ভয়াবহ ভূমিস্খলন,
বানত বিপৰ্য্যস্ত অসম
প্ৰকৃতি ৰুষ্ট অসমৰ প্ৰতি । ডিমা হাচাও, শ্বিলং-শিলচৰ সংযোগী পথ ভূমিস্খলনত বিপৰ্য্যস্ত ।
হাফলঙকে ধৰি ডিমা হাচাওৰ ১১টা ৰে’ল ষ্টেচন বিধ্বস্ত, ৫৬টা স্থানত ৰে’লপথ ক্ষতিগ্ৰস্ত । ৬জনৰ মৃত্যু হৈছে ।
ডিমা হাচাও বহিঃবিশ্বৰ লগত কেবাদিনলৈকে সংযোগবিহীন । বিদ্যুৎ নাই, ইন্ধন নাই, খাদ্য সমগ্ৰী নাই । ভূবৈজ্ঞানিকৰ পৰামৰ্শ অৱজ্ঞা কৰি অপৰিকল্পিতভাৱে ঘাইপথ, ব্ৰডগজ লাইন নিৰ্মাণৰ ফল জিলাবাসীয়ে ভোগ কৰিবলগীয়া হৈছে ।
প্ৰাকৃতিক ভাৰসাম্য, বহনক্ষম উন্নয়নক অৱজ্ঞা কৰি ঠিকাদাৰী ভাগ-বতৰাৰ জৰিয়তে ৰাজকোষ লুণ্ঠনৰ লক্ষ্যৰে যধে-মধে পৰিকল্পনাহীন উন্নয়নৰ ফল কিমান ভয়াবহ হ’ব পাৰে ডিমা হাচাওৰ দুৰ্য্যোগে চকুত আঙুলি থৈ দেখুৱাইছে ।
সংহাৰী বানত বিপৰ্য্যস্ত অসম।
নেৰানেপেৰা বৰষুণত অসমৰ প্ৰায় সকলো নৈ-উপনৈ উফন্দি উঠিছে । বাৰিষা অসমত বান পানী হ’ব তাৰ বাবে কোনো জ্যোতিষীৰ ভৱিষ্যতবাণীৰ প্ৰয়োজন নাই ।
দুৰ্য্যোগ ব্যৱস্থাপনাৰ আধুনিক ধাৰণাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰে অধীনতো একোটা বিভাগ বা প্ৰাধিকৰণ আছে । প্ৰশ্ন উঠিছে, দুৰ্য্যোগ উপস্থিত হোৱাৰ সময়তহে সষ্টম হোৱাৰ বাবে বিভাগটোৰ সৃষ্টি হৈছিল নেকি?
বিভাগটোত বানপানীৰ সময়ত সৃষ্টি হ’ব পৰিস্থিতি মোকাবিলা কৰাৰ বাবে মেনুৱেল এখন আছে, স্কৰব'ৰ্ডৰ ব্যৱস্থা আছে । আশ্ৰয় শিৱিৰ, খোৱাপানী, অনাময়, শিশুৰ বিশেষ ব্যৱস্থা চিএফএছ, শিশুৰ দুগ্ধপান, প্ৰসূতিৰ ব্যৱস্থা ইত্যাদি স্কৰব’ৰ্ডৰ অন্তৰ্ভুক্ত । কিন্তু এইবোৰৰ অস্তিত্ব ফাইলতহে ।
বান আৰম্ভ হোৱাৰ প্ৰথম তিনিদিনৰ ভিতৰত ৰাজ্যৰ ২৯খন জিলাৰ ১৯২৯খন গাঁও বানত ডুব ঙগৈছিল । কেবাঠাইত মথাউৰি ছিগিছে । ক্ষতিগ্ৰস্ত হৈছে ৫৮,০৬,৫২৯ হেক্টৰ কৃষিভূমি, ৭,১৭,০৪৬ গৰাকী লোক আক্ৰান্তহৈছে। মৃত্যু হৈছে চাৰিগৰাকীৰ ।
পশুধনৰ হিচাপ বেলেগ । ২১৭টা আশ্ৰয় শিৱিৰত আশ্ৰয় লৈছে ৪৯,৪০০ পশুধনে । ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানত ডুব গৈছে কাজিৰঙাৰ জন্তুবোৰৰ আলাই-আথানি নোহোৱা হৈছে ।
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক পৰীক্ষা পিছুৱাবলগীয়া হৈছে কেন্দ্ৰীয় চৰকাৰে হেনো অসমৰ সাম্প্ৰতিক দুৰ্য্যোগৰ বাবে ১০০০ কোটি টকা মোকলাই দিছে !
যোৱা বছৰো অসম তীব্ৰ বানৰ কবলত পৰিছিল । সেই সময়তো কেন্দ্ৰীয় চৰকাৰে ধন মোকলাই দিয়াৰ বাতৰি প্ৰকাশিত হৈছিল । আজি কিছুদিন আগতে কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে অসমে যোৱা বছৰৰ বানৰ ক্ষতিৰ বাবদ ৫১ কোটি টকাহে লাভ কৰিছিল , ৰাজ্যচৰকাৰে বিচাৰিছিল ১০১৮ কোটি টকা । অথচ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ।
অসমক হেনো প্ৰধান মন্ত্ৰীয়ে বিশেষ আদৰ কৰে, ডিঙিত অসমৰ ফুলাম গামোচা লৈয়েই হেনো ময়ুৰক দানা খুৱায় !!