অসমীয়া লিপি আৰু ইউনিকোড


Image Description

এটা ভাষাৰ লিপি মানে হ’ল সেই ভাষাটোৰ লিখিত ৰূপৰ কাৰণে ব্যৱহৃত আখৰ আৰু চিহ্নসমূহ৷ অসমীয়া ভাষাৰ আখৰ আৰু চিহ্নসমূহ দীঘলীয়া বিৱৰ্তনৰ মাজেৰে আহি এক স্বতন্ত্ৰ অসমীয়া লিপি হিচাপে পৰিগণিত হৈছে৷ ইতিমধ্যে গৱেষণাকাৰীসকলে এই লিপি প্ৰায় চতুৰ্থ শতিকামানতে আৰম্ভ হোৱা বুলি প্ৰমাণ কৰিছে৷

কম্পিউটাৰ, ডিজিটেল মাধ্যমৰ প্ৰসাৰৰ লগে লগে পৃথিৱীৰ ভাষাসমূহৰ লিপিবোৰৰ আখৰ আৰু চিহ্নসমূহক একোটা ডিজিটেল কোড দিয়া কামটো আৰম্ভ হৈছিল৷ ডিজিটেল মেছিন আৰু জগতখনত আখৰবোৰ এই ডিজিটেল কোডেৰেহে বুজা হয়৷ এইয়া যোগাযোগৰ সুচলতা, যন্ত্ৰৰ আভ্যন্তৰীণ প্ৰযুক্তি তথা মেম’ৰি আৰু ষ্টোৰেজৰ সুবিধাৰ কাৰণে কৰা হৈছে৷

পৃথিৱীৰ যিমানবোৰ ভাষা আছে, সেইবোৰৰ লিপিসমূহৰ যিমানবোৰ আখৰ আৰু চিহ্ন আছে, প্ৰত্যেককে একোটা স্বকীয় (ইউনিক) ডিজিটেল কোড দিয়া হয়৷ এই কোডৰ নাম হৈছে ইউনিকোড, কিয়নো কোডসমূহ আমেৰিকাত মুখ্য কাৰ্য্যালয় থকা ‘ইউনিকোড কনচ’ৰ্টিয়াম’ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে আবণ্টন কৰে৷ ইয়াকে লিপিসমূহৰ ডিজিটেল মানদণ্ড অথবা লিপিৰ ইউনিকোড মানক হিচাবে জনা যায়৷

ডিজিটেল মানদণ্ডৰ আৰম্ভণিৰ সময়ত অসমীয়া লিপিও সঠিকভাৱে সন্নিবিষ্ট কৰা হৈছিল৷ অসমীয়াক ভাৰত চৰকাৰৰ ভাৰতীয় মানক সংস্থা [BIS]ৰ দ্বাৰা প্ৰকাশিত ISCII (তথ্য বিনিময়ৰ বাবে ভাৰতীয় মানক চিহ্ন)ত সুকীয়াকৈ অন্তৰ্ভুক্ত কৰা হৈছিল৷ এইটো আছিল ISCII-১৯৯১৷

কিন্তু আশ্বৰ্য্যজনকভাৱে তাৰ পিছৰে পৰা অন্য সকলো মানক যেনে ISO, UNICODE ইত্যাদিৰ পৰা অসমীয়া লিপি অন্তৰ্ধান হৈছিল৷

ইউনিকোড হৈছে এটা বেচৰকাৰী কনচ’ৰ্টিয়াম, ঘাইকৈ ডিজিটেল উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ দ্বাৰা পৰিচালিত৷ কিন্তু ইউনিকোডৰ ওপৰতে নিৰ্ভৰ কৰি চৰকাৰী মানক সংস্থা International Standard Organization (ISO)ৰ মানসমূহ নিৰ্ধাৰণ কৰা হয়৷ লিপিসমূহৰ ISOৰ মানকৰ নাম হৈছে ISO-১০৬৪৬. BIS (Burean of Indian Standards) হৈছে ISO ত প্ৰতিনিধিত্ব কৰা ভাৰত চৰকাৰৰ মানক সংস্থা৷

অসমীয়া লিপি ISO-১০৬৪৬, আৰু UNICODE দুয়োটাতে উপলব্ধ নহয়৷ অসমীয়া আখৰ আৰু চিহ্নসমূহ কেৱল বঙালী চিহ্ন হিচাবেহে বৰ্তমানলৈ পৰিচিত হৈ আছে ডিজিটেল মানসমূহত৷ আনকি, এইটো গুৰুতৰ চিন্তাৰ বিষয় যে ইউনিকোডত অসমীয়া আখৰ ‘ৰ’ক ‘মধ্যকৰ্ণৰ সৈতে বঙালী আখৰ ৰ’ বুলি কোৱা হৈছে৷ একেদৰেই অসমীয়া ‘ৱ’ক ইউনিকোডত কোৱা হৈছে ‘নিম্ন কৰ্মৰ সৈতে বঙালী আখৰ ৰ’৷ এই ধৰণৰ বিসংগতিসমূহ আমাৰ ঐতিহ্যপূৰ্ণ সংস্কৃতি আৰু ভাষাৰ পৰিচয়ৰ প্ৰতি চৰম ভাবুকি স্বৰূপ৷

তদুপৰি যিহেতু ডিজিটেল মানদণ্ডত ভাষাটোৰ কোনো পৃথক পৰিচয় নাই, ডিজিটেল পৃথিৱীখনত অসমীয়া লিখন প্ৰণালী সদায় বঙালী কোডৰ ওপৰত নিৰ্ভৰশীল৷ আৰু ই কম্পিউটাৰাইজ চৰ্টিং, ট্ৰেন্সলিটাৰেচন আদিকে ধৰি বহুতো কাৰিকৰী সমস্যাৰো সৃষ্টি কৰিছে৷

অসমীয়া ভাষাৰ লিপিৰ নাম অসমীয়া লিপি, এই কথা ধুৰূপ, আৰু আমি সকলোৱে জানো৷ একেদৰেই অসমীয়া ভাষাৰ আখৰ আৰু চিহ্নসমূহৰ নামো অসমীয়া৷ এই কথাটোৰে চৰকাৰী মান্যতা লাগে৷ আৰু ISO আৰু ইউনিকোডকে ধৰি সকলো ধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নথি তথা মানসমূহত আনুষ্ঠানিকভাৱে সন্নিবিষ্ট হ’ব লাগে৷

অসমীয়া হ’ল ভাৰতৰ সংবিধানৰ অষ্টম অনুচ্ছেদত অন্তৰ্ভুক্ত এটা ভাষা৷ সংবিধান ৩৪৪(ৰ) আৰু ৩৫১ ধাৰাৰ উদ্ধৃতিৰ খণ্ড XVII ত ইয়াক উনুকিওৱা হৈছে৷ খণ্ড III (Fundamental Right) বৰ্গ ২৯(ৰ)ত এই কথা কোৱা হৈছে যে– ‘‘এটা স্বতন্ত্ৰ ভাষা, লিপি, অথবা সংস্কৃতি নিজস্বভাৱে থকা ভাৰতৰ ভুখণ্ডত বসবাস কৰা যি কোনো নাগৰিক সমাজৰে তেনে ভাষা, লিপি অথবা সংস্কৃতিক সংৰক্ষণ কৰাৰ অধিকাৰ আছে৷’ ’সাংবিধানিকভাৱে স্বীকৃত এটা ভাষাক চৰকাৰে অবহেলা কৰাটো অনুচিত৷ কিন্তু দুৰ্ভাগ্যবশতঃ অসমীয়া ভাষাই ডিজিটেল জগতখনত স্বীকৃতি লাভত যথেষ্ট বাহ্যিক অৱহেলা তথা ষড়যন্ত্ৰৰ বশৱৰ্তী হৈ আহিছে৷

যিহেতু সমস্যাটো ইতিমধ্যে চিনাক্তকৰণ হৈছে, অসম চৰকাৰ, ভাৰত চৰকাৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সমস্যাটো উত্থাপন কৰা হৈছে, এতিয়া এইটো প্ৰতিষ্ঠা হ’ব লাগে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় মানকসমূহত, যে অসমীয়া ভাষা মানে হৈছে– ‘অসমীয়া লিপিৰে অসমীয়া ভাষা’৷

২০০৮ চনৰে পৰা এই লেখকে আনুষ্ঠানিকভাৱে ইউনিকোডত অসমীয়া লিপিৰ হকে কাম কৰি আহিছে আৰু গোটেই বিষয়টো ইউনিকোড আন্দোলনলৈ পৰ্য্যৱসিত কৰাত উদ্যোগ লৈ আহিছে৷ অসম চৰকাৰ, ভাৰত চৰকাৰ তথা আন্তৰ্জাতিক পৰ্য্যায়ত এই মান্যতাৰ হকে ইতিমধ্যে যুদ্ধখন প্ৰতিষ্ঠা কৰিব পাৰিছোঁ সংশ্লিষ্ট গৱেষক, কৰ্মকৰ্ত্তা,উদ্যোক্তা আৰু অগ্ৰণীসকলৰ সৈতে খোজ মিলাই৷ শেহতীয়াভাৱে লণ্ডনত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় মানক সংস্থাৰ গ্গ্ৰৰুপnপ-সভাত তথ্যসহকাৰে অসম আৰু ভাৰত চৰকাৰৰ BISৰ হৈ এই প্ৰস্তাৱ বিষদভাৱে উপস্থাপন কৰিছোঁ৷

এতিয়া প্ৰয়োজন এক দৃঢ় চৰকাৰী পদক্ষেপৰ, যাৰ জৰিয়তে ‘অসমীয়া ভাষা’ৰ লিপিৰ নাম ‘অসমীয়া লিপি’ আৰু অসমীয়া ভাষাৰ লিখিত শৈলীৰ আখৰ আৰু চিহ্নসমূহৰ নাম ‘অসমীয়া আখৰ’ আৰু ‘অসমীয়া চিহ্ন’৷ এই কথা প্ৰতিস্থা হ’ব সকলোবোৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ডিজিটেল মানকত৷