কান্ধ সলনি কৰি বৈ অনা
মোৰ এই শব্দবোৰত....


Image Description

২৮ জুলাই হীৰুদাৰ ওপজা দিন। এই দিনটো কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয়। এই মহান কবি গৰাকীৰ পবিত্ৰ স্মৃতিত এই নিবন্ধ।

কেইদিনমানৰ আগতে ব্যক্তিগত আলাপচাৰিতাত এগৰাকী নবীন কবিয়ে তেওঁতকৈও নবীন আন এগৰাকী কবিক লগ পাই হোৱা অভিজ্ঞতাৰ বিষয়ে কৈছিল৷ শেষোক্ত কবিগৰাকীয়ে হীৰেন ভট্টাচাৰ্যৰ কবিতা পঢ়া দূৰৈৰে কথা, নামটোকে হেনো শুনা নাই৷ এই কথাটো বিশ্বাস কৰিবলৈ সঁচাকৈয়ে টান পাইছোঁ, কিন্তু প্ৰথমগৰাকী কবিক অবিশ্বাস কৰিবৰ কাৰণো মোৰ নাই৷ বহুতৰে মুখত শুনিছোঁ যে অসমত হেনো সৰু বৰ প্ৰায় সাতাইছ হাজাৰ কবি আছে৷ কেইবাগৰাকীও অসমীয়া প্ৰকাশকৰ পৰা জানিব পাৰিছোঁ যে নাম–যশ থকা কবিৰ কিতাপো হেনো আঢ়ৈশ কপিমানহে বিক্ৰী হয়৷ এনে নিমিলা অংকৰ বাবেই বহুতো প্ৰকাশকে বৰ্তমান কবিতাৰ কিতাপ ছপাবলৈ এৰিছে৷ শক্তি চট্টোপাধ্যায়ৰ ‘এপিটাফ’ নামৰ কবিতাটোৰ কবিগৰাকীৰ দৰে কোনো অসমীয়া কবিয়ে এতিয়া ৰয়েল্টি বিচাৰি প্ৰকাশকক ক’বগৈ নোৱাৰে–“...টাকা দাও/নতুবা ভাঙ-চূর হবে, ধবংস হবে মহাফেজখানা/চট্‌জলদি টাকা দাও, নয়তো আগুন দেবো ঘরে....”

প্ৰসিদ্ধ বিজ্ঞানী ছাৰ আইজাক নিউটনে সমসাময়িক আন এগৰাকী বিজ্ঞানী [পাছলৈ প্ৰতিদন্দ্বী] ৰবাৰ্ট হুকলৈ দিয়া এখন চিঠিত লিখিছিল,“ If I have seen further, it is by standing on the shoulders of gaints’’– মই যদি কেনেবাকৈ দূৰলৈ দেখা পাইছোঁ, তেন্তে বিৰাটাকায় পুৰুষসকলৰ কান্ধত উঠিহে দেখা পাইছোঁ৷ নিউটনৰ কথাষাৰৰ অৰ্থ এইটোৱেই যে জ্ঞান-বিজ্ঞানৰ অগ্ৰগতি ক্ৰমবৰ্ধিত ৰূপতহে ঘটে, নতুন একোটা ধাৰণা বা তত্ব গঢ় লৈ উঠে তাৰ পূৰ্বৱতী অসংখ্য ধাৰণা আৰু তত্ত্বৰ গাত খোপনি লৈ৷ একোটা বৈজ্ঞানিক তত্ত্বই আগৰ চানেকিবোৰক যথোপযুক্তভাৱে ব্যৱহাৰ কৰি সেই সকলো চানেকিকে সামৰি লোৱা নতুন চানেকি নিৰ্মাণ কৰে, আৰু এইদৰে এটা উত্তৰাধিকাৰৰ পৰম্পৰাৰ সৃষ্টি হয়৷ নিউটনৰ অন্তৰ্দৃষ্টিয়ে কেপলাৰৰ অন্তৰ্দৃষ্টি অধিকাৰ কৰাই নহয়, তাক অতিক্ৰম কৰি গৈছে., আইনষ্টাইনৰ অন্তৰ্দৃষ্টিয়ে নিউটনৰ অন্তৰ্দৃষ্টি অধিকাৰ কৰি তাক অতিক্ৰম কৰি গৈছে,– অনাগত কোনোবা দিনত আইনষ্টাইনৰ অন্তৰ্দৃষ্টিয়ে আন কোনোবা এগৰাকী বিজ্ঞানীৰ অন্তৰ্দৃষ্টিয়ে অতিক্ৰম কৰাৰ সম্ভাৱনা অনবৰতে আছে৷

বিজ্ঞানৰ তুলনাত অৱশ্যে কাব্যিক আৰু শৈল্পিক প্ৰয়াসৰ সম্ভাৱনাৰ এটা সীমাবদ্ধতা আছে– কাব্যিক বা শৈল্পিক প্ৰয়াসে কেতিয়াও এটা পুঞ্জীভূত গাঁথনি গঢ়ি তুলিবগৈ নোৱাৰে৷ বিজ্ঞানৰ দৰে তেনে এটা গাঁথনি গঢ়াৰ উদ্দেশ্য কবিতা বা শিল্পৰ হয়তো নাই৷ সেয়ে কলা- কৌশলৰ দিশৰপৰা কবিতা বা শিল্পৰ উত্তৰণ ঘটি আছে যদিও, অথবা নতুন নতুন সম্পৰীক্ষাই কবিতা বা শিল্পৰ বিৱৰ্তন ঘটাই আছে যদিও, কবি আৰু শিল্পীৰ অন্তৰ্দৃষ্টি যুগে যুগে প্ৰায় একেই আছে বুলি ক’ব পাৰি৷ এতিয়াও এৰিষ্ট’ফেনিছ আৰু শ্বেইক্সপীয়েৰ প্ৰাসংগিক হৈ আছে, কালিদাস, শংকৰদেৱ, বাশ্ব’, গ্যেটে, বেজবৰুৱা, ৰবীন্দ্ৰনাথ, ভিন্সি, ৰামকিংকৰ, বিথোফেন, জ্যোতি প্ৰসাদ, বিষ্ণু ৰাভা, ফণী শৰ্মা বা ভূপেন হাজৰিকাক ‘অতিক্ৰম’ কৰাৰ দৰে কথা এটা শিল্প-সাহিত্য-সংগীত-নাটকৰ ক্ষেত্ৰত অসম্ভৱ৷

কবিতাকে ধৰি শিল্প-সাহিত্য-সংগীত-নাটকৰ জগতত উত্তৰাধিকাৰৰ কথাটো সেয়ে বিজ্ঞানৰ দৰে পোনপটীয়া বা সৰলৰৈখিক নহয়, কিন্তু একেবাৰে নাইনে? অসমীয়া ভাষাৰ লেখক এজনে বেজবৰুৱা নপঢ়িলেও হ’বনে? অসমীয়া কবি এজনে হীৰেন ভট্টাচাৰ্যৰ নাম নুশুনিলেও হ’বনে? কবিতা বা শিল্পৰ ক্ষেত্ৰত উত্তৰাধিকাৰ বা পৰম্পৰাৰ কথাটো আচলতে গণিত–বিজ্ঞানৰ উত্তৰাধিকাৰতকৈও গভীৰ–এই সম্পৰ্ক অধিক পৰিমাণে জৈৱিক, আৰৈখিক আৰু প্ৰাণচঞ্চল৷ টি এছ এলিয়টে “ট্ৰেডিশ্যন এণ্ড দি ইণ্ডিভিজুৱেল টেলেণ্ট” নামৰ ৰচনাখনত historical sense ৰ কথা কৈছিল– তেওঁ কৈছিল যে পঁচিছ বছৰ বয়সৰ পাছতো কবি হৈ থাকিব খোজাসকলৰ বাবে এই historical sense অপৰিহাৰ্য্য–“which we may call nearly indispensable to anyone who would continue to be a poet beyond his twenty-fifth year, and the historical sense involves a perception, not only of the pastness of the past, but of its presence, the historical sense compels a man to write not merely with his own generation in his bones, but with a feeling that the whole of the literature of Europe from Homer and within it the whole of the literature of his own country has a simultaneous existence and composes a simultaneous order” [এলিয়টৰ এই আলোচনাৰ পৰিসৰ আছিল ইউৰোপ, সেয়ে ইয়ালৈ আহিছে ইউৰোপ আৰু হোমাৰৰ প্ৰসংগ৷]

এই একেখন ৰচনাতে এলিয়টে আৰু কৈছিল– ‘‘No poet, no artist of any art, has his complete meaning alone. His significance, his appreciation is the appreciation of his relation to the dead poets and artists. You cannot value him alone; you must set him, for contrast and comparison, among the dead.’’ এই সম্পৰ্ক একতৰফীয়া নহয়, এটা নতুন কবিতা বা শিল্প-কৰ্মই পুৰণিকো একে সময়তে সলনি হ’বলৈ বাধ্য কৰে– ‘‘what happens when a new work of art is created is something that happens simultaneously to all the works of art which preceeded it.’’

আন কথাত, নতুনক বহাৰ ঠাই উলিয়াই দিবলৈ পুৰণিও হুঁহকি-পিচলি বহে৷ ন-পুৰণিৰ এই জৈৱিক সংযুক্তিৰ কথাটো এটা সাক্ষাৎকাৰত নৱকান্ত বৰুৱাই কৈছিল এইদৰে, ‘‘... পিছে অনুজ অৰ্থটো মই নভবা-নিচিন্তাকৈ প্ৰয়োগ কৰিব নোৱাৰোঁ৷ মই যদি লিখা বন্ধ কৰিলোঁহেঁতেন, তেতিয়াহ’লে লিখি থকাসকলক অনুজ বুলিব পাৰোঁ৷ মোৰ কোনো contemporary কবি মোৰ অনুজ নহয়৷ ...’’ [‘সূত্ৰধাৰ’, ১৬-৩০ জুন ১৯৮৯৷]

আমাৰ অৰ্বাচীন কবিয়ে নামেই নুশুনা হীৰেন ভট্টাচাৰ্য্যৰ চিন্তা-চেতনাত আৰু কবিতাত উত্তৰাধিকাৰ-বোধৰ এই প্ৰসংগটো বাৰে বাৰে আহিছে৷ ইয়াৰে সবাতোকৈ উল্লখনীয় কবিতাটো হ’ল ‘মোৰ এই শব্দবোৰ’ নামৰ কবিতাটো৷ কবিতাটোত কবিয়ে কৈছে যে তেওঁৰ শব্দবোৰ তেওঁ ‘‘কান্ধ সলনি কৰি বৈ’’ আনিছে–

স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত জীৱনধাৰাৰ সুষমা,

সময়ৰ ঘনিষ্ঠ উত্তাপ, মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই,

মোৰ ভিতৰত এটা যেন খেতিয়ক, মই শব্দবোৰ জিভাত দি চাওঁ

কাৰ কি সোৱাদ, হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত,

মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজঃদীপ্ত সন্তান,

মই সাধাৰণ কবি,

কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত

মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ নিঠুৰ আঁচোৰ৷

আকৰ্ষণীয় কথাটো হ’ল এই যে এই কবিতাটো তেওঁ উছৰ্গা কৰিছে তৰুণ কবিসকললৈ [‘‘তৰুণ কবিৰ হাতত’’]৷ হীৰেণ ভট্টাচাৰ্য্যৰ দৰে আধুনিক অসমীয়া কবিতাৰ বটবৃক্ষ-স্বৰূপ কবি এগৰাকীয়ে নিজকে কৈছে তেওঁ ‘‘সাধাৰণ কবি’’, তেওঁৰ ‘‘কোনো নিজস্ব আৱিষ্কাৰ নাই’’; অথচ আমি অল্পমতি কবিসকলে ভাৱোঁ যে আমি শূন্যতে সৃষ্টি হোৱা একো-একোটা অদ্বিতীয় প্ৰতিভা/ ঐতিহ্য আৰু বুৰঞ্জী আমাক কিহলৈ লাগিছে?

কবি এগৰাকীয়ে যেতিয়া তেওঁৰ ভাষাৰ শব্দ এটা ব্যৱহাৰ কৰিবলৈ বিচাৰিব, তেতিয়া তেওঁ কেৱল সেই শব্দৰ আভিধানিক অৰ্থ জানিলেই নহ’ব, তেওঁ জানিব লাগিব সেই শব্দৰ ঐতিহ্য আৰু বুৰঞ্জীও, সেই শব্দটোৰে সৈতে জড়িত হৈ থকা জীৱনৰ সামূহিক অভিজ্ঞতাবোৰো৷ তেহে তেওঁৰ কবিতাই সেই শব্দত নতুন অৰ্থৰ ব্যঞ্জনা যোগ কৰিব পাৰিব; তেহে তেওঁৰ কবিতা ভাষাত জীণ যাব৷ [আন এক প্ৰসংগত হীৰেণ ভট্টাচাৰ্য্যই কৈছিল, ‘‘শব্দৰ এই বাঢ়ি অহাকণেই হৈছে কবিৰ নিৰ্মাণ৷’’] উপৰুক্ত কবিতাটোত কবি ভট্টাচাৰ্য্যই এই কথাটোকে কৈছে, তেওঁৰ স্বকীয় কাব্য-ভাষাৰে৷ ১৯৮৬ চনত কামপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৫২ সংখ্যক অধিৱেশনৰ কবি-সন্মিলনৰ সভাপতিৰ অভিভাষণত কবি ভট্টাচাৰ্য্যই শব্দৰ এই বাঢ়ি অহাকণৰ প্ৰসংগ টানি আনি কৈছিল, ‘‘কিন্তু শব্দই জানো কবিতা? শব্দৰ অৰ্থই জানো কবিতা? শব্দৰ আভিধানিক অৰ্থই যদি কবিতাৰ অভ্যন্তৰ প্ৰৱেশৰ সঁচাৰ-কাঠী হঁলহেঁতেন, তেনেহ’লে আজিৰ কবিতাৰ দুৰূহতাৰ বহু অভিযোগৰ অৱকাশ নাথাকিলেহেঁতেন৷ কবিয়ে জীৱনপাত কৰে তেনে শব্দৰ সন্ধানত যাৰ আৱাহনী ক্ৰিয়াই আনি দিব পাৰে কবিতাৰ নতুন মাত্ৰা৷’’ তেওঁৰ কবিতাতো আমি পাওঁ–

কবিতা জীৱনৰ অন্য বিষয় কুশল,

অন্য প্ৰত্যাশা,

শব্দ সংঘ ভাঙি তিৰ্‌বিৰ্‌ বন তুলসীৰ

উজাৰি লুকুৱা সুগন্ধি দীঘল উপত্যকা৷

এই একেটা অভিভাষণতে কবি ভট্টাচাৰ্য্যই আৰু কৈছিল– ‘‘কবি দেশ-কাল-মানুহৰ ইতিহাস চেতনাই সৃষ্টি কৰা এক বিশিষ্ট কণ্ঠ৷ সমাজ আশ্ৰয় কৰিয়েই গঢ়ি উঠে শিল্প-সাহিত্য৷ সমাজ কবিৰ পাঠশালা, জীৱন যাৰ প্ৰধান শিক্ষক৷’’ ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা গ্ৰহণ কৰি দিয়া ভাষণটোতো হীৰেণ ভট্টাচাৰ্য্যই এষাৰ বহুমূলীয়া কথা কৈছিল– ‘‘কোনো নিগূঢ় সামাজিক কাৰণত আমাৰ সাহিত্য জগত আজি বনস্পতিহীন৷ মহৎ সাহিত্য ইতিহাসে সৃষ্টি কৰে৷ সমাজ আৰু জীৱন-চেতনাৰ অভাৱতেই নষ্ট হয় সাহিত্য৷ সৎ হোৱাটো সাহিত্য সাধনাৰ প্ৰথম পাঠ৷’’ কবি ভট্টাচাৰ্য্যই কোৱা এই সততা কেৱল ব্যক্তিগত জীৱনৰ সততা বুলি ভাবিলে ভুল হ’ব; ইয়াৰ সৈতে জড়িত হৈ আছে নিজৰ ভাষা, সেই ভাষাৰ কালিকা, সৃজনী ক্ষমতা, আৰু নিজৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐশ্বৰ্য্যৰ প্ৰতি নিষ্ঠাৱান হৈ থকাৰ কথাটোও৷ এলিয়টে যাক কৈছিল historical sense.

হীৰেন ভট্টাচাৰ্য্যৰ এই কথাখিনিৰ প্ৰসংগত, আৰু ন-পুৰণিৰ জৈৱিক সংহতিৰ প্ৰসংগত, আন দুগৰাকী কবিৰ কথাও স্বাভাৱিকতে মনলৈ আহে৷ ৰবীন্দ্ৰনাথৰ এই গানটোনো কোনে নাজানে– ‘‘তোমার হল গুরু, আমার হল সারা– / তোমার আমায় মিলে এমনি বহে ধারা’’– য’ত তেওঁ একেটি প্ৰৱাহৰে এক প্ৰাণচঞ্চল ধাৰাবাহিকতাৰ কথা কৈছে৷ আৰু নৱকান্ত বৰুৱাৰ ‘‘শেষৰ শাৰী’’ নামৰ কবিতাটোৰ এই পংক্তি–

মোৰ কবিতাৰ শেষৰ শাৰীটোত

মই দেখিছোঁ এটা নতুন কবিতাৰ

প্ৰথম শাৰী

উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰিবলৈ লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখিছিল–

পূৰ্ব্ব কবি অপ্ৰমাদী মাধৱ কন্দলি আদি তেহে বিৰচিলা ৰামকথা৷

হস্তীৰ দেখিয়া লাদ শশা যেন ফাড়ে মাৰ্গ মোৰ ভৈল তেহয় অৱস্থা৷৷

যেতিয়ালৈকে এই অনুভৱক আমি অন্তঃস্থ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে অসমীয়া কবিতাৰ বোৱঁতী সুঁতি উটনীয়া পানী-মেটেকাৰে ভৰি থাকিবলৈ বাধ্য৷ হীৰেন ভট্টাচাৰ্য্যই তেওঁৰ অপৰূপ ভাষা-ভংগীমাৰে এই কবিতাত কৈছে–

মূৰ দোঁৱাই চুই আহ মানুহ-মাটি

স্পৰ্শ কৰ প্ৰতিজন সৎ কবিৰ কবিতা,

অকুতোভয় ভালপোৱা–

গ্ৰহণ কৰা মানুহ সম্পৰ্কীয় সু-গভীৰ পাঠ,

মাতৃভাষাৰ তেজাল আখৰ

পৰিণত ভালপোৱাৰ গানেৰে ভৰাই দে

শব্দ-প্ৰতিমাৰ ঘৰ

প্ৰদক্ষিণ কৰ মানুহ-মাটি...

কবিৰ এই মানুহ-মাটি কেৱল পথ-পথাৰৰ মানুহ আৰু কাঁইটীয়া তাঁৰৰ বেৰাৰে ভেটি থোৱা মাটিয়ে নহয়; ই সেই মানুহ-মাটিৰ ভাষা, সাহিত্য, শিল্প, সংস্কৃতি আৰু বৰঞ্জীও৷ আৰু তাৰো অতীত আৰু ভৱিষ্যৎ৷।