উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৩
অসমীয়া জাতীয়তাবাদৰ উকমুকনি


Image Description

[২২ আগষ্ট সংখ্যাৰ পিছৰ পৰা]

৭ জুন [১৯৭২]ত বিশ্ববিদ্যালয় চৌহদ তোলপাৰ৷ ৬ জুনৰ একাডেমিক কাউন্সিলৰ হঠকাৰী সিদ্ধান্ত আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ ৰাতিৰ উদ্দাম প্ৰতিবাদৰ কথা সমগ্ৰ গুৱাহাটীত বিয়পি গৈছিল৷ ‘দৈনিক অসম’ত সকলো কথাই প্ৰকাশ পাইছিল৷ পুৱা দহ বজাৰ আগতেই স্নাতকোত্তৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰী ওলাই আহি বিশ্ববিদ্যালয়ৰ সকলো কাৰ্য্যালয়ৰ সমুখত গোট খাইছিল৷ চৌহদৰ মাজেৰে এয়াৰপ’ৰ্টলৈ যোৱা ৰাস্তাটো সমবেত ছাত্ৰ-ছাত্ৰীয়ে বন্ধ কৰি পেলাইছিল৷ ১১ মান বজাৰ পৰা গুৱাহাটীৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী চৌহদলৈ আহিব ধৰিছিল৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থা, দুয়োটাই তেতিয়া শক্তিশালী সংগঠন৷ দুয়োটাৰে বিষয়ববীয়াসকল আৰু বহু নাগৰিকো চৌহদ পাইছিলহি৷ দিনটো আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত বহি আগদিনাৰ একাডেমিক কাউন্সিলৰ সিদ্ধান্তৰ বিষয়ে ক’বলগা হৈছিল আৰু এই সিদ্ধান্ত কাৰ্য্যকৰী হ’লে অসম আৰু অসমীয়াৰ অস্তিত্ব কেনেদৰে বিপন্ন হৈ পৰিব, সেই বিষয়ে বিভিন্নজনৰ বক্তব্য শুনিছিলোঁ৷ সকলো ছাত্ৰ-ছাত্ৰী আৰু গোটখোৱা অন্যান্য ৰাইজে সেইদিনা বিশ্ববিদ্যালয়ৰ প্ৰধান প্ৰশাসনিক ভৱন আৰু তাৰ লগতে থকা উপাচাৰ্য্যৰ কাৰ্য্যালয় ঘেৰি ধৰিছিল৷ স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ আৰু কিছু গুৱাহাটীয়া ৰাইজ৷ উপাচাৰ্য্য ৰাজখোৱা ছাৰ বিমোৰ৷ শ্ৰেণীসমূহৰ সচিব দণ্ডেশ্বৰ গগৈ ছাৰ আৰু ক্ৰীড়া সঞ্চালক সুৰেন দাস ছাৰ সকলোৰে মাজত ব্যস্ত আৰু উদগ্ৰীৱ– কোনো ধৰণৰ অশান্তি যাতে নহয়৷ দিনটোৰ শেষৰ ফালে চাৰিমান বজাত উপাচাৰ্য্যই ঘোষণা কৰিলে যে ১২ জুন [১৯৭২] তাৰিখে একাডেমিক কাউন্সিলৰ বৈঠক আহ্বান কৰা হ’ব– শিক্ষাৰ মাধ্যম সম্পৰ্কীয় সিদ্ধান্তৰ পুনৰ বিবেচনাৰ বাবে৷ লগতে কেইদিনমানৰ পিছতে আৰম্ভ হ’বলগীয়া স্নাতকোত্তৰ পৰীক্ষাসমূহ স্থগিত কৰাৰ কথাও ঘোষণা কৰিলে৷

এই সাময়িক বিজয়ৰ পিছত আবেলিলৈ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহকৰ বৈঠক পুনৰ বহিল৷ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে অসহযোগ চলি থাকিব একাডেমিক কাউন্সিলৰ সিদ্ধান্ত প্ৰত্যাহাৰ নোহোৱালৈকে৷ মাধ্যম সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু সকলোবোৰ সিদ্ধান্ত সামৰি আৰু বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ পূৰ্বৰ সিদ্ধান্তসমূহ জুকিয়াই চাই এখন স্মাৰকপত্ৰ প্ৰস্তুতকৰি ১২ জুনৰ পুৱা সভা আৰম্ভ হোৱাৰ আগতে একাডেমিক কাউন্সিলৰ প্ৰতিগৰাকী সদস্যৰ হাতত তুলি দিবলৈও স্নাতকোত্তৰ ছাত্ৰসন্থাই প্ৰস্তাৱ গ্ৰহণ কৰিলে৷ স্মাৰকপত্ৰ তথ্যভিত্তিক হ’ব লাগিব অৰ্থাৎ এইখন প্ৰস্তুত কৰোতে বিজ্ঞজনৰ পৰামৰ্শ ল’ব লাগিব৷ অসমীয়া জাতীয়তাবাদী চিন্তাৰে বিজড়িত লোকৰ সন্ধানত আমি ওলালোঁ৷ আচৰিত কথাটো আছিল, সেই সময়ত এনেকুৱা বুদ্ধিজীৱি পাবলৈকে বৰ টান আছিল৷

বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰতিস্থিত জ্যেষ্ঠ শিক্ষকসকল যাক সাধাৰণভাৱে বুদ্ধিজীৱিৰ শাৰীত ধৰা হয়– তেওঁলোকৰ সৰহসংখ্যকৰে বামপন্থী ভাৱধাৰাৰ আছিল, সেইটো তেতিয়া একৰকম ‘ফেশ্বন’ আছিল৷ আন একসংখ্যক বুদ্ধিজীৱি আছিল শাসকীয় কংগ্ৰেছ দলৰ লগত। ডাঙৰ সমস্যাত পৰিলোঁ৷ স্মাৰকপত্ৰখন প্ৰস্তুত কৰোঁতে তথ্যপাতিৰে আমাক সহায়ৰ প্ৰয়োজন৷ কোনে আমাক সহায় কৰিব? মাৰ্ক্সবাদী সংগঠনৰ প্ৰভাৱৰ পৰা স্নাতকোত্তৰ ছাত্ৰ সন্থা মুক্ত হৈছে৷ কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা, কৰ্মচাৰী সন্থা আটাইবোৰ বামপন্থী চিন্তাধাৰাৰ লোক অথবা পোনপটীয়াকৈ বামপন্থী দলৰ সৈতে জড়িত লোকৰ দ্বাৰা নিয়ন্ত্ৰিত৷ শ্ৰদ্ধেয় দেৱপ্ৰসাদ বৰুৱা ছাৰ তেতিয়া এগৰাকী বামপন্থী বুদ্ধিজীৱি আৰু তেখেতৰ নিয়ন্ত্ৰণত শিক্ষক সন্থা আৰু কৰ্মচাৰী সন্থা দুয়োটা সংগঠন৷ তেতিয়াৰ বিশ্ববিদ্যালয়ৰ প্ৰভাৱশালী শিক্ষক শ্ৰদ্ধেয় হীৰেণ গোঁহাই ছাৰ, চন্দ্ৰমোহন শৰ্মা ছাৰ, ইন্দুমোহন দাস ছাৰ, পূৰ্ণ শৰ্মা ছাৰ, ফণী গগৈ ছাৰ আৰু বহুতো শিক্ষক বামপন্থী শিবিৰৰ ঘনিষ্ঠ বুলি জনাজাত৷ তাৰ মাজতো আমি জাতীয়তাবাদী লোকৰ সন্ধান কৰিলোঁ– যি আমাক সহায় কৰিব পাৰে৷ সময় বৰ কম৷ ৭ জুনৰ সন্ধিয়া আমি বিশ্ববিদ্যালয়ৰ দুগৰাকী নিভাঁজ জাতীয়তাবাদী শিক্ষকৰ বিষয়ে জানিব পাৰিলোঁ– শিক্ষক সন্থাৰ সভাতো তেওঁলোকে বামপন্থী সৰ্বভাৰতীয়তাবাদৰ বিৰোধিতা কৰি আহিছিল৷ এগৰাকী পদাৰ্থবিজ্ঞানৰ শ্ৰদ্ধেয় আনন্দ কুমাৰ বৰবৰা [ছাৰৰ ঘৰ গোলাঘাটত] আৰু আনগৰাকী গণিতৰ শ্ৰদ্ধেয় উপেন্দ্ৰ নাথ দাস [ছাৰৰ ঘৰ বৰপেটাত]।

৭ জুনৰ সন্ধিয়াই প্ৰথম উপেন দাস ছাৰৰ ঘৰ পালোগৈ৷ ছাৰক লগ পোৱাৰ সেই দৃশ্য এতিয়াও মনত আছে৷ সুন্দৰবড়ীৰ ফালে ইঞ্জিনিয়াৰিং কলেজলৈ যোৱা ৰাস্তাৰ দাঁতিৰ হাফ কোৱাৰ্টাৰ [এটা কোৱাৰ্টাৰ দুভাগ কৰি দুজনক থাকিবলৈ দিয়া হৈছিল]ত উপস্থিত হ’লোগৈ৷ চাৰে তেতিয়াও বিয়া কৰোৱা নাছিল, অকলে থাকে৷ সমুখৰ দুৱাৰ খোলা৷ আমি মাতিলত ছাৰে ক’লে– 'ভিতৰলৈ সোমাই আহাঁ৷' কোঠাৰ ভিতৰলৈ সোমাই দেখো প্ৰায় সমগ্ৰ কোঠাটো এখন আঠুৱাৰ ভিতৰত– তাৰ ভিতৰতে ছাৰৰ বিচনা, পঢ়া মেজ-চকী, আন দুখনমান হেণ্ডেল নোহোৱা কাঠৰ চকী আৰু ছাৰৰ কিতাপ-পত্ৰ৷ আমাক ছাৰে ভিতৰলৈ মাতি আছে কিন্তু ছাৰক দেখা নাই ক’ত আছে৷ পিছত ক’লে, ‘আঠুৱাখন দাঙি ভিতৰ সোমাই আহাঁ ।' মহৰ বাবে আঠুৱাৰ ভিতৰতে ছাৰৰ শোৱনি কোঠা, বহা-কোঠা, পঢ়া-কোঠা, সকলোবোৰ৷ কঁকালত এখন দীঘল গামোছা পিন্ধি খড়া হাতৰ বনিয়ন এটাৰে সৈতে চাৰক দেখি আমাৰ মাজৰেই এজন যেন লাগিল৷ বহুত দেৰি কথা পাতিলো– ক’লে,‘ৰাতিপুৱা আহিবা, মই আনন্দ বৰবৰাৰ তাত লৈ যাম৷'

পিছদিনা পুৱাৰ পৰা আমাৰ স্মাৰকপত্ৰ পৰিক্ৰমা আৰম্ভ হ’ল৷ বৰবৰা ছাৰে গোটেই পৰিক্ৰমাটোত আমাক বৰ সহায় কৰিলে৷ ছাৰ প্ৰতি কথাতে অতিশয় চিৰিয়াছ– যুক্তিসহকাৰে কথাবোৰ কয়, উগ্ৰ জাতীয়তাবাদী৷ খোলাখুলিকৈ কয়– ‘কংগ্ৰেছ, ছিপিএম কোনেও অসমীয়াক বচাব নোৱাৰে [তেতিয়া বিজেপিৰ অস্তিত্বই নাছিল], অসমীয়াই নিজে নিজক বচাব লাগিব৷’ বৰবৰা ছাৰৰ এখন পুৰণা ফিয়েট গাড়ী আছিল– সেইকেইদিন ছাৰৰ গাড়ীত আমি স্মাৰকপত্ৰৰ বাবে তথ্য বিচাৰি বিভিন্নজনৰ ওচৰলৈ গৈছিলোঁ৷ উপেন দাস ছাৰ আমাৰ লগত আছিল৷ গাড়ী-মটৰ দৌৰাব পৰা সামৰ্থ ছাত্ৰ সন্থাৰ নাছিল, এক পইছাও খৰচ নকৰাকৈ বৰবৰা ছাৰৰ গাড়ীত আমি ঘূৰিছিলোঁ৷ বৰবৰা ছাৰে কৈছিল– ‘তোমালোকক কেইগৰাকীমান নিভাঁজ অসমীয়া জাতীয়তাবাদীৰ ওচৰলৈ লৈ যাম স্মাৰকপত্ৰৰ বাবে৷’

৮ জুন [১৯৭২]ৰ আবেলিতে দুয়োজন ছাৰে আমাক লৈ গ’ল ইঞ্জিনিয়াৰিং কলেজ চৌহদতে থকা তাৰে পদাৰ্থবিজ্ঞানৰ অধ্যাপক সুৰেন্দ্ৰ নাথ মেধি ছাৰৰ ঘৰলৈ৷ বহুত দেৰিকৈহে গম পাইছিলোঁ তেখেত অসমীয়া সাহিত্যৰ প্ৰথিতযশা গল্পকাৰসকলৰ এক প্ৰধান কাণ্ডাৰী৷ সৌৰভ কুমাৰ চলিহা– যাৰ কলমৰ পৰা নিগৰিত হৈছিল ‘গোলাম’ৰ দৰে কথাসাহিত্য ৷ মেধি ছাৰ অতিশয় সহজ-সৰল পিন্ধনত ক’লা লংপেণ্ট আৰু বগা কামিজ, লণ্ডনৰ পৰা ডক্টৰেট লৈ জাৰ্মানীত চাকৰি কৰি থকা ছাৰে অসমৰ মোহ এৰিব নোৱাৰি গুচি আহিছিল ইঞ্জিনিয়াৰিং কলেজলৈ৷ কথা কম কয়, কিন্তু যিকেইটা কয়– একেবাৰে শিলৰ ৰেখাসদৃশ৷ শিক্ষাৰ মাধ্যম সম্পৰ্কত কিয় আমি আপোচ কৰিব নোৱাৰো তাৰ বাবে তেখেতে অকাট্য যুক্তি দাঙি ধৰিলে৷ স্মাৰকপত্ৰত কি কি থাকিব লাগে তাৰ ওপৰত বহুত আলোচনা হ’ল– মই টোকা লিখিলোঁ৷

পিছদিনা [৯ জুন ১৯৭২] ৰাতিপুৱা বৰবৰা ছাৰৰ গাড়ীতে উপেন দাস ছাৰ আৰু সুৰেণ মেধি ছাৰৰ সৈতে আমি ‘দৈনিক অসম’ৰ সম্পাদক শ্ৰদ্ধেয় কীৰ্তিনাথ হাজৰিকাৰ ঘৰ পালোঁগৈ৷ তেখেতেও বেছি কথা নকয়, শুধ বগা ধুতি-কামিজেৰে তেখেতৰ মেজত বহি আমাৰ কথা শুনিলে আৰু দুই-এটা কথা ক’লে৷ এটা কথাতে তেখেতে গুৰুত্ব দিলে আৰু ক’লে যে মাধ্যম সম্পৰ্কীয় কথাবোৰ ১৯৬০ৰ ভাষা-আন্দোলনৰ দৰে যাতে অসমীয়া-বঙালীৰ কাজিয়ালৈ ৰূপান্তৰিত নহয় তাৰ বাবে আমি সৰ্বাধিক গুৰুত্ব দিব লাগে৷ তেখেতে আমাক ক’লে যে যি যি তথ্য স্মাৰকপত্ৰৰ বাবে লাগে সেইবোৰ আমি হয়তো অধ্যাপক অজিত কুমাৰ শৰ্মাৰ পৰা পাব পাৰোঁ, কিয়নো তেওঁ সকলো তথ্যপাতি সযতনে সংৰক্ষণ কৰে৷

আমি অজিত কুমাৰ শৰ্মাৰ ঘৰলৈ ৰাওনা হ’লো৷ তেখেতৰ বিষয়ে সামান্য জ্ঞান আছিল৷ শিৱসাগৰৰ এগৰাকী প্ৰখ্যাত অসমীয়া ‘কংগ্ৰেছৰ কাঁচিয়লী ৰ’দ’ৰ [স্বাধীনতা আন্দোলনত অসমৰ অৱদানৰ এক যথোপযুক্ত দলিল] স্ৰষ্টা বেণুধৰ শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ অজিত কুমাৰ শৰ্মা তেতিয়া এগৰাকী সমাজবাদী হিচাবে প্ৰতিষ্ঠিত৷ সন্দিকৈ ছোৱালী কলেজৰ অধ্যাপক শৰ্মাই কলেজৰ পৰা ছুটী লৈ ১৯৬২ চনত ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰি লোকসভাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল৷ পিছত যেতিয়া পুনৰ কলেজত যোগ দিবলৈ আহিল তেতিয়া তেওঁক যোগ দিবলৈ নিদি চাকৰিৰ পৰা বৰ্খাস্ত কৰে অসম চৰকাৰে [সন্দিকৈ কলেজ তেতিয়া চৰকাৰী সাহায্যপ্ৰাপ্ত কলেজ আছিল]৷ আদালতৰ শৰণাপন্ন হৈ অজিত শৰ্মা ছাৰে উচ্চতম ন্যায়ালয়ত জয়লাভ কৰিছিল আৰু চাকৰি পুনৰ ঘূৰাই পাইছিল৷ এইবোৰ কথা কিছু শুনিছিলোঁ৷ আমি যেতিয়া তেখেতক স্মাৰকপত্ৰৰ বাবে তথ্য বিচাৰি লগ কৰিলোঁ তেখেতৰ ওচৰত সকলো তথ্যই মজুত থকা দেখি বৰ সকাহ পালোঁ৷

[আগলৈ]