চাৰি জুলাইৰ সোঁৱৰণত


Image Description

জুলাই মাহ আহিলেই ১৯৬০ চনলৈ মনত পৰে৷ এই চনটো অসমৰ বাবে এটা দু:স্বপ্নৰ চন৷ ইয়াৰ দহ বছৰৰ আগত ১৯৫০ চনত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ সভাপতিত্বত বহা অসম সাহিত্য সভাই অসমৰ ৰাজ্যভাষা অসমীয়া হ’ব লাগে বুলি প্ৰস্তাৱ লৈছিল৷ চৰকাৰে সেই প্ৰস্তাৱলৈ তেতিয়া কাণ দিব পৰা নাছিল৷ এই দাবীটো পুনৰ ১৯৬০ চনত যেতিয়া উঠিল তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলঙত৷ এই দাবী উঠাৰ পিছতেই শ্বিলঙৰ বাঙালীসকলৰ একাংশই এই দাবীৰ বিৰুদ্ধে এটা সমদল যাত্ৰা উলিয়াই শ্ল’গান দিলে, ‘‘অসমীয়া ভাষা গাধৰ ভাষা’’৷ এই শ্ল’গানেই অসমত এক সাম্প্ৰদায়িক জুই জ্বলালে৷ বিভিন্ন ঠাইত সংঘাত হ’ল আৰু এনে সংঘাত হ’লে সাধাৰণতে নিৰপৰাধীসকলেই ইয়াৰ বলী হ’বলগীয়া হয়৷ কলিকতীয়া দৈনিক কাগজসমূহে অসমত হোৱা এই সংঘাত নোহোৱা কৰিবলৈ পানী ঢলাৰ পৰিৱৰ্তে অসমত বাঙালী নিযাৰ্তিত হোৱাৰ সঁচা কাহিনীতকৈয়ো সজা কাহিনীৰ প্ৰকাশেৰে জুই জ্বলোৱাত বৰং সহায় কৰিলে৷ যুগান্তৰ, আনন্দবাজাৰ পত্ৰিকা আদিয়ে আনকি ব্ৰহ্মপুত্ৰইদি শ শ মৃতদেহ উটি যোৱাৰ অসত্য বিৱৰণো দিলে৷ বাতৰি কাকতে হিংসাৰ জুই নুমাওক চাৰি বঢ়াই তোলাত সহায় কৰাৰ এই ইতিহাস ভাৰতৰ সাংবাদিকতাৰ ইতিহাসৰো এক কলংকিত অধ্যায়৷ ইয়াৰ ফলত সাধাৰণ লোক নানা ধৰণৰ বিলাই-বিপত্তিৰ সন্মুখীন হ’ল৷ কাৰোবাৰ ঘৰত জুই লাগিল, কোনোবা আহত হ’ল, কাৰোবাৰ দোকান-পোহাৰ নষ্ট হ’ল, কোনোবা আশ্ৰয় শিৱিৰত থাকিবলগীয়া হ’ল ইত্যাদি ধৰণৰ ঘটনা ঘটিল আৰু অসমৰ শ্ৰী (এতিয়া স্বগীৰ্য়) বিমলাপ্ৰসাদ চলিহাৰ চৰকাৰে আন্দোলন দমনৰ বাবে সশস্ত্ৰ পুলিচ বাহিনী নিয়োগ কৰিবলগীয়া হ’ল৷ সেই সময়ৰ পুলিচৰ মুৰব্বীও আছিল দুগৰাকী বাংলাভাষী বিষয়া৷ পুলিচ বাহিনী আনকি কটন কলেজৰ ছাত্ৰাবাসৰ চৌহদলৈয়ো সোমাই গ’ল আৰু বাৰান্দাত থিয় হৈ থকা এটি মেধাৱী ছাত্ৰ ৰঞ্জিত বৰপূজাৰীক গুলি কৰি হত্যা কৰিলে৷ আনহাতে বিপক্ষ দুবৃত্তৰ হাতত সূৰ্য্য বৰাই প্ৰাণ হেৰুৱালে৷ অসমীয়া ভাষাৰ সপক্ষে মাত মতাৰ বাবে হাইলাকান্দিৰ এঘাৰজন লোকে অসমীয়া বিৰোধী শক্তিৰ হাতত প্ৰাণ হেৰুৱালে৷ বাংলাত আনকি ‘মেখেলা পৰা মেয়ে’ শিৰোনামৰ কিতাপ লিখি জনৈক তথাকথিত লেখকে বাঙালী-অসমীয়াৰ সম্পৰ্ক অধিক বেয়া কৰাত অৰিহণা যোগাইছিল৷

মোৰ মনত পৰে আমাৰ গাঁৱত পূব বংগৰ পৰা আহি কেতিয়াবাই সমাজ জীৱনৰ লগত মিলি যোৱা বীৰেশ্বৰ দত্ত নামৰ এজন ব্যৱসায়ীৰ ঘৰত আমাৰ গাঁৱৰ বাহিৰৰ পৰা অহা এদল লোকে আক্ৰমণ কৰাৰ যত্ন কৰিছিল৷ শ্ৰী[এতিয়া স্বগীৰ্য়] বীৰেশ্বৰ দত্তক তেওঁৰ পত্নী আৰু দুটি ল’ৰাৰ সৈতে পৰিয়ালটোক কোনেও আঁতৰৰ বুলি ভবাই নাছিল৷ ডাঙৰ ল’ৰা সাধন মোৰ লগৰ আছিল আৰু সৰু ল’ৰা অমল মোৰ ছাত্ৰ আছিল৷ মই তেতিয়া আই এ পৰীক্ষা দিয়াৰ পিছত আমাৰ গাঁৱত নতুনকৈ আৰম্ভ কৰা হাইস্কুলখনত শিক্ষকতা কৰি আছিলোঁ৷ পিছদিনা পুৱা গাঁৱৰ মানুহে বীৰেশ্বৰ দত্তৰ ঘৰত আক্ৰমণ কৰা বুলি জানিব পাৰি গৈ তেওঁবিলাকৰ ঘৰ পালেগৈ আৰু দেখিলে যে বিশেষ একো নষ্ট নহ’লেও তেওঁবিলাকৰ মনত এটা মচিব নোৱৰা দাগ বহুৱাই থৈ গ’ল৷

১৯৬০ চনৰ এই ঘটনাৰ কথা মনত পৰিলে আজিও দুখ পাওঁ৷ উল্লেখযোগ্য যে, এই সময়ত প্ৰসিদ্ধ বাঙালী লেখক শ্ৰী [এতিয়া স্বগীৰ্য়] অন্নদাশংকৰ ৰায়ে অসমীয়া ভাষাৰ হকে হোৱা আন্দোলনৰ ন্যায্যতা সমৰ্থন কৰি ‘ড্ৰেগনেৰ দাঁত’ নামেৰে লিখা এটা গুৰুত্বপূৰ্ণ লেখাই অসমীয়া মানুহৰ মনৰ আঘাত বহু পৰিমাণে নাইকিয়া হোৱাত সহায় কৰিছিল৷ ইয়াৰ পিছত ১৯৭২ খ্ৰীষ্টাব্দত হোৱা ‘মাধ্যম আন্দোলনে’ও পুনৰ অশান্তি সৃষ্টি কৰাৰ সম্ভাৱনা ঘটিছিল৷ উল্লেখযোগ্য যে ৰাজ্যভাষা আৰু মাধ্যম আন্দোলনে সৃষ্টি কৰা এই সাম্প্ৰদায়িক মনোভাব লাহে লাহে নাইকিয়া হ’বলৈ আৰম্ভ কৰিছিল যদিও ই সম্পূৰ্ণৰূপে নাইকিয়া হ’ল ১৯৮৫ খ্ৰীষ্টাব্দত অসম গণ পৰিষদৰ চৰকাৰ গঠন হোৱাৰ পিছতহে৷ তেতিয়াৰ পৰা অসমীয়া আৰু বাঙালীৰ মাজত লাহে লাহে নতুন সম্পৰ্ক গঢ় লৈ উঠিল৷ আনকি দুয়োটা সম্প্ৰদায়ৰ মাজত বিয়া-বাৰুও হ’বলৈ ধৰিলে৷

সম্প্ৰতি মোৰ মনলৈ এটা শংকা আহিছে যে বিজেপি দল আৰু চৰকাৰে ভাৰতবৰ্ষৰ সংবিধানৰ নাগৰিকত্ব সম্পকীৰ্য় আইন সংশোধন কৰি বিদেশত থকা বিশেষকৈ হিন্দুসকলক ভাৰতলৈ আহিব খুজিলে ভাৰতীয় নাগৰিকত্ব দিয়াৰ বাবে যি পথ উলিয়াই দিছে সেই পথটোৱে বিশেষকৈ বাংলাদেশৰ হিন্দুক সদলবলে সোমাই আহিবলৈ সুযোগ উলিয়াই দিলে অসমৰ সামাজিক সম্প্ৰীতি নষ্ট হোৱাৰ ভয় সৃষ্টি হ’ব বুলি ভাবোঁ৷ অসমীয়া মুছলমানসকল যিদৰে ভাষাতে নহয়, তেজতো অসমীয়া, মানসিকতাতো অসমীয়া ঠিক সেই অৱস্থালৈ অসমৰ চৰ অঞ্চলৰ মুছলমানক ততালিকে নিব নোৱাৰিলেও তেওঁবিলাকৰ মাজত অসমীয়া শিক্ষা ল’ৰা-ছোৱালীক বিশেষকৈ শ্ৰমজীৱী পুৰুষ-মহিলাকো দিব পাৰিলে অসমৰ থলুৱা হিন্দু-মুছলমানৰ মনত ভাষা-সম্পৰ্কে থকা ভীতি লাহে লাহে দূৰ হ’ব বুলি ভাবোঁ৷ এনে এটা পথ সৃষ্টি নকৰি বাংলাদেশৰ হিন্দুক আনি অসমৰ হিন্দু-মুছলমান নিৰ্বিশেষে থলুৱা মানুহক সংখ্যালঘুত পৰিণত কৰাৰ ভয়ংকৰ আঁচনিয়ে ভয়াবহ অৱস্থাৰ সৃষ্টি কৰিব পাৰে৷ এনে অৱস্থা অস্ত্ৰ-শস্ত্ৰৰে, গাৰ বলেৰে নিয়ন্ত্ৰণ কৰা আৰু মূলোৎপাতন কৰা সম্ভৱ হ’ব বুলি ভবাটো চূড়ান্ত অজ্ঞতাৰ পৰিচায়ক হ’ব৷ ৰাজ্যভাষা আন্দোলনৰ ১৯৬০ খ্ৰীষ্টাব্দৰ ৪ জুলায়ে সৃষ্টি কৰা অৱস্থাৰ দৰে কোনো অৱস্থাৰ সৃষ্টি হোৱাটো কোনো সভ্য মানুহে, চৰকাৰে নিবিচাৰে, বিচৰা উচিৎ নহয়৷