ভালপাওঁ অসমক
- বীৰেণ সিংহ
- /
- April 24, 2022

মোৰ জন্মৰ বহু কাল
আগৰ পৰা মোৰ আত্মাই
সপোনত এখন ঠাই
বিচাৰি আছিল
সেই ঠাইখন অসম
যাৰ কোলাত মই
জনম লভিলোঁ
যাৰ ধূলি-বালি
মাটি-পানী
ৰ'দ- বৰষুণ
আকাশ -বতাহ
গছ-গছনি
পাহাৰ-পৰ্বত
সেউজীয়াক হৃদয়-আত্মাই
আপোন বুলি জানিছে
এই অদৃশ্য অনুভব
জন্মৰ পৰাই কঢ়িয়াই
লৈ ফুৰিছোঁ
সুখতো দুখতো
আনন্দতো
বেদনাতো
অসমৰ এই ভূমি
মোৰ প্ৰেৰণাৰ দলিল
এই ভূমিয়ে মোক
স্পৰ্শকাতৰ কৰে
সংকীৰ্ণ মুক্ত কৰে
অনুপ্ৰেৰণা যোগায়
সেয়ে মই অসমখনক ভালপাওঁ
ভালপাওঁ আমাৰ
চাৰিওকাষৰ ভিন্ন
জীৱনৰ বহুৰঙী
জীৱন পদ্ধতি
যাৰ অনুগত্য আৰু
পবিত্ৰতাই জীৱনক
আস্থা প্ৰদান কৰে
যাৰ সুবাসে মোৰ
পৃথিৱীখনকে
সলনি কৰি দিছে
পুৱাৰ পৰা নিশালৈ
ব্যস্ত হৈ পৰোঁ
ব্যস্ত হয় মোৰ
দহোটা আঙুলি
জীৱনৰ এন্ধাৰ আৰু
নিসঙ্গতাৰ মাজত
শিল্পকলাৰ সৈতে
মুখামুখি হওঁ
মাটিৰ আকাৰেৰে
ৰেখাৰে ৰঙেৰে
অনুশীলনেৰে
ওমলোঁ সাতুৰোঁ
ভবাৰ দৰে নহ'লে হতাশা
নিৰাশা উদ্বিগ্নতাই
কাতৰ কৰে অৱশ কৰে
শিল্পৰ উমাল স্পৰ্শক
চুই থাকোঁ অজান
সুৰৰ সোঁত এটাই
উন্মনা কৰে
লাহে লাহে কামটো
সলনি হ'ব ধৰে
সপোন গজে পাখি গজে
ভাব আৱেগক
অবাক কৰে
মুগ্ধ কৰে
জীৱন সলনি হয়
বাৰে বাৰে
সপোনবোৰ দিনবোৰ
দীঘল নে চুটি
মই নাজানো
অনুভৱ কৰোঁ ই
জীৱনৰ অন্তহীন
সীমাহীন বাট
কিন্তু শিল্প কলাৰ
অপৰূপ আঙ্গিক বিষয়
ভাবনাৰ উপাদান
এই ভূমিৰ জীৱন
আৰু প্ৰকৃতি ইতিহাস
বুৰঞ্জীৰ সম্পদবোৰ
কামৰ মাজত লুকাই থাকে
হয়তো থাকে এই ভূমিৰ
প্ৰতিবিম্বৰ অভিব্যক্তি হৈ
যিয়ে আমাৰ আত্মাক
ৰ'দাই স্বাভিমানী কৰে
হয়তো আৰু বেছি ... ।।
৯৪৩৫০৬৭৩১২