মৃত্যুবিজয়ী হীৰুদা
- অলকেশ দাস
- /
- July 25, 2021

২৮ জুলাই হীৰুদাৰ ওপজা দিন। এই দিনটো কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয়। এই মহান কবি গৰাকীৰ পবিত্ৰ স্মৃতিত এই নিবন্ধ।
"বালি চাপৰিত উমলি আছে মোৰ ভালপোৱা,
পিঠিত দীঘল দিনৰ ৰ’দৰ শোভা....
২৮ জুলাই, হীৰুদাৰ ওপজা দিন৷ তেখেতৰ সোঁৱৰণত দুশাৰীমান আন্তৰিক উপলব্ধি। তেখেতৰ ব্যক্তিত্ব, তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত যে কিঞ্চিতমানো আলোচনা, পৰ্যালোচনা বা মন্তব্য প্ৰকাশৰ ধৃষ্টতা মোৰ নাই। এই ক্ষেত্ৰত বৌদ্ধিকভাৱেও মই নিজকে সক্ষম বুলি গণ্য নকৰোঁ।
হীৰুদাৰ জীৱনৰ শেষৰটো ওপজা দিনৰ সমগ্র সন্ধিয়াটো একেলগে কটোৱাৰ সুযোগ ঘটিছিল৷ ২৮ জুলাই, ২০১১। অতি অনুষ্টুপীয়া, আড়ম্বৰহীন অথচ খুবেই অন্তৰংগ আছিল সেই আয়োজন। চানমাৰিৰ গুৱাহাটী সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন, আৰু বন্ধু খাইৰুল আলম আছিল প্ৰধান উদ্যোক্তা৷ হীৰুদাই পাৰুল বৌ (তেখেতৰ পত্নী পাৰুল দেৱী)ৰ সৈতে উক্ত সন্ধিয়াটো আমাৰ সৈতে একেলগে কটোৱাৰ প্ৰতিশ্ৰুতি দিছিল এটা চৰ্তত-সংবাদ প্ৰচাৰৰ ব্যৱস্থা থাকিব নোৱাৰিব৷ পিছদিনাখন বা সিদিনাই তেওঁৰ ওপজা দিনৰ সেই কাৰ্যসূচীৰ কোনো খবৰ বা ছবি বাতৰিকাকত বা টিভিত প্ৰকাশ আৰু প্ৰচাৰ হ’ব নোৱাৰিব৷ তেওঁ বিচৰামতে তেনেকুৱাই হৈছিল৷ তেওঁৰ সন্মতি সাপেক্ষে অৱশ্যে সেই দিনটোৰ কেইখনমান ছবি মোৰ ঘৰৰ দেৱালত ওলোমাই থ’ব পাৰিছিলোঁ।
কবি হীৰেন ভট্টাচাৰ্য্য। আমাৰ আটাইৰে প্রিয় হীৰুদাই সেই সন্ধিয়াৰ অন্তৰংগ আলাপত উপস্থিত হৈয়েই মিচিকিয়া হাঁহি এটাৰে কৈছিল – চাৰি কুৰি বছৰত ভৰি দি তেওঁৰ হেনো জন্মান্তৰ ঘটা যেনহে অনুভৱ হৈছে৷
"মই কাণ পাতি আছো নতুন কবিতা যদি এষাৰো শুনো–
মোৰ দুকাষে সৰি পৰিছে চিত্ৰিত শব্দবোৰ
সমাহিত নক্ষত্ৰৰ তিৰবিৰণি
মোৰ শ্ৰান্ত তেজত মৃত্যুৰ আৰ্ত–অনুনাদ
শোকম্লান চেতনাত মানুহ সম্পৰ্কৰ নতুন গান..."
(আৰ্ত অনুনাদ , ২০১২ চন, হীৰেন ভট্টাচাৰ্য্য)
"পুৰণি চচমাযোৰেই ঠিক আছিলহে – এই নতুনযোৰেৰে একোৱেই নেদেখোঁচোন৷” ২০১১ চনৰ শেষৰ ভাগৰ কথা। হীৰুদাৰ কথাষাৰ শুনি তেওঁৰ সৈতে চানমাৰি কল'নিৰ নেত্ৰ ক্লিনিক এখনলৈ গ'লো৷ গাড়ীৰ পৰা নামি পদপথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত তেওঁ হঠাতে ৰৈ মোৰ কান্ধত হাত থৈ কোৱা কথাষাৰ এতিয়াও কাণত ৰিনিকি ৰিণিকি বাজি থাকে– "বহুদিনৰ মুৰত খোজ কাঢ়ি খুবেই ভাল লাগিছে বুজিছা৷ গাড়ীত বহিলে কান্ধত হাত থৈ কথা পাতিব নোৱাৰি।"
চকু পৰীক্ষাৰ শেষত কথাৰ মহলাত জন্ম– মৃত্যু– জীৱন সম্পৰ্কে কিছু কথাৰ অৱতৰণা ঘটিল ৷
"মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা
নিৰ্লোভ ভাস্কৰ্য..."
হীৰুদাৰ এই প্ৰসিদ্ধ কবিতাৰ পংক্তি অৱধাৰিতভাবেই ঠাই পালে আমাৰ কথোপকথনত৷ প্ৰণিধানযোগ্য এই কবিতা পংক্তি এসময়ত মৃতকৰ মৃত্যু মহিমামণ্ডিত কৰা কাৰণত শ্লোগান বা দেৱাল লিখন হোৱাত তেওঁ হেনো বৰ অস্বস্তি বোধ কৰিছিল৷ কথা প্ৰসংগত জন্ম, মৃত্যু, জীৱনবোধ সম্পৰ্কত হীৰুদাই কৈছিল— মৃত্যু সুনিশ্চিত। জন্ম হলে, মৃত্যু অনিবাৰ্য, সুনিশ্চিত।যেনেকৈ তেওঁ হয়তো লিখিছিল –
“প্ৰকৃততে দুখবোৰ সজ,সহজ, সুনিশ্চিত। জীৱনবোধ জীয়াই থকাৰ সময়ত নিজৰ হাততে থাকে৷ কাৰো জন্মই 'Guaranteed’ নহয়। কাৰোবাৰ জন্ম নহ’বও পাৰে। কিন্তু জন্মিলে মৃত্যু অনিবাৰ্য। সুনিশ্চিত মৃত্যুক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজনেই বা ক’ত ?"
"Si muero
dejad el balcon abierto___"
ইংৰাজী ভাবাৰ্থ (অনুবাদ)
“If I die (If I am dying)
leave the balcony doors open....”
হীৰুদাৰ মতে মৃত্যুৰ সৈতে If বা যদিৰ প্ৰশ্নটো নাহে৷ তেখেতে সেই কবিতাটো লিখা হ’লে হেনো লিখিলেহেঁতেন–
'When I die' 'যেতিয়া'হে প্রযোজ্য মৃত্যুৰ সৈতে।
ওপৰত উল্লেখিত উক্ত কবিতাটো সম্পৰ্কীয় কথাখিনি কোনোবা এখন আলোচনী বা স্মৰণিকাত প্ৰকাশো হৈছে৷
জীৱন, জীৱন-বোধ আৰু অনিবাৰ্য সুনিশ্চিত মৃত্যুক তেনেই সহজভাৱে ল’ব পৰা বাবেই হয়তো হীৰুদাই তেখেতৰ জীৱনৰ শেষৰটো কবিতা আৰম্ভ কৰিব পাৰিছিল, এই দুটা পংক্তিৰে
“মোৰ মৰিবৰ মন গৈছে
পাৰিলে এতিয়াই __”
(“গান সামৰাৰ গান ”, ২০১২ হীৰেন ভট্টাচাৰ্য্য)।
এক কথাত তেওঁ মৃত্যুক অতি সহজে জয় কৰিছিল। হীৰুদা মৃত্যুবিজয়ী।