আহোঁতে শুদা হাত,
যাওঁতে শুদা হাত


Image Description

বিশ্ববিজয়ী বীৰ আলেকজেণ্ডাৰৰ জন্ম হৈছিল গ্ৰীছৰ 'পেলা'ত ৷ ষোল্ল বছৰ বয়সলৈ তেওঁৰ শিক্ষাগুৰু আছিল মহান গ্ৰীক দাৰ্শনিক এৰিষ্টট'ল ৷ বিছ বছৰ বয়সত তেওঁৰ পিতৃ ফিলিপৰ হত্যাৰ পিছত তেওঁ গ্ৰীছৰ সিংহাসনত বহে ৷ তাৰ পিছত এছিয়া আৰু আফ্ৰিকাৰ বহুতো দেশ জয় কৰি মাত্ৰ ত্ৰিছ বছৰ বয়সত তেওঁ বিশ্বৰ আটাইতকৈ বিশাল সাম্ৰাজ্যৰ অধিপতি হৈ পৰে ৷ গোটেই জীৱন অজেয় হৈ থকা আলেকজেণ্ডাৰ ইতিহাসৰ সফলতম যোদ্ধাসকলৰ এজন ৷ বিশাল ধন, ঐশ্বৰ্য্য, ভূখণ্ড আৰু সীমাহীন ক্ষমতাৰ গৰাকী আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ মৃত্যু হয় খৃষ্টপূৰ্ব 323 চনৰ জুন মাহত ৷ মৃত্যুৰ আগতে আলেকজেণ্ডাৰে বিশ্বক তিনিটা অতি মহামূল্যৱান জ্ঞান দি থৈ যায়৷

নানা দেশ জয় কৰি আলেকজেণ্ডাৰ যেতিয়া গ্ৰীছলৈ ঘূৰি গৈ থাকোঁতে মাজবাটত বেবিলনত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰে ৷ তাতেই তেওঁ শয্যাগত হয় আৰু লগে লগে অজস্ৰ চিকিৎসক তেওঁৰ চিকিৎসাত নামি পৰে ৷ পৃথিৱী বিজয়ী সম্ৰাট আলেকজেণ্ডাৰৰ মৃত্যুৰ আগতে এবাৰ মাকক চাবলৈ প্ৰচন্ড হেপাহ আছিল ৷ চিকিৎসক সকলক আদেশ দিয়া হ'ল যাতে অন্তত তেওঁক শেষবাৰৰ কাৰণে গ্ৰীছলৈ যাব পৰাকৈ সুস্থ কৰি তোলা হয় ৷ চিকিৎসকসকলেও সম্ৰাটৰ আৰোগ্যৰ বাবে সকলো চেষ্টা কৰিলে ৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ উন্নতি নহ'ল ৷ মৃত্যু অৱধাৰিত বুলি বুজি পাই সম্ৰাট আলেকজেণ্ডাৰে তেওঁৰ সেনাপতি সকলক মাতি আনি ক'লে, "মোৰ মৃত্যু সমাগত ৷ মোৰ মাক ক'বা যে মই শেষবাৰৰ বাবে তেওঁক এবাৰ চাবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ ৷ মোৰ তিনিটা শেষ ইছা আছে ৷ মই বিচাৰোঁ যাতে মোৰ মৃত্যুৰ পিছত সেইকেইটা অকণো হেৰফেৰ নোহোৱাকৈ আখৰে আখৰে পালন কৰা হয়৷"

অশ্ৰুসিক্ত নয়নে সেনাপতিসকলে ক'লে “ হে মহান সম্ৰাট, আপোনাৰ আদেশৰ তুলনাত আমাৰ জীৱনো অতি তুচ্ছ ৷ আপুনি মাথো আমাক আদেশ দিয়ক৷“

আলেকজেণ্ডাৰে ক'লে:

মোৰ প্ৰথমটো ইচ্ছা হ'ল:
'মোৰ মৃত্যুৰ পিছত যাতে কেৱঘলমাত্ৰ মোৰ চিকিৎসকসকলেহে মোৰ কফিনটো কান্ধত লয় ।'

কিছু সময় ৰৈ তেওঁ পুনৰ ক'লে,
মোৰ দ্বিতীয় ইচ্ছা হ'ল:
'মোৰ কফিনটো যেতিয়া মোৰ কবৰলৈ কঢ়িয়াই লৈ যোৱা হ'ব, তেতিয়া মোৰ কফিনটো যি পথেৰে যাব সেই পথটোত যেন মই জীৱনত সংগ্ৰহ কৰা সোণ, ৰূপ, হীৰা আৰু অন্যান্য বহুমূলীয়া ৰত্নবোৰ ছটিয়াই যোৱা হয় ৷'

এইখিনি কৈ আলেকজেণ্ডাৰ ভাগৰুৱা হৈ গ'ল ৷ কিছু জিৰণি লৈ তেওঁ ক'লে,
মোৰ তৃতীয় আৰু শেষ ইচ্ছা হ'ল:
'মোৰ মৃত্যুৰ পিছত যাতে মোৰ দুয়োখন হাত মোৰ কফিনৰ বাহিৰলৈ উলিয়াই ৰখা হয় ৷'

এই কথাখিনি শুনাৰ পিছত সেনাপতিসকল আচৰিত হৈ গ'ল ৷ কিন্তু কোনো এজনৰেই ইমান সাহস নহ'ল যে প্ৰবল প্ৰতাপী সম্ৰাট আলেকজেণ্ডাৰক তেওঁৰ এই অদ্ভূত শেষ ইচ্ছাৰ কাৰণ সম্পৰ্কে কিবা সুধিব পাৰিব ৷ শেষত তেওঁৰ আটাইতকৈ প্ৰিয় সেনাপতিজনে মৰসাহ কৰি শয্যাগত আলেকজেণ্ডাৰৰ ওচৰলৈ গ'ল আৰু তেওঁৰ হাতত সম্ভ্ৰমেৰে চুম্বন কৰি হাত দুখন নিজৰ বুকুত সাবটি ধৰি সুধিলে, “হে বিশ্বৰ অধিনায়ক মহান সম্ৰাট, আপোনাৰ আদেশ আমি অকণো হেৰফেৰ নোহোৱাকৈ পালন কৰিম ৷ কিন্তু হে সৰ্বাধিনায়ক, আপোনাৰ এনে শেষ ইচ্ছাৰ কিবা বিশেষ কাৰণ আছে নেকি?“

আলেকজেণ্ডাৰে দীঘলকৈ উশাহ লৈ কোৱা কথাখিনি অজস্ৰ মণি মুকুতাতকৈও অনেক গুণে বহুমূলীয়া ৷ তেওঁ ক'লে, 'সেনাপতি, মোৰ প্ৰতিটো ইচ্ছাৰে অৰ্ন্তনিহিত এক কাৰণ আছে ৷ মই বিচাৰো যে সমগ্ৰ বিশ্বই মই মোৰ জীৱনত শিকা তিনিটা শিক্ষা গম পাওঁক৷

মোৰ কফিন কেৱল চিকিৎসকেহে কঢ়িয়াব ৷ পৃথিৱীয়ে বুজি পোৱা উচিত যে পৃথিৱীৰ কোনো চিকিৎসকে কাকো সৰ্বকালৰ কাৰণে আৰোগ্য কৰি ৰাখিব নোৱাৰে ৷ কোনো চিকিৎসকৰে মৃত্যুক বাধা দিব পৰা ক্ষমতা নাই । তেওঁলোকো মৃত্যুৰ হাতোৰাত ক্ষমতাহীন ৷ সেয়ে পৃথিৱীৰ কোনেও যাতে জীৱনটো অনন্ত কালৰ বাবে বুলি ধৰি নলয়৷

মোৰ কফিন যোৱা পথত পৰি থকা মণি-মুক্তাবোৰ দেখি মানুহে বুজক যে সেইবোৰ আচলতে মূল্যহীন ৷ মই মোৰ সমস্ত জীৱন এই অৰ্থহীন বস্তুবোৰ গোটোৱাত ব্যয় কৰিলোঁ ৷ কিন্তু আজি সেইবোৰ একো মোৰ লগত নাযায় ৷ মই গুছি যাম আৰু সেইবোৰ মোৰ কফিন যোৱা বাটত পৰি ৰব৷

মোৰ হাত দুখন কফিনৰ পৰা ওলাই থাকিলে সকলোৱে দেখিব যে মই যিদিনা পৃথিৱীলৈ আহিছিলোঁ সেইদিনা খালি হাতে আহিছিলোঁ ৷ আৰু আজি সমগ্ৰ বিশ্ব জয় কৰি সীমাহীন সম্পত্তিৰ মালিক হোৱাৰ পিছতো মই যেতিয়া ঘূৰি যাবলৈ ওলাইছোঁ, তেতিয়াও মই খালি হাতেৰেই উভতি যাব লগা হ'ল৷'

এই কথাখিনি কৈ বিশ্ববিজয়ী বীৰ মহান সম্ৰাট আলেকজেণ্ডাৰে তেওঁৰ চকু বন্ধ কৰি দিয়ে আৰু তাৰ কিছু সময় পিছত তেওঁ পৃথিৱীৰ পৰা বিদায় লয় ৷ মৃত্যুৰ পিছত তেওঁৰ তিনিওটা শেষ ইচ্ছা আখৰে আখৰে পালন কৰা হ'ল ৷ পৃথিৱীয়ে দেখিলে যে বিশ্বৰ বিখ্যাত চিকিৎসকেও তেওঁক শেষ মুহুৰ্তত একো সহায় কৰিব নোৱাৰিলে ৷ পৃথিৱীৰ বিশালতম ধন-সম্পত্তিৰ অধিকাৰী আলেকজেণ্ডাৰ কফিনৰ বাহিৰত খালি হাত দুখন উলিয়াই গুছি গ'ল ৷ তেওঁ জীৱনযোৰা কষ্টৰে গোটোৱা ধন, সোণ, হীৰা, মণি-মুক্তা সকলো তেওঁৰ কফিন যোৱা পথত পৰি ৰল অনাদৃতভাৱে !!