উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ --
অসমীয়া জাতীয়তাবাদৰ উকমুকনি


Image Description

বহুতে এতিয়াও কয় যে ১৯৭২ চনত অসমত উচ্চ শিক্ষাৰ মাধ্যম অসমীয়া হ’ব লাগে বুলি সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰি আগৰ বৰ অসমখন ভাঙি যোৱাত অৰিহণা যোগালে৷ আছুৰ ওপৰত এয়া এক মিছা দোষাৰোপ৷ তদানীন্তন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ত্ৰিগুণা সেনৰ ত্ৰিভাষা সূত্ৰ অনুযায়ী সমগ্ৰ ভাৰতবৰ্ষতে ত্ৰিভাষা সূত্ৰ [হিন্দী, ইংৰাজী আৰু আঞ্চলিক ভাষা] কাৰ্য্যকৰী কৰা হৈছিল আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ তথা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতে দেশৰ সকলো বিশ্ববিদ্যালয়তে স্নাতক পৰ্য্যায়ত আঞ্চলিক ভাষাক শিক্ষাৰ মাধ্যম হিচাবে গ্ৰহণ কৰা হৈছিল৷ অসমত ইয়াকে কৰিবলৈ গৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰে কিছুমান অদ্ভূত আৰু জাতীয় স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত কাৰ্য্যকৰী কৰিব খোজাতহে আছু জাঙুৰ খাই উঠিছিল৷ বহুতে জানিও নজনাৰ ভাও জুৰি আছুক জগৰীয়া কৰে যে অসমীয়াক উচ্চ শিক্ষাৰ মাধ্যম হিচাবে দাবী কৰি আছুৱে ৰাজ্যখনৰ মহা অন্যায় কৰিলে৷ প্ৰকৃততে আঞ্চলিক ভাষাক শিক্ষাৰ মাধ্যম কৰাৰ সিদ্ধান্ত আছিল কেন্দ্ৰীয় চৰকাৰৰ, এই সিদ্ধান্ত কাৰ্য্যকৰী কৰিবলৈ গৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰে যি অবিবেচকী কাম কৰিবলৈ ওলাইছিল তাৰ বিৰুদ্ধেহে আছুৱে যুক্তিপূৰ্ণ আন্দোলন সেই সময়ত গঢ়ি তুলিছিল৷

সেই সময়ৰ পৰিৱেশ আছিল এনে ধৰণৰ৷ আছুৰ অৱস্থিতি আছিল কটন কলেজত [সাধাৰণ সম্পাদক শ্ৰীঅতুল বৰা কটন কলেজ ছাত্ৰ সন্থাৰো সাধাৰণ সম্পাদক], গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ উপস্থিতি আছিল নগণ্য ৷ স্নাতকোত্তৰ ছাত্ৰ সন্থা কেইবাবছৰো ধৰি বামপন্থী ৰাজনীতিৰ দখলত, চিপিএম দলৰ ছাত্ৰ সংগঠন এছএফআইৰ বিশ্ববিদ্যালয়ত দুৰ্দান্ত প্ৰতাপ [১৯৭১-৭২ চনত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উপসভাপতি আছিল এছএফআইৰ এগৰাকী প্ৰধান তাত্বিক তেজপাল সিং আৰু সাধাৰণ সম্পাদক আছিল এছএফ আইৰে শ্ৰীবৈকুণ্ঠ গোস্বামী, স্নাতকোত্তৰ ছাত্ৰ সন্থা সম্পূৰ্ণৰূপে এছএফআইৰ দখলত আছিল]৷ ১৯৭১ চনৰ মাজভাগত আমি যেতিয়া বিশ্ববিদ্যালয়ত ভৰ্তি হৈ অসম আৰ্হিৰ ১০ নম্বৰ ছাত্ৰাবাসত থাকিবলৈ লৈছিলোঁ, ছাত্ৰ ৰাজনীতিৰ সৈতে আমাৰ পৰিচয় প্ৰায় নাছিলেই৷ ১৯৭২ চনৰ মে মাহত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ আগে আগে ১০ নম্বৰ ছাত্ৰাবাসত বিশ্ববিদ্যালয়ৰ প্ৰায় কেইটা ছাত্ৰাবাসৰ বহু ছাত্ৰ গোট খালে- অনানুস্থানিক আলোচনা- এইবাৰ নিৰ্বাচনত এছএফআইক পৰাজিত কৰি বিশ্ববিদ্যালয়ত জাতীয়তাবাদী চিন্তাৰে সমৃদ্ধ ছাত্ৰ-ছাত্ৰীৰে স্নাতকোত্তৰ ছাত্ৰ সন্থা দখল কৰিব লাগে৷ পিছলৈ আৰচিচি ১, ২, ৩, ৪ আৰু আন কেইবাটাও হোষ্টেলত এনে সীমিত আলোচনা হ’ল– এইবাৰ এছএফআইক হৰুৱাব লাগিব৷

উপযুক্ত প্ৰাৰ্থীৰ সন্ধান কৰা হ’ল৷ ১০ নম্বৰ ছাত্ৰাবাসৰে বাসিন্দা নলবাৰীৰ প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ ওপৰত আটাইৰে দৃষ্টি নিবদ্ধ হ’ল৷ প্ৰসন্ন তেতিয়া আছু বা আন কোনো ছাত্ৰ সংগঠনৰ সৈতে জড়িত নাছিল– কিন্তু এগৰাকী ভাল স্প’ৰ্টছমেন আছিল আৰু বিশ্ববিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালিত বহুকেইটা পুৰস্কাৰ লাভ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত যথেষ্ট জনপ্ৰিয়৷ আমি থকা ১০ নম্বৰ ছাত্ৰাবাসৰে বাসিন্দা প্ৰসন্নক সাধাৰণ সম্পাদকৰ প্ৰাৰ্থীৰূপে ঠিক কৰাবলৈ স্থিৰ কৰা হ’ল৷ নিৰ্বাচন আহিল, এছএফআইৰ প্ৰাৰ্থী হ’ল শ্ৰীনলিনাক্ষ শৰ্মা৷ এছএফআইয়ে শক্তিশালী প্ৰচাৰ আৰম্ভ কৰিলে, বিশ্ববিদ্যালয়ৰ পৰিৱেশ গৰম হৈ পৰিল৷ কেইবাখনো মাৰপিটো হ’ল৷ এছএফআইৰ এগৰাকী প্ৰধান নেতা তেজপাল সিঙৰ লগতো বিশ্ববিদ্যালয়ৰ শৰ্মা কেণ্টিনতে ঘুচিয়াঘুচি হ’ল– সিং আঘাতপ্ৰাপ্ত হ’ল৷ সেই সময়ত দেখিছিলোঁ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ বাসিন্দাসকলৰ দৃঢ়তা– এইবাৰ এছএফআই নহ’ব, জিকাব লাগিব প্ৰসন্নক, আমাক নালাগে সৰ্বভাৰতীয়বাদ, আমাক লাগে অসমীয়াৰ জাতীয়তাবাদ৷ অৱশেষত ১৯৭২ৰ ১ মে'ত হোৱা নিৰ্বাচনত এছএফআই বেয়াকৈ হাৰিল– জাতীয়তাবাদী ধাৰাৰ সকলো প্ৰাৰ্থী বিজয়ী হ’ল৷ কেইবাবছৰো পিছত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতি ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনৰ গ্ৰাসৰ পৰা মুক্ত হ’ল৷

প্ৰসন্ন নাৰায়ণ চৌধুৰীয়ে দায়িত্বভাৰ লোৱাৰ কেইদিনমানৰ পিছতে ৬ জুন [১৯৭২]ত অসমৰ জাতীয় জীৱনত এটা ডাঙৰ অঘটন ঘটিল৷ উচ্চ শিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিভাষা সূত্ৰ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগতেই গ্ৰহণ কৰিছিল৷ কিন্তু নিশ্চিত ৰাজনৈতিক হেঁচাত ১৯৭২ৰ ৬জুন তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে শিক্ষাৰ মাধ্যম অসমীয়া/ইংৰাজীয়েই থাকিব, কিন্তু পৰীক্ষাৰ বহীত প্ৰশ্নসমূহৰ উত্তৰ অসমীয়া অথবা ইংৰাজীৰ উপৰিও বঙালী ভাষাটো লিখিব পাৰিব৷ এনেকুৱা এক সিদ্ধান্ত লোৱা হ’ব বুলি কোনো অৱগত নাছিল৷ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহকতো [আমি আছিলোঁ বিভাগীয় প্ৰতিনিধি আৰু একে ছাত্ৰাবাসৰ বাসিন্দা হোৱাৰ বাবে সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ প্ৰসন্নই গ্ৰহণ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে আমি ছাত্ৰ সন্থাৰ কাম-কাজত জড়িত হৈ পৰিবলগা হৈছিল। ] এইবোৰ বিষয় আলোচনা হোৱা নাছিল৷ সেইদিনা সন্ধিয়াৰ ফাললৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসবোৰত একাডেমিক কাউন্সিলৰ হঠকাৰী সিদ্ধান্তৰ বিষয়ে খবৰ বিয়পি পৰিছিল৷ চেপা উত্তেজনা আৰু খং আৱেগৰ পৰিৱেশ চৌহদত সোনকালেই বিয়পি পৰিল৷

ৰাতিৰ সাজ ভাত তেতিয়া আমি চাৰে আঠ মান বজাত খাওঁৱেই৷ ভাত খাই উঠি বাৰান্দালৈ আহি দেখো গেটৰ সমুখত জুম জুম ছাত্ৰ৷ কেইদিনমানৰ পিছতে স্নাতকোত্তৰ পৰীক্ষাসমূহ আৰম্ভ হোৱাৰ কথা আছিল– গতিকে সকলো ছাত্ৰ-ছাত্ৰী পঢ়া-শুনাত ব্যস্ত থকাৰ কথা৷ গতিকে ১০ নম্বৰ ছাত্ৰাবাসৰ সমুখত জুমে জুমে ছাত্ৰ গোট খোৱা দেখি প্ৰথমতে কি হৈছে একো ধৰিবই পৰা নাছিলো৷ সকলোৱে প্ৰসন্নক বিচাৰি আহিছে– মুখত এটাই কথা একাডেমিক কাউন্সিলে অসমীয়াৰ সৰ্বনাশ কৰিলে৷ কাউন্সিলৰ সক্ৰিয় সদস্যসকলৰ নামত মুৰ্দাবাদ আৰম্ভ হ’ল, বিশ্ববিদ্যালয়ৰ প্ৰফেছৰসকলৰ [সকলো প্ৰফেছৰ, কাউন্সিলৰ সদস্য] কটু সমালোচনা, উপাচাৰ্য্যৰ মুৰ্দাবাদ৷ লাহে লাহে চিঞৰ-বাখৰ আৰম্ভ হ’ল৷ কেইবা শ ছাত্ৰ ১০ নম্বৰ ছাত্ৰাবাসৰ সমুখৰ পৰা আৰম্ভ কৰি ৯ নম্বৰ, ৮ নম্বৰ বিশ্ববিদ্যালয় মাৰ্কেটলৈকে সমবেত হ’ল– ৰাতি তেতিয়া দহ বাজিল৷

প্ৰসন্ন নাৰায়ণ চৌধুৰী তেতিয়া ছাত্ৰাবাসত নাছিল৷ অসম ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্বাচনতো সেইবাৰ জাতীয়তাবাদী ভাবধাৰাৰে উদ্বুদ্ধ সতীশ হাজৰিকা সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল আৰু সেইদিনা তেওঁলোকে দায়িত্ব চমজি লৈছিল– প্ৰসন্ন গৈছিল তালৈ– তেওঁলোকৰ অতিথি হৈ৷ ১০ নম্বৰ ছাত্ৰাবাসৰ সমুখত ছাত্ৰৰ সংখ্যা আৰু চিঞৰ-বাখৰ দুয়োটাই বাঢ়িব লাগিছে৷ আমি বৰ বিমোৰত পৰিলোঁ– প্ৰসন্নক কেনেকৈ মতাই আনিব পাৰি৷ তেতিয়া ম’বাইলৰ কথাই নাই, সাধাৰণ টেলিফোনো সহজলভ্য নহয়৷ বাইকৰ প্ৰচলনো নাই৷ চাইকেল লৈ দুজন ছাত্ৰ ইতিমধ্যে ইঞ্জিনিয়াৰিং কলেজলৈ গৈছে৷ প্ৰসন্ন নিজেও খোঁজ কাঢ়িয়েই তালৈ গৈছিল৷ ছাত্ৰসকল একপ্ৰকাৰ উশৃংখল হৈ পৰিছে– উপাচাৰ্য্য আৰু প্ৰফেছৰসকললৈ খং, এক অবিবেচকী সিদ্ধান্তৰ বাবে৷

সকলো ছাত্ৰ ইতিমধ্যে উপাচাৰ্য্যৰ বাসস্থানৰ দিশে ৰাওনা হৈছে৷ আমি যিমান পাৰি বুজাবলৈ যত্ন কৰিছোঁ– অহাকালি ৰাতিপুৱা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভা বহিব আৰু তাতে আমি সকলোৰে গ্ৰহণযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিম৷ কিন্তু ছাত্ৰসকল নাচোৰবান্দা, উপাচাৰ্য্যৰ ঘৰলৈ গৈ প্ৰতিবাদ জনাবই৷ দলে দলে ছাত্ৰ ৰাওনা হ’ল সেই দিশত– অধ্যাপকসকলৰ ঘৰৰ সমুখত ৰৈ মুৰ্দাবাদ– ‘তহঁতে অসমক খালি’ আৰু কত গুৱালগালি৷ ছাত্ৰসকল অসমীয়াত্বৰ আৱেগত উথলি উঠিছে৷ চৌহদলৈ সোমাই প্ৰথমটো বাঁওপাক দিয়াৰ পিছতে এটা পুল আছিল৷ সেইখিনিতে প্ৰসন্ন চৌধুৰী আহি পালে৷ ল’ৰালৰিকৈ পুলৰ ওপৰত উঠি প্ৰসন্নই আৱেগিক হৈ পৰা ছাত্ৰসকলক [ৰাতি হোৱাৰ বাবে কোনো ছাত্ৰী আহিব পৰা নাছিল] সম্বোধন কৰিলে৷ পৰিৱেশ কিছু নিয়ন্ত্ৰণলৈ আহিল৷

[আগলৈ]