অসমীয়া ভাষা প্ৰয়োগৰ নামত চৰকাৰী প্ৰহসন বন্ধ হ’বই লাগিব


Image Description

অসমীয়া ভাষাৰ অস্তিত্ব বিপন্ন কৰি অসমত অসমীয়াৰ ঠাইত বাংলা ভাষা প্ৰয়োগ কৰিব বিচৰা ষড়যন্ত্ৰৰ এটা দীঘলীয়া ইতিহাস আছে৷ বৃটিছৰ দিনত অসমীয়াৰ ঠাইত বাংলাক অসমৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাৰ পৰা প্ৰশাসনীয় পৰ্যায়ত; আৰু ১৯০৫ চনত বংগ ভংগ কৰি অসমক পূৰ্ব বংগৰ সৈতে চামিল কৰাৰ জৰিয়তে ৰাজনৈতিকভাৱে অসমীয়াৰ ওপৰত বাংলাৰ আধিপত্য স্থাপনৰ বুনিয়াদ ৰচনা কৰা হৈছিল৷ কিন্ত কালক্ৰমত অসমীয়া মানুহৰ অলেখ প্ৰচেষ্টা, ত্যাগ আৰু কেইবাটাও ডাঙৰ আন্দোলনৰ ফলশ্ৰুতিত ১৯৬০ চনত অসম বিধান সভাই অসম চৰকাৰী ভাষা আইন পাৰিত কৰে আৰু সেই মর্মে অসমত আইনখন বলৱৎ হয়৷ চৰকাৰী ভাষা আইনখন অসমত প্ৰণয়ন কৰাৰ আঁৰত আন এটা অতি প্ৰাসঙ্গিক দর্শন জড়িত হৈ আছে৷ সেয়া হ’ল, সকলো জাতিৰে নিজা মাতৃভাষা সংৰক্ষণ আৰু সংবর্দ্ধনৰ অধিকাৰ আছে৷ ভাৰতীয় সংবিধানৰ ৩৪৫ আৰু ৩৪৬কে ধৰি কেইবাটাও অনুচ্ছেদত ইয়াৰ বিধান দিয়া হৈছে৷ মাতৃভাষাৰ উৎকৰ্ষ সাধন কৰিব নোৱাৰালৈকে কোনো জাতিয়ে জাতি হিচাপে জীয়াই থাকিব নোৱাৰে৷ একমাত্ৰ মাতৃভাষা ৰক্ষাৰ হকে পৃথিৱীৰ বহু দেশত বহু বিপ্লৱ বা যুদ্ধ-বিগ্ৰহ আদি হৈ যোৱাৰ অনেক ইতিহাস আছে৷ অসমত যিহেতু দীর্ঘকাল ধৰি অসমীয়া ভাষাৰ গুৰুত্ব কম কৰাৰ এটা ষড়যন্ত্ৰ আগৰে পৰাই চলি আহিছে, এনে প্ৰেক্ষাপটত আইন প্ৰণয়নৰ জৰিয়তেহে অসমীয়া ভাষাৰ প্ৰয়োগ আৰু সেই মর্মে ৰক্ষণাবেক্ষণ সম্ভৱ বুলি সেই সময়ৰ জাতীয় নেতৃত্বই উপলব্ধি কৰিছিল৷

কিন্তু দুৰ্ভাগ্যজনকভাৱে, অসমীয়া ভাষা প্ৰয়োগ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰী ভূমিকা দুখ লগাকৈ নেতিবাচক৷

১৯৬০ চনৰ চৰকাৰী ভাষা আইনত এইটো কথা স্পষ্টকৈ কোৱা হৈছে যে বৰাক উপত্যকাক বাদ দি অসমৰ সকলো চৰকাৰী কাম-কাজত অসমীয়া ভাষাত হ’ব লাগিব৷ বিশেষকৈ অসম সচিবালয় আৰু অসম বিধানসভাৰ সকলো কাম-কাজ অসমীয়া ভাষাতে হ’ব লাগিব৷ বিধানসভাত উত্থাপিত সকলো বিধেয়ক, অধিসূচনা, জাননী আদি অসমীয়া ভাষাতে হ’ব লাগিব৷ চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, জাননী, হুকুম আদি অসমীয়া ভাষাত হ’ব লাগিব৷ যদি কিবা প্ৰয়োজনত ইংৰাজী ভাষা ব্যৱহাৰ কৰিবলগীয়া হয়, তেনেহ’লে তাৰ সৈতে অসমীয়া ভাষাত অনুদিত প্ৰতিলিপি সংযোজিত হ’ব লাগিব৷

কিন্তু বাস্তৱত চৰকাৰী কাম-কাজত অসমীয়া ভাষা প্ৰয়োগৰ ব্যৱস্থা আজিলৈকে কাৰ্যকৰী হৈ নুঠিল৷

ৰাজ্য চৰকাৰে সময়ে সময়ে চৰকাৰী যোগাযোগসমূহ (Official Communications) অসমীয়াত কৰিবলৈ নিয়ম মাফিক কিছুমান নিৰ্দেশনা জৰি কৰে যদিও সেই নিৰ্দেশনাসমূহ বাস্তৱত প্ৰয়োগ নহয়৷ উদাহৰণস্বৰূপে, অসম সাহিত্য সভাই জনোৱা দাবী মর্মে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত যোগাযোগৰ ভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰৰ ওপৰত আলোচনা কৰিবলৈ ২০১৯ চনৰ ৪ জুনৰ দিনা জনতা ভৱনত অসমৰ মুখ্য সচিবৰ অধ্যক্ষতাত অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল আৰু অসম চৰকাৰৰ বিভাগীয় মুৰব্বী বিষয়াসকলৰ এখন যৌথ বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত সভাৰ সিদ্ধান্তসমূহ যিখন কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰা হৈছিল, তাত অসম চৰকাৰৰ মুখ্য সচিবে দিয়া আদেশটো ইংৰাজী ভাষাতে লিখা হৈছিল৷ কিন্তু পূর্বৰ নিৰ্দেশনাসমূহৰ দৰে উক্ত নিৰ্দেশনাও বাস্তৱত সম্পূৰ্ণৰূপে কার্যকৰী নহ’ল৷

২০০৭-০৮ চনত চৰকাৰী ভাষা আইনৰ নিৰ্দেশনা অনুসৰি অসম বিধানসভাত অসামীয়া ভাষা প্ৰয়োগৰ ব্যাপক দাবী উত্থাপিত হ’বলৈ ধৰে৷ সেই সময়ৰ সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি, নিৱন্ধ আদি প্ৰকাশৰ জৰিয়তে ব্যাপক জনমত গঠন হয়৷ একাংশ লেখক-বুদ্ধিজীৱী-সাংবাদিকে আনকি এইবুলি মন্তব্য কৰে যে যিখন বিধানসভাই অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ প্ৰয়োজনত অসম চৰকাৰী ভাষা আইন পাৰিত কৰিছিল, সেইখন বিধান সভাই অসমীয়া ভাষাক উপেক্ষা কৰাটো দুৰ্ভাগ্যজনক৷

উল্লিখিত আলোচনা-সমালোচনাৰ পৰিপ্ৰেক্ষিতত বিধান সভা কৰ্তৃপক্ষই সদনৰ কাম-কাজত সম্পূৰ্ণৰূপে অসমীয়া ভাষা প্ৰয়োগ কৰাৰ সিদ্ধান্ত লয় আৰু সেই মর্মে ২০০৯ চনৰ অসম বিধান সভাৰ বাজেট অধিৱেশনৰ পৰা বিধান সভাৰ সকলো কাম-কাজ অসমীয়া ভাষাত কৰিবলৈ ব্যৱস্থা হাতত লয়৷ সেই বছৰ অসম বিধান সভাৰ বাৰ্ষিক কেলেণ্ডাৰ আৰু ডায়েৰী অসমীয়া ভাষাত প্ৰকাশ কৰি বিতৰণ কৰা হয়৷ বিধানসভাৰ প্ৰৱেশ পত্ৰ আদিও অসমীয়া ভাষাতে ছপা কৰোৱা হয়৷ সেই বছৰ বিধান সভাত দাখিল হোৱা প্ৰায়সমূহ নথি অসমীয়া ভাষাতে প্ৰস্তুত কৰা হৈছিল৷ কিন্তু পিছলৈ দিন যোৱাৰ লগে লগে বিধানসভাৰ অভ্যন্তৰত ভাষণ-বক্তব্য আদিৰ বাহিৰে আইন, বিধেয়ক আদি সকলোতে ইংৰাজী ভাষা ব্যৱহাৰ কৰা হয়।

১৯৬০ চনৰ চৰকাৰী ভাষা আইনখনৰ বিধি অনুসৰি অসমৰ চৰকাৰী খণ্ডত অসমীয়া ভাষা প্ৰয়োগ নিশ্চিত কৰিবলৈ ১৯৭৯ চনত ৰাজ্য ভাষা প্ৰয়োগ সঞ্চালকালয় নামেৰে এটি পূৰ্ণাঙ্গ চৰকাৰী প্ৰতিষ্ঠানৰ জন্ম দিয়া হয়৷ এগৰাকী সঞ্চালক আৰু সংলগ্ন অন্যান্য বিষয়া কৰ্মচাৰী সহ মুঠ ১৬টা পদৰ এই সঞ্চালকালয়টোয়ে আজিলৈকে কেৱল বিষয়া-কৰ্মছাৰীৰ দৰমহাৰ বাহিৰে আন একো পুঁজি চৰকাৰৰ পৰা নাপালে৷ ২০১৮ চনত আন আটটা বিভাগৰ সৈতে এই সঞ্চালকালয়টোও চৰকাৰে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছিল যদিও সংবাদ মাধ্যমত সমালোচনাহোৱাত চৰকাৰে সিদ্ধান্তটো স্থগিত কৰে৷ বৰ্তমানে বিভাগটোৰ আধাতকৈ অধিক সংখ্যক পদ খালী হৈ আছে৷ চৰকাৰে সঞ্চালকালয়টোক আজিলৈকে এটা স্থায়ী কাৰ্যালয় আৱন্ট নিদিলে৷ তথ্য আৰু জনসংযোগ বিভাগৰ চিছপুৰ লাষ্টগে’টস্থিত কার্যালয় চৌহদৰ এটা কোঠালিত এই সঞ্চালকালয়টো চলি আছে৷

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ আইন বা অধিসূচনা আদি অসমীয়ালৈ ভাষান্তৰ কৰাৰ প্ৰয়োজনত অসম ৰাজ্য ভাষা আয়োগ নামেৰে এটি প্ৰতিষ্ঠান ১৯৮৭ চনত জন্ম দিয়া হৈছিল৷ অসম চৰকাৰৰ বিধান বিভাগৰ অধীনস্থ এই আয়োগখনত ১৯ গৰাকী বিষয়া-কৰ্মচাৰীৰ পদ আছে৷ তেওঁলোকৰ অৱশ্যে অসমীয়া ভাষা প্ৰয়োগৰ সৈতে সম্পৰ্ক নাই৷ কিন্তু ৰাজ্য ভাষা প্ৰয়োগৰ মূল দায়িত্ব নিয়োজিত হৈ থকা ৰাজ্য ভাষা সঞ্চালকালয়ৰ প্ৰতি চৰকাৰৰ অৱজ্ঞাৰ প্ৰমাণ দিবলৈ এটা মাত্ৰ উদাহৰণ যথেষ্ট৷ সেয়া হ’ল, এই সঞ্চালকালয়টো অসম চৰকাৰৰ ৰাজনৈতিক বিভাগৰ অধীনস্ত৷ অথচ গৃহ আৰু ৰাজনৈতিক বিভাগৰ চৰকাৰী ৱেবছাইটত এনে এটি সঞ্চালকালয় থকাৰ কথাটো উল্লেখেই কৰা হোৱা নাই৷

নাগৰিকত্ব সংশোধনী আইন (কা’) বিৰোধী আন্দোলনৰ সময়ত ২০২০ চনৰ ১৯ ডিচেম্বৰৰ দিনা অসম চৰকাৰৰ কেবিনেটে অসমীয়াক ৰাজ্য ভাষা হিচাপে কেন্দ্ৰীয় চৰকাৰৰ দে্বাৰা ঘোষিত কৰোৱাৰ স্বাৰ্থত সংবিধানৰ ৩৪৫ ধাৰা সংশোধন কৰাৰ প্ৰস্তাৱ লৈছিল৷ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ উক্ত সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল

কিন্তু কেন্দ্ৰীয় চৰকাৰে আজিলৈকে তেনে একো পদক্ষেপ গ্ৰহণ কৰা নাই৷ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সেই দাবী উত্থাপন কৰিছে নে নাই, তাৰ কোনো তথ্য ৰাজহুৱা মঞ্চত উপলব্ধ নহয়৷

অসমীয়া ভাষাক এনেদৰে যুগে যুগে চৰকাৰীভাৱে উপেক্ষা কৰি অহাৰ অজস্ৰ উদাহৰণ আছে৷ অথচ পশ্চিম বংগ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডু, কেৰালা আদি ৰাজ্যই তেওলোকৰ ৰাজ্যৰ চৰকাৰী ভাষাক উপযুক্তভাৱে প্ৰয়োগ আৰু সংবৰ্দ্ধনৰ কাম কৰি আহিছে৷ পঞ্জাৱত ১৯৬৭ চনত, কৰ্ণাটকত ১৯৬৩ চনত আৰু মহাৰাষ্ট্ৰত ১৯৬৪ চনত ৰাজ্য ভাষা আইন প্ৰণয়ন কৰা হৈছিল আৰু আজিলৈকে সেই আইনসমূহ যথাযথভাৱে ৰূপায়িত হৈ আহিছে৷

১৯৮৫ চনত তেতিয়াৰ অসম গণ পৰিষদ চৰকাৰে ‘অসম চৰকাৰী ভাষঅ মূল্যায়ন আৰু পৰামৰশ সমিতি’ নামেৰে এখন সমিতি গঠন কৰি মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু আদি ৰাজ্যলৈ সেইসমূহ ৰাজ্যই কেনেদৰে নিজৰ ৰাজ্যিক ভাষা আইন বাস্তৱত বলৱৎ কৰিছে, সেয়া পৰ্যবেক্ষণ কৰিবলৈ পঠিয়াইছিল৷ সমিতিখনে উভতি আহি চৰকাৰৰ ওচৰত দীঘলীয়া প্ৰতিবেদন দাখিল কৰিছিল যদিও আজিলৈকে সেই প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰা নহ’ল৷ কৰ্ণাটক, মহাৰাষ্ট্ৰ, পঞ্জাৱ আদি ৰাজ্যই ত্ৰিভাষা সূত্ৰ প্ৰয়োগ কৰি প্ৰথমতে তেওঁলোকৰ ৰাজ্যভাষা, দ্বিতীয়ত হিন্দী আৰু তৃতীয়ত ইংৰাজী ভাষাক স্থান দি সেই মতে শিক্ষাৰ মাধ্যম আৰু চৰকাৰী কাম-কাজ চলোৱাৰ ব্যৱস্থা কৰাৰ পৰিপ্ৰেক্ষিতত সেই ৰাজ্যসমূহত ৰাজ্যভাষাৰ সমস্যা নাইকীয়া হৈছে৷ তেওঁলোকৰ ৰাজ্যৰ চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য কৰাৰ ফলত চাকৰিৰ প্ৰত্যাশাৰে সেই ৰাজ্যৰ শিক্ষাৰ্থীসকলে নিজৰ মাতৃভাষা অধ্যয়নৰ বাধ্যবাদকতাত পৰি মাতৃভাষাক প্ৰাধান্য দিবলগীয়া হয়৷

বৰ্তমানে ভাষাক লৈ সমস্যা আৰু সংকট থকা ৰাজ্য সমগ্ৰ দেশৰ ভিতৰতে মাত্ৰ দুখন আছে৷ এখন ঝাৰখণ্ড, আনখন অসম৷ ঝাৰখণ্ড ৰাজ্যত হিন্দীৰ পিছতে তৃতীয় সৰ্বাধিক সংখ্যক লোক আছে বাংলা ভাষাভাষী৷ ঝাৰখণ্ডৰ ৩.২৯ কোটি জনসংখ্যাৰ প্ৰায় দহ শতাংশ বাঙালী সম্প্ৰদায়ৰ লোক৷ সেই সূত্ৰে ঝাৰখণ্ডৰ ৰাজ্যিক ভাষা বাংলা হ’ব লাগে বুলি এটা মহলে দাবী তুলি আহিছে৷ ত্ৰিপুৰাত পূৰ্বে জনজাতীয় ত্ৰিপুৰী লোকৰ সংখ্যাধিক্য আছিল৷ কিন্তু পূৰ্ব বংগৰ পৰা হোৱা প্ৰজ্ৰনৰ ফলত ত্ৰিপুৰাত বাংলাভাষী লোকৰ সংখ্যা অধিক হোৱাৰ ফলত বাংলা ভাষাক সেই ৰাজ্যৰ চৰকাৰী ভাষা হিচাপে স্বীকৃত কৰা হয় সেই সূত্ৰে ত্ৰিপুৰা এতিয়া দেশৰ দ্বিতীয় সৰ্ববৃহৎ বাংলাভাষী (৬৫.৭৩%) জনবহুল ৰাজ্য হিচাপে চিহ্নিত৷ ত্ৰিপুৰাৰ পিছতে অসম হৈছে ভাৰতৰ তৃতীয় সর্বাধিক বাংলাভাষীয়ে বসবাস কৰা ৰাজ্য৷ অসমৰ বৰাক উপত্যকাৰ তিনিখন জিলাৰ চৰকাৰী ভাষা বাংলা৷ সেই জিলা তিনিখনত অসমীয়াভাষী লোকৰ সংখ্যা নগণ্যপ্ৰায়৷ বৰাক উপত্যকাক ত্ৰিপুৰাৰ সৈতে সংলগ্ন কৰাৰ দাবীও বিভিন্ন সময়ত উঠি আহিছে৷ ত্ৰিপুৰা আৰু পশ্চিম বংগৰ মাজৰ ৰাজ্যখন হৈছে৷ আৰু তিনিওখন ৰাজ্যৰ সীমাৰ সৈতে লাগি আছে বাংলাভাষী ৰাষ্ট্ৰ বাংলাদেশ৷ এনে প্ৰেক্ষাপটত অসমৰ বাকী জিলাকেইওখনত বাংলাভাষীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিলেই অসমকো এখন বাংলাভাষী ৰাজ্য হিচাপে স্বীকৃত কৰিব পৰা যাব - এইটো ভাষিক সম্প্ৰসাৰণবাদী মহলৰ দীর্ঘদিনীয়া সপোন৷ নাগৰিকত্ব সংশোধনী আইনখন কেন্দ্ৰীয় চৰকাৰে মূলতঃ ৰাজনৈতিক কাৰণত প্ৰণয়ন কৰিলেও উক্ত আিনখনে ভাষিক সম্প্ৰসাৰণবাদী মহলৰ সপোন পূৰণত সহায় কৰিব বুলি অসমৰ বৌদ্ধিক মহলে কৈয়ে আছে৷

উল্লিখিত সমীকৰণৰ প্ৰেক্ষাপটত অসমত অসমীয়া ভাষাৰ যথোপযুক্ত ব্যৱহাৰৰ জৰিয়তে ভাষাটোক শক্তিশালী কৰাৰ প্ৰয়োজনতে ১৯৬০ চনৰ চৰকাৰী ভাষা আইনখন প্ৰণয়ন কৰা হৈছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে, একমাত্ৰ চৰকাৰী অমনোযোগিতাৰ বাবেই আজিলৈকে ৰাজ্য ভাষা আইনখন সম্পূৰ্ণৰূপে কাৰ্যকৰীতো হোৱাই নহয়, ওলোটাই অন্য শক্তিশালী ভাষাৰ আগ্ৰাসনত অসমীয়া ভাষাৰ অস্তিত্ব বিপন্ন হোৱাৰ উপক্ৰম হৈছে৷ সেয়ে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰয়োজনত অসমীয়া ভাষাৰ শক্তি আৰু মৰ্যাদা অক্ষুন্ন ৰাখিবই লাগিব৷ আৰু তাৰ বাবে ৰাজ্য ভাষা আইনখন উপযুক্ত ধৰণে প্ৰয়োগ কৰাৰ বিকল্প নাই৷

অসমীয়া ভাষা ৰক্ষা আৰু বিকাশৰ ক্ষেত্ৰত লুৰিণ জ্যোতি গগৈৰ সৈতে অমাৰ কথোপকথন

প্ৰশ্ন: অসম জাতীয় পৰিষদ যিহেতু এটা জাতীয়তাবাদী আঞ্চলিক দল, আৰু জাতিৰ সৈতে সদায় ভাষা জড়িত হৈ থাকে, সেয়ে আপোনাৰ দলৰ এটা ভাষিক দৃষ্টিভংগী নিশ্চয় থাকিব; আৰু সেয়া নিঃসন্দেহে অসমীয়া ভাষাক কেন্দ্ৰ কৰিয়ে হ’ব৷ প্ৰশ্ন হ’ল, অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা আৰু বিকাশৰ ক্ষেত্ৰত আপোনাৰ দলৰ পৰিকল্পনা কি?

উত্তৰ: ভাষা জাতীয়তাবাদৰ অন্যতম আধাৰ৷ অসমতো জাতি গঠন প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰি জাতীয়তাবাদৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰাত অসমীয়া ভাষাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷

অসম জাতীয় জাতীয় পৰিষদৰ জন্মই হৈছে অসমীয়া ভাষা তথা থলুৱা খিলঞ্জীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ পৰিচয় সুৰক্ষিত কৰাৰ স্বাৰ্থত৷ সেয়েহে অসমীয়া ভাষা সুৰক্ষা তথা বিকাশৰ স্বাৰ্থত অসম জাতীয় পৰিষদে এক নিজস্ব দৃষ্টিভঙ্গী আৰু পৰিকল্পনা দাঙি ধৰিছে৷ জাতীয় পৰিষদে অসমীয়া ভাষা সুৰক্ষাৰ বাবে অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে বাধ্যতামূলকভাৱে প্ৰয়োগ কৰাৰ লগতে অসমৰ জনজাতীয়-জনগোষ্ঠীয় জনসাধাৰণৰ মাজত সংযোগী ভাষা হিচাপে প্ৰচলন বাঞ্চা কৰে৷ সংবিধান-স্বীকৃত আন জনজাতীয়-খিলঞ্জীয়া ভাষাসমূহৰো শিক্ষা ব্যৱস্থাত প্ৰসাৰৰ পোষকতা কৰে৷ অসম ৰাজ্যভাষা আইনৰ বহুল প্ৰয়োগৰ দ্বাৰা চৰকাৰী কাম আৰু কাৰ্যালয়ত অসমীয়া ভাষাৰ প্ৰয়োগ হোৱাটো অসম জাতীয় পৰিষদে বিচাৰে৷ তদুপৰি অসমীয়া ভাষাৰ ভাষিক স্বকীয়তা ৰক্ষাৰ বাবে ইউনিক’ডৰ স্বীকৃতি তথা ইন্টাৰনেটত বিভিন্ন তথ্য সম্ভাৰ, সাহিত্যৰাজি উপলব্ধ কৰোৱাটো প্ৰয়োজনীয় বুলি অসম জাতীয় পৰিষদে বিশ্বাস কৰে৷ সমগ্ৰ অসমৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান/ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ নাম-ফলকসমূহত অসমীয়া ভাষাৰ প্ৰয়োগ বাধ্যতামূলক হ’ব লাগে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত অসমীয়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভূক্ত কৰাৰ জাতীয় পৰিষদে পোষকতা কৰে৷

প্ৰশ্ন: অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বাংলা ভাষাৰ আগ্ৰাসনৰ ফলত খিলঞ্জীয়া ত্ৰিপুৰীসকল সংখ্যালঘুত পৰিণত হৈ গৈছে৷ অসমৰ ক্ষেত্ৰতো একেই ভাৱুকি বিদ্যমান বুলি বৌদ্ধিক মহলে কৈ থাকে৷ এই সন্দৰ্ভত আপুনি কি ভাৱে?

উত্তৰ: প্ৰব্ৰজন তথা ভাষিক আগ্ৰাসনৰ ফলত খিলঞ্জীয়া ত্ৰিপুৰীসকলে তেওঁলোকৰ ভাষিক স্বীকৃতি তথা পৰিচায় হেৰুৱাব লগীয়া হ’ল৷ ত্ৰিপুৰীসকলৰ ককবৰক ভাষা সংখ্যালঘুত পৰিণত হ’ল; সামাজিক-ৰাজনৈতিক ভাৱেই ত্ৰিপুৰীসকল সংকটাপন্ন৷ অসমতো অসমীয়া ভাষাই ভাষিক স্বীকৃতি তথা ভাষিক সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ উপক্ৰম হৈছে৷ সেয়েহে সময় থাকোতেই অসমীয়া ভাষিক স্বীকৃতি তথা পৰিচয়ৰ বাবে প্ৰতিজন জাতীয়তাবোধ সম্পন্ন অসমীয়াই কাম কৰিব লাগিব৷ ভাষিক আগ্ৰাসন প্ৰতিৰোধৰ বাবে অসমীয়া ভাষাৰ প্ৰয়োগ, চৰ্চা আৰু ভাষাক সমৃদ্ধ কৰিব পৰা কাম-কাজসমূহ আগুৱাই নিবই লাগিব৷ অসমীয়া ভাষা প্ৰয়োগত চলি অহা ৰাজনৈতিক বিধিপথালি, কূট-কৌশলসমূহক আমি সৰ্বান্তকৰণেৰে বাধা দিবই লাগিব৷ অন্যথা অসমীয়া ভাষাও ত্ৰিপুৰীসকলৰ ভাষাৰ দৰে হৈ পৰিব৷

প্ৰশ্ন: নাগৰিকত্ব (সংশাধনী) আইন চমুকৈ কা’খন প্ৰৱৰ্তন কৰাৰ আঁৰৰ কাৰণ ৰাজনৈতিক, এই কথা সকলোয়ে জানে৷ কিন্তু কা’খনে লগতে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতিও ভাৱুকি আনিব বুলি কোৱা হৈছে৷ আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোতে আৰু পিছলৈ অসম জাতীয় পৰিষদৰ সভাপতি হিচাপেও আপুনি ৰাজনৈতিক মঞ্চৰ পৰা বহুবাৰ এই কথা কোৱা শুনা গৈছে৷ এই ভাৱুকিটো কেনে ধৰণৰ? কোনটো দিশৰ পৰা আৰু কেনেকৈ এই ভাৱুকিটো আহিব বা আহিছে?

উত্তৰ: কা’ বলৱৎ হোৱাৰ লগে লগে অসম আৰু অসমীয়া সৰ্ব দিশৰ পৰা সংকট আৰু দুৰ্যোগৰ সন্মুখীন হ’ব লাগিব৷ Self declaration বা স্বঘোষণাৰ দ্বাৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূর্বে অসমলৈ অহা ব্যক্তিয়ে সকলো অধিকাৰ লাভৰ দাবীদাৰ হৈ উঠিব৷ অবৈধ বিদেশীৰ আগ্ৰাসন আৰু নাগৰিকত্ব লাভৰ ফলত অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন হ’ব৷ খিলঞ্জীয়া মানুহে ভয়াৱহ বিদেশীৰ বোজা মুৰ পাতি লব লাগিব৷ ২০১১ চনত অসমত ভাষাৰ ভিত্তিত অনুষ্ঠিত লোকপিয়লে এখন ভয়াৱহ প্ৰতিচ্ছবি প্ৰতিস্ফুট কৰিছে৷ অসমীয়া কোৱা মানুহৰ সংখ্যা ৪৮শতাংশলৈ নামি আহিছে৷ অসমৰ জনগণে ১৮৩৭ চনৰ অভিজ্ঞতাৰ আজিও পাহৰা নাই৷ অসমৰ দৰে ক্ষুদ্ৰ তথা জনবহুল ৰাজ্য এখনত প্ৰথম হেঁচা আহিব ভূমিৰ ওপৰত৷ তাৰ পিছত ভাষাৰ ওপৰত হেঁচা বৃদ্ধি হ’ব৷ সংস্কৃতি সম্পূর্ণৰূপে ভাষাৰ ওপৰত নিৰ্ভৰশীল৷ সংহতিও ভয়াৱহভাৱে প্ৰভাৱিত হ’ব৷ কা’ৰ প্ৰয়োগৰ ফলত অসমীয়া জাতিৰ অৱস্থা অদূৰ ভৱিষ্যতে আইৰিশ্ব বা ত্ৰিপুৰীৰ দৰে হ’ব৷

প্ৰশ্ন: আপোনাৰ দলে ভাষিক জাতীয়তাবাদ প্ৰতিষ্ঠাৰ কথা কয়৷ ভাষিক জাতীয়তাবাদ শব্দটোৰ জৰিয়তে ধৰ্ম নিৰ্বিশেষে যিসকল লোকে অসমীয়া ভাষঅ কয় বা মানে, সেইসকল লোকক লৈ বৃহত্তৰ অসমীয়া জাতি গঠনৰ দিশত আগবঢ়াৰ কথা কৈছে – এইটো বাৰু বুজা গ’ল৷ কিন্তু আপোনালোকে বংগভাষী অসমীয়া, হিন্দীভাষী অসমীয়া আদি শব্দৰে হিন্দী বা বাংলা ভাষী লোকসকলকো অসমীয়া জাতিৰ অন্তৰ্ভূক্ত বুলি কৈছে৷ এই কথাটো পৰস্পৰবিৰোধী নহ’লনে? মানে, বাংলাভাষী বা হিন্দীভাষী লোক এজন আকৌ অসমীয়া কেনেকৈ হ’ব পাৰে?

উত্তৰ: অসমৰ মিশ্ৰিত জনগাঁথনি আৰু ঔপনিবেশিক শাসনৰ সূত্ৰে অসমীয়াৰ ভাষিক জাতীয়তাবাদৰ সূত্ৰত কিছু পৰিমাৰ্জনা সময়ৰ দাবী৷ অসমীয়াৰ সূত্ৰায়ণত ভাষিক জাতীয়তাবাদৰ লগতে আইনগত সূত্ৰক স্বীকাৰ কৰি লোৱাটো প্ৰয়োজন হৈ পৰিছে৷ ভাৰতবৰ্ষৰ অঙ্গৰাজ্য হিচাপে আৰু বৃটিছ শাসিত ভাৰতৰ অংশ হিচাপে অসমে ভাৰতৰ অন্যান্য প্ৰান্তৰ বহু লোকৰ অন্তৰ্দেশীয় প্ৰব্ৰজন স্বীকাৰ কৰি লৈছে৷ সেয়েহে ভাষিক জাতীয়তা আৰু আইনগত প্ৰশ্নসমূহৰ বিশ্লেষিত ৰূপত গ্ৰহণ কৰাৰ গত্যন্তৰ নাই৷ কিন্তু অসমীয়া ভাষা প্ৰয়োগৰ ক্ষেত্ৰত জাতীয়তাৰ আইনগত দিশ ভিন্ন ৰূপত হ’ব পাৰে৷

প্ৰশ্ন: কিছুদিন পূর্বে ‘চলো পাল্টাই’ বোলা এটা শ্ল’গানৰ বেনাৰত অসমৰ কিছুমান অঞ্চলত পূর্বে লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে পৰিচয় দি অহা একাংশ লোকৰ মাজত অহা লোপিয়লত মাতৃভাষা বাংলা লিখিব লাগে বুলি কিছু সংখ্যক লোকে এটা প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল৷ সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চত থাকি আপুনি তাৰ তীব্ৰ বিৰোধিতা কৰিছিল৷ এতিয়া অসমত অহা বছৰলৈ লোকপিয়ল হ্য’ব বুলি কোৱা হৈছে৷ আপুনি ৰাজনীতিলৈ অহাৰ পিছত ভাষা নিৰ্বিশেষে সকলো লোকৰ ভোট আৰু সমৰ্থনৰ আপোনাৰ দলক নিশ্চয় প্ৰয়োজন হ’ব৷ এনে অৱস্থাত ‘চলো পাল্টাই’ অভিযান চলোৱা লোকসকলৰ সন্দৰ্ভত আপোনালোকৰ স্থিতি কি হ’ব? আৰু ‘চলো পাল্টাই’ৰ প্ৰভাৱ যাতে অহা লোকপিয়লত নপৰে, তাৰ বাবে আপোনাৰ দলৰ কিবা কৰ্ম-পৰিকল্পনা থাকিব নেকি?

উত্তৰ: প্ৰথমে এটা কথা স্পষ্টকৈ কোৱাৰ প্ৰয়োজন আছে যে ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰিবলৈ অসম জাতীয় পৰিষদ গঠন হোৱা নাই৷ অসমীয়া তথা অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ সুৰক্ষা আৰু বিকাশ, অসমৰ খিলঞ্জীয়া ৰাইজৰ সৰ্বদিশৰ সুৰক্ষা প্ৰদানৰ দাবীৰে অসম জাতীয় পৰিষদৰ আত্মপ্ৰকাশ৷ ‘চলো পাল্টাই’ৰ দৰে অসম আৰু অসমীয়া বিৰোধী কাম-কাজ সময়ে সময়ে এক প্ৰতিক্ৰিয়াশীল চক্ৰই চলাই আহিছে৷ ‘চলো পাল্টাই’ৰ এই প্ৰতিক্ৰিয়াশীল কামত উচটনি দি আহিছে একাংশ ৰাজনৈতিক নেতাই৷ বিশেষকৈ পূর্ববংগীয় মূলৰ লোকক মূলধন কৰি এই অসম আৰু অসমীয়াবিৰোধী ষড়যন্ত্ৰ চলাই থকা হৈছে৷ অসম জাতীয় পৰিষদে অসমত বসবাস কৰা খিলঞ্জীয়া-অখিলঞ্জীয়া নিৰ্বিশেষে সকলো বৈধ ভাৰতীয় লোকে যাতে অসমীয়া তথা অন্য থলুৱা ভাষা-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, আন্তৰিকতা আৰু একাত্মবোধ প্ৰদৰ্শন কৰে, তাৰ অনুকুলে কাম কৰি যাব৷ কিন্তু তাৰ সমান্তৰালকৈ ‘চলো পাল্টাই’ৰ দৰে ষড়যন্ত্ৰমূলক যিকোনো পদক্ষেপ ৰোধ কৰিবৰ বাবেও যি ধৰণৰ সময়োপযোগী ব্যৱস্থা লবলগা হয়, অসম জাতীয় পৰিষদে সেই ধৰণৰ পদক্ষেপো গ্ৰহণ কৰিব৷