উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৯
অসমীয়া জাতীয়তাবাদৰ উকমুকনি


Image Description

(যোৱা সংখ্যাৰ পিছৰ পৰা)

ইতিমধ্যে মাধ্যম আন্দোলনে এনে এক ৰূপ ধাৰণ কৰিলে যে আটায়ে বুজিলে উচ্চশিক্ষাৰ মাধ্যম হিচাপে অসমীয়াৰ বাহিৰে আন কোনো ভাষা অসমৰ ৰাইজে মানি নলয়।আছুৰ আহ্বানত প্ৰতিদিনে লাখ লাখ মানুহ পথলৈ ওলাই আহিল আৰু সমস্বৰে দাবী কৰিলে ২৩ছেপ্টেম্বৰ ১৯৭২চনৰ অসম বিধান সভাৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰি উচ্চ শিক্ষাৰ মাধ্যম হিচাপে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত অসম চৰকাৰে মানি লব লাগে। ঠায়ে ঠায়ে দুই এটা আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈ থাকিল যদিও সামগ্রিকভাৱে আন্দোলনটো শান্তিপূৰ্ণ হৈ থাকিল। পোনপ্ৰথম বাৰৰ বাবে ছাত্র সন্থাৰ আহ্বানত এটা গণ আন্দোলন গঢ়ি উঠিল।

শৰত সিংহ- হিতেশ্বৰ শইকীয়াৰ অসম চৰকাৰ নিৰূপায় হৈ পৰিল। বিভিন্নজনৰ যোগেদি আছুৰ নেতৃবৃন্দলৈ বাৰ্তা পঠালে আলোচনাৰ বাবে।প্ৰসন্ন লাল চৌধুৰীৰ দেউতাক প্ৰভাত নাৰায়ণ চৌধুৰী কংগ্ৰেছৰ এগৰাকী বৰ্ষীয়ান নেতা,তেখেতে আমাক ক'লে অসম চৰকাৰৰ লগত এবাৰ আলোচনাত বহিব লাগে। প্ৰসন্ন আৰু আছুৰ নেতৃবৃন্দই এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিলে- অসম চৰকাৰৰ লগত কোনো আলোচনা কৰিব লগা একো নাই-- তেওঁলোকে ২৩ছেপ্টেম্বৰৰ বিধান সভাৰ সৰ্বনাশী প্ৰস্তাৱ উঠাই লওঁক,আমাৰ দাবী সিমানেই। অসম চৰকাৰৰ বাবেও সন্মানৰ প্ৰশ্ন--বিধান সভাত গ্ৰহণ কৰা প্ৰস্তাৱ এটা প্ৰত্যাহাৰ কৰা বা উঠাই লোৱাৰ নজিৰ নাই। কেনেকৈ তেওঁলোকে প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিব। বৰাক উপত্যকাৰ বঙালীভাষী লোকসকলোকো সন্তুষ্ট কৰি ৰাখিব লাগিব--ৰাজনৈতিক বাধ্য বাধকতা আছে। আছুৰ লগত আলোচনা কৰি যদি কিবা এটা মাজে মধ্যে কৰিব পাৰি, তেওঁলোকৰ সন্মান ৰয়।

আছুৰ নেতৃত্বও নাচোৰবান্দা। চৰকাৰৰ লগত আলোচনা কৰিব লগা একো নাই।প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰাৰ কথা আমি কৈছোঁ,আৰু সেই কথাৰ লগত কোনো আপোচৰ প্ৰশ্ন নাই। আছুৰ অতি বলিষ্ঠ ভূমিকাই আন্দোলনকাৰী ৰাইজক আশ্বস্ত আৰু উৎসাহিত কৰিলে। নক'লেও হ'ব যে সেই সময়ত আছুৰ প্ৰধান চালিকাশক্তি আছিল স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু এই কথাটোৱে সিদ্ধান্ত গ্ৰহণত যথেষ্ট সহায়ক হৈছিল। আছুৰ জিলা আৰু বিভিন্ন পৰ্যায়ৰ নেতাসকলক চৰকাৰৰ আৰু কংগ্ৰেছৰ মুৰব্বী সকলে লগ ধৰি আলোচনাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। কিন্তু আটায়ে এই কথা স্পষ্ট কৰি দিছিল যে আছুৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা যি কব,সেয়াই হ'ব। তাতে কাৰো দ্বিমত নাই অথবা তেনে মতামতক কোনেও প্ৰভাৱান্বিত কৰিবও নিবিচাৰে। সেইবাবে আছুক বুজাইপৰাই অসম চৰকাৰৰ লগত আলোচনাত বহুৱাবলৈ কৰা আটাইবোৰ কাৰচাজি অথবা মেশ্বিনেচন ব্যৰ্থ হ'ল। এতিয়া ভাবিলে এনেকুৱা লাগে যে অসম চৰকাৰ, মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহ, গৃহমন্ত্ৰী হিতেশ্বৰ শইকীয়া বা অন্যান্য সকলৰ লগত কোনো আলোচনা নকৰাৰ বাবে তেতিয়া আছুয়ে গ্ৰহণ কৰা সিদ্ধান্ত অতিশয় সবল আৰু যুক্তিসংগত আছিল। এই বলিষ্ঠ সিদ্ধান্তৰ বাবে আছুৰ প্ৰতি অসমৰ জনসাধাৰণৰ আস্থা আৰু মৰম বৃদ্ধি পাইছিল আৰু আছুক ত্ৰাণকৰ্তা হিচাৱে জনসাধাৰণে চাবলৈ ধৰিছিল।

বহু চেষ্টা কৰিও আছুক অসম চৰকাৰৰ লগত আলোচনাত বহুৱাব নোৱাৰি শৰৎ সিংহ - হিতেশ্বৰ শইকীয়াৰ চৰকাৰ বিমোৰত পৰিছিল। একে সময়তে আন্দোলনটোৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিল - জন জাগৰণলৈ ৰূপান্তৰিত হৈছিল আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ধুবুৰীৰ পৰা শদিয়ালৈ "আছু", "আছু" কলৰবেৰে আকাশ-বতাহ মুখৰিত হৈছিল। অসমীয়া জাতীয়তাবাদৰ মহা - বিস্ফোৰণ ঘটিছিল। অসম চৰকাৰ শলঠেকত পৰিছিল। উপায়ান্তৰ হৈ তেওঁলোকে হয়তো কেন্দ্ৰীয় চৰকাৰক নিজৰ অসহায় অবস্থাৰ কথা জনাইছিল।

ডিচেম্বৰ মাহ (১৯৭২)ৰ কেন্দ্ৰীয় উদ্যোগিক পৰিক্ৰমা মন্ত্ৰী ফখৰুদ্দিন আলি আহমেদ গুৱাহাটীলৈ আহিল। আমি আটায়ে জানো তেখেত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ অতিকৈ বিশ্বস্ত। তেখেত আহি লাখটকীয়াৰ নিজৰ ঘৰতে আছিল। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুৰেশচন্দ্ৰ ৰাজখোৱালৈ খবৰ পঠালে আছুক এবাৰ তেখেতে লগ পাব খোজে। ৰাজখোৱা চাৰে আমাক ক'লে তেখেত দেখোন অসমৰে মানুহ, তোমালোকে এবাৰ লগ ধৰা ভাল। আমি আলোচনা কৰিলো আৰু স্থিৰ কৰা হ'ল যে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত অনানুষ্ঠানিক আলোচনাত আমি বহিম, কিন্তু প্ৰসন্ন চৌধুৰী অথবা আছুৰ আন কোনো প্ৰধান বিষয়ববীয়া তেখেতৰ ওচৰলৈ নাযায়, এটা প্ৰতিনিধি দল যাব। প্ৰতিনিধি দল মানে কাৰ্য্যতঃ স্নাতকোত্তৰ ছাত্ৰসন্থাৰে - উপ সভাপতি অমৰেন্দ্ৰ শৰ্মা, অামি নিজে, প্ৰদীপকুমাৰ দাস (এতিয়া আমেৰিকাত কৰ্মৰত), তৰ্ক শাখাৰ সম্পাদক ঁ সুশান্তধৰ ৰাজখোৱা, আৰু দুজনমান আছিল। সন্ধিয়া আমি আটাই কিজনে ৰামৰেখাই চলোৱা বিশ্ববিদ্যালয়ৰ ভেনখনত লাখটকীয়া পালোগৈ আৰু আলি আহমেদ ডাঙৰীয়াৰ নিজৰ ঘৰতে তেখেতৰ লগত আলোচনাত বহিলো। তেখেত এগৰাকী পাক্কা ভদ্ৰলোক। খুব মাৰ্জিত ভাষাৰে লাহেধীৰে কথাখিনি কয়। কথাবতৰা সকলোতে এক সন্মানীয় আভিজাত্য বিৰাজমান। শুধ বগা পায়জামা - পাঞ্জাৱী, বগা অভাৰকোট, বৰ আকৰ্ষণীয় ব্যক্তিত্বৰ লোক। আমি তেখেতক স্পষ্ট ভাৱে জানিবলৈ দিলো যে আছুৰ দাবীত একো হৰণ - ভগন কৰিবলৈ নাই, ২৩ ছেপ্টেম্বৰৰ বিধানসভাৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰক, আমিও আন্দোলনৰ সকলো কথা পুনৰ বিবেচনা কৰিম। তেখেতে আমাক বুজাবলৈ চেষ্টা কৰিলে - গৃহীত হৈ যোৱা প্ৰস্তাৱ এটা প্ৰত্যাহাৰ কৰাত কিছু বিধিগত বাধা আছে, সেইবাবে ইয়াৰ কিবা বিকল্প আছে নেকি বিবেচনা কৰিব লাগে। আমিও আকোৰগোঁজ - কোনো বিকল্পই আমাক সন্তুষ্ট কৰিব নোৱাৰে, বিধানসভাৰ প্ৰস্তাৱ প্ৰত্যাহাৰ হ'বই লাগিব, তাৰ বাহিৰে কোনো গত্যন্তৰ নাই। কিবা যদি চেৰেকীৰ পাক আছে, তেওঁলোকেই সেয়া নোহোৱা কৰক।

(আগলৈ...)