নিজ চকুৰে দেখা দিন ৪ জুলাই, ১৯৬০


Image Description

তেতিয়া মই কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ, আৰু কলেজৰে দ্বিতীয় ছাত্ৰাবাসৰ (ছেকেণ্ড মেছৰ) আবাসী৷ তেতিয়া হোষ্টেলৰ চুপাৰিন্‌টেণ্ডেণ্ট আছিল শ্ৰদ্ধাৰ উপেন্দ্ৰচন্দ্ৰ লেখাৰু ছাৰ৷ তেখেত আছিল মোৰ কাষৰ কোঠাটোতে৷

১৯৬০ চনৰ জুলাই মাহৰ ৪ তাৰিখ৷ সেইদিনা মোৰ লগত অতিথি ৰূপে থকা সুৰেশ বৰা আৰু মই হোষ্টেলতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ভৰলুমুখলৈ ফুৰিবলৈ গৈছোঁ৷ খোজকাঢ়ি ঘূৰি আহি পানবজাৰ থানাৰ ওচৰ পাইছোঁহি৷ দেখিলো অঞ্চলটোৰ আটাইবোৰ দোকান-পোহাৰ খৰখেদাকৈ বন্ধ কৰিবলৈ ধৰিছে৷ চাৰিওফালে নিমাওমাও অৱস্থা৷ কোনো কোনোৱে ইফালে-সিফালে দৌৰা-দৌৰি কৰিছে৷ হঠাতে দেখিলোঁ আমাৰ হোষ্টেলৰ কেইজনমান ছাত্ৰক আহত অৱস্থাত ৰিক্সাত তুলি চিকিৎসালয়লৈকে অনা হৈছে৷ এইবোৰ দেখি আমি ভয়ে ভয়ে কটনৰ প্ৰশাসনিক বিল্ডিঙৰ ভিতৰেদি আহি হোষ্টেল পালোঁ৷

হোষ্টেল সোমাই দেখিলোঁ তাত হুৱা-দুৱা লাগিছে৷ মই থকা উইংটোৰ একেবাৰে মূৰত ৰঞ্জিত বৰপূজাৰীৰ মৃতদেহটো নিথৰ হৈ পৰি আছে৷ মূৰত গুলি সোমাইছে৷ গোটেই বাৰাণ্ডাখন তেজেৰে তুমৰলি দিছে৷

কটনত ভালেমান হোষ্টেল আছিল৷ আবেলি সময়ত ছাত্ৰবোৰ বাহিৰলৈ ওলাই যায়৷ সেইদিনাও গৈছিল৷ তেনে সময়তে আৰক্ষীয়ে হোষ্টেলৰ আটাইবোৰ গেইট বন্ধ কৰি দি ভিতৰত থকা ছাত্ৰবোৰৰ ওপৰত নিৰ্বিচাৰে লাঠী আৰু গুলী-চালনা কৰিছিল৷ ৰুদ্ৰ গোহাঁই, নেত্ৰ শইকীয়া আদি বহুতৰে হাত-ভৰিত গুলী লাগিছিল৷ হোষ্টেলৰ বেৰবোৰতো অ’ত-ত’ত গুলিৰ দাগ ৰৈ গৈছিল৷ সময়ত চৰকাৰী তদন্ত বহিল, কিন্তু দীৰ্ঘদিনীয়া বিচাৰৰ পিছতো কাৰো একো শাস্তি নহ’ল৷৷

নিজৰ অধিকাৰৰ পৰা বঞ্চিত নহ’বলৈ, নিজৰ প্ৰাপ্য আদায় কৰিবলৈ অসমীয়াই কৰা সংগ্ৰামখনৰ বুৰঞ্জী বহু পুৰণি৷ অসমীয়াই নিজৰ ভাষা ৰক্ষা কৰিবলৈ কৰা মহাসংগ্ৰামখনো বৰ দীঘলীয়া৷ শংকৰী যুগতে এই অসমীয়া ভাষাত যি উচ্ছমানৰ কাব্য-সাহিত্য, কলা-কৃষ্টিৰ ৰচনা হৈছিল, তাৰ প্ৰভাৱ আজিও উজ্বল হৈ আছে৷ কিন্তু কালক্ৰমত এচপৰা কলীয়া ডাৱৰে অসমৰ আকাশক এনেদৰে ঢাকি ধৰিলে যে অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি চিৰকালৰ বাবে লোপ পোৱাৰ উপক্ৰম হ’ল৷ ইয়াৰ মূলতে আছিল ব্ৰিটিছসকলৰ ঔপনিৱেশিক নীতি৷

অসম ব্ৰিটিছৰ হাতলৈ যোৱাৰ পাছত শাসনৰ সুবিধাৰ নামত ব্ৰিটিছে অসমক বংগদেশৰ লগত চামিল কৰিলে৷ ইয়াৰ লগে লগে সিহঁতে অসমৰ কোৰ্ট-কাছাৰী আৰু বিদ্যালয়সমূহত বঙলা ভাষাৰ প্ৰচলন কৰিবলৈ বুলি আইন প্ৰণয়ন কৰে৷ অসমীয়া মানুহে বঙলা ভাষা নজনাৰ অচিলাতে ব্ৰিটিছে এক বিপুল সংখ্যক বাংলাভাষী লোকক অসমৰ দপ্তৰসমূহত নিযুক্তি দিয়ে৷ এইদৰে নিযুক্তি লাভ কৰা শতকৰা ১০০ শতাংশ লোকেই বাংলাভাষী আছিল বুলি উল্লেখ পোৱা যায়৷

১৮২৬-ৰপৰা ১৮৭৩ চনলৈ এনেদৰে অসমত বঙলা ভাষাৰ আধিপত্য চলে৷ অসমীয়া ভাষাত পাঠ্যপুথি ৰচনাৰ কাম, ভাষা-চৰ্চা আদি কামবোৰো স্তব্ধ হৈ পৰে৷ ১৯১২ চনত পুনৰ ব্ৰিটিছে অসমক হিন্দু বাঙালী আৰু চিলেটৰ মুছলমান বাঙালী-প্ৰধান অঞ্চলৰ সৈতে লগ লগাই পৃথক অঞ্চল হিচাবে শাসন কৰিবলৈ ধৰে৷ এনেবিলাক কাৰণতে অসমীয়া আৰু বঙলা-ভাষী মানুহৰ মাজত মতানৈক্য দিনক দিনে তীব্ৰতৰ হ’বলৈ ধৰে৷ আনফালে ব্ৰিটিছৰ অবিচাৰবোৰৰ বিৰুদ্ধে অসমতো এক স্বাধীনতাকামী আন্দোলনে গা কৰি উঠিল৷ মণিৰাম দেৱান আৰু পিয়লি ফুকনৰ ফাঁচি হ’ল৷ ইয়াৰ মাজতে ভাষা-সাহিত্যৰ ক্ষেত্ৰখনতো নতুন নতুন গঁজালিয়ে মূৰ তুলি উঠিবলৈ ধৰিলে৷ আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল, জোনাকী যুগ আৰু অ. ভা. উ. সা সভাৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ দৰে অলেখ নমস্য সাহিত্যসেৱীৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত অসমৰ জাতীয়তাবাদী ধাৰণাটো অধিক শক্তিশালী হৈ উঠিল৷৷

এইদৰেই ভাৰত স্বাধীন হ’ল, ১৯৬০ চন পালেহি৷ তথাপিও অসমীয়া ভাষাই চৰকাৰৰপৰা কোনো স্বীকৃতি নাপালে৷ ১৯৫৯ চনত অসম সাহিত্য সভাই প্ৰস্তাৱ গ্ৰহণ কৰিলে যে চৰকাৰে ১৯৬০ চনৰ পৰা অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰূপে ঘোষণা কৰিব লাগে৷ অসমৰ ছাত্ৰসকল আন্দোলনত নামি পৰিল৷ সমদল, সভা-সমিতি, হৰতাল আদি আৰম্ভ হ’ল৷ অ’ত ত’ত বিপুল ধ্বংস-কাৰ্য্যও সংঘটিত হ’ল৷ হঠাতে বহুদিন ধৰি সুপ্ত হৈ থকা আগ্নেয়গিৰি এটাইহে যেন সাৰ পাই উঠিল৷ এই আন্দোলনৰ ফলস্বৰূপে ১৯৬০ চনতে অসম চৰকাৰে অসমীয়া ভাষাক চৰকাৰী ভাষা ৰূপে গ্ৰহণ কৰি ‘ভাষা আইন’ প্ৰৱৰ্তন কৰিলে৷ কিন্তু এয়ে শেষ কথা নাছিল৷ ১৯৭২ চনত পুনৰ এবাৰ ভাষা আন্দোলন হৈছিল৷ সেয়া এক অন্য অধ্যায়৷

১৯৬০ চনৰ ৪ জুলাইত সংঘটিত হোৱা ৰঞ্জিত বৰপূজাৰীৰ হত্যাকাণ্ডই অসমীয়া জাতীয় আৱেগৰ আগ্নেয়গিৰিটোক যি জ্বালাময়ী ৰূপ দিছিল, তাৰ তেজাল উত্তাপ আজিও মাৰ যোৱা নাই৷৷

(লেখক তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক৷ ৰচনাকাল: ৩০ জুন ২০২১৷)