আগ দুপৰতে হেৰাই যোৱা সূৰ্য্য


Image Description

ভাষা আন্দোলনৰ দ্বিতীয় শ্বহীদ সূৰ্য্য বৰা। ১৯৬০ চনৰ ৮ জুলাইৰ দিনা কলিকতাৰ পৰা অসমলৈ আহি থকা অৱস্থাত শিলিগুৰি জংসনত বিনা অপৰাধে কোনো অসমীয়া ভাষা বিৰোধী দুৰ্বৃত্তই নিষ্ঠুৰভাবে তেওঁক হত্যা কৰে।

আধুনিকতা, বিশ্বায়ন আৰু বজাৰ অৰ্থনীতিৰ ধামখুমিয়াৰ মাজতো একোটা ক্ষুদ্ৰ জাতিৰ আত্ম পৰিচয়ৰে জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা প্ৰথম আৰু প্ৰধান সমল হৈছে জাতিটোৰ ভাষা আৰু সংস্কৃতি৷ এসময়ত নিজস্ব কিছু অমনোযোগিতাৰ ফলত বিলুপ্তিৰ উপকণ্ঠত থিয় হোৱা জাতি একোটাইওতো আজিৰ পৃথিৱীত আত্মপৰিচয় ঘূৰাই পোৱাৰ তাড়নাত সংগ্ৰাম কৰিবলৈ ওলাই আহিছে৷ আমাৰ এই প্ৰান্তত যিদৰে ত্ৰিপুৰীসকলে কক্‌বক্‌কৰ্‌ ভাৱে সংগ্ৰাম কৰি আংশিকভাৱে সফলতা লাভ কৰিছে, থিক সেইদৰে আধুনিক সাৰ্বজনীন নিউইয়ৰ্কৰ ৰাজপথতো নিজস্ব গীত-মাত, ভাষা-সংস্কৃতিৰ প্ৰদৰ্শনৰে ক্ষীণ স্বৰত হ’লেও ওলাই আহিছে কলম্বাছে বিচাৰি পোৱা দিনৰ আমেৰিকাৰ ভুমিপুত্ৰসকল৷ যদিও সেই পৰিস্থিতি হোৱা নাই, নিৰ্লিপ্তি আৰু অৱহেলাই অদূৰ ভৱিষ্যতে যে আমাৰ জাতিটোকো তেনে নকৰিব সেয়া কোৱা টান৷ বিশেষকৈ আইৰ মুখৰ মাতষাৰ জীয়াই ৰাখিবলৈ অসমীয়া জাতিয়ে স্বাধীনতাৰ পূৰ্বৰে পৰা পাৰ কৰি আহিব লগা হৈছে বহু সংঘাত ৷ সেই ষড়যন্ত্ৰ ওফৰাবলৈ গৈ হেৰুৱাব লগা হৈছে বহু জীৱন৷ ৰঞ্জিত বৰপূজাৰী, অনিল বৰা, মোজামিল হক৷

ভাষা আন্দোলনৰ সময়চোৱাত অকালতে হেৰাই যোৱা এক জীৱন হৈছে সূৰ্য বৰা৷ স্বাধীনতা আন্দোলনৰ উক্‌মুকনি ফুলগুৰিৰ ঢেৱাৰ পৰা অসম আন্দোলনলৈকে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তেতিয়াৰ অবিভক্ত নগাঁও জিলাই ৷ এতিয়া মৰিগাঁও জিলাৰ অন্তৰ্গত সেই নগাঁৱৰেই জাগীত ১৯২৬ চনত জন্ম হৈছিল সূৰ্য বৰাৰ৷ পিতৃ ভূৱন চন্দ্ৰ বৰা আৰু মাতৃ মনোৰমা বৰা৷ ভাৰতীয় ৰেলৰ কাৰ্যালয় সহায়ক হিচাবে ১৯৪৬ চনত মালিগাঁও ৰেলৱে কাৰ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰিছিল সূৰ্য বৰাই ৷

কবি, গীতিকাৰ আৰু অভিনেতা হিচাবেও জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ তেওঁ ৰচনা কৰা দুখন কবিতা পুথি হৈছে সুৰ সন্ধানী আৰু জিৰণি৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ তেওঁ স্বীকৃত গীতিকাৰ আছিল৷ অভিনেতা হিচাবে তেওঁৰ প্ৰতিভা প্ৰকাশ পাইছিল বিশেষকৈ লাচিত বৰফুকন আৰু নিমিলা অংকত ৷

এইগৰাকী প্ৰতিভাৱান অসম সন্তানক আমি হেৰুৱাব লগা হৈছিল ১৯৬০ চনৰ ভাষা আন্দোলনৰ মাজত কলিকতাৰ পৰা ঘূৰি অহাৰ পথত তেওঁ শ্বহীদ হয় ৷

আজিৰ প্ৰজন্মই সূৰ্য বৰাক প্ৰায় পাহৰি যোৱা যেন লাগে৷ বিশ্বনাথ চাৰিআলিৰ সূৰ্য বৰা নাট সমাৰোহ আদি দুই এক অনুস্থানৰ বাহিৰে তেওঁৰ স্মৃতি প্ৰায় পাহৰণিৰ গৰাহত৷ কিন্তু সূৰ্য বৰাক মনত ৰখাতো আমাৰ জাতীয় দায়িত্ব৷ যাৰ স্মৃতিৰ সৈতে জড়িত হৈ আছে আমাৰ ভাষাৰ সংকট৷ বিশেষকৈ আজিৰ পৰিস্থিতিত৷ নাগৰিকত্ব সংশোধনী আইন (CAA) ৰ জৰিয়তে এই সংকট অধিক ঘনীভূত কৰি তুলিছে বৰ্তমানৰ চৰকাৰখনে৷ এই অসংবিধানিক ব্যৱস্থাৰ দ্বাৰা জাতিটোক ধ্বংস কৰাৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিবলৈ অসমৰ ৰাইজক উদ্বুদ্ধ কৰা এক ইতিহাস হৈছে ১৯৬০ চনৰ ভাষা আন্দোলন৷ এই ভাষা আন্দোলনৰ সৈতে জড়িত হৈ আছে সূৰ্য বৰাৰ স্মৃতি৷ সূূৰ্য বৰা অসমবাসীৰ বাবে শ্ৰদ্ধাৰ পাত্ৰ৷