শিল্প কিয় অনাহাৰে থাকে


Image Description

শিল্প কিয় অনাহাৰে থাকে

পৰুৱা আৰু ফৰিঙৰ
সাধুটো শুনাই
আমি আমাৰ সন্তানবোৰক
শিকাওঁ
পৰুৱাবোৰৰ পৰা শিকিবাঁ
শাৰীত থিয় হ'বাঁ
অনুসৰণ কৰিবাঁ
লাভ থকা কাম এটি বাচি ল'বাঁ।

আমি চকু থিয় কৰি
সিহঁতক সাৱধান কৰি দিওঁ
ফৰিংটোৰ দৰে নহ'বাঁ
যিয়ে নাচে
গান গায়
খেলে জপিয়ায়

অভিভূত হৈ পাৰ কৰি দিয়ে
গ্ৰীষ্মৰ ৰদোজ্জ্বল দিনবোৰ
আমি শিকাওঁ
ধন-বিত গোটোৱাটোহে কঠোৰ পৰিশ্ৰম
ছবি আঁকি থাকিলে
কিডাল হ'ব
আৰু তাৰ পিছত
আমি আচৰিত হৈ ভাবোঁ
সৃষ্টিশীলতাই কিয় আদৰ নাপায়
শিল্পীবোৰ কিয় অনাহাৰে থাকে?

অনুবাদ

নিশা দেৱী
শিক্ষয়িত্ৰী

Why does art go hungry?

In the story of the ants
and the grasshopper
we tell our children
to lear from the ants,
to fall in line, to follow,
to pick a useful trade.

We warn the not to be
like the grasshopper
who sings and plays the fiddle
all summer.

We teach them
gathering wealth is hard work
and making music is not.

And then we wonder
why does art die of hunger?

Madhu Raghavendra