হেমন্ত
- নিশা দেবী
- /
- October 24, 2021

আহিনমহীয়া বৈৰাগী বেলিটি
পুখুৰীৰ সিপাৰৰ বাঁহনিডৰাৰ ফাঁকেদি
এখোজ দুখোজকৈ
কোনোমতে সৰকি
ডুব যাব ধৰিছে...
পুখুৰীৰ মাজত
এপাহি মেটেকাত
আবেলিৰ লাহকণ লাগি
থৰথৰাই কপিছে...
আহিনৰ মৌজোল
ধাননিডৰাৰ মাজেদি
চুচুক্-চামাককৈ
কুঁৱলী কাপোৰ পিন্ধি
বিভোৰ আবেলি এটি
আগবাঢ়ি আহিছে...
কোনে জানো বজাইছে
বাঁহীত সুৰ এটি?
নৈপৰীয়া শিমলুতলৰ
ফাগুন ফাগুন
ৰঙা দুপৰীয়া এটা
ৰিণিকি ৰিণিকি
মনলৈ আহিছে...
ফুলিছে নে সৰিছে
শেৱালি পাহি
আহিয়েই যাওঁ যাওঁ কৰে....
দুবৰিত ওলমিল
হেমন্তৰ মুকুতা
এটোপাল দুটোপাল
নীৰৱত হিয়াতে সৰিছে...
ক'লৈ বা উৰি যায়
লাহি পাখি বগলী
শেষৰ ৰ'দকণ গাত
হেমন্তৰ আঁচলত
তাহানিৰ দিনবোৰ
মনটি কেনেবা কৰিছে....