এচপৰা মেঘ আৰু এটা বালি টিলা
- মূল: পাৱলো কয়েলো (The cloud and the sand dune)
অনুবাদ: নিশা দেৱী - /
- September 19, 2021

ভূমধ্য সাগৰৰ ওপৰৰ প্ৰচন্ড ধুমুহা এজাকত এটুকুৰা শিশু মেঘৰ জন্ম হল। পিচে মেঘটুকুৰাই চৌপাশ চাবলৈকে নাপালে আৰু জোৰকৈ বলা বতাহ এজাকে তাক আৰু তাৰ লগৰবোৰক আফ্ৰিকাৰ পিনে ঠেলি পঠিয়ালে।
মহাদেশ পোৱাৰ লগে লগে বতৰ সলনি হ'ল। উজ্জ্বল বেলি এটা আকাশত জিলিকিব লাগিল আৰু মেঘজাকৰ তলত দেখা গল মাইল মাইলজোৰা সোণোৱালী বালিৰে ভৰি থকা চাহাৰা মৰুভূমি । যিহেতু মৰুভূমিত কেতিয়াও বৰষুণ নহয়, বতাহজাকে মেঘবোৰক দক্ষিণৰ অৰণ্যবোৰলৈ বুলি ঠেলি থাকিবলৈ ধৰিলে।
ঠিক এইখিনি সময়তে ,যিটো সাধাৰণতে ডেকা মানুহবোৰৰ লগত হয়, শিশুৰ পৰা ডেকাত পৰিণত হোৱা মেঘটুকুৰাই থিক কৰিলে সি তাৰ লগৰবোৰ যিফালে যায় সেইফালেই গৈ নাথাকে। সি পৃথিৱীখন নিজৰ ধৰণেৰে নিজৰ মতে চাব আৰু ঘূৰিব।সি মাক-দেউতাক আৰু লগৰীয়াবোৰক এৰাৰ সিদ্ধান্ত ল'লে। বতাহজাক বিৰক্ত হ'ল। 'কি কৰিছা? সকলোৰে লগত থাকাঁ। মৰুভূমিখন আদিৰ পৰা অন্তলৈকে একে। আমি মধ্য আফ্ৰিকালৈ উৰি যাম। তাৰ পাহাৰ আৰু অৰণ্যবোৰৰ সৌন্দৰ্য্য অপৰিসীম।'
ডেকা মেঘটুকুৰা স্বভাৱতেই বিদ্ৰোহী আছিল।সি বতাহজাকৰ কথা নুশুনিলে আৰু দলটোৰ পৰা আঁতৰি আহিল। লাহে লাহে সি অলপ তললৈ লামি আহিল আৰু এইবাৰ সি এজাক শান্ত আৰু নম্ৰ বতাহ লগ পালে। চাহাৰাৰ সোণোৱালী বালিৰ ওপৰত বতাহজাকে তাক সি ভালপোৱা ধৰণে উৰুৱাই লৈ ফুৰিব ধৰিলে। তৎ নোপোৱাকৈ ইফাল-সিফাল কৰি থাকোঁতে সি এপাকত দেখিলে বালি টিলাবোৰৰ মাজৰ এটাই তাৰ পিনে চাই মিচিকি মিচিকি হাঁহি আছে। সি দেখিলে বালি টিলাটো তাৰ দৰেই কোমল বয়সৰ আৰু অলপ আগতে পাৰ হৈ যোৱা বতাহ এজাকে নতুনকৈ সৃষ্টি কৰা। সি ঠাইতেই বালি টিলাটোৰ সোণালী চুলিকোছাৰ প্ৰেমত পৰিল।
'বৰ সুন্দৰ দিন। কেনেকুবা লাগে বাৰু তলত তাত?', সি সুধিলে।
'মোৰ লগত মোৰ লগৰীয়া বালি টিলাবোৰ আছে। বেলিটো আছে ,বতাহজাক আছে; মাজে মাজে দুই এখন কাৰাভানো পাৰ হৈ যায়। কেতিয়াবা খুব গৰম লাগে তথাপিও সহ্য কৰিব পাৰি। ওপৰত কেনেকুৱা লাগে বাৰু?'
'একেই ..ইয়াতো বেলি আৰু বতাহজাকৰ সংগ আছে। মাত্ৰ এটাই ভাল কথা মই ইফাল -সিফাল চাই ঘূৰি ফুৰিব পাৰোঁ।'
'মোৰ জীৱনটো বৰ চুটি', বালি টিলাটোৱে ক'লে। 'অৰণ্যৰ পৰা বতাহজাক ঘূৰি আহিলেই মই নিচিহ্ন হৈ যাম।'
'তোমাৰ দুখ লাগেনে?'
'অৰ্থহীন, উদ্দেশ্যহীন যেন লাগে জীৱনটো।'
'মোৰো একেই অনুভৱ হয়। এজাক জোৰকৈ বলা বতাহ আহিলেই মই তাৰ লগত দক্ষিণলৈ উৰি যাব লাগিব। তাত গৈ বৰষুণ এজাক হৈ বৰষিব লাগিব। বাৰু ইমান আপত্তিও নাই, সেইটোৱে মোৰ ভাগ্য ।'
বালি টিলাটোৱে অলপ উচপিচাই কওঁ নকওঁকৈ কৈ উঠিল, 'তুমি জানানে আমাৰ ইয়াত মানে মৰুভূমিত বৰষুণক 'স্বৰ্গ' বুলি কয়?'
' অহ্ ! মই গম পোৱা নাছিলোঁ মই ইমান সাংঘাতিক বুলি।' মেঘটুকুৰাই গৌৰৱেৰে ক'লে।
'কিছুমান বয়সিয়াল বালি টিলাই কয় যেতিয়া বৰষুণ দিয়ে আমিবোৰ সেউজীয়া ঘাঁহ আৰু সৰু সৰু ফুলেৰে ঢাক খাই পৰোঁ। কিন্তু মই এইটো কেতিয়াও অনুভৱ কৰিব নোৱাৰিম কাৰণ মৰুভূমিত খুব খুউব কমহে বৰষুণ দিয়ে।'
এইবাৰ মেঘটুকুৰা উচপিচাই উঠিল। কিন্তু পিছমুহুৰ্ততেই সি বহলকৈ হাঁহি মাৰি ক'লে, 'তুমি যদি কোৱা মই তোমাৰ ওপৰত বৰষিব পাৰোঁ। মই জানো মই এইমাত্ৰ আৰম্ভ কৰিছোঁ। কিন্তু মই তোমাক ভাল পাই পেলাইছোঁ। তোমাৰ লগত চিৰদিন থকাৰ হাবিয়াস মোৰ।'
'তোমাক যেতিয়া প্ৰথমবাৰ ওপৰত দেখিলোঁ , মইও তেতিয়াই তোমাৰ প্ৰেমত পৰিলোঁ। কিন্তু তুমি যদি নিজকে বৰষুণলৈ ৰূপান্তৰ কৰা, তুমি দেখোন মৰি থাকিবাঁ।'
'পাগলী, ভালপোৱা কেতিয়াও নমৰে। অ, ই নিজৰ ৰূপ সলনি কৰিব পাৰে।তাৰোপৰি মোৰোতো ইচ্ছা যায় তোমাক স্বৰ্গ দেখুৱাবলৈ।'
এনেকৈ কৈয়ে মেঘটুকুৰাই বালি টিলাটোক সাৱটি ধৰিলে আৰু বৰষুণৰ সৰু সৰু টোপালেৰে বালি টিলাটোক চুমিব ধৰিলে। এনেকৈ বহুপৰ থকাৰ পিছত এখন ৰামধেনু ওলাল আৰু তেতিয়াহে এই আলিংগনৰ অন্ত পৰিল।
পিছদিনাখন বালি টিলাটোৰ গাত অসংখ্য সৰু সৰু ভিনৰঙী ফুল আৰু সেউজীয়া ঘাঁহৰ এখন দলিচা দেখা গল। কিছুমান বেলেগ মেঘ যিবোৰে মৰুভূমিখন পাৰ হৈ দক্ষিণৰ অৰণ্যবোৰলৈ গৈ আছিল, ভুলতে বালি টিলাটোকেই অৰণ্যবোৰৰ অংশ এটা বুলি ভাবিলে আৰু তাৰ ওপৰত বৰষিব ধৰিলে।
২০ বছৰ পিছত বালি টিলাটো এখন মৰুদ্যানত পৰিণত হ'ল যিয়ে মৰুযাত্ৰীক চোকাৰ'দত , নিজৰ গছবোৰৰ ছাঁৰে অকণ আৰাম দিয়ে।
আৰু এই সকলোবোৰ কিয় হ'ল..কাৰণ এদিনাখন এটুকুৰা মেঘ এটা বালি টিলাৰ প্ৰেমত পৰিছিল আৰু নিজৰ ভালপোৱাজনৰ বাবে সৰ্বস্ব দিবলৈ কুন্ঠাবোধ কৰা নাছিল।।