নৱ্য মাধ্যমত নসাজেৰে অসমীয়া ভাষা আৰু সাহিত্য


Image Description

নৱ্য মাধ্যম, অৰ্থাৎ ডিজিটেল মাধ্যম হৈছে বৰ্তমান একবিংশ শতিকাৰ এনে এক চৰ্চিত আৰু প্ৰভাৱশালী উপকৰণ, যাৰ ওপৰত ভিত্তি কৰি আধুনিক সমাজ-সভ্যতা-সংস্কৃতি বৰ্তি আছে৷ সেইদৰে এটা সংস্কৃতি, এটা ভাষা কিমান সমৃদ্ধ সেই কথা সাব্যস্ত কৰাৰো বৰ্তমান উপযুক্ত মাধ্যম হ’ল ডিজিটেল মাধ্যম৷

আমি আজি স্বদেশ আৰু স্বাভিমানৰ কথা আলোচনা কৰিছোঁ। আমি আমাৰ জাতিটোৰ ভাষা, সাহিত্য, সংস্কৃতিৰ কোনবোৰ বিষয় লৈ গৌৰৱ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিছোঁ। কিন্তু আমাৰ স্বাভিমানে তেতিয়াহে পূৰ্ণাংগ ৰূপ ল’ব যেতিয়া আমি আমাৰ ভাষা-সাহিত্য আজিৰ ভাৰ্চুৱেল পৃথিৱীতো সহজতে সকলোৱে পোৱাকৈ উপলব্ধ কৰিব পাৰিম আৰু গৌৰৱেৰে ক’ব পাৰিম, 'এইয়া মোৰ মাতৃভাষা অসমীয়া, যি ভাষাই দিছে মোক অসমীয়া হোৱাৰ গৌৰৱ।'

কিন্তু দুৰ্ভাগ্যজনকভাৱে  অসমীয়া ভাষাই আজিৰ তাৰিখতো ইউনিক'ড ফ’ৰামত নিজৰ ভাষিক স্থান পৃথকভাৱে পাবলৈ সক্ষম নোহোৱাৰ মূল কাৰণ হৈছে আমাৰ ভাষাটোৰ ডিজিটেল সমল ইন্টাৰনেটত অতি তাকৰ আৰু ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰিবলৈ প্ৰয়োজন হোৱা তাত্ত্বিক কথাবোৰ বুজিব পৰা আৰু তাৰ বাবে কাম কৰিব পৰা মানুহৰ অভাৱ৷

এতিয়া আহিছোঁ অসমীয়া ফ'ন্ট আৰু ৱিকিপিডিয়াৰ বিষয়ে। আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ অধ্যাপক ড॰ দিলীপ কুমাৰ দত্তই ‘ডিবৰু’, ‘বেঁকী’ আৰু ‘কপিলী’ নামৰ তিনিটা ফ'ণ্ট নিৰ্মাণ কৰিছিল৷ এই ফ'ণ্টকেইটাই আছিল অসমীয়া ভাষাৰ প্ৰথম ফ'ন্ট৷

তাৰ পাছতে আমেৰিকাত ২০০১ চনত ৱিকিপিডিয়া জন্ম হোৱাৰ ঠিক এবছৰ পাছতেই, অৰ্থাৎ ২০০২ চনত অসমীয়া ৱিকিপিডিয়াৰ আৰম্ভ হয়৷ কিন্তু ২০০৪ চনত আৰম্ভ হোৱা বাংলা ৱিকিপিডিয়া আজি বহুখিনি আগুৱাই গ’ল অথচ বৰ্তমানলৈ অসমীয়া ৱিকিপিডিয়াত মাত্ৰ ৯৭৮১টা। ২০০৭ চনত অসমীয়া ৱিকিপিডিয়াৰ প্ৰৱন্ধৰ সংখ্যা আছিল ১০০টা আৰু ২০১০ চনত প্ৰৱন্ধৰ সংখ্যা ২৫০টা হয়৷ ২০১২ চনত প্ৰৱন্ধৰ সংখ্যা ১০০০টা হয় আৰু তাৰ পিছত ক্ৰমান্বয়ে প্ৰৱন্ধৰ সংখ্যা আৰু প্ৰৱন্ধ লিখা সদস্যৰ সংখা বাঢ়িবলৈ ধৰে৷

যি সময়ত কিণ্ডেল, ডলফিন আদি এপত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাইছে, সেই সময়ত এই এপসমূহত অসমীয়া ভাষাৰ কিতাপৰ সংখ্যা নাই বুলি ক’লে হয়তো ভুল নহ’ব। বৰ্তমান অসমীয়া ৱিকিপিডিয়াত লিখা-মেলা কৰা সক্ৰিয় সদস্যৰ সংখ্যা তাকৰ। কিন্তু জানি আচৰিত হ’ব অসমীয়া ৱিকিপেডিয়া ৰেজিষ্টাৰত ইউজাৰৰ সংখ্যা ৩১,৫৪৫ জন। অৰ্থাৎ, ৱিকিপিডিয়াত সদস্যৰ সংখ্যাতকৈ লেখাৰ সংখ্যা বহু বেছি ক’ম।

ইয়াৰ কাৰণসমূহ জুকিয়াই চালে দেখিবলৈ পাওঁ যে,

১. বহুতেই অসমীয়া ভাষাত ণলেপটপ বা ম’বাইলত লিখিবলৈ নাজানে৷ ফেচবুকতে লক্ষ্য কৰিলে দেখা যায়– ইংৰাজী লিপি ব্যৱহাৰ কৰি অসমীয়া লিখা মানুহৰ সংখ্যাহে সৰহ৷ বৰ্তমানেও ডিজিটেল মাধ্যমত এখন ভাল অসমীয়া অভিধানৰ অভাৱ।

গুগলত অসমীয়া শব্দৰ অৰ্থ বিচাৰিলেই দেখা পোৱা যায় যে অসমীয়া অৰ্থৰ ঠাইত বাংলা ভাষাত সেই শব্দটোৰ লিখিত তথ্যহে সহজে উপলদ্ধ। 

২. অসমত বহুতো ই-আলোচনী প্ৰকাশৰ উদ্যোগ লোৱা হয় যদিও বেছিভাগেই দুই-এবছৰ চলি বন্ধ হৈ যায়।

৩. আজি পৰ্য্যন্ত অসমৰ বিশ্ববিদ্যালয় বা গৱেষণা প্ৰতিষ্ঠান বা সেই ধৰণৰ অন্যান্য অনুষ্ঠানসমূহে ভাষাটো বা সাহিত্য-সংস্কৃতিৰ বিকাশৰ বাবে ডিজিটেল মাধ্যমত গুৰুত্ব পাবলগীয়াকৈ বিশেষ প্ৰকল্প লোৱা দেখা পোৱা নাযায়৷

৪. আজিও উচ্চ শিক্ষাৰ বাবে তথ্য বিচাৰিব পৰা অসমীয়া ভাষাত এটা ভাল ইউটিউব চেনেল নাই৷ শিশু এটাই অসমীয়া ভাষাত ইউটিউবত শিশু উপযোগী বিষয়বস্তুসমূহ চাব পৰাকৈ এতিয়াও ভাল ইউটিউব চেনেল নাই৷

শিশুৱে সেয়েহে এতিয়া হিন্দী আৰু ইংৰাজীত ইউটিউব চাই চাই কথা কওঁতে এটা বাক্যত তিনিটামান হিন্দী শব্দ ব্যৱহাৰ কৰে৷ যদিওবা দুই-একে এই ক্ষেত্ৰত কাম-কাজ আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়া খৰটকীয়া হোৱাটো এতিয়া সময়ৰ দাবী।

৫. জাতীয় জীৱনৰ আন মহীৰূহসকলৰ কথা বাদেই দিলোঁ, আজিলৈ আমি মহাপুৰুষ শংকৰদেৱৰ সাহিত্যৰাজিক এটা এপৰ জৰিয়তে ম'বাইলত উপলব্ধ কৰাব পৰাই নাই৷ এই ক্ষেত্ৰতো অন্যান্য ভাষাৰ ডিজিটেল উপস্থিতি আৰু প্ৰয়াসসমূহৰ পৰা আমাৰ শিকিবলগীয়া কথা অজস্ৰ আছে।

যোৱা দুটা বছৰত মহামাৰীয়ে আমাৰ যি ক্ষতি কৰিলে -- সেইয়া আমি সকলোৱে জানো। কিন্তু এই সময়খিনিয়ে বৰ্তমান সময়ত যে নৱ্য মাধ্যমত সকলো সম্ভৱ সেইয়াও বুজাই গ'ল। ছ’ছিয়েল মেডিয়াকেই বহুতে সাহিত্যচৰ্চাৰ বাবে মূল মঞ্চ হিচাপে বাচি ল'লে ,আলোচনা হ’বলৈ আৰম্ভ হ'ল সাহিত্য-সংস্কৃতিৰ লগত জড়িত বহু কথা।

অসম সাহিত্য সভাইও অসমীয়া ভাষা-সাহিত্যক ডিজিটেল কৰাৰ আশাপ্ৰদ পদক্ষেপ গ্ৰহণ কৰা দেখা গ'ল। কিছু পলম হ’লেও লকডাউনৰ সময়ছোৱাত সাহিত্য সভাৰ সভাপতি কুল শইকীয়া ছাৰৰ প্ৰচেষ্টাত অনলাইনত ৱিকিপিডিয়া কৰ্মশালা, অসমীয়া বানানৰ কৰ্মশালা,ৰেডিঅ’ত সাধু পাঠ, কবিতা আবৃত্তিৰ অনুষ্ঠানৰ পৰা আদি কৰি অসমীয়া সাহিত্যক ই-বুকৰ ৰূপ ডিজিটেল মাধ্যমলৈ নিয়া প্ৰক্ৰিয়াও আৰম্ভ হ'ল।

ই আমাৰ বাবে যোগাত্মক বাৰ্তা। শেষত মই নৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে আজি অসম সাহিত্য সভাৰ মজিয়ালৈ কেইটামান প্ৰস্তাৱ আগবঢ়াব বিচাৰিছোঁ:

১) অসম সাহিত্য সভাই এটি নিজাববীয়া ৱেবছাইটত আৰু ইউটিউব চেনেল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই কাম ক্ষিপ্ৰতৰ হওক, শীঘ্ৰেই বাস্তৱায়িত হওক।

২) ৱিকিপিডিয়া, গুগল ট্ৰেন্সলেটৰৰ লগতে ৱিকিউৎস,ৱিকি কমেন্স, ব্লগ ইত্যাদিতো সমল বৃদ্ধিৰ বাবে নৱ প্ৰজন্মক সাঙুৰি সাহিত্য সভাই এক পৰিকল্পিত প্ৰকল্প হাতত লওক।

৩) অন্য ভাষাৰ সাহিত্য অসমীয়া ভাষালৈ আৰু অসমীয়া ভাষাৰ সাহিত্য অন্য ভাষালৈ অনুবাদ কৰাৰ বাবে প্ৰকল্প হাতত লওক।

৪) কমিক্স, ছিৰিজ আকাৰত ডিজিটেল মাধ্যমত অসমীয়া সাধু, কাহিনী আদি প্ৰকাশ কৰি উলিওৱাৰ কাম হাতত লওক।

৫) শেষত অসমৰ প্ৰত্যেকখন মহাবিদ্যালয়ৰ পৰা আদি কৰি বিদ্যালয়সমূহতো একোখন ই-আলোচনী প্ৰকাশ কৰা, গুগল ট্ৰেন্সলেটৰৰ ব্যৱহাৰ আদিৰ কাৰণে উদ্যোগ গ্ৰহণ কৰক।

আজি অসমীয়া হোৱাৰ যি স্বাভিমান, সেই স্বাভিমানৰ, সেই গৌৰৱৰ শিপা আমাৰ ভাষা, সাহিত্য আৰু সংস্কৃতিত। মহাপুৰুষ দুজনাৰ অনবদ্য অৱদান, ৰূপকোঁৱৰৰ অভিনৱ সৃষ্টি কৰ্ম, কলাগুৰুৰ বিপ্লৱী চিন্তা আৰু কৰ্ম, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত-মাতত আমাৰ স্বাভিমান।

শিপীনিৰ তাঁতৰ  শাল, ঢোলৰ চেওকেইটাত আমাৰ স্বাভিমান। কিন্তু আমাৰ স্বাভিমান তেতিয়াহে আৱেগৰ সমানে সমানে যুক্তিত প্ৰতিষ্ঠিত হ'ব যেতিয়া আমদানিকৃত হেল’ৱিন উৎসৱ পতা অসমীয়া নতুন ডেকা-ডেকেৰীয়ে অসমৰ কাতি বিহুৰ চাকিগছিক লৈ গৌৰৱ অনুভৱ কৰিব।

দান্দিয়া নৃত্য শিকাৰ আগতে ঢোলৰ মাৰিডালত লুকাই থকা স্বাভিমানক অনুভৱ কৰিব। যেতিয়া চেতন ভগতৰ উপন্যাস এখন চৰ্চা কৰাৰ সমান্তৰালকৈ উঠি অহা প্ৰজন্মই অসমীয়া উপন্যাস এখনৰ কথা আড্ডাত আলোচনা কৰিব, তেতিয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব।

যেতিয়া বিচাৰিলেই গুগল, ৱিকিপিডিয়াত অসমীয়া লিপিত সহজতে উপলব্ধ হ’ব অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সমস্ত তথ্য -- তেতিয়া সুৰক্ষিত হ'ব জাতিৰ অস্তিত্ব। সেই দিনটিলৈ আমি সকলোৱেই আশাৰে বাট চাম, সেই দিনটোৰ সপোন বুকুত বান্ধি জাতীয় জীৱনক সমৃদ্ধ কৰাৰ বাবে আমি কাম কৰি যাম।।

(অসম সাহিত্য সভাই আয়োজন কৰা 'স্বদেশ স্বাভিমান' শীৰ্ষক আলোচনাৰ অংশ)