিব লাগেনে!...
অধিক পঢ়ক..অসমৰ বিভিন্ন জিলাৰ পৰা ছাত্ৰ সন্থাৰ নেতা আৰু প্ৰধান কৰ্মীসকল গোট খালেহি অসম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰেক্ষাগৃহত৷ ২৯ ছেপ্তেম্বৰ ১৯৭২৷ দিনটোৰ বিভিন্ন কাৰ্য্যসূচীৰ পিছত সন্ধিয়াৰ পৰা আৰম্ভ হ’ল ২৩ ছেপ্তেম্বৰত অসম বিধান সভাই গ্ৰহণ কৰা পশ্চাদঘাতী সিদ্ধান্তৰ ওপৰত আলোচনা আৰু ছাত্ৰ সন্থাই কি কাৰ্য্যসূচী গ্ৰহণ কৰিব তাৰ ওপৰত দীঘলীয়া চৰ্চা৷...
অধিক পঢ়ক..ভূমধ্য সাগৰৰ ওপৰৰ প্ৰচন্ড ধুমুহা এজাকত এটুকুৰা শিশু মেঘৰ জন্ম হল। পিচে মেঘটুকুৰাই চৌপাশ চাবলৈকে নাপালে আৰু জোৰকৈ বলা বতাহ এজাকে তাক আৰু তাৰ লগৰবোৰক আফ্ৰিকাৰ পিনে ঠেলি পঠিয়ালে।...
অধিক পঢ়ক..মাধ্যম আন্দোলনৰ প্ৰথম পৰ্য্যায়ৰ সমাপ্তি হ’ল ১২ জুন ১৯৭২ত৷ জুলাই মাহত স্নাতকোত্তৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ল আৰু আমি আটায়ে পৰীক্ষাৰ বাবে ব্যস্ত হৈ পৰিলোঁ৷ কিন্তু আমি আটায়ে জানিছিলো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১২ জুনৰ সিদ্ধান্তৰ বিৰুদ্ধে কাছাৰ আৰু লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰো বাংলাভাষী সংগঠিত হৈছে৷ আটাইতকৈ ডাঙৰ কথা আছিল অসম চৰকাৰখনো সিদ্ধান্তটোৰ বিৰুদ্ধে আছিল আৰু কেৱল ভোটৰ স্বাৰ্থত বাংলাভাষীক কেনেকৈ সন্তুষ্ট কৰি ৰাখিব পাৰি তাৰ সন্ধানত আছিল৷...
অধিক পঢ়ক..অজিত শৰ্মা ছাৰে সকলোবোৰ তথ্যপাতি নিয়াৰিকৈ ৰাখিছিল৷ আমাৰ উদ্দেশ্য আছিল দুটা: [১] আঞ্চলিক ভাষাক উচ্চ শিক্ষাৰ মাধ্যম হিচাবে গ্ৰহণ কৰাৰ বাবে ভাৰত চৰকাৰে বিভিন্ন সময়ত লোৱা সিদ্ধান্তসমূহৰ ওপৰত কিছু আলোকপাত, আৰু [২] শিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে পূৰ্বতে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ওপৰত এক আলোচনা৷...
অধিক পঢ়ক..আকাশলৈ চাইছিলোঁ যদিও
নীলাৰ ভাষা বুজা নাছিলোঁ৷
[২২ আগষ্ট সংখ্যাৰ পিছৰ পৰা]
৭ জুন [১৯৭২]ত বিশ্ববিদ্যালয় চৌহদ তোলপাৰ৷ ৬ জুনৰ একাডেমিক কাউন্সিলৰ হঠকাৰী সিদ্ধান্ত আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ ৰাতিৰ উদ্দাম প্ৰতিবাদৰ কথা সমগ্ৰ গুৱাহাটীত বিয়পি গৈছিল৷ ‘দৈনিক অসম’ত সকলো কথাই প্ৰকাশ পাইছিল৷ পুৱা দহ বজাৰ আগতেই স্নাতকোত্তৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰী ওলাই আহি বিশ্ববিদ্যালয়ৰ সকলো কাৰ্য্যালয়ৰ সমুখত গোট খাইছিল৷ চৌহদৰ মাজেৰে এয়াৰপ’ৰ্টলৈ যোৱা ৰাস্তাটো সমবেত ছাত্ৰ-ছাত্ৰীয়ে বন্ধ কৰি পেলাইছিল৷ ১১ মান বজাৰ পৰা গুৱাহাটীৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী চৌহদলৈ আহিব ধৰিছিল৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থা, দুয়োটাই তেতিয়া শক্তিশালী সংগঠন৷ দুয়োটাৰে বিষয়ববীয়াসকল আৰু বহু নাগৰিকো চৌহদ পাইছিলহি৷ দিনটো আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত বহি আগদিনাৰ একাডেমিক কাউন্সিলৰ সিদ্ধান্তৰ বিষয়ে ক’বলগা হৈছিল আৰু এই সিদ্ধান্ত কাৰ্য্যকৰী হ’লে অসম আৰু অসমীয়াৰ অস্তিত্ব কেনেদৰে বিপন্ন হৈ পৰিব, সেই বিষয়ে বিভিন্নজনৰ বক্তব্য শুনিছিলোঁ৷ সকলো ছাত্ৰ-ছাত্ৰী আৰু গোটখোৱা অন্যান্য ৰাইজে সেইদিনা বিশ্ববিদ্যালয়ৰ প্ৰধান প্ৰশাসনিক ভৱন আৰু তাৰ লগতে থকা উপাচাৰ্য্যৰ কাৰ্য্যালয় ঘেৰি ধৰিছিল৷ স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ আৰু কিছু গুৱাহাটীয়া ৰাইজ৷ উপাচাৰ্য্য ৰাজখোৱা ছাৰ বিমোৰ৷ শ্ৰেণীসমূহৰ সচিব দণ্ডেশ্বৰ গগৈ ছাৰ আৰু ক্ৰীড়া সঞ্চালক সুৰেন দাস ছাৰ সকলোৰে মাজত ব্যস্ত আৰু উদগ্ৰীৱ– কোনো ধৰণৰ অশান্তি যাতে নহয়৷ দিনটোৰ শেষৰ ফালে চাৰিমান বজাত উপাচাৰ্য্যই ঘোষণা কৰিলে যে ১২ জুন [১৯৭২] তাৰিখে একাডেমিক কাউন্সিলৰ বৈঠক আহ্বান কৰা হ’ব– শিক্ষাৰ মাধ্যম সম্পৰ্কীয় সিদ্ধান্তৰ পুনৰ বিবেচনাৰ বাবে৷ লগতে কেইদিনমানৰ পিছতে আৰম্ভ হ’বলগীয়া স্নাতকোত্তৰ পৰীক্ষাসমূহ স্থগিত কৰাৰ কথাও ঘোষণা কৰিলে৷...
অধিক পঢ়ক..[১৫ আগষ্ট সংখ্যাৰ পিছৰ পৰা]
ছাত্ৰসকল নাচোৰবান্দা– ৰাতি হ’লেও তেওঁলোক উপাচাৰ্য্যৰ আবাসগৃহলৈ যাবই আৰু বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদ কৰিবই৷ প্ৰসন্নৰ বুজনিয়ে কামত দিয়া নাই৷ পিছত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আমি যি কেইজন তাত আছিলো, খৰধৰকৈ আলোচনা কৰি স্থিৰ কৰা হ’ল উপাচাৰ্য্যৰ ঘৰলৈ যোৱাটোৱেই ভাল হ’ব, নহ’লে উত্তেজিত ছাত্ৰসকলক নিয়ন্ত্ৰণ কৰা টান হ’ব৷ ৰাতি এঘাৰ বজাত আমি সকলো উপাচাৰ্য্যৰ ঘৰ পালোগৈ৷ কেইবাশও ছাত্ৰ৷ গেটৰ বাহিৰত প্ৰসন্নই হাতজোৰ কৰি সকলোকে অনুৰোধ জনালে– ‘ছাৰ’ক যাতে বেয়া ব্যৱহাৰ কৰা নহয়৷ আমি সকলোৱে গেট খুলি উপাচাৰ্য্যৰ বাসভৱনৰ ভিতৰ পালোঁগৈ৷...
অধিক পঢ়ক..বহুতে এতিয়াও কয় যে ১৯৭২ চনত অসমত উচ্চ শিক্ষাৰ মাধ্যম অসমীয়া হ’ব লাগে বুলি সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰি আগৰ বৰ অসমখন ভাঙি যোৱাত অৰিহণা যোগালে৷ আছুৰ ওপৰত এয়া এক মিছা দোষাৰোপ৷ তদানীন্তন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ত্ৰিগুণা সেনৰ ত্ৰিভাষা সূত্ৰ অনুযায়ী সমগ্ৰ ভাৰতবৰ্ষতে ত্ৰিভাষা সূত্ৰ [হিন্দী, ইংৰাজী আৰু আঞ্চলিক ভাষা] কাৰ্য্যকৰী কৰা হৈছিল আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ তথা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতে দেশৰ সকলো বিশ্ববিদ্যালয়তে স্নাতক পৰ্য্যায়ত আঞ্চলিক ভাষাক শিক্ষাৰ মাধ্যম হিচাবে গ্ৰহণ কৰা হৈছিল৷ অসমত ইয়াকে কৰিবলৈ গৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰে কিছুমান অদ্ভূত আৰু জাতীয় স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত কাৰ্য্যকৰী কৰিব খোজাতহে আছু জাঙুৰ খাই উঠিছিল৷ বহুতে জানিও নজনাৰ ভাও জুৰি আছুক জগৰীয়া কৰে যে অসমীয়াক উচ্চ শিক্ষাৰ মাধ্যম হিচাবে দাবী কৰি আছুৱে ৰাজ্যখনৰ মহা অন্যায় কৰিলে৷ প্ৰকৃততে আঞ্চলিক ভাষাক শিক্ষাৰ মাধ্যম কৰাৰ সিদ্ধান্ত আছিল কেন্দ্ৰীয় চৰকাৰৰ, এই সিদ্ধান্ত কাৰ্য্যকৰী কৰিবলৈ গৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰে যি অবিবেচকী কাম কৰিবলৈ ওলাইছিল তাৰ বিৰুদ্ধেহে আছুৱে যুক্তিপূৰ্ণ আন্দোলন সেই সময়ত গঢ়ি তুলিছিল৷...
অধিক পঢ়ক..বিশ্ববিজয়ী বীৰ আলেকজেণ্ডাৰৰ জন্ম হৈছিল গ্ৰীছৰ 'পেলা'ত ৷ ষোল্ল বছৰ বয়সলৈ তেওঁৰ শিক্ষাগুৰু আছিল মহান গ্ৰীক দাৰ্শনিক এৰিষ্টট'ল ৷ বিছ বছৰ বয়সত তেওঁৰ পিতৃ ফিলিপৰ হত্যাৰ পিছত তেওঁ গ্ৰীছৰ সিংহাসনত বহে ৷ তাৰ পিছত এছিয়া আৰু আফ্ৰিকাৰ বহুতো দেশ জয় কৰি মাত্ৰ ত্ৰিছ বছৰ বয়সত তেওঁ বিশ্বৰ আটাইতকৈ বিশাল সাম্ৰাজ্যৰ অধিপতি হৈ পৰে ৷ গোটেই জীৱন অজেয় হৈ থকা আলেকজেণ্ডাৰ ইতিহাসৰ সফলতম যোদ্ধাসকলৰ এজন ৷ বিশাল ধন, ঐশ্বৰ্য্য, ভূখণ্ড আৰু সীমাহীন ক্ষমতাৰ গৰাকী আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ মৃত্যু হয় খৃষ্টপূৰ্ব 323 চনৰ জুন মাহত ৷ মৃত্যুৰ আগতে আলেকজেণ্ডাৰে বিশ্বক তিনিটা অতি মহামূল্যৱান জ্ঞান দি থৈ যায়৷...
অধিক পঢ়ক..কিতাপবোৰে ভুমুকিয়াই থাকে,
বৰ আকুল হৈ চাই থাকে,
মাহ মাহ ধৰি এতিয়া
দেখা-শুনা নহয়...
[মাতৃ মাইচেনী ভূঞাৰ স্মৃতিত]
মোৰ আই তই...
যাৰ লগত মোৰ সম্পৰ্ক মোতকৈও প্ৰাচীন
যাৰ লগত মই বুজাপৰা আৰু দিয়া-লোৱা আৰম্ভ কৰিছিলোঁ
কেইদিনমানৰ আগতে ব্যক্তিগত আলাপচাৰিতাত এগৰাকী নবীন কবিয়ে তেওঁতকৈও নবীন আন এগৰাকী কবিক লগ পাই হোৱা অভিজ্ঞতাৰ বিষয়ে কৈছিল৷ শেষোক্ত কবিগৰাকীয়ে হীৰেন ভট্টাচাৰ্যৰ কবিতা পঢ়া দূৰৈৰে কথা, নামটোকে হেনো শুনা নাই৷ এই কথাটো বিশ্বাস কৰিবলৈ সঁচাকৈয়ে টান পাইছোঁ, কিন্তু প্ৰথমগৰাকী কবিক অবিশ্বাস কৰিবৰ কাৰণো মোৰ নাই৷ বহুতৰে মুখত শুনিছোঁ যে অসমত হেনো সৰু বৰ প্ৰায় সাতাইছ হাজাৰ কবি আছে৷ কেইবাগৰাকীও অসমীয়া প্ৰকাশকৰ পৰা জানিব পাৰিছোঁ যে নাম–যশ থকা কবিৰ কিতাপো হেনো আঢ়ৈশ কপিমানহে বিক্ৰী হয়৷ এনে নিমিলা অংকৰ বাবেই বহুতো প্ৰকাশকে বৰ্তমান কবিতাৰ কিতাপ ছপাবলৈ এৰিছে৷ শক্তি চট্টোপাধ্যায়ৰ ‘এপিটাফ’ নামৰ কবিতাটোৰ কবিগৰাকীৰ দৰে কোনো অসমীয়া কবিয়ে এতিয়া ৰয়েল্টি বিচাৰি প্ৰকাশকক ক’বগৈ নোৱাৰে–“...টাকা দাও/নতুবা ভাঙ-চূর হবে, ধবংস হবে মহাফেজখানা/চট্জলদি টাকা দাও, নয়তো আগুন দেবো ঘরে....”
অধিক পঢ়ক.."বালি চাপৰিত উমলি আছে মোৰ ভালপোৱা,
পিঠিত দীঘল দিনৰ ৰ’দৰ শোভা.......
জুলাই মাহ আহিলেই ১৯৬০ চনলৈ মনত পৰে৷ এই চনটো অসমৰ বাবে এটা দু:স্বপ্নৰ চন৷ ইয়াৰ দহ বছৰৰ আগত ১৯৫০ চনত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ সভাপতিত্বত বহা অসম সাহিত্য সভাই অসমৰ ৰাজ্যভাষা অসমীয়া হ’ব লাগে বুলি প্ৰস্তাৱ লৈছিল৷ চৰকাৰে সেই প্ৰস্তাৱলৈ তেতিয়া কাণ দিব পৰা নাছিল৷ এই দাবীটো পুনৰ ১৯৬০ চনত যেতিয়া উঠিল তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলঙত৷ এই দাবী উঠাৰ পিছতেই শ্বিলঙৰ বাঙালীসকলৰ একাংশই এই দাবীৰ বিৰুদ্ধে এটা সমদল যাত্ৰা উলিয়াই শ্ল’গান দিলে, "অসমীয়া ভাষা গাধৰ ভাষা"৷...
অধিক পঢ়ক..১৯৬৭ চনৰ জুলাই মাহত কটন কলেজত প্ৰাক্-বিশ্ববিদ্যালয় শাখাত নামভৰ্ত্তি কৰিছিলো৷ দুদিনমান আছিলো মোৰ দাদাৰ লগত, আসাম ত্ৰিবিউন বিল্ডিঙৰ ওপৰ তলাত থকা দুটা ৰূমৰ এটাত [দাদা আসাম ত্ৰিবিউনৰ কৰ্মচাৰী আছিল]৷ অন্য ৰূমটোত প্ৰথিতযশা সাহিত্যিক স্বৰ্গীয় নিৰোদ চৌধুৰী৷ কটন কলেজৰ দ্বিতীয় ছাত্ৰাবাসত থাকিবলৈ পোৱা বুলি শুনি মোক স্বৰ্গীয় চৌধুৰী ডাঙৰীয়াই জোকাইছিল– ‘হেৰা, তাত উজনিৰ চাহ খেতিয়কৰ ল’ৰাবোৰ থাকে হে, বৰ ফিটফাট৷ সকলোবোৰ প্ৰেমিক প্ৰেমিক লগা বৰ ধুনীয়া ধুনীয়া ল’ৰা৷ তুমি পাৰিবানে তাত?’ মই তেতিয়া কথা পাতিবই নাজানো, কটনত ভৰ্তি হোৱাৰ আগে আগে লংপেণ্ট পিন্ধিবলৈ শিকিছোঁ, একেবাৰে ঘোচ গাঁৱলীয়া ল’ৰা৷...
অধিক পঢ়ক..অসমীয়া ভাষাৰ অস্তিত্ব বিপন্ন কৰি অসমত অসমীয়াৰ ঠাইত বাংলা ভাষা প্ৰয়োগ কৰিব বিচৰা ষড়যন্ত্ৰৰ এটা দীঘলীয়া ইতিহাস আছে৷ বৃটিছৰ দিনত অসমীয়াৰ ঠাইত বাংলাক অসমৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাৰ পৰা প্ৰশাসনীয় পৰ্যায়ত; আৰু ১৯০৫ চনত বংগ ভংগ কৰি অসমক পূৰ্ব বংগৰ সৈতে চামিল কৰাৰ জৰিয়তে ৰাজনৈতিকভাৱে অসমীয়াৰ ওপৰত বাংলাৰ আধিপত্য স্থাপনৰ বুনিয়াদ ৰচনা কৰা হৈছিল৷ কিন্ত কালক্ৰমত অসমীয়া মানুহৰ অলেস প্ৰচেষ্টা, ত্যাগ আৰু কেইবাটাও ডাঙৰ আন্দোলনৰ ফলশ্ৰুতিত ১৯৬০ চনত অসম বিধান সভাই অসম চৰকাৰী ভাষা আইন পাৰিত কৰে আৰু সেই মর্মে অসমত আইনখন বলৱৎ হয়৷...
অধিক পঢ়ক..তেতিয়া মই কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ, আৰু কলেজৰে দ্বিতীয় ছাত্ৰাবাসৰ (ছেকেণ্ড মেছৰ) আবাসী৷ তেতিয়া হোষ্টেলৰ চুপাৰিন্টেণ্ডেণ্ট আছিল শ্ৰদ্ধাৰ উপেন্দ্ৰচন্দ্ৰ লেখাৰু ছাৰ৷ তেখেত আছিল মোৰ কাষৰ কোঠাটোতে৷...
অধিক পঢ়ক..১৮৭৪ চনত গোৱালপাৰা, কাছাৰ আৰু চিলেট জিলাক অসমৰ লগত সংযুক্ত কৰাত অসম বাঙালী সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত হয়৷ দেশৰ স্বাধীনতাৰ আগলৈকে গোৱালপাৰা, কাছাৰ ও চিলেটৰ চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম বাংলা আছিল ৷ ১৯৩১ চনৰ লোক গণনাত অসমত অসমীয়া ভাষী¸ৰ সংখ্যা আছিল ৩১%৷ ১৯৪৬ চনত গোপীনাথ বৰদলৈ নেতৃত্বাধীন অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে চিলেট ও কাছাৰক অসমীয়া ভাষা ও সংস্কৃতিৰ সুস্থ বিকাশৰ পৰিপন্থী শক্তি হিচাবে চিহ্নিত কৰে ৷...
অধিক পঢ়ক..আধুনিকতা, বিশ্বায়ন আৰু বজাৰ অৰ্থনীতিৰ ধামখুমিয়াৰ মাজতো একোটা ক্ষুদ্ৰ জাতিৰ আত্ম পৰিচয়ৰে জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা প্ৰথম আৰু প্ৰধান সমল হৈছে জাতিটোৰ ভাষা আৰু সংস্কৃতি৷ এসময়ত নিজস্ব কিছু অমনোযোগিতাৰ ফলত বিলুপ্তিৰ উপকণ্ঠত থিয় হোৱা জাতি একোটাইওতো আজিৰ পৃথিৱীত আত্মপৰিচয় ঘূৰাই পোৱাৰ তাড়নাত সংগ্ৰাম কৰিবলৈ ওলাই আহিছে৷...
অধিক পঢ়ক..এটা ভাষাৰ লিপি মানে হ’ল সেই ভাষাটোৰ লিখিত ৰূপৰ কাৰণে ব্যৱহৃত আখৰ আৰু চিহ্নসমূহ৷ অসমীয়া ভাষাৰ আখৰ আৰু চিহ্নসমূহ দীঘলীয়া বিৱৰ্তনৰ মাজেৰে আহি এক স্বতন্ত্ৰ অসমীয়া লিপি হিচাপে পৰিগণিত হৈছে৷ ইতিমধ্যে গৱেষণাকাৰীসকলে এই লিপি প্ৰায় চতুৰ্থ শতিকামানতে আৰম্ভ হোৱা বুলি প্ৰমাণ কৰিছে৷...
অধিক পঢ়ক..