আইৰ ভাষা ঠাইৰ ভাষা


Image Description

লিঅ’ টলষ্টয় (১৮২৮-১৯১০)-ৰ এখন কালজয়ী উপন্যাস যুদ্ধ আৰু শান্তি। প্ৰায় পাঁচশৰো অধিক চৰিত্ৰ সম্বলিত এই উপন্যাসখনৰ কোনো এটা চৰিত্ৰকে মুখ্য চৰিত্ৰ বা নায়ক/নায়িকা বুলি ক’ব নোৱাৰি। কিন্তু অৰ্লাণ্ড’ ফাইজিজ নামৰ ইংৰাজ ইতিহাসবিদ গৰাকীয়ে “Tolstoy’s Real Hero” নামৰ প্ৰৱন্ধ এটাত কৈছে যে টলষ্টয়ৰ এই উপন্যাসখনৰ প্ৰকৃত নায়ক হৈছে ৰুছ ভাষা। কেনেকৈ?

১৮ শতিকাত সমগ্ৰ ইউৰোপৰে সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলৰ মাজত ফৰাচী ভাষাটো আছিল এক আভিজাত্য আৰু সন্মানৰ প্ৰতীক। ইউৰোপৰ বিভিন্ন দেশৰ ৰাজসভাত নিজৰ দেশীয় ভাষাতকৈ ফৰাচী ভাষাকহে আগস্থান দিয়া হৈছিল। আটলাণ্টিক মহাসাগৰৰ সিটো পাৰৰ আমেৰিকাৰ ইউৰোপীয় উপনিৱেশবাদীসকলৰ চকুতো ফৰাচী ভাষা আছিল সভ্যতাৰ প্ৰতীক।

সমসাময়িক ৰাছিয়াও এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল। ৰুছ সম্ৰাজ্ঞী দ্বিতীয়জনা কেথেৰিনে (শাসনকাল: ১৭৬২-১৭৯৬) ফৰাচী ভাষাক ৰাজভাষাৰ মৰ্য্যাদা দিয়ে। ফলত পৰৱৰ্তী ১০০ বছৰলৈকে ৰুছ দেশৰ অভিজাত শ্ৰেণীৰ মাজত ফৰাচী ভাষাই এক নিগাজী ৰূপ লয়। এই সময়ছোৱাত ৰুছ ৰজাঘৰীয়া আৰু উচ্চবৰ্গৰ লোকসকলে নিজৰ মাজত ফৰাচী ভাষাতেই কথা-বতৰা পাতে আৰু সেই ভাষাতে লিখা-মেলা কৰে। ১৮ শতিকাৰ শেষৰ ফাললৈকে ৰুছ দেশত ফৰাচী আৰু জাৰ্মান ভাষাত বিভিন্ন আলোচনী আদিও ওলাবলৈ লয়। এইবোৰৰ ফলত ৰুছ ভাষা হৈ পৰে নিচেই এলাগী।

এই ফৰাচী-প্ৰীতিৰ বিৰুদ্ধে যে কোনো প্ৰতিক্ৰিয়া হোৱা নাছিল তেনে নহয়। ৰাছিয়াৰ বহুতো লিখক, সমোলোচক, চিন্তাবিদে ৰুছ ভাষাক এক প্ৰধান ইউৰোপীয় ভাষা হিচাবে প্ৰতিষ্ঠা কৰিবলৈ উঠি-পৰি লাগিছিল। লগতে তেওঁলোকে ৰুছ ভাষা-সাহিত্যৰ এক নৱজাগৰণৰ বাবেও অহো-পুৰুষাৰ্থ কৰিছিল। তথাপিতো ফৰাচী ভাষাৰ প্ৰতি থকা ৰুছ অভিজাত শ্ৰেণীৰ এই মোহ ১৯১৭ চনৰ ৰুছ মহাবিপ্লৱৰ সময়লৈকে অক্ষুণ্ণ আছিল।

যুদ্ধ আৰু শান্তি উপন্যাসত টলষ্টয়ে এই ভাষিক পটভূমিক এক প্ৰধান সাহিত্যিক উপাদান ৰূপে ব্যৱহাৰ কৰিছে। উপন্যাসখনৰ ঘটনাৱলী ১৮০৫ চনৰ পৰা ১৮২০ চনলৈ বিস্তাৰিত যদিও ইয়াৰ কেন্দ্ৰত আছে নাপ’লিয়’ ব’নাপাৰ্টৰ সেনাপতিত্বত ১৮১২ চনত ফৰাচী সৈন্যবাহিনীৰ ৰুছদেশ আক্ৰমণৰ ঘটনা।

উপন্যাসখনৰ আঁৰ-কাপোৰ উঠোতে আমি ৰুছ অভিজাত সমাজৰ কেইজনমান সদস্যক ইউৰোপত ব’নাপাৰ্টৰ আগ্ৰাসনৰ বিষয়ে আলোচনা কৰি থকা অৱস্থাত পাওঁ। পিছে তেওঁলোকে ব’নাপাৰ্টৰ সমালোচনা কৰে তেওঁৰেই মাতৃভাষা ফৰাচীত!

এই পৰিহাস টলষ্টয়ে অধিক স্পষ্টকৈ ফুটাই তুলিছে ভাষাৰ কলাত্মক ব্যৱহাৰৰ যোগেদি। ৰুছ ভাষাত ৰচিত এই গ্ৰন্থখনৰ আৰম্ভণি হয় এক ফৰাচী সংলাপেৰে। কেৱল সেয়াই নহয়, উপন্যাসখনৰ আৰম্ভণিৰ কেইবাটাও অধ্যায়ত অভিজাত চৰিত্ৰবোৰৰ মুখত দিয়া হৈছে অসংখ্য ফৰাচী সংলাপ। তাৰো মাজে মাজে ব্যৱহাৰ হৈছে বিভিন্ন জাৰ্মান, ইংৰাজী ভাষাৰ শব্দ।

পিছে এইদৰে আখৈ ফুটা দি ফৰাচী কোৱা এনে অভিজাত ৰুছসকলে নিজৰ মাতৃভাষাটো কয় বিদেশী মানুহে কোৱাৰ দৰে, ভঙা ভঙা সুৰত, ভালকৈ নজনা যেন দেখুৱাই। তেওঁলোকে চিঠি-পত্ৰ লিখে ফৰাচী ভাষাতে, পঢ়ে ফৰাচী উপন্যাস, চাই ফৰাচী নাটক।

লাহে লাহে ১৮১২ চনৰ নেপ’লিয়’নিক যুদ্ধখন কাষ চাপি আহে। লগে লগে এই চৰিত্ৰবোৰৰ কথা-বতৰাতো কেতবোৰ সুস্পষ্ট পৰিৱৰ্তন ধৰা পৰে। ফৰাচী সৈন্য আহি নঙলামুখ পোৱাৰ লগে লগে এই সম্ভ্ৰান্ত ৰুছ লোকসকলৰ ফৰাচী ভাষা কোৱাৰ কোব বাৰুকৈ কমি আহে। তাৰ ঠাই লয় ৰুছ ভাষাই।

যেতিয়া ফৰাচী বাহিনীৰ ৰাছিয়া আক্ৰমণে এক ভীষণ ৰূপ লয়, তেতিয়া বহুতো অভিজাত ৰুছ লোকে ঘৰতে ৰুছ ভাষাৰ প্ৰশিক্ষক ৰাখি লয়। উদ্দেশ্য– নিজৰ মাতৃভাষাটো শুদ্ধকৈ ক’বলৈ শিকা। উপন্যাসখনৰ আৰম্ভণিতে পিছে এইসকল লোকেই ফৰাচী গাভাৰ্নেছ ৰাখি ল’ৰা-ছোৱালীক বিশুদ্ধ ফৰাচী ক’বলৈ শিকোৱা দেখা যায়।

এনেবোৰ কাৰণতে অৰ্লাণ্ড’ ফাইজিজে ৰুছ ভাষাটোকে টলষ্টয়ৰ উপন্যাসখনৰ প্ৰকৃত নায়ক বুলি আখ্যা দিছে। উপন্যাসখনৰ বিভিন্ন মুহূৰ্তত ৰুছ ভাষাটোৰ প্ৰতি থকা লিখকৰ গভীৰ আৱেগ আৰু ভালপোৱা স্পষ্ট ৰূপত ফুটি উঠিছে।

নিজৰ মাতৃভাষাটোক লৈ একে ধৰণৰে সুগভীৰ আৱেগ দেখা পোৱা গ'ল কবি নীলমণি ফুকনে অলপতে জ্ঞানপীঠ বঁটা গ্ৰহণ কৰোঁতে দিয়া ভাষণটোত:

'মই এক অসমীয়া, মোৰ কবিতাৰ ভাষা অসমীয়া, তাৰ মাজেৰেই মই বিশ্বমন, হৃদয় আৰু প্ৰাণৰ সৈতে যুক্ত হৈ থাকোঁ।'

এই একেই আৱেগৰ হেন্দোলনি দেখা যায় কবি হীৰেন ভট্টাচাৰ্য্যই ১৯৯২ চনৰ সাহিত্য অকাডেমীৰ পুৰস্কাৰ গ্ৰহণ কৰোঁতে দিয়া বক্তৃতাটোতো:

'মই মাতৃভাষাৰ কবি। আইৰ ভাষা ঠাইৰো ভাষা। মোৰ চিৰ চেনেহী ভাষাৰে মই সমুখৰ এই মানুহ নিসৰ্গৰ হাত ধৰি পৃথিৱীৰ বাটলৈ ওলাই আহিছোঁ।'

পৃথিৱীৰ সকলো জাতিৰে ভাষা-সংস্কৃতিৰ ইতিহাস বিচাৰ কৰিলে দেখা যায় যে কবি, সাহিত্যিক, পাঠকসকলৰ এনে নিৰ্ভেজাল আৱেগেহে ভাষা এটা সজীৱ-শক্তিশালী কৰি ৰাখে। এনে ভালপোৱা নাথাকিলে আন একোৱে ভাষা এটা ধৰি ৰাখিব নোৱাৰে। এই কথা অষ্টদশ শতিকাৰ ৰাছিয়াত যেনেকৈ খাটে, তেনেকৈয়ে খাটে একৈশ শতিকাৰ অসমতো।।