উচ্চ শিক্ষাৰ মাধ্যম আন্দোলনৰ সেই দিনবোৰ ৪
অসমীয়া জাতীয়তাবাদৰ উকমুকনি


Image Description

[যোৱা সংখ্যাৰ পিছৰ পৰা]

অজিত শৰ্মা ছাৰে সকলোবোৰ তথ্যপাতি নিয়াৰিকৈ ৰাখিছিল৷ আমাৰ উদ্দেশ্য আছিল দুটা: [১] আঞ্চলিক ভাষাক উচ্চ শিক্ষাৰ মাধ্যম হিচাবে গ্ৰহণ কৰাৰ বাবে ভাৰত চৰকাৰে বিভিন্ন সময়ত লোৱা সিদ্ধান্তসমূহৰ ওপৰত কিছু আলোকপাত, আৰু [২] শিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে পূৰ্বতে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ওপৰত এক আলোচনা৷

শ্ৰীউপেন দাস ছাৰ, ড॰ আনন্দ কুমাৰ বৰবৰা ছাৰ আৰু সুৰেন্দ্ৰনাথ মেধি ছাৰৰ কথা হ'ল যে পূৰ্বৰ সকলোবোৰ সিদ্ধান্ত ঠিকেই আছিল, কিন্তু কিবা চাপত পৰি ৬ জুন তাৰিখৰ সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু পৰোক্ষভাৱে বঙালী ভাষাকো অসমীয়া ভাষাৰ লগত অসমত সমমৰ্য্যাদা দিবলৈ আগবাঢ়িলে৷ তেখেতসকলৰ লগত অজিত শৰ্মা ছাৰৰ আলোচনা মন পুতি শুনি আছিলোঁ৷ সেই কথা-বতৰাৰ সাৰমৰ্ম আছিল বঙালী ভাষা পৃথিৱীৰ এটা প্ৰধান আৰু চহকী ভাষা, সমগ্ৰ পৃথিৱীতে বঙালী ভাষা কোৱা লোকৰ সংখ্যা বহু কোটি, তদুপৰি পশ্চিম বঙ্গ আৰু পূব পাকিস্তানত [এতিয়াৰ বাংলাদেশ] বঙালী ভাষাৰ শক্তিশালী আৰু স্থায়ী ভেটি আছে৷ অসমীয়া মানুহৰ সংখ্যা এনেয়ে কম– যি আছে সকলো অসমতে আছে– বাহিৰত উপস্থিতি প্ৰায় শূন্য৷ এনে এক অৱস্থাত অসমতো যদি বঙালী ভাষাক বৰপীৰা পাৰি আমি নিজেই বহিবলৈ দিওঁ, আমাৰ অৱস্থা কি হ’ব? গোটেই কিগৰাকী নমস্য ব্যক্তিৰ কথা-বতৰা, যুক্তি- তৰ্কই আমাক অভিভূত কৰি তুলিছিল৷

অজিত শৰ্মা ছাৰৰ ঘৰতে ‘স্মাৰকপত্ৰ’ এখন প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় আটাইখিনি সমল পাই যোৱাত আমাৰ বাবে বৰ ভাল হ’ল৷ কিন্তু সমস্যা হ’ল মোৰ– তথ্যপাতিবোৰ কেনেকৈ লওঁ৷ তেতিয়া ম'বাইল ফ'ন নাছিল– ফট' মাৰি লৈ আহিবলৈ৷ জেৰক্সৰ সুবিধাও নাছিল৷ হাতেৰে টোকা লিখাৰ বাহিৰে উপায় নাছিল৷ অজিত শৰ্মা ছাৰে যুক্তিসংগত কাৰণতে নথি-পত্ৰবোৰ এৰি দিব নোখোঁজে৷ অৱশেষত ফুলস্কেপ কাগজ এক দিস্তা লৈ প্ৰয়োজনীয় কথাবোৰ চন-তাৰিখসহ মই লিখি গ’লো, শৰ্মা ছাৰে কৈ গ’ল৷ কেইবাঘণ্টাও লাগিল৷

ছাৰসকলৰ লগত আলোচনা কৰি সিদ্ধান্তলৈ আহিলোঁ যে আমাৰ প্ৰয়োজনীয় তথ্যখিনি যোগাৰ হৈ গৈছে, এতিয়া আমি স্মাৰকপত্ৰ লিখাৰ কাম কৰিব লাগে আৰু অন্য কাকো লগ নধৰিলেও হ’ব৷ তথাপিও তেখেতসকলে আন এগৰাকী ব্যক্তিৰ ওচৰলৈ মোক লৈ গ’ল– বি. বৰুৱা কলেজৰ অসমীয়াৰ অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাৰ ওচৰলৈ৷ কলেজতে তেখেতক লগ ধৰিলোঁ আমি৷ ধূতি -কামিজ পৰিহিত হাজৰিকা ছাৰক লগ পাই এজন খঙাল অসমীয়াক পোৱাৰ দৰে লাগিল৷ পোনচাটেই তেখেতে ক’লে অসমীয়া ভাষা, অসমীয়া সাহিত্য আৰু অসমৰ বাদে তেওঁ আন একো ভাল নাপায়৷ ছাৰসকলৰ মাজৰ কথা-বতৰাত নিভাঁজ অসমীয়াত্বৰ বহু সোৱাদ পালোঁ যদিও মই সকলো কথা বুজি পোৱা নাছিলোঁ৷

স্মাৰকপত্ৰৰ সমলসমূহ লৈ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত বহিলোঁ আমি আটায়ে, মানে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে৷ উপসভাপতি অমৰেন্দ্ৰ শৰ্মাই মোতকৈও কম কথা কয়, কিন্তু যেতিয়া কয়, বৰ যুক্তিসহকাৰে পৰ্য্যালোচনা আগবঢ়ায়৷ প্ৰসন্ন সকলোৰে মাজত সাংঘাটিত জনপ্ৰিয়– ভাষণ ভাল দিয়ে৷ গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক শ্ৰীশৈলেন দাস [অধিবক্তা, এতিয়া উকীল সন্থা, বাৰ কাউন্সিল অৱ অসমৰ সভাপতি, ইত্যাদি] কামৰ মানুহ– যি কাম কৰিব লাগে ক’লেই হ’ল৷ তৰ্ক শাখাৰ সম্পাদক প্ৰয়াত

সুশান্তধৰ ৰাজখোৱা, সংগীত সম্পাদক শ্ৰীসূৰ্য্য গোস্বামী [প্ৰখ্যাত তবলাবাদক], ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা উৎপলা হাজৰিকা [গুৱাহাটী কলেজৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা] আৰু আন সকলো কৰ্মকৰ্তা অতিশয় সক্ৰিয়৷ কেৱল গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক মুনিন শৰ্মা [পিছলৈ মুনীন গৌতম] আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদক শ্ৰীভূৱনেশ্বৰ কলিতা [সাংসদ]ৰ পৰা স্নাতকোত্তৰ ছাত্ৰ সন্থাই বেছি সহযোগিতা পোৱা নাছিল– কাৰণ তেতিয়াৰ পৰাই দুয়োজনৰ কংগ্ৰেছ দলৰ সৈতে সম্পৰ্ক আছিল আৰু আলেঙে আলেঙে আছিল৷

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আৰু এটা সমস্যা হৈছিল– সহকাৰী সম্পাদক দক্ষপতি যক্ষৰীয়াই বামপন্থী প্ৰতিদ্বন্দীক বিপুল ভোটত হৰুৱাই বিজয়ী হৈছিল, কিন্তু প্ৰায় লগে লগেই চাকৰি এটা পাই যোৱাত বিশ্ববিদ্যালয় এৰি গুচি গৈছিল৷ পদাৰ্থবিজ্ঞান বিভাগৰ ছাত্ৰ প্ৰতিনিধি শ্ৰীপ্ৰফুল্ল ডেকা [পিছলৈ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক]ক সেইবাবে সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৷

স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই যুটীয়াভাৱে আন্দোলনৰ সেই পৰ্য্যায়ত নেতৃত্ব লৈছিল৷ আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীপুলকেশ বৰুৱা [পিছলৈ অসম বিধানসভাৰ অধ্যক্ষ] আৰু সাধাৰণ সম্পাদক স্বৰ্গীয় হৰ্ষ দাসে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল৷ দুয়োটা ছাত্ৰ সন্থাৰ ষ্টুডেণ্টছ ডে হোমত থকা ওচৰা-উচৰি কাৰ্য্যালয় দুটা আন্দোলনৰ কাৰ্য্যালয় হিচাবে ব্যৱহৃত হৈছিল আৰু পুৱাৰ পৰা গধূলিলৈ মানুহেৰে ভৰি আছিল৷

১২ জুনৰ গুৰুত্বপূৰ্ণ একাডেমিক কাউন্সিলৰ বৈঠকৰ দিন ওচৰ চাপি আহিছিল৷ স্মাৰকপত্ৰখন প্ৰস্তুত হৈ উঠিছিল আৰু আমি টাইপ কৰি উলিয়াইছিলোঁ৷ জেৰক্স বা তেনে সুবিধা তেতিয়া নথকাত ষ্টেনচিল পেপাৰত টাইপ কৰা হৈছিল যাতে সৰহকৈ কপি কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰা হৈছিল৷ অসমীয়া টাইপৰ ব্যৱস্থা তেতিয়া নাছিল, গতিকে স্মাৰকপত্ৰৰ অসমীয়া তৰ্জমা কৰি হাতেলিখি উলিওৱা হৈছিল আৰু কেইবাটাও কাৰ্বন কপি প্ৰস্তুত কৰা হৈছিল৷

১২ জুনলৈকে বিশ্ববিদ্যালয়লৈ মানুহৰ সোঁত বৈছিল৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই প্ৰতিদিনে বৃহত্তৰ গুৱাহাটীৰ অন্তৰ্গত বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী জালুকবাৰীৰ চৌহদলৈ অনাৰ ব্যৱস্থা কৰিছিল৷ গুৱাহাটীৰ বাহিৰৰ পৰাও বহুত ছাত্ৰ-ছাত্ৰী আহিছিল৷ তেতিয়াৰ দিনত যাতায়তৰ ব্যৱস্থা এতিয়াৰ দৰে সুচল নাছিল৷ গাড়ী-মটৰো কম আছিল৷ বিশ্ববিদ্যালয়ৰ বাছকিখনেই গুৱাহাটীৰ পৰা জালুকবাৰীলৈ অহাৰ একমাত্ৰ উপায় আছিল৷ দুই-এখন পুৰণা চিটিবাছ আজাৰালৈ চলিছিল আৰু মাছখোৱাৰ পৰা পলাশবাৰী, মিৰ্জা, ছয়গাঁও যোৱা দুই-এখন বাছ৷ ব্যক্তিগত যান-বাহন প্ৰায় নাছিলেই বুলি ক’ব পাৰি৷ তথাপি ইমান মানুহ প্ৰতিদিন চৌহদত গোট খাইছিল ভাবিলে এতিয়া আচৰিত লাগে৷ বিশ্বেশ্বৰ হাজৰিকা ছাৰে কোৱাৰ দৰে অসম আৰু অসমীয়া ভাষাৰ মৰ্য্যাদা ৰক্ষাৰ বাবে হাজাৰ হাজাৰ লোক ওলাই আহিবলৈ প্ৰস্তুত৷ তাৰেই প্ৰতিফলন দেখিছিলো তেতিয়া৷

ছাত্ৰ সন্থাৰ পইছা-পাতি নাছিল, গাড়ী-ঘোৰাও নাছিল৷ বিভাগীয় সম্পাদকসকলে বছেৰেকীয়া বাজেট অনুসৰি নিদ্দিৰ্ষ্ট কৰ্মভিত্তিক বিশ্ববিদ্যালয়ৰ পৰা পুঁজি পাইছিল৷ আন্দোলন চলাবৰ বাবে পইছা নাছিল৷ গুৱাহাটীৰ পৰা অহা বহু মহিলাই স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত কল, বুট, কুঁহিয়াৰ দি থৈ গৈছিল, দুই-একে দহ টকা- বিছ টকা [তেতিয়া সেয়ে বহুত আছিল] দি থৈ গৈছিল৷ উপসভাপতি অমৰেন্দ্ৰ শৰ্মাই দান-বৰঙণিৰ হিচাপ নিখুঁতভাৱে ৰাখিছিল আৰু এপইছাও অপচয় হ’বলৈ দিয়া নাছিল৷

১২ জুন [১৯৭২]ৰ দিনা বিশ্ববিদ্যালয় চৌহদত এক অভাৱনীয় পৰিবেশ৷ ক’ৰ পৰা যে ইমান মানুহ আহিল! প্ৰশাসনীয় ভৱনৰ কেউফালে মানুহ গিজ খাই পৰিল৷ একাডেমিক কাউন্সিলৰ সদস্যসকল দহ বজাৰ পৰা আহিবলৈ আৰম্ভ কৰিলে৷ তেখেতসকলৰ বাবে বাট উলিয়াই দিয়া হ’ল৷ প্ৰশাসনীয় ভৱনৰ প্ৰধানদ্বাৰৰ সমুখত ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল৷ প্ৰসন্ন নাৰায়ণ চৌধুৰীয়ে হাতযোৰ কৰি আটাইকে স্মাৰকপত্ৰৰ এটা কপি দি কৈছে ৬ জুনৰ সভাৰ সিদ্ধান্তৰ পৰিবৰ্তন আমি বিচাৰোঁ, কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি আঞ্চলিক ভাষা অসমীয়াই অসমত উচ্চ শিক্ষাৰ একমাত্ৰ মাধ্যম হ’ব লাগিব, ইত্যাদি৷ অসমীয়া নজনাসকলৰ বাবে ইংৰাজী থাকিব, কিন্তু আন এটা ভাৰতীয় ভাষাক উচ্চ শিক্ষাৰ মাধ্যম বা পৰীক্ষাৰ মাধ্যম হিচাবে কেতিয়াও গ্ৰহণ কৰা নহ’ব৷

গোটখোৱা ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজে শ্ল'গানেৰে আকাশ-পাতাল ফালি আছে৷ তাৰ মাজতে ১১ বজাৰ পৰা একাডেমিক কাউন্সিলৰ বৈঠক আৰম্ভ হ’ল৷ আজিৰ দৰে তেতিয়া সাংবাদিকৰ দল নাই, টিভি আলচতে তেতিয়া প্ৰচলনেই হোৱা নাই৷ কেৱল ব্লেক এণ্ড হোৱাইট কেমেৰা দুই-এটা, সাংবাদিক দুই এজন, সিমানেই৷

সভা চলি আছে৷ বাহিৰত সাংঘাটিক উত্তেজনা৷ অৱশেষত তিনি বজামানত সভা শেষ হ’ল৷ উপাচাৰ্য্য ৰাজখোৱা ছাৰে জনালে যে ৬ জুনৰ সভাৰ সিদ্ধান্ত সলনি কৰা হৈছে৷ অসমত উচ্চ শিক্ষাৰ মাধ্যম একমাত্ৰ অসমীয়া হ’ব– ইংৰাজী দহ বছৰলৈ থাকিব [কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি]৷ সমবেত কেইবাহাজাৰো ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ উৎফুল্লিত হৈ পৰিল৷ সকলোৱে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ জয়ধবনি দিলে, প্ৰসন্ন নাৰায়ণ চৌধুৰীক আঁকোৱালি ল’লে৷ তাৰ মাজতো দেখা গ’ল একাডেমিক কাউন্সিলৰ দুই-এজন সদস্য এশ শতাংশ আনন্দিত নহয়৷ কি কাৰণে নাজানো বুৰঞ্জী বিভাগৰ তেতিয়াৰ মুৰব্বী অধ্যাপক হেৰম্বকান্ত বৰপূজাৰী ছাৰ বৰ অসন্তুষ্ট হৈ সভাৰ পৰা ওলাই আহিছিল আৰু প্ৰধান দুৱাৰত ৰৈ থকা ছাত্ৰ-ছাত্ৰীৰ লগত তৰ্ক-বিতৰ্কও কৰিছিল৷

যি কি নহওক ৬ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ে যিটো সিদ্ধান্ত কৰিছিল ১২ জুনত তাৰ শুধৰণি হ’ল আৰু অসমীয়া ভাষাই অসমত উচ্চ শিক্ষাৰ একমাত্ৰ মাধ্যম হিচাবে স্বীকৃতি পালে৷ সকলোৱে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ গুণগান গালে৷ অতি কম সময়ৰ ভিতৰতে এক যোগাত্মক আন্দোলন গঢ়ি তুলি এসপ্তাহৰ ভিতৰতে হঠকাৰী সিদ্ধান্ত সলনি কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বাধ্য কৰিব পৰাটো কম কথা নাছিল৷ কিন্তু তেতিয়াই আমি উমান পাইছিলোঁ যে আৰু এখন ডাঙৰ যুদ্ধ আহি আছে৷ ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত ভাল পোৱা নাছিল৷ প্ৰসন্ন চৌধুৰীয়ে এদিন স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত সকলোকে কৈছিল– শৰাইঘাটৰ ৰণ এতিয়াও বাকী৷

[আগলৈ]