তুষাৰময় সন্ধিয়া এটিত এখন্তেক বননিত


Image Description

এই বননিখনৰ গিৰিহঁতক মই চাগে চিনি পাওঁ,
সৌ দূৰণিৰ গাওঁখনত তেওঁ থাকে,
তুষাৰে ধীৰে ধীৰে আৱৰি ধৰা বননিখনত,
তেওঁ মোক ৰৈ থকা নেদেখে।

মোৰ ঘোঁৰাটো চকিত হৈছে,
ওচৰে-পাজৰে জিৰণি ঘৰ নেদেখি
বৰফাবৃত বননি আৰু হিমায়িত হৃদটোৰ মাজত
[এইটো চাগে] বছৰৰ আটাইতকৈ এন্ধাৰ গধূলি।

নিৰ্জনতা ভাঙি ঘোঁৰাটোৱে ডিঙিৰ টিলিঙাটো জোকাৰিছে,
‘কিবা ভুল হৈছে নেকি?’
সি মোক সোঁৱৰাই দিছে;
টিলিঙাৰ শব্দৰ বাহিৰে কেৱল,
মৃদু বতাহজাক আৰু বৰফৰ টুকুৰাবোৰহে,
চৰচৰণিৰ শব্দ এটি শুনা গৈছে।

বননিখন সুন্দৰ, গভীৰ আৰু এন্ধাৰ
কিন্তু বন্দী মই প্ৰতিশ্ৰুতিৰ সজাত,
জিৰণিৰ আগত আছে বহু দূৰ, বাট,
জিৰণিৰ আগত আছে বহু দূৰ বাট৷।

Stopping by Woods on a Snowy Evening

Whose woods these are I thing I know,
His house is in the village though;
He will not see me stopping here
To watch his woods fill up with snow.

My little horse must thing it queer,
To stop without a farmhouse near
Between the woods and frozen lake
The darkest evening of the year.

He gives his harness bells a shake,
To ask if there is some mistake.
The only other sound’s the sweep
Of easy wind and downy flake.

The woods are lovely, dark and deep,
But I have promises to keep,
And miles to go before I sleep,
And miles to go before I sleep.

মূল: ৰ'বাৰ্ট ফাৰ্ষ্ট
অনুবাদ: শ্ৰীমতী নিশা দেৱী
শিক্ষয়িত্ৰী।।