উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ২
অসমীয়া জাতীয়তাবাদৰ উকমুকনি


Image Description

[১৫ আগষ্ট সংখ্যাৰ পিছৰ পৰা]

ছাত্ৰসকল নাচোৰবান্দা– ৰাতি হ’লেও তেওঁলোক উপাচাৰ্য্যৰ আবাসগৃহলৈ যাবই আৰু বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদ কৰিবই৷ প্ৰসন্নৰ বুজনিয়ে কামত দিয়া নাই৷ পিছত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আমি যি কেইজন তাত আছিলো, খৰধৰকৈ আলোচনা কৰি স্থিৰ কৰা হ’ল উপাচাৰ্য্যৰ ঘৰলৈ যোৱাটোৱেই ভাল হ’ব, নহ’লে উত্তেজিত ছাত্ৰসকলক নিয়ন্ত্ৰণ কৰা টান হ’ব৷ ৰাতি এঘাৰ বজাত আমি সকলো উপাচাৰ্য্যৰ ঘৰ পালোগৈ৷ কেইবাশও ছাত্ৰ৷ গেটৰ বাহিৰত প্ৰসন্নই হাতজোৰ কৰি সকলোকে অনুৰোধ জনালে– ‘ছাৰ’ক যাতে বেয়া ব্যৱহাৰ কৰা নহয়৷ আমি সকলোৱে গেট খুলি উপাচাৰ্য্যৰ বাসভৱনৰ ভিতৰ পালোঁগৈ৷

প্ৰাইমাৰী আৰু হাইস্কুলৰ বিভিন্ন শ্ৰেণীৰ সাধাৰণ জ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নত অসমৰ শিক্ষাধিকৰ্তাৰ নামৰ বিপৰীতে যিগৰাকী ব্যক্তিৰ নাম লিখি আহিছিলোঁ, সেইগৰাকী স্বৰ্গীয় সুৰেশ চন্দ্ৰ ৰাজখোৱা তেতিয়া আমাৰ উপাচাৰ্য্য৷ গহীন, গম্ভীৰ ভদ্ৰলোক, জুখিমাখি কথা কয়, মাতটো খুউব মৰম সনা৷ ছাৰ বাহিৰলৈ ওলাই আহিল আৰু আমি ছাত্ৰসকলৰ ককৰ্থনা শুনিলে৷ দূৰৰ পৰা দুই-এজনে বেয়াকৈয়ো চিঞৰিলে৷ ছাত্ৰসকলৰ হৈ প্ৰসন্নই চিঞৰি চিঞৰি ক’লে– ‘একাডেমিক কাউন্সিলৰ সিদ্ধান্ত আমি কেতিয়াও মানিব নোৱাৰিম৷ পৰীক্ষাত প্ৰশ্নৰ উত্তৰ বঙালীত লিখিবলৈ দিয়াটো কেতিয়াও, কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ যদি কোনোবাই অসমীয়াত উত্তৰ লিখিব নোৱাৰে, তেনেহ’লে তেওঁ ইংৰাজীত লিখক, কিন্তু অসমত বঙালী লিখাটো কোনোপধ্যে মানি লোৱা নহ’ব, ইত্যাদি৷’

ৰাজখোৱা ছাৰৰ মুখৰ মাত হৰিল৷ হয়তো ভবা নাছিল– একাডেমিক কাউন্সিলৰ সিদ্ধান্তৰ এনেকৈ প্ৰতিবাদ হ’ব বুলি৷ তথাপি ক’লে– ‘এতিয়া মই অকলে একো সিদ্ধান্ত দিব নোৱাৰোঁ, সকলোৰে লগত আলোচনা কৰি পিছত কিবা এটা কৰিম৷’ ছাত্ৰসকল গিৰগিৰাই উঠিল৷ অলপ দেৰি টিট্‌কাৰী মাৰিলে– ‘কাৰ নিৰ্দেশত এই সিদ্ধান্ত?’ বহুতে ভাবিছিল যে শাসকীয় কংগ্ৰেছ দলৰ নিৰ্দেশতে এনে এক সিদ্ধান্ত হৈছে আৰু তেতিয়া থকা বুজনসংখ্যক বামপন্থী বুদ্ধিজীৱি আৰু অধ্যাপকৰ তেনে এক সিদ্ধান্তৰ প্ৰতি কৌশলগত সমৰ্থন আছে৷ বহুত দেৰি চিঞৰ-বাখৰ চলিল৷ উপাচাৰ্য্য নীৰৱে থাকিল৷

ছাত্ৰসকলে ক’লে– একাডেমিক কাউন্সিলৰ বাহিৰে আনি এটা ভাষাক শিক্ষাৰে হওক বা পৰীক্ষাৰে হওক মাধ্যম হিচাবে আমি কেতিয়াও নামানো৷ অনা-অসমীয়াসকলৰ বাবে ইংৰাজী ভাষা আছে– আমিতো ইংৰাজীৰ বিৰোধিতা কৰা নাই, কিন্তু বঙালী ভাষাক আমি অসমত কেতিয়াও মানি নলওঁ৷ ৪৫ মিনিটমান চিঞৰ-বাখৰ গালি-গালাজ চলি থাকিল৷ অৱশেষত প্ৰসন্নই সকলোকে বুজালে আমি ইয়াত এনেকৈ হাল্লাগোল্লা কৰি থাকি একো লাভ নাই৷ অহাকালিলৈ পুৱা দহ বজাতে আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক বহিম আৰু প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰিম৷ একাডেমিক কাউন্সিলৰ সিদ্ধান্ত আমি নামানো– এয়া সলনি কৰিবই লাগিব৷ আমি সকলোৰে বুজনিত ছাত্ৰসকল মান্তি হ’ল৷ আৰু ৰাতি বাৰ বজাৰ অলপ পিছতে ছাত্ৰসকল উভটিল ৷ ঘূৰি যাওঁতে একাডেমিক কাউন্সিলৰ সদস্য দুই-এজন অধ্যাপকৰ ঘৰৰ সমুখত ৰৈ ‘মুৰ্দাবাদ’ দিলে৷ কিন্তু সোনকালেই পৰিস্থিতি শান্ত হ’ল৷ হোষ্টেললৈ ঘূৰি গৈহে আমি উপলব্ধি কৰিছিলোঁ কি এক ভয়ানক পৰিস্থিতিৰ পৰা আমি ৰক্ষা পৰিলোঁ৷ একসংখ্যক খঙাল মেজাজৰ ছাত্ৰ থাকেই৷ তাতে কিছুদিনৰ আগতে হৈ যোৱা নিৰ্বাচনত পৰাভূত হোৱা বামপন্থী ছাত্ৰ সংগঠনৰ একাংশ ছাত্ৰই পৰিস্থিতিৰ সুযোগ লৈ ছাত্ৰসকলক উচটাই দিব খুজিছিল৷ সৌভাগ্যক্ৰমে একো ঘটনা নঘটিল৷

পিছদিনা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহকৰ বৈঠক বহিল ৰাতিপুুৱাই৷ তেতিয়াৰ ছাত্ৰ সন্থাৰ নিয়মাৱলী অনুযায়ী বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিবগৰাকীয়েই স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি৷ উপসভাপতিৰো নিৰ্বাচন নহয়, কাৰ্য্যনিৰ্বাহকৰ অনুমোদন অনুযায়ী কাৰ্য্যনিৰ্বাহকৰ সদস্য নোহোৱা এজন ছাত্ৰক সভাপতিয়ে উপ-সভাপতি হিচাবে নিযুক্তি দিয়ে৷ ইংৰাজী বিভাগৰ অতিশয় শান্ত-শিষ্ট ছাত্ৰ, আমাৰ সহপাঠী স্বৰ্গীয় অমৰেন্দ্ৰ শৰ্মা [পিছলৈ ৰঙিয়া কলেজৰ অধ্যক্ষ]ক উপ-সভাপতি হিচাবে কেইদিনমানৰ আগতে নিযুক্তি কৰা হৈছে৷

৭ জুনৰ ৰাতিপুৱা আমি পিজিএছইউৰ কাৰ্য্যালয় পালোগৈ৷ সভাৰ আগতে প্ৰসন্ন চৌধুৰীৰ লগতে আমি দুজনমান স্নাতকোত্তৰ শ্ৰেণীসমূহৰ সচিব আৰু পিজিএছইউৰ সভাপতি সকলোৰে পিতৃতুল্য স্বৰ্গীয় দণ্ডেশ্বৰ গগৈ ছাৰৰ ওচৰ পালোগৈ আৰু জৰুৰী সভাৰ কথা জনালোঁ৷ ছাৰে ক’লে– ‘এইবোৰ বিষয়ত মই একো নকওঁ, তোমালোকে আগ-পাছ চাই সিদ্ধান্ত ল’বাঁ আৰু বিশ্ববিদ্যালয়ৰ পৰিৱেশ যাতে বিনষ্ট নহয়, তাৰ প্ৰতি মনোযোগ দিবাঁ৷’

দহ বজাত কাৰ্য্যনিৰ্বাহকৰ বৈঠক আৰম্ভ হ’ল৷ এসপ্তাহমান পিছতে স্নাতকোত্তৰ পৰীক্ষাসমূহৰ তাৰিখ দিয়া আছিল৷ আমি আচলতে তেতিয়া পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ চূড়ান্ত পৰ্য্যায়ত আছিলো [তেতিয়া ষান্মাসিক নহয়, বাৰ্ষিক পদ্ধতিত পৰীক্ষা হৈছিল জুন মাহত]৷ আন্দোলন কৰিব লাগিব, কিন্তু পৰীক্ষাৰ কি হ’ব বহুত আলোচনাৰ অন্তত স্থিৰ হ’ল একাডেমিক কাউন্সিলৰ সিদ্ধান্ত পৰিৱৰ্তন কৰি বঙালী ভাষাক উত্তৰদানৰ মাধ্যম হিচাবে ৰাখিব খোজাটো প্ৰত্যাহাৰ নকৰালৈকে বিশ্ববিদ্যালয়ৰ কোনো কাম কৰিবলৈ দিয়া নহ’ব৷ পৰীক্ষা সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ’ল যে এতিয়া কোনো পৰীক্ষাতে ছাত্ৰ-ছাত্ৰী নবহে, কিন্তু সমস্যাটোৰ সন্তোষজনক মীমাংসা হোৱাৰ ১৫ দিনৰ ভিতৰত পৰীক্ষা পাতিব পাৰিব৷ লগতে স্থিৰ কৰা হ’ল যে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ পৰা এখন তথ্যভিত্তিক স্মাৰকপত্ৰ প্ৰস্তুত কৰি একাডেমিক কাউন্সিলৰ প্ৰতি গৰাকী সদস্যক দিয়া হ’ব আৰু শিক্ষাৰ মাধ্যম তথা পৰীক্ষাৰ মাধ্যম হিচাবে কেৱল অসমীয়া ভাষাকহে মানি লোৱা হ’ব, বঙালী ভাষাক উত্তৰ দানৰ মাধ্যম হিচাবে মানি লোৱা নহ’ব, তেতিয়াও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অংশ হৈ থকা মণিপুৰ, নাগালেণ্ড আৰু পাহাৰীয়া জিলাকেইখনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজীক মাধ্যম হিচাবে ৰখাত আপত্তি নাই [১৯৭২ চনৰ জানুৱাৰী মাহত মেঘালয় ৰাজ্য গঠন হৈছিল যদিও মেঘালয়ৰ মহাবিদ্যালয়বোৰো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীন আছিল৷]

যদিও কাৰ্য্যনিৰ্বাহকৰহে বৈঠক হৈছিল, বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী ষ্টুডেণ্টছ ডে হোমৰ বাহিৰে-ভিতৰে ৰাতিপুৱাৰ পৰাই সমবেত হৈ আছিল৷ একাডেমিক কাউন্সিলৰ সিদ্ধান্ত সলনি নকৰাকৈ বিশ্ববিদ্যলয় বন্ধ থাকিব বুলি শুনাৰ লগেলগে ছাত্ৰ-ছাত্ৰীসকল দলে-বলে গৈ সকলোবোৰ কাৰ্য্যালয়, উপাচাৰ্য্যৰ অফিছ, বিভাগসমূহ বন্ধ কৰি দিলে৷ প্ৰতিখন গেটত ছাত্ৰসকল ঠিয় হৈ শ্লোগান দিব ধৰিলে আৰু বিনাপ্ৰশ্নে একাডেমিক কাউন্সিলৰ হঠকাৰী সিদ্ধান্তটো প্ৰত্যাহাৰ কৰাৰ দাবী কৰিলে৷

সদৌ অসম ছাত্ৰ সন্থা তেতিয়া কিছু দুৰ্বল আছিল৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থা আছিল সবল৷ কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰ্গীয় দিলীপ দাস ছাত্ৰ নেতা হিচাবে বলিষ্ঠ আছিল– কিন্তু দলৰ সৈতে ভিতৰুৱাকৈ সম্পৰ্ক আছিল [তেখেতৰ একান্ত অনুগামী শ্ৰীৰিপুণ বৰা পিছৰ বছৰ কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈছিল৷] সকলোবোৰ দিশ চালি-জাৰি চাই আমি সিদ্ধান্ত কৰিছিলোঁ যে একাডেমিক কাউন্সিলৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনটোৰ গুৰি ধৰিব লাগিব স্নাতকোত্তৰ ছাত্ৰ সন্থায়েই আৰু প্ৰসন্ন নাৰায়ণ চৌধুৰীয়ে তাৰ নেতৃত্ব দিব লাগিব৷

৭ জুনৰ আবেলি প্ৰসন্নই আমাক ক’লে– আপুনি স্মাৰকপত্ৰখন প্ৰস্তুত কৰাৰ দায়িত্ব লওক৷ এইবোৰ বিষয়ে তেতিয়া একোৱেই নাজানিছিলোঁ– বিভাগীয় প্ৰতিনিধিৰ বাবে কোনোবাই মোৰ নামটো দি দিলে, তাৰ বাহিৰে ছাত্ৰ-ৰাজনীতিৰ লগত পৰিচিত নাছিলোঁ, একো জনাও নাছিলোঁ৷ কটন কলেজত চাৰি বছৰ থাকোঁতে পঢ়া-শুনাতে ব্যস্ত আছিলোঁ– এবাৰ ১৯৬৮ চনৰ ২৬ জানুৱাৰীত গুৱাহাটীত এটা ডাঙৰ গণ্ডগোল হৈছিল– লামডিঙত অসম সাহিত্য সভাৰ প্ৰতিনিধি দল এটাক ৰেলৰ ভিতৰতে আক্ৰমণ কৰা হৈছিল। তাৰ বাবে উমি উমি জ্বলি থকা জুইকুৰা ২৬ জানুৱাৰীত বিস্ফোৰিত হৈছিল৷ গুৱাহাটীত সান্ধ্য আইন হৈছিল– সেয়াও প্ৰথম অভিজ্ঞতা৷ কটন কলেজ ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰো সাধাৰণ সম্পাদক আছিল শ্ৰীঅতুল বৰা৷ এবাৰ কটন কলেজৰ অডিটৰিয়ামত প্ৰবল প্ৰতাপী প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ হাতৰ পৰা শ্ৰীবৰাই মাইক কাঢ়ি আনি বক্তব্য ৰখা দেখিছিলোঁ৷ কিন্তু সকলোবোৰ দূৰৰ পৰা৷ সেইবোৰ কথা তেতিয়া বুজিবলৈও যত্ন কৰা নাছিলোঁ৷ স্মাৰকপত্ৰ প্ৰস্তুত কৰাৰ দায়িত্বটো পাইহে সম্বিত ঘূৰি আহিল৷ মইতো একোৱই নাজানো৷ তাকো লিখিব লাগিব ইংৰাজীত! কাৰ সহায় লওঁ? ডাঙৰ চিন্তাত পৰিলোঁ৷

[আগলৈ]