অসমীয়া ভাষাত হাইফেন'ৰ ব্যৱহাৰ


Image Description

পুৰণি কালত অসমীয়া ভাষাত হাইফেনৰ ব্যৱহাৰ নাছিল ৷ কিন্তু আজিকালি অসমীয়া ভাষা লিখোঁতে হাইফেনৰ ব্যৱহাৰ অপৰিহাৰ্য্য হৈ পৰিছে ৷ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা এই হাইফেন ইংৰাজী ভাষাৰ পৰা আহিছে।

হাইফেনৰ ব্যৱহাৰ জানিলে বানান শুদ্ধকৈ লিখাত সহায়ক হয় আৰু হাইফেনৰ শুদ্ধ ব্যৱহাৰে শব্দৰ শুদ্ধ উচ্চাৰণ কৰাত পঢ়ুৱৈক সহায় কৰে ৷ আনহাতে হাইফেন ব্যৱহাৰ কৰোঁতে ভুল হ'লে কিছুমান শব্দৰ অৰ্থ উলিয়াওঁতে আৰু উচ্চাৰণ কৰোঁতে খেলি-মেলি লাগে।

সেয়েহে হাইফেন ব্যৱহাৰৰ কেতবোৰ নিয়ম মানি চলিব লাগে। এনে কিছুমান নিয়ম তলত উল্লেখ কৰা হ'ল।

¤ শব্দৰ আদি অক্ষৰৰ দ্বিত্ব বা অভ্যাস হ'লে সদায় হাইফেন লিখিব লাগে।

যেনে :

আ-অলংকাৰ, গা-গাৰি, চা-চিনাকি, জা-জলপান, ডা-ডাঙৰীয়া, পা-পয়চা,ফা-ফুকন,

ডা-ডাঙৰীয়া, বা-বতাহ, মা-মচলা, হয়-হস্তী ইত্যাদি ৷

¤ কিছুমান অনুৰূপ শব্দত হাইফেন লিখিব লাগে।

যেনে :

অমুক-তমুক, আবোল-তাবোল, কিতাপ-চিতাপ, চৰাই-তৰাই, চাউল-তাউল, নদন-বদন, পানী-দুনি, ভাত-চাট, মাছ-তাছ, সোলোক-ঢোলোক ইত্যাদি।

¤ যুৰীয়া অনুকাৰ শব্দৰ মাজত হাইফেন দিব লাগে।

যেনে :

কা-কা, ঘটং-ঘটং, চিঁ-চিঁ, টং-টং, বে-বে, মেও-মেও, বু-বু বা-বা, ইত্যাদি।

¤ এটা মাথোঁ মুক্ত অক্ষৰৰ শব্দৰ লগত অন্য শব্দ, প্ৰত্যয় বা বিভক্তি যোগ হ'লে হাইফেন দিব লাগে।

হাইফেন নিদিলে এনে শব্দৰ উচ্চাৰণত আউল লাগে।

যেনে :

গা-ধন, গা-ভাৰি, ন-অসমীয়া, ন-কইনা, ন-খোৱা, ন-দি, ন-নৈ, ন-পাম, ন-পুৰুষ, ৰ-লাগি, ৰ-ৰৈয়া, য-ধান, দ-কৈ, দ-বাট, কু-কথা, সু-পুৰুষ, ন-শিকাৰু ইত্যাদি।

¤ কিছুমান অনুৰূপ শব্দত হাইফেন লিখিব লাগে।

যেনে :

তেল-কুৰ, ৰূপ-বান ইত্যাদি।

¤ দ্বন্দ্ব সমাস হৈ সিদ্ধ হোৱা সমস্তপদত হাইফেন দিব লাগে। যেনে :

ককা-আইতা, গছ-বন, গা-পা, কাঁহী-বাতি, কোঁৱৰ-কুঁৱৰী, চৰাই-চিৰিকতি, দা-কুঠাৰ, বাচন-বৰ্তন, পাঁচ-ছয়, বিশ-পঁচিশ,

ভাষা-সাহিত্য, মাছ-মাংস, মাছ-পুঠি, মাহ-চাউল, ল'ৰা-ছোৱালী, লক্ষ্মী-পার্বতী, শিৱ-পাৰ্ৱতী, লেতেকু-পনিয়ল, সভ্যতা-সংস্কৃতি, স্থাপত্য-ভাস্কৰ্য, হৰ-গৌৰী, হাত-ভৰি ইত্যাদি।

¤ দুটাতকৈ অধিক শব্দৰ সমস্তপদতো হাইফেন দিব লাগে। যেনে :

ধান-মাহ-সৰিয়হ, ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ, ভাষা-সাহিত্য-সংস্কৃতি, সত্য-শিৱ-সুন্দৰ ইত্যাদি।

¤ তিনিটাতকৈ অধিক শব্দ লগ লগাব লগা হ'লে, দুটাৰ পিচত কমা দি তাৰ পিচত বাকী দুটা বা তিনিটা শব্দ হাইফেন দি লিখিব লাগে।

যেনে :

ডেকা-গাভৰু, ল'ৰা-বুঢ়া, মতা-তিৰোতা, কলা-সংস্কৃতি, ভাষা-সাহিত্য, সভ্যতা-সংস্কৃতি, ইত্যাদি।

¤ বিভক্তিযুক্ত যুৰীয়া শব্দতো হাইফেন দিব লাগে।

যেনে :

বাপেকে-পুতেকে, পুতেকে-জীয়েকে, পৰ্বতে-কন্দৰে, পাহাৰে-ভৈয়ামে, ভিতৰে-বাহিৰে, শয়নে-সপোনে, চহৰে-নগৰে ইত্যাদি।

¤ নঞর্থক উপসৰ্গ 'অনা' সন্ধি হৈ লগ নালাগিলে কিছুমান শব্দত হাইফেন দিব লাগে।

যেনে :

অনা-অসমীয়া, অনা-কটা, অনা-মেঘে ইত্যাদি।

¤ বর্ণ, ধ্বনি বা আখৰ বুজাবলৈও হাইফেন দিব লাগে।

যেনে :

অ-বর্ণ, ক-বর্ণ, আ-ধ্বনি, ই-আখৰ, ঈ-আখৰ, ঋ-কাৰ, ঐ-কাৰ, ঔ-কাৰ য়-কাৰ, ৰ-কাৰ ইত্যাদি।

¤ ঊর্ধ্বকমাৰ ভিতৰত থকা শব্দৰ পিচত প্রত্যয় বা বিভক্তি যোগ দিলে হাইফেন দিব লাগে।

যেনে :

'নৃত্যৰতা পৃথিৱী'-ৰ কবি নীলমণি ফুকন, 'বিশ্বায়ন'-ৰ গ্ৰন্থকাৰ ড° হীৰেন গোহাঁই, 'ৰামায়ণ'-খন, 'মহাভাৰত'-খন ইত্যাদি

¤ অন্য ভাষাৰ লিপিত কোনো শব্দ লিখিব লাগিলে আৰু সেই শব্দত অসমীয়া প্ৰত্যয় বা বিভক্তি যোগ দিবলগীয়া হ'লে তাতো হাইফেন দিব লাগে।

যেনে :

Shakespear- অৰ নাটক, New York-অলৈ যাম ইত্যাদি।

¤ কেতিয়াবা কোনো শব্দক বন্ধনীৰ ভিতৰত ব্যাখ্যাৰে বুজাবলগীয়া হ'লে বন্ধনীৰ পিছত হাইফেন দি বিভক্তি যোগ কৰিব লাগে।

যেনে :

শ্ৰীমতী অৱন্তিকা (মুনু)-ৰ বিয়ালৈ, বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ. জি. চি.)-ৰ, আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি (আই.পি.এ)-ৰ ইত্যাদি।

¤ কোনো এটা শাৰীৰ শেষৰ শব্দ ভাঙি পিছৰ শাৰীলৈ নিবলগীয়া হ'লেও আগৰ শাৰীৰ অন্তত হাইফেন লিখিব লাগে।

¤ ব্যতিহাৰ বহুব্ৰীহি সমাসৰ পদটো দীঘল হ'লে হাইফেন দিব লাগে।

যেনে : আঁজোৰা-আঁজুৰি, কামোৰা-কামুৰি, দবৰা-দবৰি ইত্যাদি।

কিছুমান শব্দত হাইফেন দিব নালাগে ৷ তেনে শব্দবোৰ তলত দিয়া হ'ল :

¤ চুটি শব্দৰ দ্বিত্ব হ'লে হাইফেন নালাগে। যেনে :

মাছমাছ গোন্ধাইছে, জ্বৰজ্বৰ লাগিছে ইত্যাদি।

¤ তৎপুৰুষ সমাসসিদ্ধ চুটি পদত হাইফেন দিব নালাগে।

যেনে :

কথাচহকী, দীনদুখী, দীনদয়াল, প্রাণীতত্ত্ব, প্রাণীবিদ্যা, জীৱবিদ্যা, ভাষাবিজ্ঞান, ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, বাক্যতত্ত্ব ইত্যাদি।

¤ ব্যতিহাৰ বহুব্রীহি সমাসবদ্ধ পদটো চুটি হ'লে হাইফেন দিব নালাগে।

যেনে :

হতাহতি, কটাকটি, মুখামুখি, টনাটনি, ঠেলাঠেলি ইত্যাদি।

¤ উপসৰ্গবোৰ সন্ধি হৈ লগ নালাগিলে হাইফেন নিদি ওচৰা-উচৰিকৈ লিখিব লাগে । যেনে :

অতিকায়, অতিমাত্রা, উপবন, উপনদী, উপৰাষ্ট্ৰপতি, উপপ্রধানমন্ত্রী, অধিবিদ্যা, অতিমানব, অভিসম্পাত, ইত্যাদি।

কিন্তু দুটা বা অধিক উপসর্গৰ সন্ধি নহ'লে হাইফেন লিখিব লাগিব।

যেনে :

উপ-অভিযন্তা, সহ-অধিনায়ক ইত্যাদি।

¤ উপসৰ্গ 'অনা' যোগ হ'লেও কিছুমান শব্দত হাইফেন দিয়া নহয় ৷

যেনে :

অনাতাঁৰ, অনাদোষ, অনাবৃষ্টি, অনাভুৱা, অনাহক ইত্যাদি ।।