জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক নীলমণি ফুকন


Image Description

সু-সাহিত্যিক নীলমণি ফুকনৰ জন্ম হৈছিল ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে দেৰগাঁৱত । তেওঁৰ পিতাকৰ নাম কীৰ্তিনাথ ফুকন আৰু মাকৰ নাম বৰদা ফুকন ।

নীলমণি ফুকনে দেৰগাঁও হাইস্কুলত স্কুলীয়া শিক্ষা লাভ কৰি গুৱাহাটীৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল । ১৯৫৭ চনত তেওঁ কটন কলেজৰ পৰা স্নাতক উপাধি আৰু ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল ।

নীলমণি ফুকনে শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল । প্ৰথমে দেৰগাঁও হাইস্কুলত আৰু তাৰ পাছত দেৰগাঁও বালিকা হাইস্কুলত শিক্ষকতা কৰিছিল । ১৯৬৪ চনত গুৱাহাটীৰ আৰ্য্যবিদ্যাপীঠ স্কুলত বিষয় শিক্ষক হিচাপে যোগদান কৰিছিল। ইয়াতে তিনি বছৰ কাল শিক্ষকতা কৰাৰ পাছত তেওঁ আৰ্য্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল ।

এক সুদীৰ্ঘকাল সুখ্যাতিৰে শিক্ষকতা কৰি ১৯৯২ চনত আৰ্য্যবিদ্যাপীঠ কলেজৰ ইতিহাস বিভাগৰ মুৰব্বী হিচাপে তেওঁ চাকৰি-জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল |

নীলমণি ফুকনৰ প্ৰথমখন কবিতা-সংকলন 'সূৰ্য হেনো নামি আহে এই নদীয়েদি' ১৯৬৩ চনত প্ৰকাশ পায় | তাৰ পাছত যথাক্ৰমে প্ৰকাশ পায় 'নিৰ্জনতাৰ শব্দ', 'আৰু কি নৈশব্দ', 'ফুলি থকা সূৰ্য্যমুখী ফুলটোৰ ফালে', 'কাঁইট, গোলাপ আৰু কাঁইট', 'গোলাপী জামুৰ লগ্ন', 'কবিতা', 'নৃত্যৰতা পৃথিৱী' আৰু 'সাগৰতলিৰ শংখ' আদি কবিতা-সংকলন । 'জাপানী কবিতা', 'গাৰ্থিয়া লৰকাৰ কবিতা' আৰু 'অৰণ্যৰ গান' তেওঁ অনুবাদ কৰা কবিতাৰ সংকলন । 'কুৰি শতিকাৰ অসমীয়া কবিতা' নামৰ কবিতা-সংকলনখনিও নীলমণি ফুকনে সম্পাদনা কৰিছিল ।

প্ৰৱন্ধাকাৰ হিচাপেও তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাললৈ অমূল্য অৱদান আগবঢ়াইছে 'লোককল্প-দৃষ্টি', 'ৰূপ-বৰ্ণ-বাক', 'শিল্পকলাৰ উপলব্ধি আৰু আনন্দ' আৰু 'শিল্পকলাৰ দৰ্শন' গ্ৰন্থ তেওঁৰ গদ্য-গ্ৰন্থৰ অনুপম চানেকি । 'মণিদীপ' আৰু 'সংজ্ঞা' নামৰ আলোচনী দুখনো তেওঁ কিছুকাল সম্পাদনা কৰিছিল ।

নীলমণি ফুকনে তেওঁৰ সাহিত্য-সাধনাৰ স্বীকৃতি স্বৰূপে বহুতো সন্মান আৰু বঁটা লাভ কৰিছে । ১৯৭২ চনত তেওঁ অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা লাভ কৰিছিল । ১৯৭৭ চনত তেওঁ 'কাঁইট, গোলাপ আৰু কাঁইট' কবিতা-সংকলনৰবাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৮০ চনত 'কবিতা' নামৰ কবিতা-সংকলনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে।

১৯৯০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল । জীৱনজোৰা সাহিত্য-সাধনাৰ বাবে ১৯৯০ চনত কমলকুমাৰী বঁটা আৰু জীৱনজোৰা সাহিত্য-কৰ্মৰ বাবে ১৯৯৭ চনত তেওঁ মেগৰ শিক্ষা-ন্যাসৰ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল । ১৯৯৮ চনত তেওঁ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা এবছৰৰ বাবে 'এমেৰিটাছ ফেল' নিৰ্বাচিত হয় আৰু ২০০২ চনত সাহিত্য একাডেমিৰ সৰ্বোচ্চ সন্মান ফেল'২০০২ৰে ভাৰতীয় সাহিত্য-জগতৰ এক দুৰ্লভ সন্মানৰ অধিকাৰী হয় ।

ইয়াৰ উপৰিও আৰু বহুতো সন্মান আৰু বঁটাৰে সন্মানিত হোৱা নীলমণি ফুকনলৈ শেহতীয়াকৈ ভাৰতীয় সাহিত্য-জগতৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা আগবঢ়াই তেওঁক এক বিৰল সন্মানেৰে সন্মানিত কৰা হৈছে | জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈ তেওঁ সদৌ অসমবাসীৰ বাবে সম্প্ৰতি পৰম গৌৰৱ আৰু এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।

নীলমণি ফুকনে আধুনিক অসমীয়া কবিতালৈ এক 'মেদহীন, ব্যঞ্জনাৱহ, চিত্রকল্পধৰ্মী ভাষা' আনি দিয়ে । তেওঁৰ কবিতাৰ 'চমকপ্ৰদ নতুনত্ব'ত নতুন কবিসকল বিশেষভাৱে আকৰ্ষিত হৈছিল । তেওঁ নিজে এগৰাকী সু-প্ৰতিষ্ঠিত কবি হোৱাৰ লগে লগে নতুন কবিসকলৰো কবিতা পঢ়িছিল আৰু তেওঁলোক আগুৱাই অহাটো তেওঁ বিচাৰিছিল । নতুন কবিৰ অনুসন্ধান কৰাৰ লগতে প্ৰতিভাৰ উমান পালেই অনুপ্ৰাণিত কৰিছিল । কবিতাৰ লগতে তেওঁ লোককলা, চিত্রশিল্প আৰু ভাস্কৰ্য্যকলাৰো চৰ্চা কৰিছিল । শিল্পীসকলক তেওঁ উদগনি দিছিল । অসমত তেওঁ শিল্প-সমালোচনাৰ এটা পৰম্পৰা সৃষ্টি কৰিছিল ।

নীলমণি ফুকনৰ ব্যক্তিত্বক এক ঋষিসুলভ ব্যক্তিত্ব বুলি কোৱা হয়। সঁচাকৈয়ে এক ঋষিসুলভ ব্যক্তিত্বৰ অধিকাৰী তেওঁ । মাতত তেওঁৰ মৰমৰ মৌ সৰে । তেওঁৰ মুখ-নিঃসৃত শব্দবোৰে যেন সংগীত-ধ্বনিৰ সৃষ্টি কৰে । চকুত জিলিকে জ্ঞানৰ দীপ্তি । তেওঁৰ শাৰীৰৰ সুন্দৰ, পৰিশীলিত ৰূপ আৰু অংগ-ভংগিমাতো যেন প্ৰকাশ পায় এক কাব্যিক অভিব্যঞ্জনা ।

তেওঁলৈ আমাৰ আন্তৰিক অভিনন্দন যাচিলোঁ ।।