চাওতালী ভাষাত দেশৰ সংবিধান


Image Description

ব্যক্তিজনৰ নাম শ্ৰীপতি টুডু ৷ এজন শিক্ষক ৷ পশ্চিম বঙ্গৰ ৷

মাতৃভাষা চাওতালী৷ কিন্তু স্কুলত চাওতালী ভাষা শিকিবলৈ সুযোগ নাপালে৷ বঙালী ভাষাতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে৷ কিন্তু মনত অফুৰন্ত হেপাহ থাকি গৈছিল– নিজৰ মাতৃভাষাটোক ভালকৈ শিকিবলৈ৷

ক’ভিডৰ বন্ধৰ সময়ত সুবিধাখিনি নিজে সৃষ্টি কৰি ল’লে৷ চাওতালী ভাষাৰ লিপি অ’লছিকি শিকি ল’লে৷ মাতৃভাষাৰ সোৱাদ পায় আত্মহাৰা হ’ল৷

কিবা এটা কৰিবলৈ খুজিলে, যিটো আনে কৰা নাই৷ বঙালী ভাষাত দেশৰ সংবিধানখন খুলি চাইছিল৷ বুজিবলৈ অসুবিধা পালে৷ গতিকে ঠিক কৰিলে যে নিজৰ মাতৃভাষালৈ সংবিধানখন অনুবাদ কৰিব৷

চিন্তামতে কাম হ’ল৷

ন মাহ সময়ৰ ভিতৰত চাওতালী ভাষাত দেশৰ সংবিধানখন প্ৰকাশ কৰিলে৷ সকলোৰে বাবে এটা আদৰ্শনীয় উদাহৰণ হৈ ৰ’ল৷ গোটেই পৃথিৱীতে খিলঞ্জীয়া ভাষাবোৰ বিলুপ্তিৰ পথত আগবাঢ়িছে৷ বিশেষকৈ কমসংখ্যক মানুহে কোৱা থলুৱা ভাষাবোৰ হেৰাই গৈ আছে৷ কোনেও ৰোধ কৰিব পৰা নাই৷

আমাৰ চৰকাৰে ভাষাবোৰৰ প্ৰতি দায়বদ্ধতা দোহাৰে৷ দোহাৰে কথাত৷ কামটো নিসিজে৷

২০২২-২৩ চনতো খিলঞ্জীয়া ভাষাৰ আন্তৰ্জাতিক দশক হিচাবে পালন কৰা হৈছে৷ এই প্ৰসংগতে শ্ৰীটুডুৰ অৰিহণা অতিকৈ যথোপযুক্ত আৰু প্ৰশংসনীয়৷ পৰিতাপৰ কথা যে বহুতো খিলঞ্জীয়া ভাষাৰ বাবে এতিয়ালৈকে লিপি প্ৰস্তুত কৰা হোৱা নাই৷ চাওতালী ভাষাৰ বাবে লিপি ১৫২৫ চনতহে ঠিক কৰা হৈছিল৷

শ্ৰীপতি টুডুৰ উদাহৰণে অসমতো কাৰোবাক উৎসাহিত কৰিলে ৰাজ্যখনৰ বাবে এটা ডাঙৰ অৰিহণা আগবঢ়োৱা হ’ব৷৷