সাহিত্য অকাডেমি বঁটাবিজয়ী সুলেখিকা তোষপ্ৰভা কলিতাৰ মহাপ্ৰয়াণ
- নিজা প্ৰতিবেদক
- /
- October 03, 2021

বিশিষ্ট মানৱতাবাদী আৰু প্ৰগতিশীল লেখিকা, শিশু সাহিত্য ৰচনাৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে ২০১৩ চনত সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত সুলেখিকা তোষপ্ৰভা কলিতাৰ ১ অক্ট'বৰৰ আবেলি প্ৰায় ৫ বজাত গুৱাহাটীৰ দক্ষিণ শৰণীয়া অঞ্চলৰ নিজ বাসগৃহত দেহাৱসান হয়। মৃত্যুৰ সময়ত বিশিষ্ট লেখিকা গৰাকীৰ বয়স হৈছিল ৮৩ বছৰ।
বৈজ্ঞানিক মানসিকতাৰ জীৱন দৰ্শন সাবটি লোৱা মানৱতাবাদী আৰু মহীয়সী লেখিকাগৰাকীয়ে পূৰ্বতে মস্তিষ্কৰ পক্ষাঘাতত দুবাৰকৈ আক্ৰান্ত হৈ দীৰ্ঘদিন অসুস্থতাত ভুগি আছিল। মৃত্যুৰ সময়ত তেখেতে দুগৰাকী কন্যা, দুজন পুত্ৰ, নাতি-নাতিনী আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।
অসমৰ সাহিত্য জগতত তোষপ্ৰভা কলিতাৰ বিয়োগে সৃষ্টি কৰা শূন্যতা কেতিয়াও পূৰণ নহ'ব। বিশেষকৈ শিশু সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেখেতৰ বৰঙণিয়ে অসমৰ সাহিত্য জগতখনক সদায় চহকী কৰি ৰাখিব।
ইলোৰা বিজ্ঞান মঞ্চই তোষপ্ৰভা কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকস্তব্ধ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে ।
তোষপ্ৰভা কলিতা ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে ইয়াৰ প্ৰতিষ্ঠা কালৰে পৰাই জড়িত আছিল আৰু মঞ্চৰ অন্ধবিশ্বাসবিৰোধী প্ৰতিটো কামৰ লগত নিবিড়ভাৱে জড়িত আছিল। প্ৰয়াত তোষপ্ৰভা কলিতাই আনকি তেখেতৰ সাহিত্যিক পেঞ্চনৰ সঞ্চিত ধনৰাশিৰ সিংহভাগ (মুঠ তিনি লাখ টকা) ইলোৰা বিজ্ঞান মঞ্চৰ পুঁজিলৈ দান কৰি যায়। তেখেতে মানৱ কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষতাৰ বাবে মৰণোত্তৰ নেত্ৰদান আৰু দেহদানৰ ইচ্ছাপত্ৰতো স্বাক্ষৰ কৰি ৰাখিছিল। ইতিমধ্যে নেত্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সতে দেহদান প্ৰক্ৰিয়াও সম্পন্ন কৰা হৈছে।