শয়ন পাটীৰ ৰজনীগন্ধা


Image Description

‘তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা
তোমাৰ মূল্য এনিশাৰ।
পিছৰ দিনা সূৰুয উঠাৰ
পিছৰ বাহী শয্যাত
তুমি মূল্যবিহীন ভাৰ।'

ড॰ ভূপেন হাজৰিকাৰ শ্ৰেষ্ঠতম গীতসমূহৰ এটা অন্যতম উল্লেখযোগ্য গীত৷

বিয়াৰ মাংগলিক কাৰ্য্যসমূহ সম্পন্ন হোৱাৰ পিছত কইনা লৈ দৰা নিজ বাসগৃহলৈ আহে৷ ঘৰতো সংস্কাৰমূলক কামবোৰ পালনৰ অন্তত আহি পৰে শুভৰাত্ৰিৰ নিশাটো৷ দৰা-কইনাৰ বাবে শুভৰাত্ৰিৰ শয্যাখন ফুল ছটিয়াই সুগন্ধিত কৰি থোৱাটোও এক প্ৰকাৰ সংস্কাৰেই৷

এই কাম সাধাৰণতে পাটগাভৰু ছোৱালী বোৱাৰীসৱেই কৰে আৰু ফুল নিৰ্বাচন কৰে ৰজনীগন্ধা, যি ফুলে নিশা সুগন্ধ বিলায়৷ ৰজনীগন্ধাৰ সুগন্ধ লৈ দৰা-কইনাই প্ৰথম নিশাটো কটায়৷

এই পংক্তিটোৰ মাজেৰে হাজৰিকাদেৱে ফুলশয্যা সজোৱাৰ পৰা পিছদিনা বাহী শয্যাত মূল্যহীন হৈ পৰা ফুলপাহিবোৰ আমাৰ দৃষ্টিত তুলি ধৰিছে৷

পাহিবোৰৰ মূল্যহীন স্থিতিয়ে যেন তেখেতৰ আবেগিক মন জোকাৰি গৈছে৷ মানসিক আঘাতত তেখেত যেন জৰ্জৰিত হৈছে। পিচে হাজৰিকাদেৱৰ গীতৰ ভাষাৰ সদায় অন্তৰ্নিহিত অৰ্থ থাকে৷

তেখেতৰ কলমেৰে অৱলীলাক্ৰমে ওলাই অহা এই গীতটিৰ সৃষ্টিৰ আঁৰত আছিল এটা সম্পূৰ্ণ পৃথক পৰিঘটনা৷

চনটো কিমান আছিল মোৰ ভালদৰে মনত নাই৷ এখন ঠাইত সেই বছৰটোত পতা বিহু সন্মিলনলৈ ডঃ ভূপেন হাজৰিকাদেৱক নিমন্ত্ৰণ কৰা হৈছিল৷ লগতে নিমন্ত্ৰণ কৰা হৈছিল বিখ্যাত মঘাই ওজাদেৱক৷

ওজাদেৱৰ লগত আছিল দুজন সহায়ক ঢুলীয়া৷ মঘাই ওজাৰ ঢোলবাদন অন্ত হোৱাৰ পিছত মঞ্চত উপবিষ্ট হৈছিল সন্মিলনৰ মুখ্য অতিথি ভূপেন হাজৰিকা৷ ভূপেন হাজৰিকাই আগবঢ়ালে নিজৰ গীতৰ শৰাই৷

ভূপেনদা মঞ্চত উঠিলে কোনেও হাতত পিন্ধি থকা ঘড়ীটোলৈ চাই নাথাকে৷ ভালেমান ৰাতি হ’ল৷ এটা সময়ত সুধাকণ্ঠই শ্ৰোতা ৰাইজৰ পৰা বিদায় ল’লে৷ হাজৰিকাদেৱ ওলোৱাৰ লগে লগে সকলো নিজান পৰিল৷

ভূপেনদা নিজৰ থকা ঠাই পালে। হঠাৎ মনত পৰিল যে মঘাই ওজাক মাত লগাব পাহৰিলে!

কিছু সময়ৰ পিছত গাড়ী এখন আহি মঞ্চৰ ওচৰত ৰ'ল। মঘাই ওজা আৰু লগৰ দুজনে কাপোৰ পাৰি মঞ্চতে শুই আছিল। তেওঁলোকৰ বাবে ক'তো থাকিবলৈ ব্যৱস্থা কৰা হোৱা নাছিল!

ওজাদেৱে লগৰীয়া দুজনৰ সৈতে গাৰ কাপোৰ পাৰি মঞ্চতে শোৱাৰ দৃশ্যটো দেখি কমোৱা তুলাৰ দৰে মনৰ গৰাকী মানুহজনৰ দুচকু পানীৰে ভৰি পৰিল৷

আটাইকেইজনকে গাড়ীত উঠাই ল'লে।

অতি আবেগিক আৰু স্পৰ্শকাতৰ মানুহজনৰ অন্তৰৰ পৰা ভাববোৰ ওলাই আহিল গীতৰ পোছাক পিন্ধি৷ মঘাই ওজাৰ দৰে শিল্পীৰ অৱহেলা দেখি ভূপেনদাৰ অন্তৰ উচুপি উঠিল।

ঘটনাটোৱে বিশ্বজনীন ৰূপ ল'লে।

কলমে আকাশ চুলে । আমি উপহাৰ পালোঁ এক অপূৰ্ব সৃষ্টি।

'তুমি বিয়াৰ নিশা...'

এই আঁৰৰ কথাখিনি জনাৰ আগতেই এই গীতটি মোৰ এটা প্ৰিয় গীত আছিল৷ মৰহি যোৱা ফুল এপাহৰ দুখতেই দৰদী আৱেগিক মানুহগৰাকীয়ে গীতটি সৃষ্টি কৰা বুলিয়েই ধাৰণা কৰিছিলোঁ৷

প্ৰকৃত কথাখিনি জনাৰ পিছত সেমেকি উঠা দুচকুৰ পৰা হৈ অহা টোপালকিটাক বাধা দিব পৰা নাছিলোঁ৷

এনে এজন গীতিকাৰ, সুৰকাৰ, প্ৰৱন্ধকাৰ, গায়ক, মানুহজনক বহুবাৰ ওচৰৰ পৰা পালোঁ যদিও তেখেতৰ সৈতে মেলমৰাৰ সুযোগ নাপালোঁ!

এনে এজন ব্যক্তি অসমত পুনৰবাৰ জন্ম হ’ব নে নাই নাজানো৷ তেখেতৰ গীতে, সমাজ-সংস্কৃতি, প্ৰেম-ভালপোৱা-বিৰহ, ৰাজনীতি সকলো সামৰি অতি মূল্যৱান এটি সম্ভাৰ আমালৈ এৰি থৈ গ’ল৷

ভূপেনদাই ন’বেল বঁটাক আৰু মহীয়ান কৰিলেহেঁতেন।

এৰি থৈ গ’ল সমগ্ৰ পৃথিৱীৰ জনতাৰ বাবে সহজবোধ্য শব্দ-বাক্য আৰু সাৱলীল সুৰেৰে এটি বহুমূলীয়া গীত:

‘মানুহে মানুহৰ বাবে

যদিহে অকণো নাভাবে...’।।