উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৮
অসমীয়া জাতীয়তাবাদৰ উকমুকনি


Image Description

(যোৱা সংখ্যাৰ পিছৰ পৰা)

তেতিয়াৰ পৰা প্ৰতিদিনে 'আছু'ৰ বিবৃতি লৈ সন্ধিয়াৰ আগে আগে জালুকবাৰীৰ পৰা দৈনিক অসম - আসাম ট্ৰিবিউনৰ চান্দমাৰি কাৰ্য্যালয়লৈ যাওঁ। প্ৰতিদিনে জনসাধাৰণে বাট চাই থাকে আছুৰ বিবৃতিৰ বাবে। অতি সোনকালেই আছু পৰিণত হ'ল এটা জাতীয় সংগঠনত - পোন প্ৰথমবাৰৰ বাবে। অসমৰ জনসাধাৰণে আছুৰ মুখলৈ চাবলৈ ল'লে, আছুহে যেন ত্ৰাণকৰ্তা। আমাৰ মনলৈও গৌৰৱবোধ আহিল - বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত আবেলি বহি লিখা আছুৰ বিবৃতিৰ প্ৰতি জনসাধাৰণৰ অধীৰ আগ্ৰহ দেখি।

ব্ৰহ্মপুত্ৰ উপত্যকাত অক্ট'বৰ - নৱেম্বৰ - ডিছেম্বৰ মাহত মধ্যম আন্দোলনে সৰ্বগ্ৰাসী ৰূপ ধাৰণ কৰিলে। বৰাক উপত্যকাত অৱশ্যে বিপৰীতধৰ্মী আলোড়ন। ব্ৰহ্মপুত্ৰ উপত্যকাত পুলিচৰ অত্যাচাৰ আৰু আছু কৰ্মীৰ আটক চলি থাকিল। গুৱাহাটীত গীলৰ ৰাজত্ব। মনত আছে - এদিন আছুৰ বিবৃতি লৈ চান্দমাৰিলৈ গৈ আছিলোঁ - বিশ্ববিদ্যালয়ৰ ৰামৰেখাই চলোৱা গাড়ীখনত উঠি। কাছাৰী পাওঁতে আমাৰ গাড়ীখন পুলিচে ঘেৰি ধৰিলে আৰু মোক গীলৰ কাৰ্য্যালয়লৈ লৈ গ'ল, মোৰ হাতত অসমীয়া আৰু ইংৰাজীত হাতে লিখা সেইদিনাৰ বিবৃতি। গীলৰ কথা শুনিছিলো, দেখা নাছিলো। সেইদিনা প্ৰথম দেখিলো। মোৰ সমুখত বিৰাটকায় মানুহজন। মোছকোচা দেখি মোৰ মনত পৰিল পাফু চিৰিজৰ দুৱৰাৰ মোছখিনিলৈ। গীলৰ ব্যৱহাৰ অত্যন্ত বেয়া।'তই' 'তই' কয় হিন্দীতে। মই ভাল নাপালোঁ। হুটা মাতেৰে মোক সুধিলে আছুৰ বিবৃতি কোনে লিখে বুলি। আমিয়ে লিখোঁ বুলি কওঁতে বিশ্বাস নকৰিলে - ধমকিৰ সুৰত ক'লে বিশ্ববিদ্যালয়ৰ কোন কোন শিক্ষকে আমাক সহায় কৰে বুলি।

সেই সময়ত আচলতেই কোনো শিক্ষকৰ সহায় আমি লোৱা নাছিলোঁ। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত পাৰি লোৱা বিচনাত বহি আমি (প্ৰধানকৈ অমৰেন্দ্ৰ শৰ্মা, উৎপলা হাজৰিকা আৰু মই) সেইদিনা কি বিষয়ত বিবৃতি দিম তাৰ আলোচনা কৰিছিলোঁ, প্ৰসন্ন চৌধুৰীৰ মতামত লৈছিলোঁ আৰু বিবৃতি প্ৰস্তুত হৈছিল। গীলক মই ইয়াকে কৈছিলোঁ, কিন্তু বিশ্বাস কৰা নাছিল। বাৰে বাৰে সুধিছিল আমাৰ বিবৃতিবোৰৰ লগত দৈনিক অসমৰ সম্পাদক কীৰ্তিনাথ হাজৰিকা আৰু অধ্যাপক অজিত কুমাৰ শৰ্মা জড়িত আছিল নেকি। তেখেতসকল প্ৰকৄততে জড়িত নাছিল, কিন্তু গীলে সেইকথা বিশ্বাস কৰা যেন নালাগিল। দহ মিনিটমানৰ পিছত মোক যাবলৈ দিছিল আৰু পিছত দৈনিক অসমত সম্পাদক কীৰ্তিনাথ হাজৰিকাৰ হাতত বিবৃতিৰ প্ৰতিলিপি দি এইবোৰ কথা কওঁতে তেখেতে স্বভাৱসুলভ মিচিকিয়াই দুটা শব্দ কৈছিল - 'সাৰি আহিল'।

আন্দোলনে ইতিমধ্যে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। সকলো ঠাইতে ৰাইজে বিক্ষোভ প্ৰদৰ্শন কৰিছিল আৰু ২৩ ছেপ্টেম্বৰৰ অসম বিধান সভাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি এই প্ৰস্তাৱ উঠাই লোৱাৰ বাবে দাবী জনাইছিল। অসম চৰকাৰ একাষৰীয়া হৈ পৰিছিল - কিন্তু টিঙৰ পৰা নামিব খোজা নাছিল।

তাৰিখটো নিশ্চিতভাৱে মনত নাই, কিন্তু নৱেম্বৰ মাহৰ (১৯৭২) কোনোবা এটা দিনত হঠাতে আবেলি সময়ত গীলে নিজে লগত বহুত পুলিচ লৈ সোমাল স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত। উৎপাত কৰিলে। প্ৰসন্নৰ গা অলপ বেয়া আছিল আৰু দুৰ্বল হৈ আছিল। সকলোবোৰ যেনিতেনি পলাল, আমিও পলালোঁ। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ গাতে লাগি থকা অংশ (পিছলৈ তাতে পাঠ্যপুথি প্ৰকাশনৰ কাৰ্য্যালয় হৈছিল আৰু ড০ ভবেন্দ্ৰনাথ শইকীয়া ছাৰে তাতেই দিনে-ৰাতিয়ে বহি অসমীয়াত পাঠ্যপুথি প্ৰণয়নৰ কামত লাগিছিল)ৰ ভিতৰলৈ সোমাই পিছফালেদি প্ৰসন্ন চৌধুৰী পলাব খুজিছিল। দুৰ্বল হৈ থকাৰ বাবে পিছফালৰ জেওৰাখন পাৰ হ'ব খোঁজোতেই প্ৰসন্ন বাগৰি পৰিল।

বিশ্ববিদ্যালয়ৰ প্ৰতিটো ছাত্ৰাবাসৰ আবাসীসকলৰ বাবে 'ধনু' তেতিয়া এটা বৰ চিনাকি নাম আছিল - আমাৰ কাপোৰকানি ধুই ইস্ত্ৰি কৰি আনি দিয়ে। বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ ওচৰতে সৰু ঘৰ এটাত থাকিছিল। কেনেকৈ ক'ব নোৱাৰো, সেইদিনা প্ৰসন্নৰ সহায়ৰ বাবে উপস্থিত হ'ল 'বিহাৰী' ধনু। প্ৰসন্নক দাঙি লৈ এক প্ৰকাৰ কোলাত লৈ সেইফালেদি গৈ পাহাৰৰ ওপৰত লুকাই ৰাখিলেগৈ। গীলে প্ৰসন্নক নাপালে। কিন্তু আমাৰ দুজন অতি সক্ৰিয় কৰ্মী স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক শ্ৰীশৈলেন দাস আৰু সংগীত বিভাগৰ সম্পাদক শ্ৰীসূৰ্য্য গোস্বামীক (প্ৰখ্যাত তবলাবাদক যি ডা. ভূপেন হাজৰিকাৰ লগত বহু বছৰজুৰি তবলা সংগত কৰিছিল) গীলৰ পাৰ্টিয়ে ধৰি নি পাণবজাৰ থানা পোৱালেগৈ।

পাণবজাৰ থানাত বহু ৱাটৰ বিজুলীবাতিৰ পোহৰত বহিবলৈ দি শৈলেন আৰু সূৰ্য্যক গীলে নিজে জেৰা কৰিছিল। প্ৰধানকৈ আছু সম্পৰ্কত। মাজনিশা তেওঁলোকৰ লগলৈ আৰু তিনিজনক ধৰি আনি পাণবজাৰ থানা পোৱালেহি - প্ৰাগজ্যোতিষ কলেজ ছাত্ৰ সন্থাৰ সম্পাদক প্ৰয়াত গোলাম মোৰ্তাদা আহমেদ, অসমৰ জাতীয়তাবাদী শিবিৰৰ এগৰাকী বাটকটীয়া ডা. নেছাৰ আহমেদ আৰু অধ্যাপক অজিত কুমাৰ শৰ্মা ছাৰক। একাডেমিক কাউন্সিলৰ ১২ জুনৰ সভাৰ বাবে প্ৰস্তুত কৰা স্মাৰকপত্ৰৰ বাবে তথ্যপাতিৰে আমাক সহায় কৰা অজিত শৰ্মা ছাৰৰ বিষয়ে গীল নিশ্চয় অৱগত আছিল আৰু মাজনিশা সেয়ে তেখেতক ঘৰৰ পৰা উঠাই আনিছিল। গোটেই কেইজনকে পাণবজাৰ থানাত উজাগৰে ৰাখি জেৰা কৰিছিল আৰু শেহনিশা গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। পিছত তেওঁলোকক শ্বিলঙলৈ লৈ গৈছিল - কাৰণ পিছদিনা ৰাতিপুৱাই তেওঁলোকৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে গুৱাহাটীত ব্যাপক বিক্ষোভ হৈছিল আৰু পাণবজাৰ থানা ঘেৰাও কৰিছিল। কেইদিনমান শ্বিলঙত ৰখাৰ পিছত তেওঁলোকক নগাঁও চেণ্ট্ৰেল জেইলত বন্দী কৰি ৰাখিছিল আন্দোলনৰ সমস্ত সময়ছোৱা।

বিশ্ববিদ্যালয়ত গীল বাহিনীৰ প্ৰৱেশৰ পিছত আমাৰো কিছু ভয় হৈছিল, বিশেষকৈ প্ৰসন্নৰ নিৰাপত্তাক লৈ। সমগ্ৰ আন্দোলনটোৰ চালিকাশক্তি আছিল প্ৰসন্ন আৰু কেনেবাকৈ যদি প্ৰসন্নক গ্ৰেপ্তাৰ কৰে আন্দোলনটো ক্ষতিগ্ৰস্ত হ'ব পাৰে বুলি আমাৰ শংকা হৈছিল। কিন্তু শৈলেন - সূৰ্য্যৰ গ্ৰেপ্তাৰৰ পিছদিনাৰ পৰাই বিশ্ববিদ্যালয়লৈ গুৱাহাটী আৰু ওচৰ-পাজৰৰ মানুহৰ সোঁত এনেকৈ বলিব ধৰিলে যে আমাৰ ভয় শংকা আঁতৰি গ'ল। ষ্টুডেণ্টচ ডে হ'ম আৰু ওচৰৰ সমূহ খালি ঠাই গোটেই দিন আৰু ৰাতি এডোখৰলৈ মানুহেৰে এনেকৈ ভৰি থাকিবলৈ ধৰিলে যে সকলোৱে যেন গীলবাহিনীৰ বিৰুদ্ধে এক শ্বীল্ড হে গঢ়ি তুলিলে। বিশেষকৈ মহিলা। ৰাতিপুৱাৰে পৰা মহিলাৰ সোঁত বিশ্ববিদ্যালয়লৈ - চাওঁচোন, প্ৰসন্নক কেনেকৈ পুলিচে ধৰে। আমি অভিভূত হ'লোঁ। এনে জনজাগৰণ অসমত অভূতপূৰ্ব ঘটনা। আছু হৈ পৰিল আটাইৰে হিয়াৰ আমঠু। মানুহৰ এনেকুৱা সোঁত দেখি কেপিএছ গীল আৰু পুলিচ দূৰতে ৰ'ল - দ্বিতীয়বাৰ বিশ্ববিদ্যালয় চৌহদত প্ৰবেশ কৰিবলৈ সাহ নকৰিলে। গোটেই অসমতে আছুৰ জয়জয়কাৰ হ'ল।

(আগলৈ...)