বন্ধ আলমাৰিৰ কাচেৰে
- মূল: গুলজাৰ (কিতাবে ঝাকতী ৰহতী হে)
অনুবাদ: নিশা দেৱী - /
- July 25, 2021

কিতাপবোৰে ভুমুকিয়াই থাকে,
বৰ আকুল হৈ চাই থাকে,
মাহ মাহ ধৰি এতিয়া
দেখা-শুনা নহয়,
যিবোৰ সন্ধ্যা ইহঁতৰ সান্নিধ্যত
অতিবাহিত হৈছিল
আজিকালি প্ৰায়ে পাৰ হৈ যায়
ম’বাইল, লেপটপৰ পৰ্দাত,
বৰ উদ্বাউল হৈ থাকে কিতাপবোৰ
ইহঁতৰ এতিয়া টোপনিত খোজ কঢ়াৰ
অভ্যাস এটা হৈছে...
বৰ আকুল হৈ থাকে,
যিবোৰ ৰীতি-নীতিৰ কথা ইহঁতে শুনাইছিল
যাৰ বেটাৰী কেতিয়াও শেষ নহৈছিল
সেইবোৰ কথাৰ চিনচাবো এতিয়া
ঘৰখনত নাই,
যিবোৰ সম্বন্ধৰ কথা ইহঁতে শুনাইছিল
সেইবোৰ আধৰুৱা হৈ ৰৈ গৈছে
পৃষ্ঠাবোৰৰ মাজত...
কেতিয়াবা হঠাতে
পৃষ্ঠা এটা লুটিয়ালে
এটা মিহি কান্দোন শুনো,
বহুত শব্দই অৰ্থ হেৰাইছে
আখৰবোৰ,শব্দবোৰ
পাতবিহীন শুকান গছৰ দৰে
নতুন অৰ্থ ইহঁতে নিদিয়ে আৰু
পৰিভাষাৰ ভীৰত অৰ্থহীন সকলো..
যেনেকৈ
সিঁচৰতি হৈ পৰি ৰৈছে অ'ত ত'ত
মাটিৰ বাচনবোৰ,
কাচৰ বস্তুবোৰে ইহঁতক নিচিহ্ন কৰি দিছে
কিতাপৰ পাত এটি লুটিওৱাৰ সোৱাদ
যিটো জিভাত লাগি ৰয়,
এতিয়া আঙুলিৰ টিপত
চকুৰ পচাৰত
এখন এখনকৈ
পৃথিৱী খোল খায়
লেপটপ, ম’বাইলৰ ষ্ক্ৰীনত...
কিতাপৰ লগত যিটো
আবেগৰ সম্পৰ্ক আছিল
নোহোৱা হৈ গৈছে,
কেতিয়াবা বুকুৰ ওপৰত থৈ শুই পৰিছিলোঁ
কেতিয়াবা কোলাতেই জীৰাব দিছিলো
কেতিয়াবা আঁঠু দুটাকেই
কিতাপ থোৱা ঠাই কৰিছিলোঁ
কেতিয়াবা ইহঁতক কপালোতো লগাইছিলোঁ
আধা প্ৰাৰ্থনা আধা ভাৱনাৰ মাজত...
জ্ঞান বুদ্ধি বাৰু
ভৱিষ্যতেও আমি পাই থাকিম
কিন্তু কিতাপৰ পৃষ্ঠাৰ মাজত পোৱা
সুগন্ধি ফুলপাহ
শুকান পাত এটা,
কিতাপ এখন খোজোঁতে
ঘূৰাওঁতে
পৰোতে
বুটলি লওঁতে
সৰু সৰু আচিলা লৈ
যিবোৰ সম্বন্ধ গঢ় লৈ উঠিছিল,
সেইবোৰৰ কি হ’ব বাৰু?
সেইবোৰ চাগে নাথাকিব আৰু....